নক্ আউট – সত্য ঘটনাৰ আধাৰত ৰচিত ক্ৰীড়াভিত্তিক গল্প

মাৰ- মাৰ..চকুটোত মাৰ..। বাওঁ চকুটোত টাৰ্গেট কৰ। নক্ আউট হ’ব সি.. এৰি নিদিবি..।এনেকুৱা শব্দৰে ৰিঙৰ চৌপাশ ভৰি আছিল।”কিকবক্সিং ৰিঙ”- মোৰ জীৱনৰ প্ৰথম কিকবক্সিং খেল। এই যে চিঞৰ -বাখৰ চলি আছে, সেইখন খেলত ৰেড্ কৰ্ণাৰৰ খেলুৱৈ গৰাকীৰ বাওঁ চকুটো উখহি উঠিছে।প্ৰায় বন্ধ হোৱাৰ উপক্ৰম।ব্লু কৰ্ণাৰৰ খেলুৱৈজনৰ সমৰ্থকসকলে প্ৰতিপক্ষৰ দুৰ্বল স্থানটো আঙুলিয়াই আক্ৰমণ কৰিবলৈ তাক উচটনি দিছে।ৰেড্ কৰ্ণাৰৰ চকুৰে তেজ বৈ আহিছে।সি বেলেন্সো হেৰুৱাইছে লাহে লাহে।তাৰ দুৰ্বল মুহুৰ্তৰ সুযোগ বুজি ব্লু-কৰ্ণাৰ অধিক আক্ৰমণাত্মক হৈ উঠিল।
 ৰেডক তাৰ প্ৰশিক্ষকে খেলখন এৰি দিবলৈ চিঞৰিছে।যাতে আঘাত গুৰুতৰ হোৱাৰ পৰা সি ৰক্ষা পৰে‌‌।সি ৰিঙৰ চাৰিওফালে দৌৰি ফুৰিছে কিক-ঘো‍ঁচা বিলাকৰ পৰা হাত সাৰিবলৈ।ইতিমধ্যে তাৰ দাঁত মুখো ফাটিল আৰু তাৰপৰা তেজ ওলাই সি পিন্ধা বগা গেঞ্জীটো ৰাঙলী হৈ পৰিছে।খেলুৱৈ গৰাকী পৰি নোযোৱালৈকে খেল চলি থাকিব।যদি কোনো খেলুৱৈ খেল চলি থাকোতেই পৰি যায়, তেতিয়া ৰেফাৰীয়ে একৰ পৰা দহলৈ গণিব।দহৰ ভিতৰত উঠিব নোৱাৰিলে খেলুৱৈ গৰাকী নক্ আউট হোৱা বুলি ঘোষণা কৰা হয়।অৰ্থাৎ খেলুৱৈ গৰাকীৰ পৰাজয় ঘটে। কিকবক্সিং বা আন সমৰ কলাৰ খেলত নক্ আউট হৈ পৰাজয় বৰণ কৰাটো চৰম লজ্জাজনক ঘটনা বুলি পৰিগণিত হয়।গতিকে কোনেও নিবিচাৰে অন্ততঃ নক্ আউট হৈ পৰাজয় বৰণ কৰিবলৈ‌।সিও অশেষ কষ্টেৰে নক্ আউট নোহোৱাকৈ ৰিঙত তিষ্ঠি থাকিল।কিন্তু কিমান সময়..!অৱশেষত সি কটা কলগছ পৰাৰ দৰে ধমহকৈ ৰিঙত বাগৰি পৰিল।প্ৰতিপক্ষই তাক খেদি আহিল।ৰেফাৰী তৰিৎ গতিত খেল বন্ধ কৰিবলৈ দুয়োৰে মাজত জপিয়াই সোমাল।কিন্তু ইতিমধ্যে দ্বিতীয় ৰাউণ্ড সমাপ্ত হোৱাৰ বেল বাজি উঠিল।এই বিৰতিৰ মুহূৰ্ততে পুনৰ আনখন খেলৰ বিষয়ে সুকণ্ঠি ঘোষিকা গৰাকীৰ ঘোষণা শুনা গ’ল.. the next bout will be played between..vs…nin. মোৰ নাম..।হাত ভৰিবোৰ কঁপি উঠিল।জীৱনত প্ৰথম খেলিম কিকবক্সিং। 
