ব্যক্তিৰ ব্যক্তিগত জীৱনৰ বিভিন্ন কৰ্ম -অপকৰ্মৰ ওপৰত সামাজিক পৰিৱেশৰ প্ৰভাৱ

”Crime cannot be judged from a readymade point of view and that its philosophy is subtler than generally is thought. Prison and hard labour do not reform criminal.”
Notes from the Dead house, ডষ্টয়েভস্কি

যোৱা সময়ছোৱাত কিছুসংখ্যক দুৰ্নীতিগ্ৰস্ত বিষয়াৰ গ্ৰেপ্তাৰে,বিশেষকৈ বন বিষয়া মহৎ চন্দ্ৰ তালুকদাৰৰ গ্ৰেপ্তাৰে অসমত একধৰণৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷নিঃসন্দেহে দুৰ্নীতিবিৰোধী এনেকুৱা অভিযানক সকলোৱে স্বাগতম জনোৱা উচিত ৷কিন্তু প্ৰকৃততে দেখা যায় যে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ গ্ৰেপ্তাৰহে ব্যতিক্ৰমী পৰিঘটনা,দুৰ্নীতি নহয় ৷ আমি ধাৰণা কৰোঁ যে দুৰ্নীতিক কেৱল এক অগ্ৰহণযোগ্য অপৰাধ বুলি গণ্য কৰিলেই ইয়াৰ মাত্ৰা নকমিব,বৰং ব্যাপক দুৰ্নীতিৰ আঁৰত কোনবোৰ কাৰকৰ ব্যাপক প্ৰভাৱ আছে তাৰ সূক্ষ্ম বিশ্লেষণেহে এক সঠিক দিকদৰ্শন দিব পাৰিব ৷ ডষ্টয়েভস্কিয়ে কোৱা অপৰাধ সম্পৰ্কে ৰেডিমেইদ ধাৰণাৰ সলনি ইয়াৰ আঁৰত থাকিব পৰা সূক্ষ্মতম দৰ্শনৰ বিশ্লেষণ এইক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে ৷ভাল বা বেয়া কোনো এটা বস্তুৱে আকস্মিকভাৱে আৰু কেৱল মাত্ৰ এটা দিনতে সংঘটিত পৰিঘটনা নহয়;ই এক সুদীৰ্ঘ আৰু অবিৰত প্ৰক্ৰিয়াৰ পৰিণতি মাথোন ৷ অপ্ৰিয় হ’লেও এই কথা সত্য যে দুৰ্নীতিয়ে আমাৰ সমাজত ইতিমধ্যেই গ্ৰহণযোগ্যতা লাভ কৰিছে,ব্যতিক্ৰম আৰু ঘৃণনীয় ঘটনা হিচাপে ই কাকো আৰু এতিয়া মূক কৰি নেপেলায় আৰু সেইবাবেই সহজ সৰল বৃদ্ধ এজনেও নিজৰ ল’ৰাটোৱে বাহিৰা টকা পায় বুলি গৰ্বমিশ্ৰিত সহানুভূতিত ডুব যায় বা অফিচত কোনোবা বিষয়া কৰ্মচাৰীয়ে আমাৰ কামটো ভালদৰে বা একেবাৰতে কৰি দিলে বিনিময়ত বহুতেই কিবা এটা দিয়াৰ এক স্বতঃস্ফূৰ্ত তাগিদা অনুভৱ কৰে,কাৰণ আমাৰ নিৰ্মিত মানসিকতাত ই দুৰ্নীতি নহয়,আমাৰ সকলোৰে গ্ৰহণযোগ্য এক ‘নৰ্মছ’ ৷তিলতিলকৈ গঢ়ি উঠা এই মানসিকতাই দুৰ্নীতিক এক সহজসাধ্য ৰূপ দিছে আৰু এই বাবেই অবৈধ ধন আহৰণৰ তাগিদা আৰু সহজাত মানৱীয় মূল্যবোধৰ মাজত অন্তৰ্দ্বন্দ কমি আহিছে ৷ এই সহজ গ্ৰহণযোগ্যতাই অজটিল মনঃস্তত্বৰ ব্যক্তিকো দুৰ্নীতিৰ পৰা আঁতৰত ৰখাত ব্যৰ্থ হৈছে আৰু