নীলা খামৰ চিঠি

সুহৃদা
*,
তোমালৈ চিঠি লিখিম বুলি জানি মোৰ এধানি কলমটোৱে উকমুকাই উঠিছে। শীতত ঠেৰেঙা লগা আঙুলি কেইটাও যেন নতুনকৈ প্ৰাণৱন্ত হৈ  সাৰ পাই এঙামুৰি দিছে। চিয়াঁহীৰ টোপালকেইটাৰো কি এক যুদ্ধকালীন তৎপৰতা..!কোনে প্ৰথমে আহি নিবৰ আগেৰে মোৰ মনৰ ভাৱ তোমাৰ আগত ব্যক্ত কৰিব পাৰে !! শীতাৰ্ত নিশাৰ খিৰিকীৰ ফাঁকেৰে সোমাই অহা বতাহজাকক নেওচি কোমলমনা মমডালিৰ ‘শিখা’জনীৰো কি আপ্ৰাণ চেষ্টা; তোমালৈ লিখা এই চিঠিখনি যেন আজিয়েই শেষ কৰিব লাগিব। লাজুকী বগা কাগজখিলাও ব্যাকুল । এপদ এপদকৈ গহণাৰে কইনাক সজোৱাৰ দৰে আখৰ কেইটিকো পাতখিলাত সজোৱাৰ বাবে যেন বদ্ধপৰিকৰ‌ ।মোৰ  বহু দিনৰ গোপন ভালপোৱা তোমাৰ আগত প্ৰকাশ কৰিবলৈ আটাইকেইজনৰে কি যে এক কৃচ্ছ্ৰ  সাধনা! 
              অ, তুমি হয়টো আচৰিত হৈছা বা ভাবিছা এই শীতৰ পৰিৱেশেৰে আছন্ন কৰি সাহিত্যৰ ৰসেৰে জীপাল কৰি তুলি এই চিঠিখনেৰে কিবা যেন ধেমালী নতুবা আখৰৰ যাদুৰে নিজৰ সাহিত্য কৃতি জাহিৰ কৰিছোঁ তোমাৰ লগত! কেতিয়াও নহয়, এয়া সত্যৰ অপলাপও নহয় দেই।
               ৰাস পূৰ্ণিমাৰ স্নিগ্ধ এক অপূৰ্ব সন্ধিয়াত উৎসৱথলীত প্ৰথম দেখিছিলো তোমাক !…আৰু প্ৰায় এমাহ জুৰি তুমি মোৰ সমগ্ৰ সত্বাক আবৰি মোহাচ্ছন্ন কৰি ৰাখিছিলা। অ, আৰু কি জানা- তুমি ভবাৰ দৰে মই আবেগ সৰ্বস্ব ল’ৰাও  নহও। মই বিবেক পৰিচালিত হৈয়ে নিজৰ সিদ্ধান্ত লওঁ। সেয়ে এই চিঠিখন তোমাক দেখাৰ এমাহ কি ডেৰমাহ পিছত  হিমালয়ৰ এক শৃঙ্গ আৰোহণ কৰিবলৈ আহোঁতে লিখিছিলোঁ যাতে  নিজৰ ভাবাবেগক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হওঁ । ভাবিছিলো ভ্ৰমণ কালৰ প্ৰাকৃতিক সৌন্দৰ্যৰ আৱেশ কালান্তৰত মাৰ যোৱাৰ দৰে তোমাৰ মোহময়ী ব্যক্তিত্বৰ প্ৰতিকৃতিও সময় ব্যৱধানে মোৰ পৰা ধুই-মছি লৈ যাব‌। নিজকে প্ৰবোধ দিছিলো, যি অচিনাকী, যাৰ বিষয়ে সামান্য এটি শব্দ, আনকি যাৰ নামটোও নাজানো তেওঁক স্মৃতিৰ মণিকোঠত সযতনে ৰাখি জপি থকাৰ কোনো অৰ্থ নাই‌। বিবেকেও সকীয়াই দিছিল যি সচাঁকে মোৰ, পাকচক্ৰ যেনেকুৱাই নহওক সেয়া ঘূৰি-পকি সময়ত মোৰেই হ’ব আৰু যি নহয় তাক যিমান হামৰাও কাঢ়ি নুফুৰিলেও সেয়া কাহানিও মই নাপাওঁ। গতিকে ষোল্ল হেজাৰ ফুট উচ্চতাৰ বৰফাবৃত গিৰিৰাজৰ দেহত পতা  শিৱিৰৰ ভিতৰত মহাকষ্টে মৃত্যুশীতল প্ৰতিকূলতা নেওচি লিখা চিঠিখন তোমাক দিয়াৰ কথা ভুলতেও চিন্তা কৰা নাছিলো। 
