সমাপ্তিৰ সিপাৰে – চানদ্বীপ গগৈ

অস্ত যোৱা বেলিৰ ৰঙা কিৰণে ৰঙচুৱা কৰি পেলোৱা আকাশখন আৰু সেই ৰ’দৰ ম্লান হৈ যাব ধৰা পোহৰে প্ৰকৃতিৰ সকলো জীৱকে এটি দিনৰ সমাপ্তিৰ বতৰা দিয়ে। ই সেই সত্যক প্ৰতিফলিত কৰে যি সত্যই আমাক বুজাই দিয়ে যে প্ৰতিটো আৰম্ভণিৰে এক সমাপ্তি আছে। সমাপ্তিৰ সিপাৰত কেৱল আন্ধাৰে বসবাস কৰে। জোনে পোহৰ আনে যদিও সেইয়া সম্পূৰ্ণ ৰূপে জোনৰ নিজা পোহৰ নহয়। এদিন যদি পূৰ্ণিমা হয়, এদিন অমাবশ্যা নিশ্চয়ে আহিব। ইয়াক পোহৰৰ ভ্ৰম বুলিব পাৰি। শেষ হৈ যোৱা সেই আবেলিৰ বিষাদ বুকুত বান্ধি নিজৰ ঘৰৰ বাৰান্দাতে বহি এনেবোৰ চিন্তাতে বিভুৰ হৈ আছিল অভিজিত কলিতা।
       ক’ৰবাৰ পৰা অহা মৌমাখি কেইজনীয়ে অভিজিত কলিতাৰ কাণৰ ওচৰত আমনি নকৰাহি হ’লে তেখেত হয়তো আজিও বহু নিশালৈকে নিজৰ চিন্তাৰ মাজতে মগ্ন হৈ থাকিলে হেতেন। ই এক মানসিক ৰোগ যাক Preoccupation a thought disorder বুলি কোৱা হয় ইয়াৰ সঠিক নাম আৰু চিকিৎসাৰ কথা তেখেতে নাজানে। ৫০ বছৰ বয়সত আৰম্ভ হোৱা চিন্তাৰ মায়াজাল লগতে অকলশৰীয়া জীৱনে চাগৈ তেখেতৰ এই ৰোগৰ পাতনি মেলিছিল। কলিকতাৰ এজন বন্ধু চিকিৎসকে তেখেতক এই মানসিক ৰোগৰ কথা কৈছিল। এই বেমাৰে কোনো লোকক চিন্তাৰ মায়াজালত আবৰি ৰাখে সেই চিন্তাৰ প্ৰতিচ্ছবিৰ পৰা সহজে নিজকে উলিওৱাই অনাটো কঠিন হৈ পৰে, ইয়াৰ পাছত মানুহে লাহে লাহে ভ্ৰমিত হ’বলৈয়ো আৰম্ভ কৰে। ইয়াৰ চিকিৎসাৰ বাবে ঔষধৰ লগতে counselling ৰ প্ৰয়োজন। দুই এটা counselling গ্ৰহণ কৰি তেখেত অসমলৈ ঘুৰি আহিল ঔষধ কেইটা শেষ হৈ যোৱাৰ পাছত তেখেতে আকৌ এবাৰ নিকিনিলে। অকলশৰীয়া জীৱনক তেখেতে এনেদৰেই শেষ কৰাৰ প্ৰতিশ্ৰুতি লৈছে।
          অন্যমনস্ক কৰি পেলোৱা মৌমাখি কেইজনীৰ পৰা নিজকে আঁতৰাই সন্ধিয়াৰ আমেজ অনুভৱ কৰিবলৈ তেখেত মুকলি পথাৰখনলৈ আগবাঢ়িল। বাটত লগ পোৱা কোনো এজন গাঁৱৰ মানুহে তেখেতক ভালদৰে চিনি নাপাই কেৱল এটা হাঁহিৰ সৈতে সম্ভাষণ জনাই তেখেতক ভাল বেয়া খবৰ কোনেও নলয়। ল’বয়েবা কিয় প্ৰায় ২৫ বছৰৰ বাবে একেবাৰে আঁতৰি গৈছিল এই গাওঁ তথা ইয়াৰ পিছ পৰা সমাজিক ব্যৱস্থাৰ পৰা। কলিকতাৰ দৰে নগৰৰ ব্যস্ততাৰ কোলাহলত নিজকে বিলিন কৰি পাহৰি পেলাইছিল নিজস্বতা আনকি পিছ পৰা গাওঁ এখনত বাস কৰা মাক-দেউতাকৰ কথাও ভাবিবলৈ সময় নোহোৱা হৈ পৰিছিল অভিজিত কলিতাৰ। এনেতে তেখেতে দূৰৈৰ পৰা গৰুক নিজ ঘৰৰ পথ দেখোৱাই উভতি আহি থকা সৰুকালৰ বন্ধু ৰমেনক দেখিলে সম্পূৰ্ণ গাওঁখনত ইয়ে এজন যিয়ে অভিজিত কলিতাক ভালদৰে মাত এষাৰ দিয়ে। অভিজিতে মুখত এটি হাঁহি জিলিকাই -‘কৰ পৰা আহিলি?” বুলি প্ৰশ্ন কৰিলে। ৰমনে কিছু উচ্চ স্বৰে ক’বলৈ আৰম্ভ কৰিলে
– কৰ পৰা আহিবিনো হয়? গৰুকেইটাকে লৈ আহিলো।
– আচ্ছা! পিছে তহঁতৰ ঘৰত বৰ মানুহ গোটখোৱা দেখি আহিছিলোঁ।
– হেৰি অক’ ল’ৰাটো আহিছে আজি Duty পৰা। CISF ত চাকৰি কৰে যে সি আজি ৰাতিপুৱাতে পালেহি লগৰ কেইটা আহিছে চাগৈ এতিয়া।
– তহঁতৰ ল’ৰা আহি থাকে মানে?
– তাকে আহি থাকে মাজে মাজে এইবাৰ অক বিহুৰ আগদিনাখনে যাব লাগিব তাকে অলপমান বেয়া লাগি আছে।
– তাকে বেয়া লাগিবটো অক বিহুৰ আগদিনাখনে যাবগে।
– আহিবি পৰিলে বিহুত এপাক। এতিয়া ৰখ বুইছ গৰুকেইটা বান্ধোগে।
          কথাষাৰ কৈ ৰমেন আঁতৰি যাই। অভিজিতৰ মনক পুনৰ বিষাদে আবৰি ধৰে তাৰ মন গৈছিল ৰমেনৰ ঘৰলৈকে যাবলৈ তাত বিচৰিত হৈ থকা আনন্দৰ মায়াক নিজৰ মনত এবাৰ উপলব্ধি কৰিবলৈ। ৰমেনৰ পুতেকক লগ পোৱাৰ অজুহাত লৈ গাওঁৰ যিকেইজন মানুহ তাত আছে সেইকেইজনৰ লগতে চিনাকি হ’বলৈ। কিন্তু বিফল তেওঁ, ঠিক এইদৰেই বিফল হৈছিল এজন বাপেক হিচাপে। পুত্ৰক ধন, টকা, ঐশ্বৰ্য্য কেনেকৈ ঘটিব লাগে সকলো শিকালে কিন্তু তেখেতে যেনেদৰে নিজ দেউতাকক পাহৰি পেলাইছিল ঠিক সেইদৰে পুত্ৰয়েও পাহৰিলে তেওঁক। পাঁচ বছৰ আগতে বিচ্ছেদ হৈ যোৱা পত্নীৰ মুখৰ পৰা এদিন শুনিবলৈ পাইছিল সি বোলে আজি কালি বিভিন্ন ধৰণৰ নিচা যুক্ত দ্ৰব্য গ্ৰহণ কৰি কেতিয়াবা উদণ্ড পশুৰ দৰে New work নগৰত ঘুৰি ফুৰে। তাৰ পাছত আৰু আজি পৰ্যন্ত পুত্ৰৰ কোনো খবৰ তেখেতে পোৱা নাই।
          তেখেতে কথাবোৰ চিন্তা কৰি খোজকাঢ়ি গৈ থাকোঁতে মুকলি পথাৰখন পাৰ হৈ গাওঁৰ শ্মশানখনৰ ওচৰ পালেহি। আবেলি ৰ’দো সম্পূৰ্ণ ৰূপে আঁতৰি গৈছে আন্ধাৰ লাহে লাহে নামি আহিবলৈ ধৰিছে তেখেতে এই স্থানত চিন্তাই আবৰি ধৰাৰ আগতেই উভতি যোৱাটোৱে শ্ৰেয় বুলি ভাবিলে। ঘৰৰ দিশে আগবাঢ়িবলৈ লওঁতে শ্মশানখনৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাক এটা পকা সমাধীৰ ওপৰত বহি কেকাই থকা দেখে। তেওঁ মহিলা গৰাকীৰ ওচৰলৈ দৌৰি গৈ প্ৰশ্ন কৰিলে
– কি হৈছে আইজনী বিষ হৈছে নেকি?
