কুকুৰা-যুঁজঃ এটি উগ্ৰ ৰোমাণ্টিক গল্প

কপালত চানগ্লাছযোৰ উঠাই সি গছডালৰ তলতে ছাঁখিনিত ৰ’ল।তাৰ ডিঙিত এখনি সুন্দৰ ফুলাম গামোছা।তাইৰ বোলে বৰ ভাল লাগে এই অসমীয়া স্বাভিমানখিনি।তাই আহি পালেই দুয়ো যাব শিৱ-মন্দিৰলৈ।আজি সোমবাৰ।প্ৰথমে মন্দিৰ, তাৰ পিছত দিনটো পৰীভ্ৰমী চৰাই হৈ উৰি ফুৰাই দুয়োৰে উদ্দেশ্য।দূৰৈৰ ৰঙা ৰঙা বিন্দুটো অলপ পিছত পকা বিলাহী হ’ল।পকা বিলাহীটো লাহে লাহে ৰঙা বেলিটি হৈ ক্ষন্তেকতে স্কুটি সৈতে তাৰ প্ৰেয়সীৰ আকাৰ ধাৰণ কৰিলে।তাইৰ সকলোখিনি ৰঙা।মেখেলাচাদৰ-দীঘল হাতৰ ব্লাউজ আনকি কপালৰ সৰু ফোটটিও ৰঙা।তাই ৰঙা স্কুটিখনৰ পৰা নামিল।উজ্জ্বল মুখখনেৰে তাইক বৰ আনন্দিত দেখা গ’ল।সি তলৰ পৰা ওপৰলৈ তাইক মেটেল ডিটেক্টৰে পৰীক্ষা কৰাদি চালে।মধ‍্যপ্ৰদেশত মেটেল ডিটেক্টৰ ক্ষণিকৰ কাৰণে স্থিৰ হ’ল।তাৰ পিছত তাৰ দৃষ্টি তাইৰ মুখলৈ উঠিল।তাই অলপ চাদৰখন পেটৰ ফালে সামান্য টানি লৈ তাৰফালে চাই তৃপ্তিভৰা কণ্ঠেৰে সুধিলে- কি হ’ল(?) ঠিকেই আছে দেখোন!বৰ আগ্ৰহেৰে পৰম সুখে সিও তাই আহি পোৱালৈকে অপেক্ষা কৰি আছিল।আহি পালেই সুন্দৰ প্ৰেম-পংক্তি এটিৰে তাইক আপ‍্যায়ণ কৰিম বুলি সি বাক‍্যটি সজাই পৰাই ৰৈ আছিল‌।মুঠতে দুয়োৱে আজি কামৰঙা প্ৰেমত উতলি আছিল।

…কিমানবাৰ কৈছো তোক মেখেলাচাদৰ পিন্ধিব নালাগে বুলি-তাৰ মুখেৰে অনিচ্ছাস্বত্ত্বেও অলপ খঙেৰেই ওলাই গ’ল।স্কুটি চলালে সি তাইক মেখেলা চাদৰ পিন্ধিৱ মানা কৰিছিল।তাইৰ আনন্দৰ ৰঙেৰে বোলোৱা মুখখনত চিৰতা তিতা খোৱাৰ লক্ষণ ফুটি উঠিল।..মন্দিৰলৈ যাম বুলি কৈ আহিছোঁ মাক।মেখেলাচাদৰ নানি “বিকিনি” পিন্ধি আহিম নেকি? তাইও সমানে বিষ উগাৰি দিলে।কি যে হৈ গ’ল তাইৰো।নিমিষতে কামদেৱ- ৰতীদেৱী দুৰ্বাসা আৰু ৰুদ্ৰমা দেৱীত পৰিণত হ’ল‌।প্ৰেমৰ নীলামেঘ ধুমুহা গাঁজনিহৈ শিল-বৰষুণত পৰিণত হ’ল।ৰাস্তাৰ দাঁতিতে দুয়োৰে তুমুল কাজিয়া লাগিল।তাইৰ ভাষা শুনি সি খঙত ক’ব নোৱাৰা হৈ গ’ল।