খিড়িকীৰে : স্তৱক শৈশৱৰ যামিনী কুমাৰ দত্ত

খিড়িকীৰে : স্তৱক শৈশৱৰ

………………………………….

থিয়দঙা দিয়া দিন এটিত

খামুচি ধৰিছিলো

তোৰ বুকুৰ কামিহাড়

ৰেলিং ………………

তোকে আশ্ৰয় কৰি

দুভৰিত থিয় হ’লো

জুমি চালো ৰামধেনু………

মাটিত আকিঁলো ছবি

বেলি ৰং বুটলি…………

তোৰেই বুকুভেদি

প্ৰান ঢালি

গালো গীত …………….

“ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি…………….……. “

অ’ মোৰ বুকুৰ লগৰী

আপোন খিড়িকী ………

……………………………. …..

খিড়িকীৰে: স্তৱক কৈশোৰৰ

……………………………………

চঞ্চল ৰ্পদাত

ছাঁ পোহৰৰ খেল

খুলি দিলো ৰ্পদা

মনৰ…………

মেলি দিলো ৰ্পদা

ৰঙৰ……………

ৰঙা-নীলা-গুলপীয়া

খিড়িকীৰে সোমাই আহে

যামিনীৰ জোনাক….

বতাহত শেৱালী শেৱালী সুবাস…

অ’ মোৰ বুকুৰ লগৰী

আপোন খিড়িকী ………………

……………………………………..

খিড়িকীৰে:স্তৱক যৌৱনৰ

………………………………………

চিপ্‌ চিপ্‌ বৰষুনত

আধা লিখা কবিতাৰ উজান …..

খিড়িকীত বনৰীয়া ফুল…

তেজ মঙহৰ দলিচাত

বোকা মাটিৰ ফুৰফুৰীয়া গোন্ধ…

যৌৱনোদীপ্ত সপোনত

তগ্‌-বগ্‌ তগ্‌-বগ্‌ উজাগৰী ৰাতি

উশাহত ধূসৰিত বাৰুদ

খিড়িকীত কৰুন চিৎকাৰ…..

ধৰ্ষিতাৰ……

সন্ত্ৰাসৰ পদলেহন

খট্‌-খট্‌-খট্‌-খট্‌………

বুকুত যুদ্ধ …….ধৰ্মৰ

খিড়িকীত যুদ্ধ …..ধৰ্মৰ

আঃ!

উশাহ বন্ধ সময়…………..

……………………………….

খুলি দিলো খিড়িকী

সোমাই আহে ঢল

আশাৰ ঢল………..

হাজাৰ যুৱকৰ দুচকুত

পথাৰ সেউজ কৰাৰ পন…….

……………………………………

খুলি দিলো খিড়িকী

মাতৃৰ মমতা সানি

সৌৱা……..

ৰাজপথত প্ৰিয়ত্তমা…..

দুভৰিত চিকুন খোজ

যৌৱনৰ প্ৰগলভ………

লজ্জিত ধৰ্ষনকাৰী

ক্ৰৰহীন বাল্মিকী……………

…………………………………

খুলি দিলো খিড়িকী

কিমান যে আপোন তই মোৰ খিড়িকী……………………….

তোৰ বুকুৰে সোমাই অহা শীতে

শান্ত কৰিবলৈ ভাল

প্ৰতিহিংসাৰ জুই………

মছি পেলাবলৈ ভাল

ঘৃনা আৰু সন্ত্ৰাসৰ নিকৰুণ দাগ….

অ’ মোৰ বুকুৰ লগৰী

আপোনখিড়িকী…………………

…………………………………….

খিড়িকীৰে:স্তৱক বাদ্ধক্যৰ

………………………………….

মোৰ খিড়িকীত এতিয়া

অনন্ত দিনৰ মকৰাজাল……

ৰঙীন আইনাৰে

ঢাকি ৰাখো প্ৰতিপল

বুকুৰ অব্যক্ত নিনাদ……..

অ’ মোৰ আপোন খিড়িকী….

তই মোক সাহস দে…..

থিয়দঙা দিও

আকৌ

চুই চাওঁ

তোৰ বুকুৰ কামিহাড়……

প্ৰসাৰিত দুহাতেৰে মেলি দিও

তুল-বুল টুলুঙা নাওঁ…..

উথলি উঠক

জীৱনৰ ওভতনি সোঁত……

অ’ মোৰ বুকুৰ লগৰী

আপোন খিড়িকী ………

————————————

যামিনী কুমাৰ দত্ত

১৯ /০৬/২০২০

Leave a Reply

Your email address will not be published. Required fields are marked *

4  +    =  10