  সন্মুখৰ খেলখন দেখি আছোঁ‌। কিকবক্সিঙক ব্লাড্ স্পৰ্ট এনেই নুবুলে। আজিহে বুজিলো কিয় কয়।বৰ ভয়ংকৰ খেল।দেখিলেহে উপলব্ধি হয়।কিন্তু মোৰ বৰ হেঁপাহ আছিল এবাৰ খেলিব পাৰিলে।কিন্তু আজি যেন ইচ্ছাটো অলপ দুৰ্বল দুৰ্বল..!ইতিমধ্যে মই সাজু হৈ ৰৈছো ৰিঙৰ কাষত।কেৱল হাতত গ্লোভজ সুমুৱাব বাকী।কাৰণ আগৰ খেলখনৰ তৃতীয় ৰাউণ্ড বৰ্তমানেও বাকী।একোখন খেল তিনি মিনিটকৈ তিনি ৰাউণ্ড চলে। সমৰ কলাৰ আন খেলবিলাকত বেল্টৰ তলত অৰ্থাৎ কঁকালৰ নিম্নাংশত কিক্ মৰা নিষেধ।কিন্তু কিকবক্সিঙত groin area ত বাহিৰে সকলোতে আক্ৰমণ চলে, লগতে throwing ও কৰিব পাৰি।কিছুমান শক্তিশালী খেলুৱৈয়ে প্ৰতিপক্ষক ৰিঙৰ বাহিৰলৈকেও দলিয়াই দিয়ে।মই মনটোক শান্ত কৰিবলৈ যত্ন কৰি আছোঁ।মোৰ প্ৰশিক্ষকেও মোক আচলতে খেলিবলৈ ঠিক অনুমতি প্ৰদান কৰা নাছিল। মোৰ আকোঁৰগোজালিতহে উপায়হীন হৈ তেওঁ সন্মত হৈছিল।কাৰণ সেই সময়ত মই বৰ ক্ষীণ আছিলোঁ।কিকবক্সিং খেলৰ বাবে শাৰীৰিক ভাৱে প্ৰায় অনুপযুক্ত।খেলৰ বিপদ বুজি চাৰে মোক হাক দিছিল।কিন্তু মই নাচোৰবান্দা- মৰিলেও খেলিম!ইতিমধ্যে তৃতীয় ৰাউণ্ড আৰম্ভ হ’ল‌।খেলখনে প্ৰচণ্ড আলোড়ণৰ সৃষ্টি কৰে।আহত চকুৰ খেলুৱৈয়ে পুণৰ যে প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব কোনেও কল্পনাই কৰিব পৰা নাছিল।আনকি মই ও।কি তাৰ অপূৰ্ব শৈলী!নিজৰ বাওঁ চকুটো বচাই সি তাৰ প্ৰত‍্যাক্ৰমণ চলাই গৈছিল।কিন্তু ক্ৰমাত তাৰ চকুটো বন্ধ হৈ আহিল।খেলৰ মাজতে চকুটো উখহি জাপ খাই গ’ল।সি নেদেখা হ’ল।তাৰ ঘোঁচাবোৰে লক্ষ্যচ‍্যুত হৈ যায়।ওঁঠো উখহিল।মুখখনো বিকৃত হৈ পৰিল তাৰ।কিন্তু সি খেলিলে-শেষ মূহূৰ্তলৈ।হাৰিল-কিন্তু নক্ আউট নহ’ল‌।সকলোৱে হাত-চাপৰি বজালে।এইবাৰ মোৰ পাল,ঘোঁচা খোৱাৰ..! 
