ভৌতিক চহৰ – ড০ প্ৰীতিশ চৌধুৰী

বন্দী-
চাৰি দেৱালৰ মাজত !

ৰজাৰ কঠোৰ হুকুম !

কিন্তু সঁজাত বন্দী পখীৰ
পৰিচৰ্যা যিমানেই …
দৃষ্টিতো তাৰ সৰ্বক্ষণ সেই নীল আকাশৰ পিনেই !

এটা সময় সৰু গলিয়েদি  খোঁজ দি  দি মোৰ দুই ভৰি
ৰাজপথৰ ৰম্য-ভূমি –
চহৰৰ  তিনি আলিত..

আজি তাত নিস্তব্দ্ধতাৰ বাস !

যেন এখন অচিনাকি – ভৌতিক চহৰ !!

দুই এখন গাড়ীৰ ইতস্ততঃ অহা-যোৱা –
আপাদ-মস্তক  ইউনিফৰ্মধাৰীৰ…

আঙুলিৰ মূৰত লেখিব পৰা  মাত্ৰ কেইটামান  মানুহৰ
পায়চাৰি –  ফুট-পাথত,
হাতত গ্লোভচ্, মুখত ত্ৰিভুজাকৃতিৰ বগা-ক’লা মাস্ক,
এচিটেট ফ্ৰেমৰ মোটা চচমাৰ আঁৰত
কিছু যেন সুৰক্ষিত চকু দুটাও !!

আৰু ৰাজ-পথত ?

মাস্কহীন, গ্লোভচহীন-
এটা যেন মুক্ত বিহংগ মই থিয় হৈ থকা-
কোনো এলিয়েনৰ দেশত !

হঠাৎ তিনি আলিৰ আনটো মূৰে, মোৰ দূৰবীণ চকুত – হাতত চাহৰ কাপ লৈ – বল্টু তাৰ গুম্ টিত !

আহঃ !  সূৰ্যৰ হেঙুল আভাৰে নামি অহা এই  আবেলি পৰত  – একাপ  চাহ !!

এখোঁজ,  দুখোঁজ – শৰীৰটোক মোৰ টানি নিলে তাৰ গুম্ টিৰ  কাষলৈ …

হঠাৎ   কৰ্ণ-গহ্বৰত মোৰ কাৰোবাৰ  চিৎকাৰ –

ভয় নাই ?

নিউটনৰ তৃতীয় সূত্ৰ মানি  মোৰ দুই ঠোঁটোও গৰজি উঠিল –

ভয় ? কাক ? ক’ৰোনাক ?

তাতোকৈয়োতো  আৰু হেজাৰ গুণ জয়াল বিষাণু এই পৃথিবীত !

ভয়তো  কেৱল –
নিজক, তোমাক,
মা——-নু——-হ———ক !!

চাহৰ কাপ লবলৈ হাত আগ বঢ়াওঁতেই –

ই কি !   
বল্টুচোন  নাই – সমুখত মোৰ !

আৰু তাৰ গুম্ টি ?
এটা যেন লাশ – পৰি থকা কোনো নিৰ্জন মৰিশালিত !

আৰু, নিৰ্বাক নিস্তব্দ্ধ মই –
থিয় হৈ  তাত !!

ডুবিব ধৰা সুমথিৰা ৰঙৰ সূৰ্যটোৰ সেই তেজহীন পোহৰত, ভৌতিক চহৰখন  তেতিয়া আৰু বেছি
ভৌতিক –
ক্ৰমশঃ নামি অহা চৌদিশৰ নিস্তব্দ্ধতাক
বুকুত সাবটি !!

* ২০২০ চনত হোৱা ক’ৰোনা ত্ৰাসত সম্পূৰ্ণ তলা-বন্ধ কালত ব্যস্ত চহৰ এখনৰ ভৌতিক ৰূপৰ চিত্ৰাংকন।তাৰেই পুনৰাবৃতি যেন আকৌ ২০২১ চনত !!

Leave a Reply

Your email address will not be published. Required fields are marked *

83  −  75  =