দুঃসময় – ড০ প্ৰীতিশ চৌধুৰী

ক্ৰমশঃ খহি পৰিছে নক্ষত্ৰ এটা
আকাশৰ পৰা…

ধূসৰ হৈ পৰা পৃথিৱীৰ সমীকৰণৰ পথত
বাজিছে দানৱৰ দুন্দুভি-
মৃত্যুৰ পৰোৱানালৈ – চৌদিশে !

শুহি নিছে ক্ৰমান্বয়ে
পৃথিৱীৰ  সমস্ত ৰং
ক’লা মৃত্যুৰ ছায়াৰ মহা-সমুদ্ৰই …

বন্ধ যেন ঈশ্বৰৰ দুৱাৰ !

এক   বিৰামহীন অন্তহীন  যুদ্ধৰ  নাগপাশত
আমি  প্ৰত্যেকেই একো একোজন  যেন আজি
গ্ৰীচৰ চিচিফাচ* …

*চিচিফাচ ( Sysiphus)- গ্ৰীক পৌৰাণিক কাহিনীৰ এটা অতি কৰুণ চৰিত্ৰ
 

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  38  =  45