      হৰা খেলুৱৈজনক প্ৰায় ডাঙি নমাই আনিব লগা হ’ল ৰিঙৰ পৰা।সকলোৱে ঠিয় হৈ তাক জাউৰিয়ে জাউৰিয়ে হাত-চাপৰিৰে সন্মান জনালে।এইবিলাকেই ভাল লগা মুহুৰ্ত কিকবক্সিঙৰ।মন চুই যোৱা এক দৃশ্য‌।দেখাত কি হিংসাত্মক খেল।উত্তেজিত দৰ্শকৰ প্ৰৰোচনা,কটুক্তি কিন্তু পিছমূহূৰ্ততে সেই একেগৰাকী খেলুৱৈৰ প্ৰতি অকুণ্ঠ চিত্ত সন্মান।অলপ আগৰ মাৰি-মৰক যুদ্ধৰ অন্ততঃ দুই প্ৰতিদ্বন্দীৰ মাজৰ পাৰস্পৰিক মৈত্ৰী সম্বন্ধ দেখিলে আপোনাৰো চকুপানী ওলাব পাৰে।সেই বিনয়ী সদ্ভাৱ ঘোঁচা-লাঠি মাৰিও ৰক্ষা কৰাটো সমৰ কলাৰে এক মহত্ত্বম শিক্ষা।স্নায়বিক চাপ প্ৰশমিত কৰিব পৰা আন বহুতো কাৰিকৰী বিজ্ঞানৰ কথা বাৰু আজি উল্লেখ নকৰিলো যেনিবা..।মোৰ খেল আৰম্ভৰ প্ৰাক-মুহুৰ্তত চাৰে শেষবাৰৰ বাবে এবাৰ কৈ চালে- যে যদিহে মই ভয় খাইছো তেন্তে এতিয়াও নাম প্ৰত‍্যাহাৰ কৰিব পাৰোঁ।
   মোৰ মুখত মাত-বোল নাই।চাৰে- হাতত গ্লোভজ সুমুৱাই দিলে।জ্বৰ-জ্বৰ ভাৱ এটাই শৰীৰটো দুৰ্বল কৰি তুলিলে।অলপ আগতে কৰি অহা ৱাৰ্ম-আপৰ চটফটনি নোহোৱা হৈ থাকিল।মই বাৰু সঁচাকৈয়ে ভয় খাইছো নেকি!মই ৰেড কৰ্ণাৰৰ পৰা খেলিব লাগিব।অলপ আগৰ ৰেড কৰ্ণাৰৰ খেলুৱৈ গৰাকীৰ অৱস্থালৈ মনত পৰিল।গা-টো জিকাৰ খাই উঠিল।লাহে-ধীৰে ৰিঙলৈ উঠিলো।চাৰে কৈ আছে- ভালকৈ খেলিবি..ব্লক খুলি নিদিবি..আৰু কিবা কিবি।শেষত কৈছিল নোৱাৰিলে চাৰেণ্ডাৰ কৰি দিবি।চাৰৰ মোক লৈ চিন্তা নে দুশ্চিন্তা.!চাৰেণ্ডাৰ শব্দটোৱে মোৰ মগজুত খুন্দিয়াই থাকিল।এয়ে মোৰ আজিৰ ৰণনীতি তাৰমানে।চাৰেণ্ডাৰ..!!ব্লু কৰ্ণাৰত এজন শক্তিশালী প্ৰতিদন্দ্বী ঠিয় হৈ আছে।শক্তিশালী মানে সুঠাম চেহেৰাৰ মোতকৈ ওখ ল’ৰাটো।আটিল পেশীৰে হলিউডৰ এক্সন হিৰো টাইপ।কিবা এক অসহায়বোধ হ’ল!
     মই ৰিঙৰ চাৰিওফালে মুখ ঘুৰাই চালো।ঠাহ খোৱা দৰ্শকৰ উৎকণ্ঠিত মুখবোৰৰ দৃষ্টি ৰিঙত নিৱদ্ধ।।হাত-ভৰি চলিবনে মোৰ?পাৰিমনে তিষ্ঠিব আটাইকেইটা ৰাউণ্ড!নক্ আউট নহ’লেই ৰক্ষা।সন্মানটো বাচিব কমচে কম।মোৰ ওপৰত সকলোৰে এটাই বিশ্বাস যে ষ্টেমিনাৰ ফালৰ পৰা মোৰ ঘাটি নাই।কিন্তু মোৰচোন ভাগৰ লাগিবলৈ আৰম্ভ কৰিছে।মনস্তত্বই বিশ্বাসঘাটকতা আৰম্ভ কৰিব ধৰিলে।আত্মবিশ্বাসৰ নিৰ্লজভাৱে হোৱা দ্ৰুত পতনত খেলিম নে নেখেলিম ভাৱটোও উদ্ৰেক হ’ল।মই কি কৰা উচিত পাহৰি থাকিলোঁ।ৰেফাৰীয়ে দুয়োজনকে সন্মুখলৈ আহিবলৈ নিৰ্দেশ দিলে।এতিয়া আৰু পিচুওৱা সম্ভৱ নহয়‌।অদৃষ্টই মোৰ হৈ সিদ্ধান্ত ল’লে।দুয়ো খেলুৱৈয়ে ৰেফাৰীৰ লগতে পৰস্পৰক সন্মানসূচকভাৱে bow কৰিলোঁ।”টং”-কৈ আৰম্ভণিসূচক ঘণ্টাটো বাজি উঠিল।যেন কোবটো মোৰ মূৰতহে মাৰিলে!
           ঘণ্টাৰ শব্দত মোৰ স্নায়ুবোৰ ভয়ৰ নাগপাশৰ পৰা মুকলি হৈ গ’ল।স্নায়বিক দৌৰ্বল‍্য দূৰ হোৱাত শৰীৰৰ পেশীবোৰো যুঁজৰ বাবে সাজু হৈ উঠিল।মই স্বাভাৱিক অৱস্থা ঘূৰাই পালোঁ।ভয়ৰ লেশমাত্ৰও অৱশিষ্ট নাথাকিল।মনোশাৰীৰিক অৱস্থাৰ কি আচৰিত পৰিৱৰ্তন!এই যাদুকৰী উত্থানৰ ৰহস্য কাকো ক’ব নোৱাৰিম এইমুহূৰ্তত।অভিজ্ঞ এক্সন হিৰোৱে (খেলুৱৈ গৰাকীয়ে) থাওকতে মোৰ শৰীৰ সঞ্চালনবোৰ পঢ়ি পেলালে।সি ওখ হোৱা বাবে মই তাক আক্ৰমণ কৰিবলৈ সহজে ঢুকি নাপাওঁ।গতিকে সি সহজেই মোক “dodge” দিবলৈ সক্ষম হৈছিল।মোৰ কিক্ বা পাঞ্চে তাক আঘাত কৰিবলৈ প্ৰতিবাৰতে ব‍্যৰ্থ হৈছিল।আৰু সি মেকুৰীয়ে নিগনি খেলা দি মোৰ শক্তিৰ অপচয় কৰায় আছিল।চাৰকে আদি কৰি মোৰ সমৰ্থক (খুউব কমেই আছিল) সকলে চিঞৰি মোক “বঢ়িয়া ..নিন” বুলি উৎসাহৰ গ্লুক’জ যোগান ধৰি আছিল।