কি ক’লি- অভদ্ৰামীৰ সীমা পাৰ হৈ গৈছ.. দিনক দিনে মুখৰ লাগ-বান্ধ নোহোৱা হৈ গৈছে। বিশ্ববিদ্যালয়ত এইসোপাকে পঢ়ায় নেকি? “safety measure” বুজি নোপোৱা তই?একেটা কথাকে কিমান কৈ থাকিম।কিমান দূৰ্ঘটনা ঘটি আছে দেখা নাই!মূৰটোত কি ভৰাই থৈছা?তাইও ক্ষান্ত হোৱাৰ নাম নল’লে।তাই মনতে ভাবি আহিছিল- তাইক দেখাৰ লগে লগে সি মস্ত ৰোমাণ্টিক কিবা এটা ক’ব …আৰু তাই অলপ চিনেমাৰ দৰে ‘হ’—ব আৰু..’ -লেনিয়াকৈ লেবেল জাতীয় ডাইলগ এটা দিব!কিন্তু ক’ৰপৰা কি যে হৈ গ’ল। দেউতাই আৰ্মীৰ টেংকাৰখনতে থৈ যাম বুলিছিল,ময়ে হাক দিলো।জোৱাই ৰখি আছে বুলি কোৱাত ভয়তে নাহিল।তাইৰ তাচ্ছিল‍্যপূৰ্ণ  সংলাপ তালৈকে প্ৰক্ষেপ কৰিলে। নিৰাপত্তাজনিত কাৰণত উঠা তাৰ মৰমসনা খংটো এইবাৰ ইগ’লৈ মোট সলালে।প্ৰচণ্ড খঙত সি তাইৰ ফালে চাবই নোৱাৰিলে।সি মুখ ঘূৰালে- তহঁতক কথা কোৱাই ভুল।সি আঘাত পোৱাত তাই দুগুণ উৎসাহত তাৰ কথাৰ আঁত ধৰি আকৌ সজোৰে আক্ৰমণ কৰিলে। “তহঁতক মানে”- আৰু কেইজনী পুহি ৰাখিছা।অকল ময়ে নহয় তাৰমানে- মিঃ চি-ৰি- কৃষ্ণ।শেষৰ শব্দটো অলপ সৰুকে কৈছিল তাই।অনুচ্ছ কণ্ঠত কোৱা শ্লেষাত্মক শ্ৰীকৃষ্ণ শব্দটোৱে যজ্ঞভূমিত ঘৃতাহুতিৰ কাম কৰিলে এইবাৰ।স্কুললৈ যোৱা দুই-চাৰি ছাত্ৰ-ছাত্ৰীয়ে সিহঁতৰ ফালে চাই ফিচিঙা-ফিচিঙি কৰি গ’লগৈ।দুই-এক পথচাৰীয়েও কেৰাহিকৈ দুয়োৰে খণ্ডযুদ্ধ উপভোগ কৰি গ’ল।দুয়োৰে সমূলি ভ্ৰূক্ষেপ নোহোৱা হৈ গৈছে ইতিমধ্যে।এতিয়া কেৱল জাউৰিয়ে জাউৰিয়ে কঠোৰ বাক্যবাণৰ এনকাউণ্টাৰ।সুন্দৰ ৰাতিপুৱাটো দুয়োৰে বাবে দ্বিতীয় বিশ্বযুদ্ধৰ আমেৰিকা- জাপান হৈ গ’ল।

এতিয়া কোনো এক পক্ষই আণবিক বোমা পেলাবলৈহে বাকী।সিও বনৰীয়া গোণা মহৰ দৰে শিং জোকাৰিলে- কোন গিৰীয়েক এৰি তয়ো বৰ ৰাধাটো ওলাইছ!যা- তোৰ আয়ানৰ ওচৰলৈকে যা।আয়ান নামটো শুনাৰ লগে লগে তাই পাগলৰ নিচিনা হৈ গ’ল!অ’ তোমাৰ আচল খং এইটোহে-তাই ঠাট্টাৰ সুৰতে কৈ উঠিল।