বিজ্ঞানৰ দৃষ্টিৰে হাঁহি আৰু আমাৰ স্বাস্থ্য : ড০ প্ৰীতিশ চৌধুৰী

ইংৰাজীত এষাৰ কথা আছে ‘Laughter is a good medicine’   অৰ্থাৎ ‘ হাঁহি মহৌষধ’।  বিজ্ঞানৰ দৃষ্টিত সেয়া সত্য বুলিয়ে প্ৰমানিত আজি  এই কথাষাৰ। প্ৰতি বছৰে মে মাহৰ প্ৰথমটো দেওবাৰৰ দিনা ‘ বিশ্ব হাঁহি দিবস’ হিচাবে পালন  কৰা হয়।   সেই কাৰণেই  হয়তো আমাৰ ভাৰত বৰ্ষৰে এজন চিকিৎসক ডা০ মদন কাটাৰিয়াৰ নেতৃত্বত  পোন প্ৰথম বাৰৰ বাবে এই দিবসৰ উদ্ যাপন ১৯৯৮ চনত মুম্বাই নগৰীত অনুষ্ঠিত হৈছিল।  আমাৰ মুখ মন্ডলৰ এনে হাঁহিৰ যোগাভ্যাসৰ দ্বাৰাই তেওঁ বিশ্ব ভাতৃত্ববোধ আৰু ইতি-বাচক চিন্তা ধাৰাৰ এক আন্দোল্ন গঢ়ি তলাৰ প্ৰয়াস কৰিছিল। বৈজ্ঞানিক ভাবেও এতিয়া এয়া প্ৰতিপন্ন হৈছে যে এটা প্ৰাণখোলা হাঁহি  যি তল পেটৰ পৰা ওলাই শৰীৰত কিছু কঁপনি তোলে,  তেনে ধৰণৰ হাঁহি আৰু আমাৰ স্বাস্থৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে।
আমাক হঁহুৱাব পৰা কোনো বন্ধুৰ সংগ, কোনো লেখা বা কাহিনী পঢ়ি অথবা চিনেমা বা টিভি কমেডি চাই ইত্যদি বিভিন্ন উপায়েৰে এনে প্ৰাণখুলি হাঁহিবলৈ কৰা প্ৰচেষ্টাই আমাৰ শৰীৰ আৰু মন দুয়োটাকে দিব পাৰে অনাবিল সুখ আৰু সু-স্বাস্থৰ চাবি-কাঠি। সেয়েহে আজি পৃথিৱীৰ দেশে দেশে বিভিন্ন চহৰবোৰত সম্প্ৰতি এনে ধৰণৰ হঁহাৰ প্ৰয়াসেৰে ‘হাস্য-ক্লাব’ ( Laughter Club) গঢ়ি উঠিছে। নিঃসন্দেহে সাম্প্ৰতিক কালৰ এই যান্ত্ৰিক যুগত এই ‘বিশ্ব-হাঁহি-দিবস’এ এক তাৎপৰ্য়পূৰ্ণ মাত্ৰা বহন কৰিছে।
আজিৰ প্ৰতিযোগিতাৰ দৌৰৰ অতি ব্যাস্ততাপূৰ্ণ জীৱনশৈলীত আজি  যদি  আমি আমাৰ চাৰিওফালে ভালদৰে অনুধাবন কৰোঁ, হয়তো অধিকাংশই  এয়া স্বীকাৰ কৰিব লাগিব যে আমি প্ৰত্যেকেই যেন একো একোটা যন্ত্ৰ হৈ পৰিছোঁ। গাওঁ  অঞ্চলতকৈ চহৰ অঞ্চলত এই পৰিঘটনা যেন ক্ৰমান্বয় বেছি হৈ গৈ আছে। যান্ত্ৰিকতাৰ কবলত আমাৰ বহুতেই আজি সুখ-শান্তিৰ লগতে এটা অতি মূল্যবান বস্তু হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছোঁ।  সেয়াই হৈছে ওপৰত উল্লেখ কৰা এই হাঁহি ।আজি যেন আমি প্ৰায়বোৰেই অন্তৰ খুলি হাঁহিবলৈ পাহৰিছোঁ । অথছ এই মনোবৃত্তিয়ে যে আমাৰ পৰম ধন স্বাস্থ্যৰ ওপৰত কি ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে সেই কথা অনুধাবন কৰিবলৈ বা ভাবিবলৈ চেষ্টা কৰা নাই ।  