মইও বৰ উৎসাহেৰে এটাও ঘোঁচা নোখোৱাকৈ চলি আছিলো।কিন্তু এয়া প্ৰথম আধা মিনিটমানৰহে ঘটনা।সি মোৰ ফাইটৰ ষ্টাইল অনুধাৱন কৰি পেলালে।..আৰু কেই চেকেণ্ডমান পিছতেই মই দিনতেই জোন-বেলি-তৰা সকলো দেখি গ’লো।হঠাতে ডাঙৰ সূৰ্য এটাৰ পোহৰে মোক ঘেৰি ধৰি নিমিষতে সমস্ত আন্ধাৰ হৈ পৰিল!অলপ কিবা চিঞৰ-বাখৰ মোৰ কাণত পৰিছিল যদিও ক্ষণিকতে সিও নোহোৱা হৈ থাকিল।দুই-চাৰি চেকেণ্ডৰ ভিতৰতে মই আৰু একো গম নাপালো।..দৰাচলতে সেই দীৰ্ঘকায় হিৰোৱে তাৎক্ষণিকভাৱে মুখমণ্ডলত কৰা আক্ৰমণত মই চিধাই ৰিঙৰ মজিয়াত ধৰাশায়ী হৈ পৰিছিলোঁ।গায়ে-মূৰে প্ৰচণ্ড ঘোঁচা কেইটামান পৰিছিল মোৰ।মুখমণ্ডলত পৰা শক্তিশালী ঘোঁচাকেইটাই দিনতেই শত-সহস্ৰ জোনাকী পৰুৱা বাহিৰ কৰি দিছিল নিমিষতে!দিনতেই যে তৰা দেখে প্ৰকৃত উপলব্ধি হৈছিল মোৰ সেইদিনা।
   ..উঠ্ উঠ্.. নি.. উঠ্..।ৰিণি ৰিণি শব্দকেইটা কাণত বাজি উঠিছিল।মোক যেন কোনোবাই নাম ধৰি মাতিছে..।কোন দিশৰ পৰা শব্দ কেইটা আহিছিল ধৰিব পৰা নাছিলোঁ প্ৰথমে।মোৰ নামৰ দুই এটা আখৰহে কৰ্ণগোচৰ হৈছিল।মই ক’ত আছোঁ তাকো মনত পৰা নাছিল।..ছয়..সাত..! হে প্ৰভু, এয়াচোন কাউন্টিঙৰ শেষ সংখ্যাকেইটা!ৰেফাৰীয়ে গণি আছে।তাৰমানে মই নক্ আউট হৈ যাম..!!খেল খতম হ’ব মোৰ।মই নক্-আউট হ’ব নোৱাৰো।কোনোমতে জোৰ-জবৰদস্তি থিয় হ’লো দহ গণণা হোৱাৰ আগতে।ৰেফাৰীয়ে সুধিছে মই খেলিব পাৰিমনে নোৱাৰিম?চাৰে কৈ আছে- নামি আহ, নালাগে আৰু খেলিব (ভিতৰুৱা অৰ্থটো হ’ল আৰু মাৰ খাব নালাগে)।হিৰোৰ সমৰ্থকৰ উত্তাল ধ্বনিত মোৰ লগতে মোৰ সমৰ্থককেইজনো নিস্প্ৰভ হৈ পৰিল।মই খেলিম বুলি ক’ব খোজতে প্ৰথমবাৰ মুখখন মেলাই ন’গল।ঘোঁচা খাই গালৰ নিম্নহনু বে‍ঁকা হোৱাৰ উপক্ৰম।ৰেফাৰীয়ে ৰূঢ় কণ্ঠত পুনৰ সুধিলে।প্ৰতিপক্ষৰ সমৰ্থকে ইতিমধ্যে নক্ আউট নক্ আউট বুলি চিঞৰা আৰম্ভ কৰিছিল। 
