কুৰু-পাণ্ডৱৰ পাশাখেল আৰু অন্তৰ্নিহিত জ্ঞান

শ্ৰীকৃষ্ণ আৰু উদ্ধৱ আছিল পৰম ৱান্ধৱ। দুই মিত্ৰৰ সাক্ষাতৰ  মুহুৰ্তত এদিনাখন কৃষ্ণই উদ্ধৱক ক’লে, ‘হে সখা, মোৰ পৰা সকলোৱে কিবা নহয় কিবা নহয় বিচাৰিছে আৰু ময়ো দিছো। তুমি আজিলৈ একো বিচৰা নাই।আজি কিবা খুজিবই লাগিব।তুমি যি বিচৰা মই তাকেই দিবলৈ প্ৰস্তুত। সততা আৰু অটল জ্ঞানৰ প্ৰতিভূ উদ্ধৱে ক’লে, ‘হে সখা, তোমাৰ বদান‍্যতাৰ বাবে মই কৃতজ্ঞ। মোক একোৰে প্ৰয়োজন নাই। অগত‍্যা দিবই যদি খুজিছা, খোকোজা লগা কেইটামান প্ৰশ্নৰ উত্তৰ দি মোৰ জীৱন ধন‍্য কৰা‌। কৃষ্ণই সখাৰ কথা সসম্ভ্ৰমে ৰাখিম বুলি বচন দিয়াত উদ্ধৱে আৰম্ভ কৰে। হে মিত্ৰ,মই বৰ দোমোজাত আছো। মহাভাৰতৰ বহুখিনি সময়তে তোমাৰ উপদেশ আৰু ব‍্যক্তিগত কাৰ্যত পৰস্পৰ বিৰোধীতা স্পষ্ট বিদ‍্যমান। এনকুৱা কিয় হ’ল?এতিয়া মোৰ প্ৰথম প্ৰশ্ন, প্ৰকৃত বন্ধু কোন? কৃষ্ণৰ উত্তৰ, ‘যিয়ে বন্ধুৰ প্ৰয়োজন বা বিপদৰ সময়ত নিজে আগবাঢ়ি আহি বন্ধুক সহায় কৰে, তেৱেঁই প্ৰকৃত বন্ধু। উদ্ধৱৰ দ্বিতীয় প্ৰশ্ন, ‘তুমিটো পাণ্ডৱৰ অভিন্ন হৃদয় বন্ধু, তাৰ পিছতো পাণ্ডৱসকলক জুৱাখেলৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা নকৰিলা। তদুপৰি তুমি পাশাখেলত তেৱোঁলোকৰ ভাগ‍্য সলনি কৰিব পৰা ক্ষমতা থকাৰ পাছতো নকৰিলা, অতিকমেও ধৰ্মৰাজ যুধিষ্ঠিৰে সমূদায় ধন সম্পত্তি, ৰাজ‍্য আৰু নিজক হেৰুওৱাৰ পাছতো তেৱোঁক সেই ক্ৰীড়াৰ পৰা আতৰাই আনিব পাৰিলাহেঁতেন! সৰ্বশেষত ধৰ্মৰাজে যেতিয়া নিজৰ ভায়েকহঁতকো পাশাখেলত হেৰুৱাই নিঃস্ব হৈ শকুনিৰ বুদ্ধিত সকলোখিনি ঘূৰাই পোৱাৰ আশাত পুণৰ মণ্ডবুদ্ধিৰ আশ্ৰয়লৈ দ্ৰৌপদীকো জুৱাৰ পণত লগালে তেতিয়াটো তেৱোঁক জুৱাৰ পৰা বাৰণ কৰিব পাৰিলাহেঁতেন! তাকো নকৰি, দুঃশাসনে যেতিয়া একবস্ত্ৰা দ্ৰৌপদীক ৰজঃস্বলা অৱস্থাত কৌৰৱৰ ৰাজসভালৈ উন্মুক্ত কেশত ধৰি উপস্থিত কৰালে তেতিয়াও তুমি নিৰ্বিকাৰ হৈ ৰ’লা। তুমি হেনো দ্ৰৌপদীক নিৰ্বস্ত্ৰ হোৱাৰ পৰা উদ্ধাৰ কৰি সমস্ত নাৰীজাতিৰ মৰ্যদা আৰু শ্লীলতা হানি হোৱাৰ পৰা ৰক্ষা কৰিছিলা। মই