ভ্ৰাম্যমাণৰ নাটকঃ নাটকৰ মৌলিক চৰিত্ৰৰ অপমৃত্যু ঘটিছে নেকি? এখন নাটকৰ আলমত কিছু চিন্তা

ভ্ৰাম্যমাণৰ নাটকঃ নাটকৰ মৌলিক চৰিত্ৰৰ অপমৃত্যু ঘটিছে নেকি?
এখন নাটকৰ আলমত কিছু চিন্তা

(ভ্ৰাম্যমানৰ বিপুল অৱদানক নস্যাৎ কৰা নহয়,আশাৰে চাবলৈ যোৱা এখন নাটকে তথা সাম্প্ৰতিক এই নাট্যধাৰাটোৱে মনত সৃষ্টি কৰা ক্ষোভহে আমাৰ এই লেখাৰ আঁৰৰ কাৰণ)

কৈশোৰ আৰু যৌৱনৰ আৰম্ভণিতে ভ্ৰাম্যমাণৰ মঞ্চত এনে কিছুসংখ্যক নাট চোৱাৰ আমাৰ সৌভাগ্য হৈছিল,যাৰ চাপ সম্ভৱতঃ স্মৃতি আৰু হৃদয়ৰ পৰা কাহানিও মচ্ খাই নাযাব৷ স্পষ্টতঃ সেই প্ৰভাৱৰ বাবেই আমি ভ্ৰাম্যমাণৰ নাটকক লৈ কিছু বিশেষ আশা পোষণ কৰোঁ৷ কিন্তু এতিয়া লাহে লাহে এনে এটা ধাৰণা হৈছে যেন নাটকে প্ৰদান কৰিব পৰা সেই চিৰন্তন প্ৰভাৱ হেৰাই যোৱা কোনো সোণালী অতীতৰহে কথা আৰু বাস্তৱত তাক বিচৰাটো বহু পৰিমাণে বাতুলতাৰ নামান্তৰ ৷ পাৰ হৈ অহা বিশেষ এছোৱা সময়ৰ ঐতিহ্যক আমি এইবাবেই সুকীয়াকৈ মনত পেলাব লগা হৈছে ,কাৰণ আমাৰ ধাৰণা হৈছে আজিৰ ভ্ৰাম্যমানৰ নাটকে যেন অতীতৰ সেই ঐতিহ্যৰ কোনো মহৎ আৰু সুন্দৰ ৰূপান্তৰ ঘটোৱা নাই,বৰং এনে এটা পথ কাটি লৈছে য’ত শিল্পবোধসম্পন্নতা বা নাট্যসাহিত্যৰ কোনো উপাদান গুৰুত্বপূৰ্ণ হৈ থকা নাই;তাৰ সলনি কোনো এক কাহিনীৰ নাটকীয় উপস্থাপনেই লাহে লাহে হৈ পৰিছে নাটক ৷নাটকৰ বিষয়বস্তু যিহেতু সদায়েই মানুহ আৰুসমাজ,সেইবাবেই নাটক এখনৰ পৰিপূৰ্ণতাৰ প্ৰাথমিক চৰ্তই হৈছে যে ই মানুহৰ মন-মগজুক স্পৰ্শ কৰিব পাৰিব লাগিব ইয়াৰ সুকুমাৰ শৈলীৰে ৷সাধুকথাৰ দৰে বৰ্ণনা কৰিব পৰা এক কাহিনীৰ সৰলৰৈখিক মঞ্চৰূপায়নেই নাটক হ’ব নোৱাৰে যদিহে তাত মানুহৰ অন্তৰ্জীৱন আলোকিত আৰু উদ্দীপিত কৰিব পৰা কোনো উপাদান নাথাকে ৷