সি তাৰমানে তাইক সন্দেহ কৰে।সি ইমান নীচ মনোবৃত্তিৰ হ’ব পাৰে বুলি তাই ভবাই নাছিল!অতদিনে সি যেতিয়াই তেতিয়াই তাইক নিৰাপত্তাৰ নামত কেতিয়াবা অনুৰোধৰ চলেৰে দিয়া নিৰ্দেশ(!) বা পোণপটীয়া আদেশ,গালি পৰা, কাজিয়া লগাৰ কাৰণ তাৰমানে এই “আয়ান”!আজি খঙতে অসাৱধানবশত তাৰ মুখৰ পৰা ওলাই যোৱা বুলি তাইৰ ধাৰণা হ’ল।এইবাৰ তাইক চাবলৈ ভাল হল‌।তাই চুলিত এপাহি ৰঙা পাৰিজাত গুজি আহিছিল।সি বৰ ভাল পায়।আগতেও বিশেষ দিনত তাই এনেকৈ ৰঙা পাৰিজাতেৰে সু-শোভিতহৈ সাজি-কাঁচি আহে।সি তাইক জোকাইছিল যুঁজৰ কুকুৰা অহা বুলি।কথাটো তাইৰ চাটকৈ মনত পৰিল‌।তাই অগ্নিবৰ্ষা হৈ পৰিল।একে থাপে মূৰৰ পৰা পাৰিজাত উভালি আনি মাটিলৈ সজোঁৰে থেকেচি দিলে।এতিয়ালৈকে শাব্দিক যুদ্ধয়ে চলি আছিল।কিন্তু যুঁজে এইবাৰ “A” লেভেল অতিক্ৰম কৰিলে।..আৰু বা কি কৰে তাই!সি চিন্তিত হৈ উঠিল।পাগল ছোৱালী..।কিন্তু হায়! তাইৰ কাৰ্যৰ প্ৰতিক্ৰিয়া স্বৰূপে সিও ওলোটা কাৰ্য এটাহে কৰিলে।চানগ্লাছযোৰ কপালৰ পৰা খুলি সিও গজডালত খুন্দা খোৱাকৈ জোৰেৰে দলিয়াই দিলে। ব্ৰেণ্ডেড আনব্ৰেকেবল চশমা- গছত ওলমি থকা কোনো চশমাৰ দোকানৰ টিনৰ বিজ্ঞাপনখনত লাগি ভাঙি থাকিল।বস্তু ভঙা পৰ্ব আৰম্ভ হ’ল এইবাৰ।তাই ভাবিছিল ফুলটো দলিওৱাৰ পাছত তাইৰ দুখ লগা বুলি ভাবি সি অলপ কোমল হ’ব।তেনেকৈ তাই আগতেও যুদ্ধ জিকি আহিছে।কিন্তু আজিচোন কথাটো কিবা বুমেৰাং হ’ল।কিন্তু তাইটো হাৰিব নোৱাৰে এই যুঁজত।প্ৰেমাস্পদৰ লগত প্ৰেমযুদ্ধত জয়ী হোৱাটো প্ৰেমিকাসকলৰ এক স্বাভিমান।এই স্বাভিমানত তাই আঘাত লাগিব দিব নোৱাৰে।দস্তুৰমত ছোৱালীৰ সন্মানৰ প্ৰশ্ন জড়িত হৈ আছে ইয়াত।লগৰ বিলাকৰ ওচৰত তাই লাজ পাব।সিহঁতে তাইক ঠাট্টা কৰিব।ৰণৰংগী প্ৰেমিকাৰ দলপতি হিচাবে তাই কোনো কাৰণত হাৰিব নোৱাৰে।তদুপৰি তাইৰ আজি মুঠেও দোষ নাই।সিহে তাইক আনৰ লগত অনাহকত সন্দেহ কৰে।