নলিনীবালা দেৱী, অতিন্দ্ৰীয় ৰহস্যবাদী (আধ্যাত্মিক) কবি

নলিনীবালা দেৱী জন্ম ১৮৯৮ চনৰ বৰপেটাত। মাক হেমন্ত কুমাৰী আৰু পিতৃ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।উনৈশ বছৰ বয়সত স্বামীৰ বিয়োগ হয় | শিৱসাগৰৰ কৃষ্ণপ্ৰাণ চাংকাকতীৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁ চাৰিটা সন্তানৰ মাতৃ হোৱাৰ পিছত ১৯১৭ চনত তেওঁৰ স্বামীৰ অকাল মৃত্যু হ’য় | তেজপুৰৰ বঙালী বালিকা বিদ্যালয়তে তেওঁৰ বিদ্যাৰম্ভ | 

১৯৬৮ চনত অলকানন্দা কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৫৪ চনত যোৰহাটত অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ অধিবেশনৰ সভানেত্ৰী আছিল। ১৯৫৬ চনত সৰ্বভাৰতীয় সংস্কৃত সঞ্জীৱনী সভাৰ নলবাৰী শাখাৰ অধিৱেশনে তেওঁক “কাব্য ভাৰতী” উপাধিৰে বিভূষিত কৰে| ১৯৫৮ চনত ভাৰত চৰকাৰে ‘পদ্মশ্ৰী’ উপাধি প্ৰদান কৰে।

১৯৭৭ চনৰ ২৪ ডিচেম্বৰত নলিনীবালা দেৱীৰ পৰলোকপ্ৰাপ্তি ঘটে।

ৰচনা কৰা কাব্য পুথিবোৰ  হৈছে – সপোণৰ  সুৰ, সন্ধিয়াৰ সুৰ, পৰশমণি, অলকানন্দা, যুগদেৱতা, জাগৃতি আৰু অন্তিমৰ সুৰ  

আত্মজীৱনীমূলক গ্ৰন্থ : পিতাক কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ বিষয়ে লিখা জীৱনী স্মৃতিতীৰ্থ আৰু এৰি অহা দিনবোৰ
জীৱনী গ্ৰন্থ- চৰ্দাৰ বল্লভ ভাই পেটেল আৰু বিশ্বদীপা 

প্ৰৱন্ধ মুলক গ্ৰন্থ- শান্তিপথ

নাটিকা – শেষ প্ৰজা, পাৰিজাত অভিষেক, প্ৰহ্লাদ, মীৰাবাঈ

Leave a Reply

Your email address will not be published. Required fields are marked *

3  ×  2  =