অৰ’ভিলে ৰিঙিয়াই মাতে

আমি প্ৰতিজন মানুহেই ভ্ৰমণপ্ৰিয় | ওচৰে পাজৰে থকা বিভিন্ন মঠ মন্দিৰ নাইবা প্ৰাকৃতিক দৃশ্যাৱলীৰে ভৰা সুন্দৰ সুন্দৰ ঠাইবোৰ পৰিভ্ৰমন কৰিলে আমাৰ ন ন অভিজ্ঞতা হয় লগতে মানসিক অৱসাদ দূৰ হৈ মন প্ৰাণ জুৰ পৰি যায় |

সেয়েহে ২০১৯ চনৰ নবেম্বৰ মাহত মোৰ জীয়ৰী মৃদু আৰু জোৱাই ৰাতুলৰ সৈতে বেঙ্গালোৰৰ পৰা পণ্ডিচেৰী আৰু অৰ’ভিললৈ বুলি ৰাওঁণা হ’লোঁ | দুৰণিবতীয়া ঠাই বাবে পিছ ৰাতিতে আমি নিজৰ গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলোঁ |আমি অৱশ্যে বাঙ্গালোৰৰ পৰাই অৰ’ভিলত গেষ্টহাউচ বুক কৰি থৈছিলোঁ |

দুপৰীয়া আমি Gaia ‘s Garden নামৰ গেষ্টহাউচটো পালোগৈ | চৌদিশে গছ-গছনি, প্ৰত্যেকটো জেগাই সুন্দৰকৈ সজাই পৰাই থৈছে | প্ৰথম দৃষ্টিতে আমি মুগ্ধ হ’লোঁ | সৰু ডাঙৰ বিভিন্ন ধৰনৰ গছ-গছনি,বহুতো প্ৰজাতিৰ ফুল সৰ্ব্বত্র | অতি চাফ চিকুন | বৰ বেছি ডাঙৰ নহয় যদিও তাত অন্ততঃ ৩/৪ টা সৰু ফেমিলী থকাৰ সুবিধা আছে |তাত ব্ৰেকফাষ্ট পোৱা যায় কিন্তু দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ সুবিধা নাই | সেয়েহে আমি দুপৰীয়াৰ আহাৰ বাহিৰৰ পৰা আনিব লগীয়া হ’ল |

আমি অৰ’ভিল’ ত থকাৰ প্ৰধান কাৰন হ’ল আমি যাতে বেছি সময় তাত কটাব পাৰো আৰু অৰ’ভিলৰ কৰ্মসংস্কৃতি, সামাজিক ব্যৱস্থা, বিভিন্ন সা-সুবিধা আদিৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিব পাৰো |আমি থকা Gaia’s Garden নামৰ গেষ্টহাউচটোৰ ৰুমবোৰ বৰ ডাঙৰ নহয় যদিও ডাঙৰ ডাঙৰ খিৰিকিবোৰেদি জুৰ মলয়া বৈ থাকে | প্ৰকৃতিৰ সুবাস ইয়াতে অনুভৱ কৰিব পাৰি |ৰাতিপুৱাৰ মিঠা ৰ’দে ৰূমৰ ভিতৰতে স্বাগতম জনায় |

অৰ’ভিল দক্ষিন ভাৰতৰ তামিলনাডুৰ এখন ঠাই | পণ্ডিচেৰীৰ পৰা মাত্ৰ দহ কিলোমিটাৰ দূৰ | বহুতেই নজনাৰ বাবেও অকল পণ্ডিচেৰী চায়েই গুচি আহে | আজি সেইবাবে মই অৰ’ভিলৰ বিষয়ে অলপ লিখিব খুজিছোঁ | অৱশ্যে মোৰ সীমিত জ্ঞানেৰে কিমানখিনি জনাব পাৰিম, নাজানো | অৰ’ভিল আচলতে প্ৰকৃতিৰ ৰম্যভূমি | ১৯৬৮ চনত মীৰা আলফাচাই (The Mother) এই অনুস্থানটো উদঘাটন কৰাছিল | তেওঁৰ মতে ,”Auroville wants to be a universal town where men and women of all countries are able to live in peace and progressive harmony above all creeds and politics and all nationalities. The purpose of Auroville is to realise human unity ” .