– নাই ইমানো নহয় অলপমান এনেই।
– ঠিক আছে নহ’লে। কিবা সহায় কৰিব দিব লাগিব নেকি?
– এই গাঁও খনৰ আপুনিয়ে প্ৰথমজন ব্যক্তি যিয়ে মোক সহায় কৰিম নেকি বুলি সুধিছে।
– কিয় গাঁৱৰ মানুহবোৰে তোমাকো ভালদৰে নামাতে নেকি?
– মাতিছিল এটা সময়ত।
– ওম্‌! পিছে এনে এডোখৰ ঠাইত কিয় বহিলাহি উঠা এনেকুৱা অৱস্থাত এইবোৰ ঠাইত বহাটো ভাল নহয়।
– এনেকুৱা ঠাই মানে? এই শ্মশানখনৰ কথা কৈছে?
– নহ’লেনো Park এখনত বহি থকা হ’লে কলো হেতেন জানো? একেবাৰে ভাল নহয় এইবোৰ ঠাই বলা।
– শ্মশানৰ নিচিনা পবিত্ৰ ঠাইক আপুনি ভাল নহয় বুলিছে?
– ইয়াৰ অৰ্থ?
– দাইতি! পৃথিৱীৰ সকলোতকৈ পবিত্ৰ স্থান শ্মশানেই হয়। এই স্থানে অন্তিম সত্য য’ত ধনী দুখীয়াৰ প্ৰভেদ নাই। য’ত ধৰ্ম জাতিৰ বাচ বিচাৰ নাই। য’ত চৰিত্ৰৱান আৰু চৰিত্ৰহীন মানুহ সকলো সমান। ইয়াত সামাজিক ব্যৱস্থাৰ জটিলতা নাই।
– কথাবোৰ বৰ গধুৰ তোমাৰ।
– সময় আৰু পৰিস্থিতিয়ে শিকাইছে দাইতি।
– পিছে নাম কি তোমাৰ?
         অভিজিতে প্ৰশ্নটো কৰি মহিলা গৰাকীয়ে বহা পকা সমাধিটোৰ ওপৰতেই বহি ললে।
– মোৰ নাম অণিমা আৰু আপোনাৰ?
– অভিজিত কলিতা।
– বৰ ভাগৰুৱা যেন দেখিছোঁ আপোনাক।
– ভাগৰুৱা….আচলতে মই এজন অপৰাধী। অপৰাধৰ শাস্তি ভোগ কৰিছোঁহি।
– কিয়? কি হ’ল আপোনাৰ জীৱনত?
– মোৰ জীৱন! (দীঘল হুমুনিয়াহ এটা এৰি) ধন ঐশ্বৰ্য্য বিলাস এইবোৰে মই জীৱন বুলি ভাবিছিলোঁ।
– কিয় কি ভুল আছে তেনেকৈ ভবাত? টকাৰে দেখোন পৃথিৱীৰ সকলো সুখ কিনিব পাৰি।
– কিনিব পাৰি। কিন্তু সময়? আপোন মানুহক দিব নোৱাৰা সময়? তাক ঘুৰাই আনিব নোৱাৰি। সময়ৰ অভাৱত আজি মোৰ লগত মোৰ পৰিয়াল নাই। ধন গোটোৱাত ইমানে ব্যস্ত হৈ গলো যে মা-দেউতাৰ জীৱনৰ শেষৰ সময়তো মুখখন চাবলৈ নাহিলোঁ তাৰে ফল ভুগিছোঁ আজি। মোৰ চিতাটো জুই দিবলৈ আজি আপোন মানুহ কোনো নাই। যিকেইজন বন্ধু অথবা চিনাকি আছে সিহঁত কাৰোৰে মোৰ লগত কথা পাতিবলৈ সময় নাই।
– আপুনি মানে মৌমাখিৰ দৰে।
– মৌমাখিৰ দৰে?