চিকিৎসা বিজ্ঞানেও সম্প্ৰতি স্বীকাৰ কৰিছে যে এটা প্ৰাণখোলা হাঁহিয়ে আমাৰ শৰীৰত অলৌকিক ভাবে ক্ৰিয়া কৰি আমাৰ শৰীৰক আজিৰ জীৱনশৈলীয়ে সৃষ্টি কৰা বহুতো বেমাৰৰ পৰা ৰক্ষা কৰে । এনে ধৰণৰ জীৱন শৈলীত আমাৰ দেহত সৃষ্টি হোৱা  অত্যন্ত  ক্ষতিকাৰক  চাপ হৰমোন (Stress hormones) বিলাকৰ মাত্ৰা বাঢ়ি গৈ থকাটো নিত্যান্ত স্বাভাবিক । ইয়াৰে ষ্টেৰইড জাতীয় চাপ হৰমোন কৰ্টিচল ( Cortisol) ৰ বৃদ্ধিয়ে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰাৰ উপৰিও শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়া  যেনে হজম প্ৰক্ৰিয়া ( Digestion system) ইত্যাদিত বাধা প্ৰদান কৰে। অন্য হাতে এড্ৰেনেল গ্ৰন্ঠি ( Adrenel Gland) ৰ পৰা নিঃসৰিত হোৱা এড্ৰেনেলিন (Adrenaline) নামৰ চাপ হৰমোন বিধে শৰীৰত চাপ সৃষ্টিৰ সংকেত মগজুলৈ প্ৰেৰণ কৰে।ইয়াৰ ফলত শৰীৰত হৃদ স্পন্দনৰ মাত্ৰা (heart beat) বৃদ্ধি লগতে ৰক্ত চাপ বৃদ্ধি হৈ শৰীৰ ভাৰাক্ৰান্ত হৈ নানা ৰোগৰ চিকাৰ হয় । ইতিমধ্যে কালিফোৰ্নিয়াৰ ল’মা লিন্ডা বিশ্ব-বিদ্যালয়ৰ দুগৰাকী বিজ্ঞানী ক্ৰমে ড০ লী বেৰ্ক ( Dr Lee Berk) আৰু ড০ ষ্টেন্ লি তানৰ (Dr Stanley Tan)  গবেষণাত প্ৰকাশ যে প্ৰাণখোলা হাঁহিয়ে আমাৰ হৃৎপিন্ডৰ তেজ সঞ্চালন প্ৰক্ৰিয়াত সহায় কৰি ষ্ট্ৰোক (Stroke) আৰু হৃদ্-যন্ত্ৰ বন্ধ হোৱা কাৰ্য (Heart attack) প্ৰতিহত কৰে । ইতিমধ্যে  উল্লেখ কৰা চাপ হৰমোন বিলাকৰ নিয়ন্ত্ৰনত হাস্য প্ৰক্ৰিয়াই মহৌষধ হিচাবে কাম কৰে । গবেষণাত প্ৰতীয়মান যে হাঁহিয়ে আমাৰ শৰীৰত প্ৰাকৃতিক ভাবে প্ৰস্তুত হোৱা  এন্ডৰফিন ( Endorphin) নামৰ যৌগবিধে আমাৰ  মন আৰু শৰীৰত ইতি-বাচক অনুভবৰ অৱতাৰণা কৰে যিয়ে মগজুক চাপৰ কু-প্ৰভাবৰ পৰা মুক্ত কৰে । তাৰোপৰি হাঁহিয়ে আমাৰ শৰীৰৰ অতিকৈ জৰুৰী T-কোষ (T-Cell) বোৰক সক্ৰিয় কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধী   ক্ষমতা বঢ়ায়। সঠিক ভাবে কবলৈ গলে আজিৰ তাৰিখত য’ত নেকি কোনো দৰৱেই বিনা মূল্যে পোৱা নেযায়, হয়তো এই হাঁহিয়েই একমাত্ৰ ঔষধ যাক পাবলৈ আমি অকণো খৰচ কৰিব লগা নহয় । বৰ্তমান যুগৰ জীৱনশৈলীৰ পৰিপ্ৰেক্ষিতত আমাৰ শৰীৰত সৃষ্টি হব পৰা বিভিন্ন অসুখ সমূহৰ ভিতৰত মানসিক চাপ, মানসিক অবসাদ, উচ্চ ৰক্ত চাপ আদি কৰি হৃৎপিন্ডৰ নানা অসুখ, শৰীৰৰ ৰোগ-প্ৰতিৰোধী ক্ষমতা-লোপ, মানসিক ভাৰসাম্য হেৰুৱাকে আদি কৰি অকাল বাৰ্দ্ধক্যৰ লক্ষণ আদিয়েই প্ৰধান ।