ভ্ৰাম্যমাণৰ নাটক সম্পৰ্কে পূৰ্বেও বহুতো আলোচনা হৈছে,তৎসত্বেও এক সুস্থ নাট্য আন্দোলন তথা সাংস্কৃতিক পৰম্পৰাৰ পুনৰ্জন্মৰ স্বাৰ্থত ক্ষুদ্ৰতম দৰ্শক এজনৰ মতামতৰো কিবা গুৰুত্ব থাকিব পাৰে বুলি ভাবিয়েই নতুনকৈ কিছু কথা কোৱাৰ ধৃৃষ্টতা প্ৰদৰ্শন কৰিছোঁঁ ৷যোৱা বছৰ পাঠশালাৰ আৱাহন থিয়েটাৰ প্ৰেক্ষাগৃহত অভিজিৎ ভট্টাচাৰ্য ৰচিত -পৰিচালিত নাট ‘মা-কালী’ চাবলৈ গৈছিলোঁঁ ৷তাৰ আগৰ প্ৰায় এবছৰ ধৰি বিভিন্ন মাধ্যমত প্ৰচাৰিত বিজ্ঞাপন চাই আমাৰ এনে এক ধাৰণা গঢ় লৈ উঠিছিল যে এই নাটকখন নাট্যকাৰে ৰচনা কৰিব তেওঁৰ সমস্ত সৃষ্টিশীলতা প্ৰয়োগ কৰি যাক উপভোগ কৰি যৌতুকৰ দৰে সমাজৰ বিষাক্ত এক সমস্যাৰ ভয়াবহতাক মানুহে নতুনকৈ উপলব্ধি কৰিব,কাহিনীৰ কাৰুণ্য আৰু অনুভূতিৰ গভীৰতাৰে আৰ্দ্ৰ হ’ব অামাৰ দুচকু; দৰ্শকৰ চিন্তাবোৰ পৈণত আৰু গভীৰ হ’ব(যদিহে নাটক কেৱল বিনোদনৰ আহিলা নহয়)আৰু সৰ্বশেষত জয়ী হ’ব সাৰ্বজনীন মানৱতাবোধৰ ৷সৰ্বোপৰি প্ৰস্তুতি পৰাশৰ- মৃদুল ভূঞাৰ মনিকাঞ্চন যুটিয়ে সমকালীন আন বহু নাটকতকৈ অনন্য ৰূপ দিব এইখন নাটকক৷ দুৰ্ভাগ্যৰ কথা, নাটকখনে আমাক সম্পূৰ্ণ নিৰাশ কৰিলে ৷এই প্ৰসংগত কিছু কথা আমি সুধী সমাজৰ বিবেচনাৰ্থে ৰাখিলোঁ ৷
১/ ‘মা-কালী’ নাটকৰ প্ৰথমদিনাই এই কথা বহুলভাৱে প্ৰচাৰিত হ’ল যে সেইদিনাই নাটকৰ চাৰিটা প্ৰদৰ্শনী অনুষ্ঠিত হ’ব আৰু প্ৰথম দৰ্শনী আৰম্ভ হ’ব বিয়লি ৩(তিনি) বজাত ৷সেইদৰেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰাবাসৰ ছাত্ৰৰ সংখ্যাগৰিষ্ঠতাৰে (হ’ব পাৰে সেয়াও অন্য এখন নাটক)৩-৩০ বজাত প্ৰথম দৰ্শনী অনুষ্ঠিত হ’ল ৷থিয়েটাৰ কৰ্তৃপক্ষই কেইটা দৰ্শনী অনুষ্ঠিত কৰে সেয়া আমাৰ বিচাৰ্য নহয়,কিন্তু কেৱল কাহিনী,অভিনয় আৰু সংলাপেই যিহেতু নাটক নহয়,এইক্ষেত্ৰত আমাৰ ক’বলগীয়া এয়ে যে কৰ্তৃপক্ষই এইক্ষেত্ৰত নৈতিকতা বিসৰ্জন দিছে দিনত নাটক অনুষ্ঠিত কৰি ৷এখন নাটকৰ পৰিপূৰ্ণতাত যেনেদৰে গীতাৰৰ সৰু ঝংকাৰ এটাৰো বিশেষ অৰ্থ থাকে,একেদৰে নাটকক সম্পূৰ্ণতা প্ৰদানত পোহৰৰো থাকে এক বিশেষ ভূমিকা ৷নাটকত হঠাৎ পোহৰ কমাই দিয়া,মঞ্চখন সম্পূৰ্ণৰূপে পোহৰাই দিয়া বা কোনো এক নিৰ্দিষ্ট বিন্দুত পোহৰ কেন্দ্ৰীভূত কৰা এই