– ওম্‌!! সৌ আম গছজোপাত দেখিছে ধুনীয়াকৈ সাজি থকা মৌমাখিৰ মৌচাকটোক?
          অভিজিতে অণিমাৰ আঙুলিৰ পোনে পোনে চাই দেখিলে এটা প্ৰকাণ্ড সু-সজ্জিত মৌচাক। পৃথিৱীক আন্ধাৰে আবৰি নেপেলোৱালৈকে মৌমাখিৰ জাকটোৱে অৰ তৰ পৰা মৌ সংগ্ৰহ কৰাত ব্যস্ত। অভিজিতে ক’বলৈ ধৰিলে
– হয় দেখিছো।
– মৌমাখিবোৰে গোটেই জীৱন মৌ সংগ্ৰহ কৰি কৰি সেই মৌচাকটোকে সাজি থাকে আৰু শেষত সেই মৌচাকক নিজেই উপভোগ কৰিবলৈ নাপাই। হয়টো কোনোবাই কাঢ়ি লৈ যাই নহ’লে ওজন বৃদ্ধি হ’লে পৃথিৱীলৈ নিজেই খহি পৰে। আপুনিও গোটেই জীৱন টকা ধন গোটাই গোটাই জীৱন সু-সজ্জিত কৰিবলৈ গৈ সেই জীৱনক নিজেই উপভোগ কৰিব নোৱাৰিলে কেতিয়া সকলো হেৰাই গ’ল গমকে নাপালে।
– বৰ ধুনীয়া উদাহৰণ দিলা তুমি। সঁচাকৈয়ে মোৰ জীৱনটো তেনেকুৱাই। মৃত্যু নহ’লেও এইয়া সমাপ্তি চাগৈ মোৰ জীৱনৰ। শেষত মোৰ কপালত লিখা আছিলে চাগৈ কেৱল অকলশৰীয়া ৰুগীয়া জীৱন।
– মৃত্যু নোহোৱা পৰ্যন্ত আপুনি আপোনাৰ জীৱনক সমাপ্ত বুলি কেনেকৈ ক’ব?
– এই যে ৰ’দৰ ম্লান হৈ যাব ধৰা পোহৰে প্ৰকৃতিৰ সকলো জীৱকে এটি দিনৰ সমাপ্তিৰ বতৰা দিয়ে। ই সেই সত্যক প্ৰতিফলিত কৰে যি সত্যই আমাক বুজাই দিয়ে যে প্ৰতিটো আৰম্ভণিৰে এক সমাপ্তি আছে। সমাপ্তিৰ সিপাৰত কেৱল আন্ধাৰে বসবাস কৰে। জোনে পোহৰ আনে যদিও সেইয়া সম্পূৰ্ণ ৰূপে জোনৰ নিজা পোহৰ নহয়। এদিন যদি পূৰ্ণিমা হয়, এদিন অমাবশ্যা নিশ্চয়ে আহিব। ইয়াক পোহৰৰ ভ্ৰম বুলিব পাৰি। ঠিক তেনেদৰেই অকলশৰীয়া, ভৱিষ্যতৰ আশা নথকা জীৱনটোকো মৃত্যু নহ’লেও সমাপ্তি বুলি ঘোষণা কৰি দিব পাৰি। জোনৰ সেই প্ৰতিফলিত পোহৰৰ দৰেই এনে হেন জীৱনকো ভ্ৰম বুলিবয়ে পাৰি।
          অণিমাই মুখত এটা মিচিকিয়া হাঁহি লৈ ক’বলৈ আৰম্ভ কৰিলে