এইখিনিতে আমি মীৰা আলফাচা বা মাদাৰৰ বিষয়ে অলপ জানি লোৱাটো ভাল হ’ব | মীৰা আলফাচাই জন্ম গ্ৰহণ কৰিছিল ১৮৭৮চনৰ ২১ফেব্ৰুৱাৰীত ফ্ৰান্সৰ পেৰিছত | সৰুৰে পৰাই তেখেত অলপ বেলেগ ধৰনৰ আছিল | মাত্ৰ চাৰি বছৰ বয়সৰে পৰাই ধ্যান কৰিছিল | পিছলৈ উপযুক্ত গুৰুৰ সন্ধানত ভাৰতবৰ্ষৰ পণ্ডিচেৰী আহি পাইছিলহি ,য’ত শ্ৰী অৰবিন্দক লগ পাইছিল | শ্ৰীঅৰবিন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতৰ সহচৰী হিচাবে আশ্ৰমৰে বাসিন্দা হ’ল | তেওঁলোকৰ অতি উচ্চস্তৰীয় আধ্যাত্মিক চিন্তা চৰ্চাই সকলোকে আকৰ্ষিত কৰিছিল আৰু পৃথিবীৰ চুকে-কোণে অগণন ভক্ত আছিল |শ্ৰী শ্ৰী অৰবিন্দৰ মহাপ্ৰয়াণৰ পিছত মাদাৰেই সকলো কাম আগবঢ়াই নিছিল |

অৰ’ভিলৰ ধাৰণাটো মাদাৰৰে সৃষ্টি | Human Unity ৰ ধাৰনাটো তেখেতৰ মনলৈ আহে ১৯৩০ চনত | এই ধাৰনাটোৰ ওপৰত কেইবা বছৰো কাম কৰাৰ পিছত ১৯৬০ চনত Govt. Of India লৈ প্ৰস্তাৱটো পঠিওৱা হয় | তেওঁলোকে আকৌ UNESCO লৈ পঠিয়াই | ১৯৬৬ চনত UNESCO এ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱটো গৃহীত কৰে আৰু মানৱতাৰ ভবিষ্যত সুৰক্ষিত কৰাৰ আশাৰে উত্সাহিত কৰে | বিভিন্ন বৈশিষ্ট্যৰে ভৰপূৰ মানৱসমাজক একতাৰ ডোলেৰে বন্ধাৰ মহান প্ৰয়াস কৰে | মানৱজাতিৰ সৰ্ব্বতোপ্ৰকাৰৰ প্ৰয়োজনসমূহ যেনে সাম্ভাব্য জীৱিকাৰ পথ, সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক প্ৰয়োজনসমূহৰ উত্কৰ্ষ সাধনৰ প্ৰচেষ্টা হাতত লয় | তেওঁৰ সপোনক বাস্তৱিক ৰূপ দিবলৈ ভাৰতৰ আৰু বাহিৰৰ বহুলোকে সহায়ৰ হাত আগবঢ়াইছিল |

সেয়েহে অৰ’ভিলৰ প্ৰায় মাজভাগত থকা আহঁতগছ এজোপাৰ চাৰিওকাষে প্ৰায় ৫০০০ মানুহ গোট খাইছিল | আহঁত গছক ভাৰতীয় সংস্কৃতিত অতি উচ্চ স্থান দিয়া হয় | ইয়াতেই ১২১খন দেশৰ আৰু ভাৰতৰ ২৩ খন ৰাজ্যৰ মানুহ লগ হৈছিল আৰু তেওঁলোক সকলোৱে নিজ নিজ ঠাইৰ মাটি লগত লৈ আনিছিল আৰু ইয়াৰ দ্বাৰাই মাতৃমন্দিৰৰ ভেটি স্থাপন কৰিছিল | সেয়েহে অৰ’ভিল কোনো এজন মানুহ বা সংগঠনৰ নামত নহয় |

অৰ’ভিল প্ৰকৃততে মানৱ সমাজৰ বাবে যিজনৰ ঐশ্বৰিক শক্তিৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণ আৰু বিশ্বাস থাকিব | অৰ’ভিল যাতে অতীত আৰু ভবিষ্যতৰ মাজত সেতুবন্ধন হ’ব পাৰে য’ত মানৱ সমাজৰ একতাৰ বাবে আৰু উত্তৰোত্তৰ উন্নতিৰ বাবে অনবৰতে চিন্তা চৰ্চ্চা আৰু গবেষণা হৈ থাকিব | সেয়েহে অৰ’ভিলৰ পৰিবেশটো অতি বেলেগ ধৰণৰ | ইয়াৰ প্ৰত্যেকজন মানুহেই সম্পূৰ্ণ সেৱাৰ মনোভাৱেৰে কাম কৰে | মই জনা মতে বহুতো লৰা ছোৱালীয়ে আশ্ৰমৰ স্কুলতে পঢ়াশুনা কৰি,বাহিৰৰ পৰাও ডিগ্ৰী আদি লৈ আকৌ ইয়ালৈকে ঘূৰি আহি volunteer হিচাবে থাকি ইয়াতে সেৱা আগবঢ়ায় | তাত আমি কিছুমান Electric Cycle দেখিছিলোঁ যিবোৰ তাতেই সজোৱা হৈছিল | অৰ’ভিলৰ হাবিৰ মাজে মাজে থকা সৰু সৰু ৰাষ্টাবোৰত ঘূৰিবলৈ দুচকীয়া বাহনেই আটাইতকৈ সুবিধাজনক |