সকলোবোৰৰে নিজস্ব তাৎপৰ্য আছে ৷কিন্তু কেৱল বজাৰ অৰ্থনীতিৰে পৰিচালিত নাট্যচিন্তাত ই কোনো প্ৰভাৱ নেপেলালে বাবেই দিনৰ ৩-৩০ বজাতেই নাটক অনুষ্ঠিত হ’ল ৷অৱশ্যে,নাটক আৰু দৰ্শকৰ ৰুচি বজাৰৰ ক্ৰয়-বিক্ৰয়যোগ্য পণ্যত পৰিণত হোৱাৰ পিছত, নাটক প্ৰত্যাশিতভাৱেই হিট্ আৰু সফল হৈছে(আজিকালি নাটক ভাল নহয়,হিট্ হয়) ,য’ত বিপুলসংখ্যক দৰ্শকো হৈছে ৷এতিয়া আমাৰ এনে এক সময় য’ত আমি নাচাই নাচাই গঢ় দিয়া অভ্যাসেৰে যুগজয়ী অসমীয়া চিনেমাও নাচাওঁ,অথচ চাই চাই গঢ় দিয়া অভ্যাসেৰে ভ্ৰাম্যমাণৰ ফোঁপোলা নাটকো চাবলৈ উথপথপ্ লগাও আৰু এইদৰেই নাটকৰ সামগ্ৰিক সম্পূৰ্ণতাতকৈ অনুষ্ঠিত দৰ্শনীৰ সংখ্যাৰে নাটকৰ মান নিৰূপিত হৈছে ৷
২/ অতিমাত্ৰা নাটকীয়তা, উচ্চগ্ৰামৰ সংগীত,নৃত্য,আইটেম চং,কাৰিকৰী কৌশল-এইবোৰকেই নাটক বোলেনে?আমাৰ নাট্য ঐতিহ্য কেতিয়াৰ পৰা ইমান দুৰ্বল হ’ল যে দৰ্শকৰ মনযোগ আকৰ্ষণৰ বাবে মছলাসৰ্বস্ব হিন্দী চিনেমাৰ অন্ধ অনুকৰণেই একমাত্ৰ পথ হৈ পৰিল?কাৰিকৰী কৌশলৰ প্ৰয়োগকেই নাট বুলি ভবা প্ৰৱণতা সম্ভৱতঃ একমাত্ৰ অসমতহে আছে ৷
৩/নাটকৰ মূল মৰ্মটো দৰ্শকক বুজাবলৈ বাৰে বাৰে ‘মা-কালী’ ‘মা-কালী’কৈ সূত্ৰধাৰৰ দৰে চিঞৰি থাকিব লাগেনে? এনে লাগে,চৰিত্ৰক বলিষ্ঠতা প্ৰদান কৰিবলৈ গৈ নিজৰ অজানিতেই যেন দৰ্শকৰ বিচাৰ-বুদ্ধিক ভ্ৰূকুটি কৰা হৈছে ৷নাটকৰ এক পৰম সম্পদ হ’ল শেষতম বিন্দুটোলৈকে দৰ্শকৰ মনত বাজিথকা উৎকণ্ঠা আৰু কৌতুহল ৷পৰম শ্ৰদ্ধাৰ ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘শতাব্দী’ চোৱাৰ পিছত এটা প্ৰশ্নই আমাক খেদি ফুৰিছিল,নাটকখনৰ নাম ‘শতাব্দী’ কিয় হ’ল? শেষত বন্ধুমহলৰ আলোচনাত এটা আনুমানিক উত্তৰ বিচাৰি পাইছিলোঁ এটা বিশেষ সংলাপৰ জৰিয়তে -“আমাৰ আজোককা ঢ়ুকাওঁতে ককাহঁতে মূৰশিতানত বহি ৰৈছিল,মুখত পানী দিছিল,ককাঢ়ুকাওতে দেউতাহঁত কাষত বহি ৰৈছিল,মুখত পানী দিছিল,আমি মৰিলে কোনে ৰখিব……..?”