– সমাপ্তিৰ সিপাৰে… সমাপ্তিৰ সিপাৰে আছে পুণৰ নতুন আৰম্ভণি জোনৰ মিছা পোহৰত পৃথিৱী প্ৰতাৰিত হ’ব পাৰে। কিন্তু কিছু সময়ৰ অপেক্ষৰতাৰ পাছত পৃথিৱীয়ে পুণৰ ৰ’দৰ পোহৰক বিচাৰি পাই আকৌ এটি নতুন দিনৰ আৰম্ভণি হয়। প্ৰকৃতি পুণৰ জীপাল হৈ পৰে সকলোৱে নিজৰ কাম আৰম্ভ কৰে সকলোৱে জানে এই দিনটোৰো আগৰ দৰেই সমাপ্তি আছে। সেই সমাপ্তি কাৰোবাৰ বাবে সুখৰ হ’ব পাৰে আৰু কাৰোবাৰ বাবে দুখৰ কিন্তু সমাপ্তিৰ ভয়ত পুণৰ আৰম্ভ নকৰাকেটো থাকিব নোৱাৰি। আপুনি শেষ নোহোৱা পৰ্যন্ত এই পৃথিৱীত জীয়াই থকাৰ পথ বাছিয়ে যাব লাগিব। মইও আধৰুৱা মইও অকলশৰীয়াই মইও যেন জীৱনৰ সমাপ্তিৰ পথত আছিলোঁ তেনে ভাব হৈছিল যেতিয়া মই প্ৰেমত প্ৰতাৰিত হৈছিলো। জীয়াই থকাটো মোৰো এটা ভ্ৰম যেন লাগিছিল। গাঁৱৰ মানুহে চৰিত্ৰহীনা সজাই মোক এঘৰীয়া কৰিলে। কিন্তু মই এই পেটৰ পোৱালিটোৰ বাবে জীয়াই থকাৰ পথ বাচি লৈছিলো।
          দুয়োৰে মাজত কিছু সময়ৰ বাবে নিস্তব্ধতা বিয়পি পৰিল। নিস্তব্ধতা ভংগ অভিজিতে পুনৰ কৈ উঠিল
– জীৱনত বৰ ডাঙৰ আঘাত পালা তুমি বিশ্বাসঘাতকতা পোৱাজনেহে উপলব্ধি কৰিব পাৰে। মইও এজন বিশ্বাসঘাতকেই, মা-দেউতাৰ সপোন বোৰক, আশা সমূহক মই প্ৰতাৰিত কৰিলো তেওঁলোকক অকলশৰে এৰি আঁতৰি গলো এতিয়া তাৰে কৰ্মফল ভুগিছো। মই একেবাৰে অকলশৰীয়া।
– মই উপলব্ধি কৰিব পাৰিছোঁ আপোনাৰ অকলশৰীয়া জীৱনক।
          অভিজিতে কিছুপৰ মৌন ভাবে ভাবি তপৰাই অণিমাক প্ৰশ্ন এটা কৰিলে
– তুমিয়ো মোৰ দৰেই অকলশৰীয়া তোমাক কাৰোবাৰ সহায়ৰ প্ৰয়োজন এনে গৰ্ভধাৰণৰ অৱস্থাত কষ্ট কৰি কেনেকৈ খাই থাকিব। এই সময়ত পুষ্টিৰ প্ৰয়োজন মোৰ ছোৱালী নিচিনা হৈ মোৰ ঘৰতে থাকিবা?
– দাইতি…?
          অণিমাৰ চকু চল চলিয়া হৈ পৰিল।
– হয় অণিমা! তোমাৰ উত্তৰ বিৰুদ্ধে মই নাযাওঁ। মোৰ ধেৰ সাঁচতিয়াৰ ধন আছে এতিয়া খাওঁতা কোনোৱে নাই। সকলো তোমাৰ আৰু তোমাৰ এই সন্তানটিৰে হ’ব। অথচ জীৱনৰ শেষত কাৰোবাক সহায় কৰি যাব পাৰিম। কোৱা যাবা নে অণিমা?