তাইৰ বিবেকৰ “fast track” আদালতত তাই নিৰ্দোষী প্ৰমাণিত হোৱাৰ লগে লগে তাইৰ প্ৰগতিশীল নাৰীবাদী মনটো উদ্বাউল হৈ উঠিল‌।লগে লগে তাই স্কুটিৰ ডিকি খুলিলে।সি চাই থাকিল তাই কি কৰে।সি গম পালে তাইৰ চিৰাচৰিত পোকটোৱে তাইক কামুৰিছে বুলি।তাৰ পাছত ডিকিৰ পৰা তাই সৰু সুন্দৰ ফুলৰ কৰণি এটা উলিয়ালে।তাৰ পাছত তাইৰ সমস্ত শক্তিৰে ৰাস্তাৰ দাঁতিতে থকা পথাৰৰ মাজলৈ দলিয়াই দিলে।কৰণি গৈ পথাৰ পোৱাৰ আগতে ফুলবোৰ উফৰি বেচিখিনি তাৰ গাতে পৰিল।যেন তাই তাক পূজা-অৰ্চনাহে কৰিছে।সি বেকাকৈ অলপ হঁহা যেন কৰিলে।এই অস্ত্ৰপাত ব‍্যৰ্থ যেন হোৱাত দ্বিতীয়বাৰ ডিকিত হাত দিলে তাই।এইবাৰ মন্দিৰলৈ আগবঢ়াবলৈ অনা বুট-মাহৰ মোনাখন প্ৰায় আজুৰি উলিয়ালে।তাৰফালে এবাৰ চাই তাই ওচৰতে থকা ছাগলী পোৱালী কেইটাক প্ৰসাদখিনি খাবলৈ মেলি দিলে।পোৱালী কেইটাই দুয়োৰে ফালে এবাৰ পেন্দোৱাকৈ দৃষ্টি নিক্ষেপ কৰি বিপদ নিস্কন্টক বুজি আনন্দতে “মা-মা, মেঁ-মেঁ” কৈ প্ৰসাদ খোৱাত লাগিল।যুঁজত মন্দিৰৰ দ্ৰৱ‍্যনিধি ইতিমধ্যে উচৰ্গিত হৈ গ’ল।
ভগৱানক প্ৰাণভৰি ভালপোৱা ছোৱালীজনীৰ কাণ্ডত তাৰ চুৰ্ত্তি হেৰাল।তাই যে আজি ইমানলৈকে আগবাঢ়িব সি তলকিবই পৰা নাছিল।তাৰভাৱটো ধৰিব পাৰি তাই ভিতৰি নিজকে বিজয়ী যেন বোধ কৰিলে।কুৰুক্ষেত্ৰ যুদ্ধত শিখণ্ডীক ঢাল কৰি পিতামহ ভীষ্মক ধৰাশায়ী কৰা অৰ্জ্জুনৰ দৰে তাইৰ গৰ্বসম্বলিত ঈষৎ তীৰ্যক হাঁহিয়ে তাক বৰকৈ বিন্ধিলে।সিও কম আকোঁৰগোজ নহয়। আগগুৰি নাভাবি ডিঙিৰ গামোছাখন একেটানে খহাই আনিলে।গছডালত থকা বিজ্ঞাপনৰ টিনচটাৰ কোণত সি গামোছাখন লগাই টানি টানি ফালি পেলালে।ইমানতো তাৰ হেঁপাহ নপলাল।যিমান পাৰি টুকুৰা টুকুৰ কৰি গামোছাখন চিঙি পেলালে।গামোছাখন প্ৰায় ঐতিহাসিক ভগ্নাৱশেষত পৰিণত হ’ল‌।গামোছা বধ পৰ্ব শেষ কৰি সি গছজোপাৰ তলত আৰামত বহি পৰিল।তাই কি কৰিম কি নকৰিম অৱস্থা এটা হ’ল।অৱদমন কৰিব খোজা খংটোৱে গুমৰিহে উঠিল।