বিমূঢ় আশ্চৰ্যচকীত হৈ ৰও, যে এগৰাকী স্ত্ৰীক – যি নেকি পাণ্ডৱৰ দৰে শক্তিশালী বীৰ পুৰুষৰ পত্নী; এনেদৰে চোঁচৰাই আনি বস্ত্ৰহীন কৰিবলৈ ধৰা দুস্কাৰ্য তাকো ভৰা ৰাজসভাত! এগৰাকী নাৰীৰ কি লজ্জা-শ্লীলতা ৰক্ষা পৰিবলৈ বাকী ৰাখিলা তুমি..!! নিজৰ আপোনজনক এনে চৰম অপমানজনক অৱস্থাত দেখিও বিশ্বনিয়ন্তা হৈ তুমি বন্ধুত্বৰ কি ধৰ্ম পালন কৰিলা। এতিয়া তুমিয়ে কোৱাচোন সখা, প্ৰকৃত বন্ধুৰ যি সংজ্ঞা তুমি ডাঙি ধৰিছা সেই সংজ্ঞানুৰূপে তুমি তেৱোঁলোকৰ পৰম মিত্ৰ হোৱানে নোহোৱা? হে সখা, তোমাৰ দৰে পৰম সুহৃদ থকাৰ পাছতো জগত শ্ৰেষ্ঠ পাণ্ডৱৰ কিয় এনেকুৱা দশা হ’বলৈ পালে বাৰু! দ্ৰৌপদীৰ বস্ত্ৰত সেই দূৰ্মদ পাষণ্ডৰ হাত পৰালৈ তুমি কিয় অপেক্ষা কৰি আছিলা? এই ৰহস‍্যৰ কি সমিধান তুমি দিব খোজা। 

শ্ৰীকৃষ্ণই ঈষৎ হাঁহি মাৰি ক’লে, ‘হে মোৰ প্ৰিয় সখা, তুমি শুনা তেন্তে মোৰ শব্দ বা সংজ্ঞাৰ আধাৰ কি! মোৰ বাণীৰ গূঢ়াৰ্থ আৰু অৱশ‍্যম্ভাৱীতা। কিয় এয়া হ’বলৈ পালে বা মোৰ বন্ধুত্বত সঁচাকৈয়ে কিবা ত্ৰুটি ৰৈ গ’ল নেকি? সখা উদ্ধৱ, বিবেকবান ব‍্যক্তিয়েহে সংসাৰত জয়ী হয়। এয়াই সৃষ্টিৰ নিয়ম। পাশাখেলত দুৰ্যোধনে নিজৰ বিবেকৰ পৰিচয় দিছিল আৰু  সেয়ে অবিবেকী যুধিষ্ঠিৰক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। দুৰ্যোধনৰ হাতত অপৰিমিত ধন-সম্পত্তি আছিল কিন্তু পাশাৰ জ্ঞান নাছিল। গতিকে মোমায়েক শকুনিৰ বুদ্ধি শুনি তেওঁ  নিজক সেই খেলৰ পৰা বিৰত ৰাখি দ‍্যূতক্ৰীড়াত পাকৈত শকুনিকে খেলৰ বাবে নিয়োগ কৰিছিল। এয়াই বিবেক। তদনুৰূপ যুধিষ্ঠিৰেও একেই বুদ্ধিৰে পৰিচালিত হৈ মোক পাশাখেলত অৱতীৰ্ণ কৰাব পাৰিলেহেঁতন। কিন্তু নকৰিলে।এয়াই বিবেকহীনতা। তুমিয়েই বিচাৰ কৰা তেতিয়া পাশাৰ ফলাফল কি হ’লহেঁতেন! এইখিনি বাদ দিলেও দ‍্যূতক্ৰীড়াৰ আহ্বান পোৱাৰ পাছত ধৰ্মৰাজৰ আন এক ডাঙৰ অবিবেকী কাণ্ড হ’ল মোক তেওঁ ক্ৰীড়াভূমিত প্ৰৱেশৰ বাবে অনুমতি নিদিয়াতো।  