ইয়াত প্ৰায় ৩৮০০ বাসিন্দা আছে আৰু ক্ৰমান্বয়ে বাঢ়ি গৈ আছে | Township খন কেইবাটাও zone ত ভাগ কৰা হৈছে যেনে_Industrial zone, International zone, Cultural zone, A peace area, Residential zone আৰু Green belt. ইয়াত kindergarten school, school, ৰিচাৰ্চ চেন্টাৰ,Museum of archaeology, dental clinic, health centres, health therapies ,অৰ্গেণিক খাদ্য প্ৰস্তুত কৰিবৰ বাবে ডাঙৰ ১৮খন খেতি পথাৰ ইত্যাদি সকলোধৰণৰ সুবিধাই আছে |

মাতৃমন্দিৰ~~

ভ্ৰমণবিলাসী মানুহৰ বাবে পণ্ডিচেৰী যোৱাৰ অভিপ্ৰায় যদি থাকে তেওঁলোকে অৰ’ভিললৈ নগ’লে এই ভ্ৰমণ কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে |

“মাতৃমন্দিৰ” অৰ’ভিলৰ মাজভাগত থকা Peace Area ত অৱস্থিত | অৰ’ভিলৰ সমাজত মাতৃমন্দিৰৰ বিশেষ স্থান আছে |ইয়াৰ অৰ্ন্তনিহিত অৰ্থ বা অৰ্ন্তৰাত্মাক যেন মাতৃমন্দিৰে প্ৰতিনিধিত্ব কৰিছে | এইটো এনেধৰনৰ এটা অনুষ্ঠান য’ত তাৰ বাসিন্দাসকলে একনিষ্ঠভাৱে পুৱা গধুলি ধ্যান কৰে | মাতৃমন্দিৰটো সৰ্ম্পূৰ্ণ সোনালী ৰঙৰ | সৰু-ডাঙৰ সোনালী ৰঙৰ থালেৰে যেন সজাই থোৱা হৈছে | ৰ’দৰ পোহৰত এইবোৰ সুন্দৰকৈ জিলিকি থাকে আৰু অতি মনোমোহা দৃশ্যৰ সৃষ্টি কৰে | মাতৃমন্দিৰ চাব খুজিলে প্ৰথমেই visitor’s center ত যাব লাগে | ইয়াত অৰ’ভিলৰ photo exhibitionএখন চাব পাৰি আৰু অৰ’ভিলাৰ বিষয়ে সম্যক জ্ঞান আহৰণৰ বাবে যাৱতীয় সকলো কথা তাত থকা ভিডিঅ’ৰ পৰা জানিব পাৰি | আমি প্ৰথমেই visitor’s center লৈ গৈ এই exhibition ইত্যাদি চালো যদিও সেই সময়ত মেৰামতিৰ কাম চলি থকা বাবে মাতৃমন্দিৰৰ ভিতৰলৈ সোমাব নোৱাৰিলোঁ | তথাপিও বিশেষ এটা ঠাইৰ পৰা মাতৃমন্দিৰ চাবলৈ সকলো ব্যৱস্থা আছে | প্ৰায় দুই কিলোমিটাৰ দূৰত থকা view point ৰ পৰা মাতৃমন্দিৰৰ অতি সুন্দৰ ৰূপ দেখা পোৱা যায় | চাৰিওপিনে থকা বাগিছাবোৰে ইয়াত বাৰুকৈয়ে ৰহন চৰাইছে | অৱশ্যে senior citizens ৰ বাবে বাচৰ ব্যৱস্থা আছে |

