খিড়িকী -Rintamoni Das Hiya

তোমালৈ যেতিয়া মনত পৰে…

এখন্তেক ৰওঁ খোলা খিড়িকী খনৰ কাষত….

এজাক শীতল মলয়াই…

বুকু জুৰাই…

মিঠা অনুভবেৰে..

অতীত স্মৃতি…।

কাণে কাণে কওঁ…

বৈ আহাছোন হৃদয়ৰ পৰা হৃদয়লৈ..॥

তোমালৈ যেতিয়া মনত পৰে…

এখন্তেক ৰওঁ খোলা খিড়িকী খনৰ কাষত…

দূৰনিৰ আকাশত তিৰবিৰাই থকা তৰাটি

দিয়াচোন , দিয়া খৱৰ আপোনজনৰ…

জোনাকেৰে ভৰা এই মধুৰ ক্ষনবোৰ…

সিচিঁ দিয়াগৈচোন….আপোনজনৰ হৃদয়ৰ

বাকৰিত..

বৰষুনৰ টোপাল বোৰ , চুইচাহি…মোক..

ছিটিকি ছিটিকি…

যোৱাচোন….যোৱা..

এবাৰ তিয়াই দিয়াগৈ…

মোৰ ….জোনাকক…॥

ৰোমন্হন কৰোৱাগৈ ,

এবাৰ …..হলেও…

প্ৰেমৰ মায়া…॥

তোমালৈ যেতিয়া মনত পৰে…..

এখন্তেক ৰওঁ খোলা খিড়িকীৰ

কাষত…

আকুলতাৰে..নিৰলে নিৰলে …….।

Leave a Reply

Your email address will not be published. Required fields are marked *

3  +  4  =