এইবাৰ তাই ভৰিৰ দুয়োপাত চেন্দেল খুলিলে। ইচ্ছাকৃতভাৱেই তাই তাৰ কাষেৰে সো-সোৱাই ৰাস্তাৰ একেবাৰে দাঁতিলৈ গৈ দুয়োপাট চেন্দেল পথাৰভূমিৰ যিমান পাৰি সিমান দূৰলৈ উচৰ্গা কৰিলে।শেষৰ পাত দলিয়াওতে তাক শুনাবলৈকেয়ে হুঁহ বুলি খং মিশ্ৰিত হুমুনিয়াহ এটা কাঢ়িলে‌।সি বহাৰ পৰি উঠিল।..আৰু নিশব্দে তাইৰ কাৰ্যকেই দোহাৰিলে মাথোন।পাৰ্থক্য এটাই থাকিল যে তাৰ চেন্দলযোৰ তাইতকৈও দূৰত পৰিল‌।দুয়োৰে অস্ত্ৰভাণ্ডাৰ কমি আহিছে ইতিমধ্যে। পিন্ধা বস্ত্ৰত হাত দিবলৈহে বাকী।কোনোৱে সৰু হোৱাৰ লক্ষণ ফুটি নুঠিল।লাহে লাহে কাজিয়াই উগ্ৰ ৰূপ ধাৰণ কৰিবলৈ ল’লে।
তাই এইবাৰ একেবাৰে সন্মুখ সমৰত অৱতীৰ্ণ হ’ল।তাৰ সন্মুখত থিয় দিলে তাই।সি তাইৰ ফালে নাচাই বেলেগ ফালে মুখ ঘূৰালে।ৰণ-দুন্দুভি বাজি উঠিল।তাই জোৰকৈ হাতেৰে তাৰ মুখখন তাইৰ ফালে ঘূৰাই দিলে।গুচ- আঁতৰ হ মোৰ সন্মুখৰ পৰা- সিও যুঁজৰ শংখনাদ কৰিলে।দুয়ো আক্ৰমণাত্মক হৈ উঠিল।সি তাইৰ হাতখন মুখৰ পৰা গুচাই দিলে।আগতে ক- তুমি কিহৰ কাৰণে মোক সন্দেহ কৰা?কাৰ লগত মই কি কৰিলোঁ?তাই ঘূৰি-পকি পুণৰ সেইটো কথাকে উত্থাপন কৰিলে।সি আচৰিত হ’ল!কেতিয়া তাইক সন্দেহ কৰিলে?কি কয় এইজনীয়ে।ইমান সময়ে তাৰমানে তাই সেই ভাবিয়ে এই *জান্তিপীৰ দৰে আচৰণ কৰি আছে!সি এতিয়া খঙেই কৰিব নে ৰঙেই কৰিব।তাৰ মুখৰ পৰা মাত্ৰ বন্দুকৰ গুলীৰ দৰে দুটা শব্দ ওলাল- “you paranoid..”‌। তাই কাজলসনা চকু দুটা বহলকৈ মেলি তাৰ মুখখন দুই হাতেৰে লৰাব নোৱাৰাকৈ ধৰি কামানৰ গোলাবৰ্ষণ কৰা দি চিঞৰি উঠিল- “what did you say? I’m a psychopath..”! মই সন্দেহবাদী মনোৰোগী!তাইৰ চিঞৰত সি থৎমৎ খালে।মানুহ অহা-যোৱা কৰি আছে পথত।ইফালে-সিফালে চালে সি।ভুলেই কৰিলে শব্দটো কৈ।নিচিঞৰিবিচোন, মানুহে দেখি আছে- সি অলপ নৰম সুৰত ক’লে।তাই ক্ষন্তেক তভক মাৰিলে- শোকে খুন্দা মাৰি ধৰিলে তাইক।শোকাৰ্ত মাতেৰে কথমপি নকন্দাকৈ যুঁজ চলাই গ’ল তাই।