প্ৰায়বোৰ তৈল শস্যৰ খেতি ৰবি বতৰত কৰা হয় যদিও বাৰিষা কালত কৰিব পৰা তিল খেতি হ’ল এক গুৰুত্বপূর্ণ শস্য ৷ অসমত বিস্তাৰিতভাবে তিলৰ খেতি কৰা নহয় যদিও ঠায়ে ঠায়ে নদীৰ পাৰৰ পলসুৱা মাটিত বা বিভিন্ন চৰাঞ্চলত তিলৰ খেতি কৰা দেখা যায় ৷ গ্ৰীষ্মকালীন খেতি হিচাপে বিশেষকৈ চৰ অঞ্চলত ইয়াৰ খেতি কৰা হয় ৷ তিল খেতিক সাধাৰণতে অনুন্নত দেশৰ দখীয়া কৃষকৰ খেতি বুলি গন্য কৰা হয় ৷ কম উপাদান আৰু কম খৰচতে কৰিব পৰা তিল হ’ল এক অন্যতম সুস্হ–সবল খেতি ৷ খৰাং সদৃশ বতৰ, উচ্চ তাপমাত্ৰাত বা বাৰিষা বৰষুণ একেবেৰে কমি যোৱাৰ পিচত মাটিত থকা জীপৰ সহায়ত ই অনায়াসে জীয়াই থাকিব পাৰে ৷ এনেদৰে বিভিন্ন আহুকাল পৰিবেশত উপান্ত কৃষকে তিল খেতি কৰিব পাৰে বাবে ইয়াক “বর্তি থকা” শস্য হিচাপে অভিহিত কৰা হয় ৷
তিলৰ ব্যৱহাৰ :
তিলৰ বীজ খোৱা তেলৰ এক অন্যতম উৎস ৷ বীজত থকা তেলৰ পৰিমাণ ৪৬ – ৫২ শতাংশ ৷ এই তেল ৰন্ধন প্ৰণালীত ব্যবহাৰ হোৱাৰ উপৰিও বিভিন্ন সুগন্ধি তেল, দৰব আদি প্ৰস্তুতকৰণত ব্যবহাৰ হয় ৷ অসমৰ প্ৰায়বোৰ মানুহে নানা ধৰণৰ লাৰু–পিঠা, উৎসৱ–পার্বন আনকি মুখৰোচক চাতনি আদি বোনোৱাত তিল ব্যবহাৰ কৰি আহিছে ৷ তিলৰ খলিহৈ প্ৰটিন, কার্বহাইদ্ৰেট আৰু খনিজ লৱন বিশেষকৈ কেলছিয়াম আৰু ফচফ’ৰাছৰ এক প্ৰধান উৎস ৷ আনকি গৰু–মহৰ খাদ্য হিচাপেও খলিহৈ ব্যবহাৰ কৰিব পাৰি ৷
বতৰ আৰু মাটি :
যদিও তিল খেতি বর্ষাকালীন আৰু গ্ৰীষ্মকালীন হিচাপে কৰিব পৰা যায় তথাপি কেবাদিনো ধৰি অহা নেৰা নেপেৰা বৰষুণ বা দীর্ঘদীন ধৰি হোৱা খৰাং বতৰ এই খেতিৰ বাবে অনুকল নহয় ৷ বর্ষাকালীন শস্যৰ বতৰত কেতিয়াবা অতিপাত বৰষুণৰ বাবে বীজ সিঁচাত পলম হয় ৷ সিঁচিলেও বীজবোৰ গজালি মেলাৰ পিচত গজালি নষ্ট হোৱাৰ লগতে গা–গছ ৰঙা পৰি মৰি যায় ৷ সেইবাবে তিল খেতি কৰা মাটিডৰা ৰ’দ পৰা, পানী ওলাই যোৱাৰ সুবিধা কৰা ওখ ঠাই হ’ব লাগে ৷ বালিচহীয়া মাটি এই খেতিৰ বাবে উত্তম ৷
জাত নির্বাচন :
বর্ষাকালীন জাত : কম দিনত অর্থাৎ ৭০–৮০ দিনীয়া জাতৰ ভিতৰত মাধবী, গৌৰী, বিনায়ক অন্যতম ৷ আনহাতে ৯০ –৯৫ দিনৰ ভিতৰত কৰিব পৰা জাত হ’ল এছ. টি–১৬৮৩, পঞ্জাব তিল নং –১, নগাওঁ তিল নং–১ আদি ৷
গ্ৰীষ্মকালীন জাত : টি. চি. –২৫ আৰু বিনায়ক ৷ এই দুয়োটা জাতৰে কৃষিকাল হ’ল ৯৫–১০০ দিন ৷
পথাৰ প্ৰস্তুতি : পথাৰ প্ৰস্তুতিৰ কাম ১৫–২০ দিন মান আগৰ পৰা কৰিব লাগে যাতে পথাৰত থকা জাবৰ–জোঁথৰবোৰ ভালদৰে পচি জৈবিক সাৰলৈ পৰিবর্তন হয় ৷ মাটিডৰা ভালদৰে ৩–৪ বাৰ হাল বাই ভালদৰে মৈয়াই সমান কৰি ল’ব লাগে ৷ হাল বোৱাৰ আগতে বিঘাই প্ৰতি ১০ ৰ পৰা–১৫ কুইণ্টল শুকান গৰুৰ গোবৰ বা পচন সাৰ প্ৰয়োগ কৰি ল’ব লাগে ৷
সাৰ প্ৰয়োগ : এবিঘা তিল খেতিৰ বাবে ইউৰিয়া ৯ কেজি, চুপাৰ ১৯ কেজি আৰু পটাছ ৫ কেজি বীজ সিচাঁৰ আগতে প্ৰয়োগ কৰি ভালদৰে মাটিৰ সৈতে মিহলি কৰি দিব লাগে ৷
বীজৰ পৰিমাণ আৰু সিচাঁ পদ্ধতি :
বর্ষাকালীন হিচাপে কৰিব খুজিলে বীজ সিচাঁৰ সঠিক সময় হ’ল জুলাই মাহৰ ১৫ তাৰিখৰ পৰা আগষ্ট মাহৰ ১৫ তাৰিখলৈ ৷ আনহাতে গ্ৰীষ্মকালীন শস্য হিচাপে কৰিলে বীজ সিচাঁৰ উপযুক্ত সময় হ’ল ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা মার্চ মাহৰ ১৫ তাৰিখ ৷ এবিঘা মাটিৰ বাবে ৫৫০ গ্ৰাম বীজৰ প্ৰয়োজন ৷ বীজবোৰ মাটিৰ ১ ইঞ্চি গভীৰতাত সিচিঁব লাগে ৷ ২০ দিন মান পিচত ঘনকৈ গজা পুলিবোৰ ১৫ চে.মি. আতৰত পাতলাই দিব লাগে ৷
Author:
Mr. Pinkudhar Barman
Subject Mater Specialist (Agronomy)
KVK Barpeta