       মই জোৰকৈ কষ্ট কৰি খেলিম বুলি দোহাৰিলো কোনোমতে।আকৌ খেল আৰম্ভ হ’ল।মই নিজক তাৰ কিক্-পাঞ্চবিলাকৰ পৰা বচাবলৈ যত্নপৰ হ’লো।সময়বোৰ বৰ ধীৰ গতিৰে আগবঢ়া যেন লাগিল।বিৰতিৰ বেলটো যেন নাবাজিবই কাহানিও!দুই-এটা কিক্ লাগিল মোৰ গাত।প্ৰাণপণে সহ‍্য কৰিছোঁ।কিন্তু.. হায়!কিনকিনিয়া ঘোঁচাৰ বৰষুণজাক ধুমুহাত পৰিণত হ’ল।বিনামূলীয়াকৈ তাৰকাগৃহৰ শ্বো পুনৰ দেখাৰ সৌভাগ্য হ’ল মোৰ!তৰা-নক্ষত্ৰৰ দৰ্শনে মোক পুনৰ ধৰাশায়ী কৰিলে।উপৰ্যুপৰি তৰিৎ গতিত মৰা ঘোঁচা-লাঠিয়ে মোক লাং খুৱাই পেলাই দিলে‌।আকৌ সেই চিঞৰ বাখৰ..এক..দুই আৰম্ভ..।নক্ আউট..নক্ আউট চিঞৰে মোক মৰণসম লজ্জা দিলে।যিকোনো প্ৰকাৰে উঠিবই লাগিব।ৰেফাৰীৰ গণণাই দহ নাপাওঁতেই উঠিলো কোনোমতে।পুনৰ একেই প্ৰশ্ন ৰেফাৰীৰ- “are you ready to fight?” মই মূৰ দুপিয়ালো- yes. যুঁজ আৰম্ভ হ’ল।হিৰোৱে আক্ৰমণ অব্যাহত ৰাখিলে।কোনোমতে ব্লক ৰাখি মাৰবিলাক হজম কৰি আছোঁ। লগৰবোৰে চিঞৰিছে মোক..আৰু অলপ সময় ৰাখ..অলপ সময়,নক্ আউট নহ’বি।ময়ো পাৰ্যমনে চেষ্টা কৰিছোঁ!..এয়াই বাজিল “টং”।প্ৰথম ৰাউণ্ডৰ অন্ত পৰাৰ শব্দ।কি মধুৰ শব্দ এইটো!জীৱনৰত পাহৰিব নোৱাৰা এক আমেজ।যেন মৃত্যু জয় কৰিহে উভতিছো‌।অশেষ কষ্টেৰে প্ৰথম ৰাউণ্ড বৰ্তীলো।নিজৰ ৰেষ্টিং কৰ্ণাৰত গৈ বহিলোঁ।চাৰ আৰু দুজনমান ৰিঙলৈ সোমাল।মূৰ আৰু মুখত পানী চটিয়ালে।টাৱেলেৰে বিচিলে।গলধনত মালিচ কৰিলে।অলপ সুস্থিৰ হোৱাত চাৰে সুধিলে খেলিম নে এৰি দিম?অঁকৰা মৈত উঠা শিষ্যক চাৰে দিহা দিলে- মুখখন বচাই খেল, নোৱাৰিলে চাৰেণ্ডাৰ কৰ্।..”চাৰেণ্ডাৰ”.. শব্দটোৱে জুই লগাই দিলে।স্বতঃস্ফূৰ্তভাৱে ওলাই গ’ল খেলিমেই বুলি।বিৰতি শেষ,পুনৰ দুই ৰণুৱা ঘোঁৰা যুঁজলৈ সাজু হৈ ওলালো।মই যুঁজখন অনুধাৱন কৰিবলৈ যত্নপৰ হ’লো।লগতে প্ৰতিপক্ষকো বুজিবলৈ চেষ্টা অব্যাহত ৰাখিলোঁ।কি হৈ আছে, কি কৰা উচিত।”গৰম খেলৰ ঠাণ্ডা মগজু”।বিৰতিয়ে মোক যথেষ্ট সকাহ দিছে।খেল চলি আছে, মগজুৱে কাম কৰি আছে।সি মোতকৈ ওখ আৰু চেহেৰাৰ ফালৰ পৰাও উন্নত।