তাৎপৰ্য পূৰ্ণ কথা এয়ে যে আজি আমি যি সকলে ওপৰত উল্লেখিত তাৰে যি কোনো এটা বা ততোধিক উপসৰ্গত ভোগা যেন লাগিছে, তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে  ‘হাঁহিয়েই মহৌষধ’  কথাষাৰ মনলৈ অনাটো এতিয়া নিত্যান্ত জৰুৰী ।সেয়েহে হয়তো কোৱা হয় ‘ Keep smiling, keep laughing’ যাৰ জৰিয়তে উপৰোক্ত উপসৰ্গবোৰৰ পৰা বহু পৰিমানে  মুক্ত আৰু ইতি-বাচক চিন্তাৰে উদ্জীবিত হৈ  এক সুস্থ আনন্দময় জীৱন যাপনৰ প্ৰেৰণা লাভ কৰিব পাৰোঁ। দেখা যায় হাঁহিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা (immunity) বৃদ্ধি কৰে, মানসিক চাপ কমায়, শক্তি আৰু কাম কৰাৰ ক্ষমতা বঢ়ায়, বয়সৰ চাপ কমোৱাৰ লগতে মনটোও সজীৱ কৰি শৰীৰক উদ্জীবিত কৰি ধৰি ৰখাত সহায় কৰে । ইয়াৰ কাৰণ হ’ল হাঁহিয়ে ইতিমধ্যে উল্লেখিত  আমাৰ মগজুত ধনাত্মক বা ইতিবাচক চিন্তাৰ অৱতাৰণা কৰে । এই খিনিতে উল্লেখ কৰিব পাৰি যে সাধাৰণতে নেতিবাচক বা ঋণাত্মক চিন্তা  ধাৰাই মানুহ অৱসাদ ( Depression), খং-ৰাগ ইত্যাদিৰ চিকাৰ হৈ শৰীৰৰ প্ৰাকৃতিক  ভাবে আহৰণ কৰা ৰোগ-প্ৰতিৰোধী ক্ষমতা হেৰুৱাই অসুখীয়া হৈ পৰে। সেয়েহে এনে হাঁহিয়ে হ’ব পাৰে নেতিবাচক চিন্তাৰ পৰা আমাক আঁতৰাই ৰখাৰ এক অন্যতম মাধ্যম ।

ইয়াৰ উপৰিও গবেষণাত এয়াও প্ৰমান হৈছে যে হাঁহিয়ে আমাৰ শৰীৰৰ  প্ৰাকৃতিক ভাবে মৰি যোৱা কোষবোৰৰ ঠইত নতুন কোষ বৃদ্ধিৰ লগতে এণ্টিবডি (Antibody) ৰ মাত্ৰা বৃদ্ধি কৰি আমাৰ ৰোগ-প্ৰতিৰোধী ক্ষমতা বহু গুণে বৃদ্ধি কৰে । অলপ জোৰকৈ প্ৰাণখোলা হাঁহিয়ে আমাৰ  শৰীৰৰ ৰক্তবাহী ধমনীবোৰ সম্প্ৰসাৰিত হৈ শৰীৰৰ বিভিন্ন অংগবোৰত অক্সিজেন যুক্ত তেজ সৰবৰাহ কৰি শৰীৰ সুস্থ কৰি ৰখাত প্ৰভূত সহায় কৰে ।