– সকলো মোক দিব নালাগে দাইতি! তাতকৈ মোৰ দৰে অসহায় মানুহবোৰক সহায় কৰিব আপোনাৰ দৰে আৰু আপোনাতকৈ বৃদ্ধ ব্যক্তি সকলক যিবোৰক আপোনাৰ নিচিনা কোনো পুত্ৰয়ে সময় দিব নোৱাৰি অকলশৰীয়া কৰিছে তেখেত সকলৰ সাৰথি হওক আৰু ই আপোনাৰ সমাপ্তিৰ সিপাৰৰ আৰম্ভণি হ’ব। আৰু মোৰ কথা ক’বলৈ গ’লে মই থাকিম গৈ আপোনাৰ লগত দাইতি নিজৰ কাৰণে নহ’লেও পেটৰ সন্তানটিৰ কাৰণে।
– অশেষ ধন্যবাদ!
          অভিজিতৰ মনত আনন্দৰ সীমা নোহোৱা হৈছে। প্ৰায় দহ বছৰ মানৰ পাছত চাগৈ তেখেতে নিজৰ জীৱনৰ অকলশৰীয়াক দূৰ কৰিবলৈ কাৰোবাক সাৰথি হিচাপে পাইচে। তেখেতে অণিমাক লৈ ঘৰ সোমালেহি দেউতাকে সাজি যোৱা ঘৰটো বহু বছৰৰ মূৰত আজিহে ঘৰৰ নিচিনা অনুভৱ হৈছে তেখেতৰ। অণিমাক বহিবলৈ দি চাহৰ যুগাৰ কৰিবলৈ লওঁতেই বাহিৰৰ দুৱাৰ ত টোকৰ পৰিল। অভিজিতে গৈ দুৱাৰখন খুলি দিলে। বাহিৰত Steel ৰ বাতি এটা লৈ ৰমেন থিয় হৈ আছিল। ৰমেনে ক’বলৈ আৰম্ভ কৰিলে
– মৌ ৰখ লৈ আহিছিলো তোৰলৈ একদম pure হয়।
– আহছোন আহ তই ভিতৰলে কাৰোবাক লগ কৰাব আছে।
– কাক অ’?
          ৰমেনক তেখেতে ভিতৰলৈ লৈ আনিল। ৰমেনে প্ৰশ্ন কৰিলে
– কাক লগ পালি?
– অণিমা বুলি কোৱা এগৰাকীক তাই বোলে মোৰ দৰেই অকলশৰীয়া গৰ্ভৱতীয়ো হৈ আছে বেচেৰিজনী। মই তাইক মোৰ লগতে থাকিবলৈ লৈ আহিলো। এই মৌ খিনি নহ’লে তাইকে দি দে খাইয়ো ভাল পাব।
– অণিমা…
– অ’ তাই ভিতৰতে আছে দি দেগৈছোন মই তহঁতলৈ চাহ বনাওগে।
          ৰমেনে ভিতৰলৈ গৈ কিছু সময়ৰ পিছত অভিজিতৰ ওচৰলৈ ঘুৰি আহিলে। ৰমেনে ক’বলৈ আৰম্ভ কৰিলে
– ভিতৰত কোনো নাই অভি
– কি? কলৈ গলগে তাই… সবতে চালি ভালদৰে? মই গৈ চাইছোগে ৰখ!