(স্মৃতিৰ পৰা লিখা বাবে অলপ ইফাল সিফাল হব পাৰে)কিমান অন্তৰ্ভেদী এই শব্দ ! এয়া শতাব্দীৰ নিসংগতা নে এটা শতাব্দীৰ বিৱৰ্তনে সৃষ্টি কৰানিসংগতা আৰু যন্ত্ৰনাৰ এটা মাত্ৰ শব্দত গাঁঠি থোৱা এক উপাখ্যান !নাটকৰ এটা শক্তিশালী চৰিত্ৰৰ এটা মাত্ৰ শব্দ বা বাক্যই হাজাৰ বছৰৰ বাৰ্তা বহন কৰিব পাৰে,হৃদয়ৰ বিপুল হাহাকাৰ প্ৰকাশ কৰিব পাৰে ৷উদাহৰণ- শতাব্দী নাটকতেই সৰু পুত্ৰই অানি দিয়া বিহৰ টেবলেট হাতত লৈ দেউতাকে (নায়কে)যেতিয়া চিঞৰি উঠে-‘গোটেই জীৱন সন্তানৰ পৰা এনেকুৱা সুখ মই কেতিয়াও পোৱা নাছিলোঁ’ বা কিংলিয়েৰৰ-‘কিয় এই পৃথিৱীত এটা কুকুৰ,ঘোঁৰা বাএটা এন্দুৰেও জীয়াই আছে,অথচ তুমি উশাহ নোলোৱা হ’লা! ‘【Why should a dog,a horse,a rat have life,
And thou no breath at all ? Thou will come no more.
Never,never,never,never,never】
বা জুলীয়াছ চীজাৰৰ-‘ব্ৰুটাচ তুমিও! ‘
অভিজিৎ ভট্টাচাৰ্যই নাটক সজায়,চৰিত্ৰ সৃষ্টি নকৰে ৷
৪/ এখন নাটকত সংগীতৰ প্ৰয়োজন হ’ব পাৰে,কিন্তু সি হ’ব লাগিব কাহিনীৰ লগত সামঞ্জস্যযুক্ত অাৰু গতিশীলতা প্ৰদায়ক ৷উদাহৰণ- জ্যোতিপ্ৰসাদৰ ‘শোণিত কুঁৱৰী’ত উষাৰ যৌৱনৰ আকুলতা প্ৰকাশক গীত-“গছে গছে পাতি দিলে ফুলৰে শৰাই”বা ‘কাৰেঙৰ লিগিৰী’ত নিৰ্বাসিতা শেৱালিৰ স্মৃতি উদ্বেলিত-“যাউতিযুগীয়া ধনে মোৰ অ’-“(জ্যোতি মনীষা- ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা দ্ৰষ্টব্য) বা ড০ভবেন্দ্ৰনাথ শইকীয়াৰ ‘নীলকণ্ঠ’ৰ -“শেষ হ’ল আজি এযুগৰ ইতিহাস” ৷ভ্ৰাম্যমাণৰ মঞ্চত বলিউদী শৈলীৰে আইটেম সংগীত প্ৰদৰ্শন কৰি,হাতত মদৰ বটল লৈ সংগতিবিহীন নৃত্য কৰি,’অ’ৰে পিয়া,ক্যেইছী হ্যে য়্যে মায়া’- বুলি উদ্দাম সংগীত জুৰি ‘মা-কালী’ৰ নাট্যকাৰ,পৰিচালক আৰু প্ৰযোজকে অসমীয়া নাট্যশিল্পৰ সৌন্দৰ্য আৰু মহত্ব লঘু কৰিছে ৷