হাঁহি এক প্ৰকাৰ যৌগিক অনুশীলন। অন্তৰৰ পৰা অহা নিৰ্মল হাঁহিয়ে আমাৰ মন সুস্থিৰ কৰে আৰু এই প্ৰক্ৰিয়াত আমাৰ চিন্তা-প্ৰক্ৰিয়াও কিছু সময়ৰ কাৰণে ধ্যান সদৃশ অৱস্থা-প্ৰাপ্ত হয়। ইয়েই আমাৰ মানসিক সুস্থিৰতা আনি ইতিমধ্যে উল্লেখিত বিভিন্ন উপসৰ্গ সমূহৰ অবসান ঘটাই জীৱন সুখময় কৰি তুলে । তদুপৰি আমাৰ মুখ মন্ডলৰ মাংসপেশীৰ বাবেও হাঁহিয়ে হ’ব পাৰে উপযুক্ত অনুশীলন । মুখ-মন্ডলৰ মাংসপেশীৰ এনে সঞ্চালনে আমাক বয়সৰ চাপে সহজে আক্ৰমণ কৰিব নোৱাৰা কৰা বাবে দীৰ্ঘ দিনলৈ তৰুণ হৈ থকাৰো সহায়ক হয়। তদুপৰি নানা ধৰণৰ জন্মগত ভাবে অহা ৰোগ যেনে হাঁপানী, মেদ-বহুলতা, ৰাগীয়াল বস্তুৰ প্ৰতি  আসক্তি ইত্যাদি আদিৰো হাঁহিয়ে উপসম ঘটায়।তদুপৰি শাৰীৰিক ভাবে চলা-ফিৰা কৰিব নোৱাৰা ব্যক্তি সকলেও তেওঁলোকৰ হৃৎ-পিন্ডৰ স্বাস্থ্য ভালে ৰাখিবলৈ এনে হাঁহিয়েই হ’ব পাৰে উপযুক্ত অনুশীলন।

পৰিশেষত কব পাৰি যে আমাৰ এমোকৰা প্ৰাণ-খোলা হাঁহিয়ে আমাক দিব পাৰে এটা সুস্থ স্বাস্থ্যবান শৰীৰ। আজিৰ এই অতি মাত্ৰা যান্ত্ৰিক যুগৰ পৰা হোৱা বিভিন্ন স্বাস্থ্য হানিকাৰক উপসৰ্গ সমুহৰ পৰা মুক্তি পাবলৈ এই হাঁহিয়েই হব পাৰে আমাৰ মহৌষধ। সেয়েহে দেশে দেশে বিভিন্ন চহৰবোৰত এতিয়া গঢ় লৈ উঠা ‘হাস্য -ক্লাববোৰত আবাল-বৃদ্ধ-বনিতা সবেই প্ৰাণ খুলি হাঁহি নিজকে চাপ মুক্ত কৰি ৰখাৰ প্ৰয়াসত ব্ৰতী হোৱা দেখা গৈছে ।এয়া সঁচা যে অনেক সময়ত নানা ঘাত- প্ৰতিঘাতে আমাৰ জীৱন দূৰ্বিসহ কৰি তোলাটো খুবেই স্বাভাবিক । কিন্তু তাৰ  মাজতো   হাঁহিৰ  মাজেৰে আমি চকুলোৰে মালা গাঁথি হয়তো জীয়াই থকাৰ সমল বিচাৰি পাব পাৰোঁ। আমাৰ ৰসৰাজ বেজবৰুৱাইও তেওঁৰ বিভিন্ন ৰসাল লেখনিবোৰৰ জৰিয়তে হাঁহিৰ খোৰাক যোগাবলৈ প্ৰয়াস কৰাৰ কথা আমাৰ সকলোৰে জ্ঞাত।
আমাৰ হাঁহিয়েই আমাৰ শৰীৰ তথা মুখ-মন্ডলত পৰিস্ফুট  কৰে   আমাৰ মানসিক অৱস্থাৰো । সেয়ে হয়তো গীতিকাৰেও লিখিছে –

‘মনৰ বিজুলী নহলে কিয়নো চকুত বিজুলী লাগে,
হাঁহিৰে ফুলাম নহলে কিয়নো খোপাতে ফুলাম লাগে ‘

গতিকে আহঁক আমি সঙ্কল্প লওঁ- নিজেও হাঁহো আৰু আনকো হঁহুৱাই সু-স্বাস্থেৰে আনন্দময় জীৱনৰ প্ৰয়াস কৰোহোঁক …..

Leave a Reply

Your email address will not be published. Required fields are marked *

62  ⁄    =  31