ভোট-যুদ্ধ : ড০ প্ৰীতিশ চৌধুৰী

সময় নে দু:সময়,
ভাবিবলৈ আহৰি নাই ….

‘সিংহাসনৰ ডাক’ !

মন-মগজুত
যুদ্ধৰ কুচ-কাৱাজ –
জনতা-তন্ত্ৰৰ অস্ত্ৰৰ
নিৰ্ভুল লক্ষেৰে …..

আকাশ-লঙ্ঘা প্ৰতিশ্ৰুতিৰ বন্যাত
ভাহিছে দেশৰ জনতা
সপোন সাগৰত…..

এজনৰ  মুখত-  ‘স্কাই-স্ক্ৰেপাৰ’ !
আন এজনত শুনিবা তুমি –  ‘বুৰ্জ-খলিফা’ !!

কোন আৰু কম,  কাতকৈ-

তৃতীয় জনৰ কন্ঠত  চিঞৰ  – ‘প্লেনেট মাৰ্চ’ !!!

সময় যে এয়া, আকৌ এবাৰ
লৈ থকাৰ সোৱাদ –
‘পুৰণি বটলত নতুন মদ’ৰ !!!

Leave a Reply

Your email address will not be published. Required fields are marked *

15  +    =  20