মাতৃমন্দিৰৰ ভিতৰ চৰাত যাৱৰ বাবে আগদিনাই টিকট কৰি appointment লব লাগে | তাৰ ভিতৰত কোনো ধৰনৰ সামগ্ৰী যেনে: মোবাইল ,বেগ, পানীবটল আদি নিব নিদিয়ে | অৰ’ভিলৰ গাইডে নিৰ্দ্দিষ্ট ঠাইৰ পৰা যাত্ৰীসকলক আগুৱাই লৈ যায় আৰু মাতৃমন্দিৰৰ বিভিন্ন দিশৰ বিষয়ে খৰচি মাৰি জনায় | মাতৃমন্দিৰৰ ভিতৰ চৰা পবিত্ৰ বগা ৰঙেৰে সজোৱা | এই সুন্দৰ শান্তিময় পৰিবেশত সকলোৱে বহি নীৰৱে, নিঃশব্দে meditation কৰে | মাতৃ মন্দিৰৰ একেবাৰে ভিতৰত এটা কৃষ্টল গ্লোৱ আছে য’ত সুৰুযৰ ৰশ্মি পৰি reflection হয় আৰু এই দৃশ্য অতিপাত সুন্দৰ হয় | এই আভাই এক স্বৰ্গীয় অনুভূতিৰ সৃষ্টি কৰে |

ইয়াৰ পিছতে আমি ভিজিৰ্টচ চেন্টাৰৰ হাতৰ কামৰ প্ৰদৰ্শনী চালো |অতি সুন্দৰ মনোমোহা বিভিন্ন ধৰনৰ বেগ,ধুপ আদি নিত্য ব্যৱহাৰৰ সামগ্ৰী ইয়াত বিক্ৰী কৰা হয় | এই সামগ্ৰী সমূহ অৰ’ভিলৰ বাসিন্দা সকলে নিজ হাতে তৈয়াৰ কৰা | Handicraftবোৰৰ দাম অলপ বেচি যেন লাগিলেও এইবোৰ বস্তু কিন্তু বাহিৰৰ জগতত পোৱা নেযায় |” অৰ’ভিল বেকাৰী” আন এটা বিশেষ নাম ,য’ত বিভিন্ন ৰুচিৰ উচ্চ মানবিশিষ্ট বেকাৰী সামগ্ৰী পোৱা যায় | দুপৰীয়া আমি অতি সুন্দৰ আৰু সম্পূৰ্ণ organic আহাৰ খালো | তাত অকল অৰ’ভিলৰ বাসিন্দা সকলৰ বাবে কিছুমান বিশেষ অনুষ্ঠান আছে য’ত অকল তেওঁলোকৰ virtual currency হে চলে |visitor’s center ত ধুনীয়া ধুনীয়া cafe, exhibition আৰু Boutiques আছে |

অৰ’ভিলত ঘুৰিবৰ বাবে দুচকীয়া বাহন অতি উত্তম | হাবিৰ মাজে মাজে লুংলুঙীয়া বাটেৰে চাইকেল চলাই যোৱাৰ মজাই বেলেগ | প্ৰকৃতিৰ কোলাত নিজকে এৰি দি বিভিন্ন ধৰণৰ অভিজ্ঞতা সঞ্চয় কৰিবলৈ যিসকল উত্সাহী তেওঁলোকৰ বাবে অৰ’ভিল অতুলনীয় ঠাই | বিভিন্ন ধৰনৰ হাতেসজা instrument ৰে ভৰি থকা হলঘৰ এটাত এইবাৰ আমি সোমালো | বিভিন্ন বাজনাৰ কোলাহলে আমাৰ মন মুহি পেলালে | প্ৰত্যেকটো instrument বিশেষ পাৰদৰ্শিতাৰে সজোৱা আৰু সুন্দৰভাৱে প্ৰদৰ্শনো কৰিছে |

পিছদিনা ৰাতিপুৱাই আমি অৰ’ভিল বিচ্চলৈ

বুলি ওলালোঁ | সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত বীচ্চখন বৰ ভাল লাগিল | প্ৰায় ত্ৰিশবছৰ আগতে পুৰীলৈ যাওঁতে সাগৰ আৰু সাগৰৰ পাৰ টো যেনেকুৱা পাইছিলো ঠিক তেনে এটা ৰূপকে দেখিবলৈ পায় মনটো বৰ ভাল লাগিল | কিন্তু পিছৰবাৰ পুৰীলৈ যাওঁতে সাগৰৰ পাৰৰ অৱস্থা দেখি মনত বৰ দুখ পালোঁ | ইয়াত মানুহৰ বেচি সমাগম নাছিল বাবে নিজৰ মতে সাগৰৰ ঢৌ ৰ স’তে খেলিলোঁ,কথা পাতিলোঁ | সাগৰৰ পাৰলৈ গ’লেই মই সদায় পৰমেশ্বৰক ধন্যবাদ দিও ,প্ৰভুৰ কি যে অপূৰ্ব্ব সৃষ্টি !! যুগ যুগান্তৰৰ বাবে তাত যেন বহি থাকিম !নাতিনী সানভীয়ে সাগৰৰ ঢৌৰ স’তে জপিয়াই জপিয়াই বহুত সময় খেলিলে |