– সবতে চালো মই তই চাই লাভ নাই। তই যাৰ কথা কৈছ তাইক গাঁৱৰ মানুহে যাৰে তাৰে লগত অবধ্য সম্পৰ্ক ৰখাৰ বাবে এঘৰীয়া কৰিছিল। দুবছৰ আগতে ছমহীয়া সন্তান এটা পেটত লৈ শ্মশানতে ঢোকালে।
– এইবোৰ কি ধেমালি কৰিছ তই।
– ধেমালি মই নহয় তইহে কৰিছ কাৰ মুখৰ পৰা অণিমাৰ কথা শুনিলি এতিয়াৰ মোৰ আগত এইবোৰ কৰি দেখাবলৈ আহিছ।
– পিছে তাইৰ মৃত্যু কিয় হ’ল।
– গৰ্ভৱতী হোৱাৰ কাৰণে দেহ ব্যৱসায় কৰিব নোৱাৰা হ’ল যাৰ বাবে টকা অভাৱ হ’ল। এতিয়া এই পৃথিৱীত টকা নহ’লে কোন মানুহ জীয়াই থাকিব পাৰে। গাওঁত এঘৰীয়া কৰা তেনেকুৱা চৰিত্ৰ মানুহক কোনে ভিক্ষা দি নিজৰ নাম নষ্ট কৰিব। এতিয়া এইবোৰ বাদ দে মৌ খিনি ল। মই যাওঁ দেই বিহুত আহিব নাপাহৰিবি অক’।
                       ৰমেনে কথাষাৰ কৈ আঁতৰি যাই। অভিজিতে মৌৰ বাটিটো হাতত লৈ চিন্তা কৰিবলৈ ধৰে অণিমাৰ কথা তাইৰ লগত হোৱা বাৰ্তালাপৰ কথা। কলিকতাৰ বন্ধু চিকিৎসকজনৰ কথালৈ তেখেতৰ এতিয়া মনত পৰিছে “এই বেমাৰে তোমাক চিন্তাৰ প্ৰতিচ্ছবি ত আবদ্ধ কৰি ৰাখিব সোনকালে ভাল কৰিব নোৱাৰিলে অথবা অকলশৰে থাকিলে তুমি ভ্ৰম দেখিবলৈ আৰম্ভ কৰিবা যাক Hallucination বুলি কোৱা হয়।” কিন্তু অভিজিতেটো কেতিয়াও অণিমাক চিনি পোৱা নাছিল নাজানিছিল তাইৰ কৰুণ কাহিনী শুনিছিল যদিও পাহৰি পেলাইছিল চাগৈ ঠিক সেইদৰে যিদৰে তেওঁ নিজৰ মাক-দেউতাকক পাহৰি পেলাইছিল। তেওঁৰ মনত হাজাৰ প্ৰশ্নৰ ওপৰা ওপৰি হৈছিল সেইবিলাক পৰিহাৰ কৰি তেখেতে হাতৰ বাতিটোত থকা মৌখিনিলৈ চাই অণিমাই কোৱা কথাবোৰ মনত পেলাবলৈ ধৰিলে। জীৱনটো সঁচাকৈ মৌচাকৰ দৰে আৰু মানুহ মৌমাখিৰ দৰে মানুহে জীৱনটোক মৌচাকৰ দৰেই সুসজ্জিত কৰিবলৈ গৈ মৌমাখিয়ে মৌ উপভোগ কৰিবলৈ নোপোৱাৰ দৰেই মানুহেও জীৱনটোক উপভোগ কৰিবলৈ নাপাই। অভিজিতৰ দৰে মানুহে টকা সংগ্ৰহৰ যাত্ৰাত দৌৰি দৌৰি সকলোকে পাহৰি সুসজ্জিত ৰূপ দিবলৈ যোৱা জীৱনৰ আধা সময় কেতিয়া হেৰুৱাই গমকে নাপাই। পুনৰ অকলশৰীয়াই হৈ পৰিল তেওঁ। এইয়া সমাপ্তি নেকি তেওঁৰ জীৱনৰ কেৱল অকলশৰীয়া। নাই…এনেদৰে শেষ নকৰে অভিজিতে নিজৰ জীৱন তেওঁ মনতে থিৰাং কৰিলে অণিমাই কৰিবলৈ কোৱা কথাবোৰ তেখেতে কৰিব। তেওঁৰ নিচিনা পুত্ৰয়ে অকলশৰে অসহায় ভাবে এৰি যোৱা মাক দেউতাকক তেখেতে সহায় কৰিব। অণিমাৰ দৰেই নিঠৰুৱা ছোৱালীবোৰক তেওঁ সংস্থাপন দিব। মৃত্যু নোহোৱা পৰ্যন্ত জীৱনক সমাপ্ত বুলি আৰু কেতিয়াও নাভাবিব। সমাপ্তিৰ আন্ধাৰৰ সিপাৰত তেখেতে পুণৰ আৰম্ভণিৰ পোহৰ বিচাৰি ল’ব।
 ~ চানদ্বীপ গগৈ
DHSK College, Dibrugarh

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  2  =  4