 ..যেতিয়ালৈকে মোক মতা নহয়,মই যেন সভাকক্ষত পদাৰ্পণ নকৰো- এই বিনতি কৰি তেওঁ নিজৰ দুৰ্ভাগ‍্যৰ দুৱাৰ মুকলি কৰি নিজে  পৰাজয়ৰ পথ সুগম কৰি তুলিছিল। তথাপিও মই অপেক্ষাৰত হৈ আছিল, কিজানিবা কোনোবা পলকত সুমতি উদয় হৈ মোক স্মৰণ কৰেই। কিন্তু পৰাজিত ধৰ্মৰাজতো বাদেই ভীম,অৰ্জুন নকুল, সহদেৱ কোনো এজনৰো বোধোদয় নহ’ল। পাণ্ডৱসকলৰ সমস্ত  জ্ঞান বুদ্ধি লোপ পালে আৰু মোক পাহৰি প্ৰত‍্যেকে কেৱল নিয়তিক দোষাৰোপ কৰি দুৰ্যোধনৰ দুৰ্বুদ্ধিৰ ওপৰত নিমাতে খং কৰি থাকিল। হে মোৰ প্ৰিয় সখা, এয়াই বিবেকহীনতা। দুৰ্যোধনৰ আদেশ পালন কৰি দুঃশাসনে যেতিয়া পাঞ্চালীক সভাগৃহলৈ চোঁচৰাই আনিছিল তেতিয়া তেওঁ নিজৰ সাধ‍্যানুসাৰে বাধা প্ৰদান কৰিছিল। নিজৰ পঞ্চপতীক ধিক্কাৰ দিবলৈও পাহৰা নাছিল দ্ৰৌপদীয়ে। কিন্তু তেৱোঁৰো বিবেক সেইদিনা অচল হৈ ৰৈছিল। পাহৰি গৈছিল মোৰ কথা। দুঃশাসনে যেতিয়া টনা-আজোৰা কৰি নিৰ্বস্ত্ৰ কৰিবলৈ অগ্ৰসৰ হ’ল তেতিয়াহে সম্বিত ঘূৰি আহিল আৰু দ্ৰৌপদীয়ে পৰিত্ৰাণৰ বাবে কাতৰ হৈ মোক আহ্বান কৰে। এনে দুঃস্তৰ পৰিস্থিতিৰ সৃষ্টি হোৱাতহে তেওঁ নিজৰ পঞ্চপতী, ৰাজসভাত থকা ভীষ্ম প্ৰমূখ‍্যে সকলোৰে সামৰ্থ‍্যৰ উপৰিও নিজৰ ওপৰত থকা স্বয়ম্ভু অহংকাৰকো অতিক্ৰমি মোক স্মৰণ কৰে। তেতিয়াহে মই অবিলম্বে তেৱোঁৰ মৰ্যাদা ৰক্ষাত সহায়ক হ’বলৈ সুযোগ পাওঁ। প্ৰত‍্যুতৰত উদ্ধৱে ক’লে, ‘বান্ধৱ, তোমাৰ বিশ্লেষণ অতিশয় প্ৰভাৱশীল যদিও মই পৰিতৃপ্ত হ’ব নোৱাৰিলো। খুদুৱনি এতিয়াও মাৰ ন’গল। উদ্ধৱে পুনৰ সুধিলে, ‘অৰ্থাৎ ভক্তৰ সংকটৰ মুহুৰ্তত তুমি স্বয়ং উদ্ধাৰ কৰিবলৈ উপস্থিত নোহোৱা তাৰমানে! কেৱল স্মৰণ কৰিলেহে তুমি পৰিত্ৰাণ কৰিবলৈ আহিবা।’

..উদ্ধৱৰ কটাক্ষভৰা প্ৰশ্নত শ্ৰীকৃষ্ণই পুণৰ হাঁহিভৰা মুখেৰে উত্তৰ দিলে, ‘সখা, সৃষ্টিৰ এই বিন‍্যাসত প্ৰত‍্যকৰে জীৱন কৰ্মফলৰ আধাৰত পৰিচালিত হয়। বিশ্ব-ব্ৰহ্মাণ্ডৰ এই শ্বাশ্বত নিয়মৰ হেৰফেৰ হ’ব নোৱাৰে। ময়ো এই নিয়মত হাত নিদিও বা আন একোৰে সৃষ্টিৰ এই নিয়মত কদাপি হস্তক্ষেপ নচলে। মই সৰ্বদা সাক্ষীৰূপত উপস্থিত থাকি তোমালোকৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰাখি আহিছো। এয়াই ঈশ্বৰৰ ধৰ্ম বা স্বৰূপ।’ কথা শুনি উদ্ধৱে ক’লে, ‘চমৎকাৰ সখা, আমি এনেদৰে সদায় গৰ্হিত, নীতি-বৰ্জিত কাৰ্য কৰি পাপৰ উপৰি পাপ কৰি পুণৰপি নিকৃষ্ট কৰ্মফলৰ দ্বাৰা জীৱনত পাক ঘূৰণি খাই দুখৰ উপৰি দুখ ভোগ কৰি থাকো!.. আৰু তুমি সাক্ষীৰূপে আমাক চাই থাকিবা। প্ৰভু,তোমাৰ অপাৰ মহিমা..! কৃষ্ণই পুণৰ হাঁহিলে, ‘সখা, আপাত দৃষ্টিত তোমাৰ কথা সত‍্য। তুমি মোৰ কথাৰ গভীৰলৈ গৈ অনুধাৱন কৰাচোন। মই যেতিয়া অহৰ্নিশে সাক্ষীৰূপে তোমাৰ কাষত থাকি প্ৰতিপল দৃষ্টি ৰাখো বুলি তুমি জানিবা, তুমি কিবা বেয়া কাম কৰিব পাৰিবা নেকি নে তোমাৰ দ্বাৰা কিবা দুষ্কাৰ্য সংঘটিত হ’বলৈ পাব! কেতিয়াও নোৱাৰে। কিন্তু মনুষ‍্যগণে যেতিয়া পাহৰি যায় যে তেওঁ কৰা কামটো কোনেও দেখা নাই বা ঈশ্বৰৰ পৰা লুকুৱাই কিবা কৰা সম্ভৱ তেতিয়াই মানুহে অপকাৰ্ম সংঘটিত কৰে আৰু বিপদত পৰে। লটি-ঘটি নঘটালৈকে সকলোৱে ঈশ্বৰৰ সাক্ষীস্বৰূপক পাহৰি নিজে অহংকাৰী, ইন্দ্ৰিয়পৰৱশ জীৱনত লিপ্ত হয়। কাৰণ সেই সময়ত ভাল বেয়াৰ জ্ঞান শূণ‍্য হৈ পৰে আৰু বিবেকহীনতাৰ পৰিচয় দি মনুষ‍্যই ক্ষুদ্ৰস্বাৰ্থক অগ্ৰাধিকাৰ দি ভোগমত্তাহৈ পাপত লিপ্ত হয়। ধৰ্মৰাজ যুধিষ্ঠিৰেও সেইদিনা একে ভুলকে কৰিছিল। তেওঁ মোক সভাগৃহলৈ আহিবলৈ মানা কৰি পাশাখেলত অৱতীৰ্ণ হৈছিল। তেওঁ জুৱাখেলা কথাটো মোক জনাব বিচৰা নাছিল। সেয়াই তেওঁৰ বিবেকশূণ‍্যতা। ঈশ্বৰে সাক্ষীৰূপত সকলোতে দৃষ্টি ৰাখে কথাষাৰ তেওঁ পাহৰি গৈছিল। তেওঁ নিজে ৰজাৰ অহংকাৰেৰে সিদ্ধান্ত লৈছিল‌। সেই মুহুৰ্তৰ পৰাই তেৱোঁৰ অধপতনৰ পাতনি। যুধিষ্ঠিৰে যদি এক দণ্ড (অতি ক্ষুদ্ৰ সময়)ৰ বাবেও বিবেচনা কৰিব পাৰিলেহেঁতেন যে ঈশ্বৰ সৰ্বদ্ৰষ্টা, তেওঁ সেই ভুল কেতিয়াও নকৰিলেহেঁতেন! আৰু সেই একেই ভুল মনুষ‍্যই প্ৰতিনিয়ত কৰি ঈশ্বৰ বিমুখ হৈ ধৰ্মৰাজৰ দৰে সংসাৰৰ শোক সাগৰত নিমজ্জিত হৈ কৰ্মফলৰ হা-হুতাশাৰে এই জীৱনতে তিক্ততা ভুগি আছে‌। উদ্ধৱে জীৱন ধন‍্য হোৱা শ্ৰীকৃষ্ণৰ এই অমৃত বাণী শুনি অভিভূত হৈ ৰ’ল।
[-  ৰৌদ্ৰমা তপস্বিনী]

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  83  =  85