পিচবেলা আমি পণ্ডিচেৰী অভিমুখে ৰাওঁনা হ’লোঁ | পণ্ডিচেৰীৰ শ্ৰী অৰবিন্দ আশ্ৰম চাবৰ বাবে মোৰ মন ব্যাকুল হৈ আছিল |এই আশ্ৰমৰ বিষয়ে মই বহু কথা শুনিছিলোঁ আৰু পঢ়িছিলোঁ | শ্ৰীঅৰবিন্দ এজন অতি বিদ্বান ব্যক্তি আছিল | তেখেতৰ শিক্ষা জীৱন আৰম্ভ হৈছিল দাৰ্জ্জিলিংত আৰু শেষ হৈছিল কেমব্ৰীজত | ভাৰতলৈ আহি তেখেতে বৰোদাত প্ৰায় ১৪ বছৰ আছিল |সেই সময়তে বেদ,বেদান্ত আদি অধ্যয়ন কৰিছিল | তেখেতে সুন্দৰ কবিতাও লিখিছিল | ভাৰতবৰ্ষত আহি স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল যাৰ ফলত আলিপুৰ চেন্ট্ৰেল জেলত কাৰাবাস খাটিব লগীয়া হৈছিল | কাৰাবাসত থকা সময়তে তেখেতৰ মনত বিভিন্ন ভাৱনাই খলকনি তুলিছিল | যাৰ ফলত তেখেতে পণ্ডিচেৰীলৈ আহি আশ্ৰম পাতি মানব জীৱনৰ উন্নতিৰ অৰ্থে আহোপুৰুষাৰ্থ কৰিছিল | ১৯৪০ চনত মাদাৰ পণ্ডিচেৰীলৈ আহি এই আশ্ৰমত যোগদান কৰে |

সন্ধিয়া আমি শ্ৰী অৰবিন্দ আশ্ৰমত প্ৰবেশ কৰিলোঁ | অতি শান্ত ,নিমাত নিতালএটা পৰিবেশত আমি সোমাই পৰিলোঁ | শ্ৰী শ্ৰী অৰবিন্দৰ সমাধিস্থান–তাত সকলোৱে চকু মুদি শান্তভাৱে মেডিটেচন কৰি আছিল |আমিও কিছুসময় তাত অতিবাহিত কৰি ওলাই আহিলোঁ কাৰন আমাৰ হাতত বেচি সময়ো নাছিল |ইয়াৰ পিছত সমুদ্ৰতীৰত Rock Beach ত কিছুসময় বহি ৰাতিৰ সমুদ্ৰৰ ৰূপ নিৰীক্ষণ কৰিলোঁ |সাগৰ তীৰত শান্ত ,সমাহিত হৈ বহি থকাৰো আনন্দ বেলেগ | এইবাৰ আমি French colony ত ঘূৰি ফুৰি French Architecture r বিনন্দীয়া ৰূপ নিৰীক্ষন কৰি আপ্লুত হ’লোঁ |ৰাতি French hotel ত ডিনাৰ কৰি আমি অৰ’ভিললৈ ঘূৰি আহিলোঁ |

পিছদিনা ৰাতিপুৱা Gaia’s Garden ৰ অতি সুন্দৰকৈ সজাই থোৱা প্ৰতিটো চুক-কোণ চাই আমি আনন্দ উপভোগ কৰিলোঁ | ডাঙৰ গছবোৰত থকা ঝুলনা, ঠায়ে ঠায়ে একোটা মূৰ্ত্তি স্থাপন কৰি ঠাইখিনি সুন্দৰকৈ সজাই থৈছে | মুঠতে অৰ’ভিললৈ যাওঁতে মনেৰে যি কল্পনা লৈ গৈছিলোঁ ,বাস্তৱ ক্ষেত্ৰত তাতকৈয়ো বহুত বেছি কিবাকিবি যেন আমি পালোঁ |তেওঁলোকৰ জীৱন আদৰ্শ বেলেগ ধৰনৰ | সম্পূৰ্ণ মানৱসেৱাৰ ব্ৰততে তেওঁলোক ব্ৰতী | সমস্ত মানৱকুলক একতাৰ বান্ধোনেৰে বান্ধি ভৱিষ্যতৰ দিশে আগুৱাই যোৱাই যেন তেওঁলোকৰ পণ |

 নীলিমা নাথ

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  9  =  27