বিবেক অন্তৰ্হিত হৈছে ৷এটা সময় আছিল,যেতিয়া দুচকলৈ চাবলৈ ভয় কৰা শিক্ষকজন সমাজৰ অভিভাৱক আছিল,তেওঁৰ প্ৰভাৱ আছিল অখণ্ড; এতিয়া সেই প্ৰভাৱ বিলুপ্ত,পৰিৱৰ্তে সম্পদশালী কোনো দালাল বা ভূ -মাফিয়াই সমাজক নেতৃত্ব দিব পৰা হৈছে ৷আমি সহজেই বিক্ৰী গৈছোঁ আৰু অকাতৰে বিক্ৰী কৰিছোঁ সেই প্ৰাচীন প্ৰভাৱ আৰু প্ৰতিপত্তি;আৰু সামগ্ৰিক সামাজিক অৱনতিৰে আমি প্ৰায় প্ৰতিজনেই হৈ পৰিছোঁ নৈতিকভাৱে ভ্ৰষ্টাচাৰী,’কৰাপ্ট’ ! পৰিবেশৰ দৰেই প্ৰদূষিত হৈছে আমাৰ মানসিকতা আৰু এনে এক পটভূমিত মহৎ চন্দ্ৰ তালুকদাৰ বা তেনেকুৱা ব্যক্তিসকল কোনো ব্যতিক্ৰম নহয়,বৰং শিপালৈকে বিষাক্ত হৈ পৰা এই ব্যৱস্থাৰ তেওঁলোকো একোজন বলিহে,এই ব্যৱস্থাৰ ‘নেতা ‘নহয় ৷এই ব্যৱস্থাই প্ৰদান কৰা মানসিকতাৰ বাবেই একোজন হাইস্কুল শিক্ষকে পুত্ৰক আয়ৰ ভুৱা প্ৰমাণ -পত্ৰ যোগাৰ কৰি কলেজত বিনামূলীয়া নামভৰ্তি কৰায়,একোজন কলেজ অধ্যক্ষই কলেজৰ যাৱতীয় নথিপত্ৰ কিনোঁতে দোকানৰ পৰা নকল ভাউচাৰ আদায় কৰে,জাতিৰ ভৱিষ্যৎ গঢ়োঁতা শিক্ষকে মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰে,ৰাইজৰ ধন আত্মসাৎ কৰি পলায়ন কৰা প্ৰৱঞ্চকে লোকসেৱা আয়োগৰ সংস্কাৰৰ পৰামৰ্শ দি বিয়াগোম প্ৰবন্ধ লিখে ! বিবেকহীন প্ৰতিগৰাকী ব্যক্তিয়েই এই ব্যৱস্থাৰ এক পুতৌজনক বলি ৷ আমি মহৎ তালুকদাৰৰ পতনত উৎফুল্লিৎ হৈছোঁ;কিন্তু কেতিয়াবা এনেকুৱা ধাৰণা হয় যেন তাৰ কাৰণ আমাৰ সুতীব্ৰ আদৰ্শবাদ নহয়,এইটোও নহয় যে আমি বেছিভাগেই দুৰ্নীতিক অন্তঃকৰণেৰে ঘৃণা কৰোঁ,হয়তো আমি অৱচেতনত কঢ়িয়াই লৈ ফুৰা অজানিত ঈৰ্ষাৰহে ই বহিঃপ্ৰকাশ ৷যদি তীব্ৰ আদৰ্শবাদ ব্যক্তি আৰু সমাজৰ চেতনাৰ অভিন্ন অংগ হ’লহেতেঁন,আমি বিহু পূজাৰ সময়ত প্ৰতিখন গাঁও,প্ৰতিটো চুবুৰীত চান্দা দুস্কৃতিৰ সাক্ষী নহ’লোহেঁতেন ৷অপ্ৰিয় হ’লেও সমাজখনক ওচৰৰ পৰা নিৰীক্ষণ কৰি এনে ধাৰণাই হয় যে প্ৰকৃততে চেতন অথবা অৱচেতন মনেৰে আমি বেছিভাগেই একো একোজন মহৎ চন্দ্ৰ তালুকদাৰ !