গতিকে তাৰ ওজন মোতকৈ নিশ্চয় বেছি। “F=ma”, নিউটনৰ দ্বিতীয় গতিসূত্ৰ। F মানে force (বল)। m মানে mass(ভৰ) আৰু a মানে acceleration (ত্বৰণ)।তাৰ ভৰ আৰু গতিৰ পুৰণ ফলেই তাৰ বল।এই সূত্ৰৰ আঁত ধৰি সি প্ৰয়োগ কৰা বল মোতকৈ বেছি।এইবিলাক ভাবিও থাকিলো আৰু মাৰ খাই মাৰ খাই নিজক কোনোমতে বচাই ৰাখিলোঁ।সি এইবাৰ কিছু দৌৰিবলগীয়া হ’ল।দ্বিতীয় ৰাউণ্ডৰ এনেকৈয়ে অন্ত পৰে।চাৰ আৰু মোৰ সমৰ্থকৰ মুখলৈ পানী আহিল।হাৰিলেও অন্ততঃ নক্ আউট নহ’ম যেন বোধ হ’ল।কাৰণ পইণ্টৰ ফালেৰে সি এতিয়াও আগবাঢ়ি আছে।চাৰে মোক বুজালে-পাছলৈ নাহিবি, কৰ্ণাৰত নোসোমাবি।পাছলৈ আহিলেই ৰিঙৰ ৰছীত বাজি যাবলগীয়া হয়।প্ৰতিদন্দ্বীৰ আক্ৰমণ কৰিবলৈ সুবিধা হয়।ৰিঙৰ কৰ্ণাৰত সোমালেটো আৰু হ’লেই।কোনোফালে উদ্ধাৰৰ পথ নাথাকে।নক্ আউট কৰিবলৈ বৰ সুবিধা।চাৰে কৈ আছে,কোনোবাই চেঁচা পানী চটিয়াইছে।পানীখিনি মুখত পৰাত স্বৰ্গসুখ অনুভৱ হ’ল।লগতে আন এটা ফৰ্মূলা মনত পৰিল‌।”w=mg” .অৰ্থাৎ ওজন(w)= ভৰ(m) পূৰণ মধ‍্যাকৰ্ষণ শক্তি (gravity)।মোতকৈ তাৰ ওজনো বেছি।মই তাক হৰুওৱাৰ ফৰ্মূলা উলিয়াই ল’লো।
   মনটো ফৰকাল লাগিল। নিজে নিজে এষাৰি বাক্য তৈয়াৰ হৈ গ’ল- “a cool brain can rule”, মই ভিতৰি পূৰ্ণোদ‍্যমী হৈ উঠিলোঁ।অন্তিম ৰাউণ্ডৰ আৰম্ভণি ঘণ্টা বাজিল।এই ৰাউণ্ডৰ আৰম্ভণিৰ পৰাই নক্ আউট..নক্ আউট চিঞৰেৰে তাৰ সমৰ্থকে চৌপাশ উত্তাল কৰি তুলিলে।সিও বুজিলে যে মোক নক্ আউট কৰি বিদায় দিবলৈ সহজ হৈ পৰিছে।এনেয়েও মই পইণ্টছৰ ভিত্তিত হাৰিয়েই আছোঁ।খেল আৰম্ভ হ’ল।সি আক্ৰমণ কৰিবলৈ উদ্বাউল হৈ পৰিল।মই সোঁৱে বাঁৱে চাইড ষ্টেপিঙেৰে তাক ব‍্যতিব‍্যস্ত কৰিবলৈ আৰম্ভ কৰিলোঁ।ৰাইজে এই “টম এণ্ড জেৰী”ৰ খেদা-খেদি ফাইট দেখি বৰ আমোদ পালে।হৰ্ষোল্লাসত আটায়ে তামাম চিঞৰ-বাখৰ লগালে।