মই জানোৱে তুমি সদায়ে মোক সন্দেহ কৰা!তোমাৰ কাৰণে কিমান মিছা কবলগীয়া হয়।কিমান কষ্ট কৰি তোমাক লগ কৰিবলৈ আহোঁ।তোমাৰ বাবে মই কি কৰা নাই!আৰু মোকে সন্দেহ কৰা তুমি?ঠিকে কৈছা তুমি, মই মনোৰোগী।তোমাক যে প্ৰাণভৰি ভালপাওঁ, সেইটোৱে মোৰ মনোৰোগ।ৰাধাৰ দুখ তোমালোক পুৰুষ জাতিটোৱে কোনোদিনে নুবুজা।..আৰু শুনা তুমি অতদিনে ভাবি থকাৰ দৰে মোৰ কোনো আয়ানৰ লগত সম্পৰ্ক নাই। তাই কোনোমতে কান্দোনটো ধৰি ৰাস্তাৰ পিনে পিঠি দি থিয় হৈ ৰ’ল।
এতিয়াহে তাৰ কথাটো স্পষ্ট হ’ল। খঙৰ চিনচাব নোহোৱা হ’ল তাৰ মুখত।সঁচাকৈয়ে হাঁহি উঠি গ’ল তাৰ। কি আঁকৰী এই ছোৱালীজনী। সি তাইৰ মুখলৈ চালে-সস্নেহে। পুৰাণৰ বৰ্ণণা অনুসৰি আয়ান ৰাধাৰ গিৰিয়েকৰ নাম।তৰ্ক প্ৰসংগত উচ্চাৰণ কৰা নামটো তাই ওলোটাকৈ বুজিলে‌।মানে আয়ান যে ৰাধাৰ গিৰিয়েকৰ নাম তাই সঁচাকে নাজানিছিল।সেয়ে তাইৰ কোনোবা আয়ানৰ লগত সম্পৰ্ক থকা বুলি সি কোৱা বুলি ধৰি ল’লে।এই কথাটে তাইৰ হৃদয়ৰ নিভৃত কোণত আঘাট লাগি য’ত সব এই অকাল বোধন কাৰ্যবোৰ ঘটিল‌।সি কথাটো বুজালে তাইক। বৰ মৰমেৰে‌।তাই পমিল…তাইৰ ডাৱৰীয়া মুখ ফৰকাল হ’ল।উগ্ৰমা দেৱী লাজুকী লতাত পৰিণত হ’ল।লাজ লাজকৈ নিলাজীয়ে স্কুটিৰ চাবিডাল তালৈ আগবঢ়াই দিলে।..মাক চেন্দেলযোৰ আৰু কৰণিটো মন্দিৰত চুৰি হোৱা বুলি ক’ম-তাই কৈ থাকিল..।সি মুখৰ ভিতৰতে বিৰবিৰালে কি যে “beauti-fool paranoid” এটা তাৰ ভাগত পৰিল।তাই পিছফালে বহি লৈ বৰ আকুলতাৰে সুধিলে- কিবা কৈছা..!!

(বিঃদ্ৰঃ *জান্তিপীঃ Xanthippe: গ্ৰীক দাৰ্শনিক চক্ৰেটিছৰ ঘৈণীয়েকৰ নাম।তেওঁ বদমেজাজী স্বভাৱৰ আছিল বুলি জনা যায়। xantippe শব্দৰ অৰ্থ হ’ল অত‍্যন্ত মুখৰা তিৰোতা)

ঘনেপতি “কুকুৰা-যুঁজ”ত অৱতীৰ্ণ সমূহ প্ৰেমিক-প্ৰেমিকাৰ প্ৰতি এই গল্প উৎসৰ্গিত।

– ৰৌদ্ৰমা তপস্বীনি

Leave a Reply

Your email address will not be published. Required fields are marked *

18  −  11  =