আমাৰ এই আনন্দও বহুলাংশেই দুস্কৃতিক ঘৃণা কৰা আত্মিক সততাৰ পৰিৱৰ্তে একধৰণৰ ‘sadistic pleasure ‘ হে ৷মহৎ তালুকদাৰৰ দৰে ব্যক্তিয়ে নিঃসন্দেহে কঠোৰ শাস্তি পাব লাগে,কিন্তু তেনে লোকৰ জেইল বা ফাঁচীতকৈও আমাৰ আত্মসমালোচনা আৰু আত্মবিশ্লেষণৰ প্ৰয়োজন এই মুহূৰ্তত সৰ্বাধিক ৷আজি আৰু এক সৎ,সুন্দৰ আৰু মহৎ জীৱনাকাংক্ষাই আমাক ব্যাকুল কৰি নোতোলে ৷আমাৰ অজানিতেই টকাসৰ্বস্ব এক মানসিকতাই আমাৰ অন্তৰাত্মা অধিকাৰ কৰি লৈছে ৷কিন্তু প্ৰশ্ন জাগে যে আজি আমি যি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ,দূৰ অতীততেই তাৰ বীজ ৰোপন হৈছিল নেকি? মৃত্যুৰ আগমুহূৰ্তত ভগৎ সিঙে ‘ইনকিলাব জিন্দাবাদ ‘ধ্বনিৰে ফাঁচীকাঠলৈ আগবাঢ়ছিল বা কাৰাগাৰতেই ‘মই কিয় নাস্তিক ‘ৰ দৰে গ্ৰন্থ ৰচনাা কৰিছিল ৷ ৷প্ৰকৃতিৰ অনুপম দান প্ৰিয়তম এই জীৱনটো হেলাৰঙে উচৰ্গা কৰোঁতে তেওঁ ভয়ত বিতত হোৱা নাছিল,কাৰণ সুদূৰৰ এক মহৎ স্বপ্নৰ অনুসৰণত তেওঁৰ জীৱন অথবা তেওঁৰ মৃত্যু দুয়োটাই হৈ পৰিছিল যথাৰ্থই এক তুচ্ছ পৰিঘটনা ৷আমাৰ সকলোৰে সন্মুখত আজি তেনে এক লক্ষ্য আছেনে? আমি বা আমাৰ ছাত্ৰ সমাজে কোনবোৰ বিষয়ৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত হৈছোঁ? অমুক ছাৰে ৰাতি বাৰ বজালৈ লাইব্ৰেৰীত পঢ়াশুনা কৰে বুলি আমি আলোচনা কৰাৰ সুযোগ নাপাও,কাৰণ তেনে কোনো আই-ডিয়েল আমাৰ সন্মুখত আজি দুৰ্লভ,অথচ একে সময়তে তমুক ছাৰে ডেৰলাখটকীয়া বাইক চলায় বুলি শিহৰণ আৰু হাবিয়াস অনুভৱ কৰোঁ;আৰু ক্ৰমশঃ এনেকৈয়ে ভোগবাদৰ হাতোৰাই পুনৰ এদল নতুন মানুহক তাৰ বলিশাললৈ আগবঢ়াই দিয়ে ৷শ্বেইক্সপীয়েৰে ‘ৰোমিঅ’ -জুলিয়েট ‘ নাটকত ৰোমিঅ’ৰ মুখেৰে কোওৱা সেই অমৰ উক্তি –“There is the gold,Worse poison to men’s souls “(এয়া লোৱা তোমাৰ ধন,মানুহৰ আত্মাৰ বাবে ই মাৰাত্মক বিহ) –আমাক কোনে অনুভৱ কৰিবলৈ শিকাব? দুখজনকভাৱে উচ্চশিক্ষিত আৰু উচ্চশিক্ষাৰ লগত জড়িত ব্যক্তিসকলৰ গৰিষ্ঠসংখ্যকেই এতিয়া কেৱল এক ধনিক শ্ৰেণীৰ প্ৰতিভূত পৰিণত হৈছে,সমাজৰ বিবেক বা সমাজৰ কণ্ঠ হৈ থকা নাই ৷ আৰু এইটো ব্যৱস্থাত পুনঃপুনঃ মহৎ তালুকদাৰৰ দৰে ব্যক্তিৰ জন্ম হোৱাটোৱেই হ’ব স্বাভাৱিক,কৰুণ কিন্তু অৱধাৰিত পৰিণতি ৷

দুৰ্নীতি বন্ধ হ’ব লাগিব আমাৰ সামাজিক আত্মা আৰু বিবেকৰ পৰা,এক মহৎ লক্ষ্য হ’ব লাগিব সামগ্ৰিক সামাজিক উদ্দেশ্য ,গভীৰতম মহত্ব আৰু আদৰ্শবাদ হ’ব লাগিব আমাৰ চেতনা আৰু ৰক্তৰ অবাৰিত ধাৰা ৷জীৱন আৰু সমাজ আইন সৰ্বস্ব নহয়,আৰু কেৱল আইনৰ আওতাত দুৰ্নীতি কেতিয়াও নিৰ্মূল নহ’ব ৷
প্ৰণৱ দেৱ চৌধুৰী

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  17  =  24