খিৰিকীখন -Bhaswati Abhishek

তুমি চোৱা সিপাৰৰ ফুটপাথটোলৈ

অাৰু মোৰ

এই যে জুমি জুমি চোৱাৰ হেপাঁহ

হোস্তেলৰ সেই বিশেষ খিৰিকীখনলৈ!

হাৰে,

চাওঁ বুলি জানিও

এই নিৰ্দিষ্ট সময়খিনিত

পৰ্দাখন পেলাই দিয়াৰ কাহিনী৷

কাহিনীৰ আৰঁৰ কাহিনীটো!!

আসঃ

চিপচিপীয়া সেই বৰষুণজাক,

হাতত বেটাৰী শেষ হৈ

পৰা মোবাইলটো

আৰু

চকুৰ আগত হৃদয়ত

তোলপাৰ লগাই পেলোৱা

খিৰিকীখন….

পিছৰ সময়খিনিত

পৰ্দাখন মোৰ চকুৰ পৰা হৃদয়লৈ বুলি৷৷

ৰঙা,নীলা সেউজীয়া কিয় জানো?

ৰঙবোৰ আপোন হৈ শিপাই গৈ হৃদয়ত

সজা ৰামধেনু৷৷

এখোজ দুখোজকৈ

সময় অসময় হ’ল

দিন ৰাতি হ’ল…

হাৰেঃ

মজা কি জানা ?

এনেকৈয়ে

সেই খিৰিকীখন

মোৰ পৰা তোমাৰ হ’ল৷৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  1  =  1