অাজি আৰু এই কথা অস্বীকাৰ কৰা নাযায় যে অসমৰ নাট্যজগতত এক শূন্যতাৰ সৃষ্টি হৈছে,নাটক সৃষ্টি হৈছে মেকানিকেলি,কিন্তু নাট্যসাহিত্য যেন অন্তৰ্ধান হ’ব ধৰিছে ৷যিমানেই সৃষ্টিশীলতা নাথাকক,এজন নাট্যকাৰে বছৰত ২০-২৫ খন নাটক ৰচনা কৰাটো আমাৰ বাবে এক সাঁথৰ ৷সাহিত্য সৃষ্টিৰ বাবে সৃষ্টিশীলতা প্ৰাথমিক চৰ্ত,কিন্তু মহৎ আৰু যুগজয়ী সৃষ্টিৰ বাবে ই একমাত্ৰ আৰু সৰ্বশেষ চৰ্ত কেতিয়াও হ’ব নোৱাৰে ৷যি জীৱন দৰ্শন,প্ৰজ্ঞা আৰু মহত্ত্বই জ্যোতিপ্ৰসাদক জ্যোতিপ্ৰসাদ কৰিছিল,ভূপেন হাজৰিকাক কৰিছিল ভূূপেন হাজৰিকা,সেই মহত্ত্ব আৰু প্ৰজ্ঞাৰ সাধনাৰেহে মহৎ হব পাৰে সৃষ্টি আৰু স্ৰষ্টা ৷দুৰ্নীতিগ্ৰস্ত বিষয়াই টকাৰ বাবে দুৰ্নীতি কৰাৰ দৰে,কিছুসংখ্যক ডক্তৰে টকাৰ বাবে নিৰ্দিষ্ট কোম্পেনীৰ ঔষধ প্ৰেচ্ক্ৰাইব কৰাৰ দৰে নাট্যকাৰে কেৱল টকাৰ বাবে নাটক সৃষ্টি কৰিবলৈ হ’লে শংকৰদেৱ,গুণাভিৰাম,জ্যোতিপ্ৰসাদৰ পৰশধন্য এই নাট্যশিল্পৰ অপমৃত্যু ঘটিব সেয়া নিশ্চিত ৷

ভ্ৰাম্যমাণৰ প্ৰযোজকসকললৈয়ো আমাৰ অনুৰোধ-আপোনালোক আলু পিয়াঁজৰ ব্যৱসায়ী নহয়,আপোনালোকৰ ব্যৱসায় শিল্প আৰু সুকুমাৰ অনুভূতিৰ লগত জড়িত ৷আপোনালোকে নাটকৰ প্ৰতি সংবেদনশীলতাৰ আৰু সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়ক ৷দৰ্শকৰ ৰুচিবোধ গঢ় দিয়াত প্ৰধান ভূমিকা লওঁক ৷অসমৰ সমাজ জীৱনত,সংস্কৃতিত, অৰ্থনীতিত ভ্ৰাম্যমাণৰ বিপুল অৰিহণা আছে,আমি বিনম্ৰতাৰে সেয়া স্বীকাৰ কৰোঁ ৷কিন্তু সেই অৰিহনা আছে বাবেই,’আমি যি দেখুৱাম দৰ্শকে সেয়া চাব লাগিব’,বা’দৰ্শকে বিচাৰিছে বাবেই কৰিছোঁ’ -এনেকুৱা মানসিকতাৰেই থিয়েটাৰবোৰ চলি থাকিবলৈ দিবনে? এয়ে হ’বলৈ হ’লে ৰুচিবোধসম্পন্ন দৰ্শকৰ নাটক চাবলৈ অহাটো বন্ধ হ’ব, নাটক চোৱাৰ যি অনিৰ্বচনীয় আনন্দ সেয়া হৈ পৰিব ইতিহাস,ট্ৰেজিক কোনো নাটক চাই বহুদিনলৈ বিষাদকাতৰ হৈ ৰোৱাৰ অন্তৰতম উপলব্ধি হৈ ৰ’ৱ কেৱল সাধুকথা ৷কিন্তু এইবোৰৰো একো মূল্য নাইনে? প্ৰকৃততে,এটা শিল্পৰ অপমৃত্যুতকৈ ক্ষতিকাৰক আন একোৱেই হ’ব নোৱাৰে ৷
‘আশাৰ বৃক্ষ ৰুই ‘ আমি ৰৈ থাকিমনে?
প্ৰণৱ দেৱ চৌধুৰী

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  6  =  36