        সি মৰা কিক্-পাঞ্চবোৰ ব‍্যৰ্থতাত পৰিণত হ’ল। এনদৰে যেতিয়াই সি তাৰ শক্তিশালী কিক্ আৰু পাঞ্চবোৰ মাৰিছিল প্ৰতিবাৰতেই সি মধ‍্যাকৰ্ষণৰ বিপৰীতে কাম কৰিবলগীয়া হৈছিল।যাৰ ফলত তাৰ ওজনেৰে সি কৰা কাৰ্যত তাৰ শক্তি কম সময়তে লোপ পাই সি ভাগৰুৱাহৈ পৰে।পৰিকল্পনা অনুযায়ী কাম হৈ আছিল মোৰ। কিন্তু হ’লে কি হ’ব, মোৰ পইণ্টচ্ বঢ়াবই পৰা নাই।মই এনেও হাৰিম।সময় এইবাৰ মোৰ বাবে দ্ৰুত হ’ল।এইবাৰ দুই এটা কিক্ সি খাইছে কিন্তু তাক জব্দ বা স্তব্ধ কৰিব পৰা নাই।শক্তিশালী তাৰ পেশী।লগৰবোৰে চিঞৰিছে সময় নাই।মোৰ পৰাজয়ৰ ক্ষণ সমাগত জানি এটা ৰিস্ক লৈ পেলালোঁ।উপায় নাপাই সি বিচৰা ধৰণে মই এটা ভুল কৰিবলৈ ওলালোঁ।চাৰে হাক দিয়া কামটো- কৰ্ণাৰৰ ফালে সোমালোঁ।চাৰিওফালে কোৰ্হাল বাঢ়ি গ’ল।মোৰ সমৰ্থক সকলৰ মাজত হাহাকাৰ লাগিল। মোৰ নিৰ্ঘাত অপমৃত্যু জানি আটাইৰে মন শিয়ঁৰি উঠিল।
       চাৰেও চিঞৰি চিঞৰি তলৰপৰা নিৰ্দেশ দিছে- কৰ্ণাৰত নোসোমাবলৈ।কিন্তু মই যে ফান্দত সোমালোৱে!ধৰ তাক- মাৰ- নক্ আউট কৰ্.. হিৰোৰ সমৰ্থকে গগন ফলা চিঞৰেৰে তালফাল লগালে।নিগনি ফান্দত পৰাৰ আনন্দত সি দ্ৰুত গতিত খেদি আহিল।আনন্দৰ আতিশায‍্যত সি ঘোঁচা সোধাবলৈ ব্লক খুলিলে,সি ভাগৰিছিলো..আৰু এইকণ সময়তে অতৰ্কিতে মই ঘূৰি সমস্ত শক্তিৰে বেক্ কিকটো সোধালো তাৰ বুকু আৰু পেটৰ মাজৰ ঠাইখিনি লক্ষ্য কৰি।diaphragm ফাটি যোৱাকৈ মৰা কিকটোৱে তাক কেবাহাতো দূৰত চিটিকাই পঠালে।দম বন্ধ হৈ সি হামকুৰি খাই পৰিল।গোটেই ঠাইখন নিজম হৈ পৰিল।সকলোফালে  স্তব্ধতা। কেৱল শুনা গ’ল ওৱান..টু.. ৰেফাৰীৰ কাউণ্টিঙ।সি উঠালৈ মই অপেক্ষা কৰিলোঁ ।..এইট..নাইন..টে..ন..”টং”।খেল শেষ হোৱাৰ ঘণ্টা বাজিল কিন্তু সি আৰু নুঠিল।…অখণ্ড নিৰৱতা ভেদ কৰি ঘোষিকাৰ  অমৃতময় অমিয়া বাণীটো ভাহি আহিল- the winner is red corner, won by knockout.
Author:  ৰৌদ্ৰমা তপস্বীনি

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  8  =  24