       চিঠিখনত আৰু কি আছিল জানা ? শুনাচোন, ইমান কণ পঢ়িলাই যেতিয়া শেষৰ দফাটোও পঢ়াচোন। 
      মই লিখিছিলো কলিজা ৰঙ সনা ভালপোৱাৰ আধাৰৰ সংজ্ঞা। আমাৰ সম্বন্ধ চিৰ শ্বাশ্বত হোৱাৰ উদ্ধৃতি আছিল শেষৰছোৱাত। আঁ- আ, এয়া কাল্পনিকতাৰ ৰহণ বোলোৱা পংক্তি কেইটিমানহে আছিল দেই কিন্তু। কাৰণ, চিঠিখন লিখিছিলো কেৱল মাত্ৰ মোৰ মগজুত উঠা তোমাৰ মৰীচিকাৰ ঢৌৰ মৰিষণ কৰিবলৈ। যিহেতু সেইখন তোমাক দিয়াৰ প্ৰশ্নই নাছিল গতিকে  কল্পনাক মই পূৰ্ণৰূপত ব্যৱহাৰ কৰিছিলো । 
কি জানা, চিঠিখনত মই  তোমাক কৈছিলো- ধৰ্ম বা জাতিভেদ লৈ আমাক কোনেও কেতিয়াও বিভাজিত কৰিব নোৱাৰিব। সকলোৱে জানে মই প্ৰচণ্ড বিজ্ঞান মনস্ক ল’ৰা‌। তথাপিও শপত খাই কৈছো, তেনেকুৱা হ’লে জাতিস্মৰ হৈ জনম লভিম তোমাৰ বাবে‌! চাকৰি বা নিৱনুৱা শব্দকেইটাও  বাধাৰ প্ৰাচীৰ হ’ব নোৱৰিব আমাৰ দুয়োৰে মাজত। ল’ৰালিৰ কঠিন বাস্তৱে পিষ্ট কৰা জীৱনৰ বোধ আৰু আত্মবিশ্বাসেৰে প্ৰতিপালিত মোৰ অন্তৰ আত্মা জীৱনৰ পিচল পিঠিত খোপনি পুতিব পৰাকৈ সবল। শব্দৰ বাণেৰে মোহাবিষ্ট কৰাৰ প্ৰয়াস নহয় এয়া। বাস্তৱত এবাৰ হাতত ধৰি চালেই গমিবা নতুবা চকুত চকু থলেই জানিবা মোৰ পৰিস্কাৰ মনোজগতৰ দৃঢ়তা। মই আৰু ক’ব খুজিছো তোমাক- মৰম হ’ব আমাৰ দুয়োৰে জীৱন সাম্ৰাজ্যৰ সম্ৰাট, বিশ্বাস হ’ব আমাৰ সম্পৰ্কৰ সেনাপতি আৰু পাৰস্পৰিক বুজাপৰা হ’ব আমাৰ জীৱনৰ শক্তিশালী সৈনিক যিয়ে সংসাৰৰ প্ৰাত্যহিক দুখ কষ্টখিনি নিবাৰণত সদা জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি থাকিব। এই মুহুৰ্তত মই নাজানো তোমাৰ অভিব্যক্তি কি…প্ৰতিক্ৰিয়াই বা কি ? 
               …আৰু সেই লৈ মই ব্যস্তও নহওঁ । মনৰ ডাৱৰখিনি মূষলধাৰ বৰষুণৰ ৰূপত ঢালি দিলোঁ। মোৰ মনটো আজি বহু দিনৰ মূৰকত ফৰকাল হ’ল। মই এতিয়া পুনৰ আগৰ দৰে মানে তোমাক নেদেখা সময়ৰ দৰে শান্ত আৰু স্হিৰ। চিঠি পঢ়ি  তুমি বানপানীয়ে হোৱা বা জলাসিক্ত শস্য-শ্যামলা খেতি পথাৰেই হোৱা সেয়া তোমাৰ একান্তই ব্যক্তিগত কথা। 
    তথাপিও ইতিত এবাৰ দুঃখিত বুলি ক’ম, কাৰণ  কাৰো মনত আঘাত দিয়া উদ্দেশ্য আৰু অধিকাৰ যিহেতু কোনোটোৱেই মোৰ নাই‌।
  .. আৰু..আৰু…পৰৱৰ্তী চিঠিত কি বুলি মাতিম জনাবা..!
আকুলতাৰে
তোমাৰেই (!)
– ‘নি’ 
      
– ৰৌদ্ৰমা তপস্বিনী

Leave a Reply

Your email address will not be published. Required fields are marked *

20  ⁄    =  2