জুকুভেলীৰ সবিশেষ – Rituraj Basanta

জুকুভেলী যাবলৈ এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে ভাল সময়৷ তাৰোপৰি ডিচেম্বৰ পৰা জানুৱাৰী মাহৰ মাজ ভাগলৈকেও যাব পাৰে৷

জুকুভেলী যোৱাৰ আগত

১) দৈনিক দুই-তিনি কিমি খোজ কঢ়াৰ অভ্যাস কৰক৷

২) যদি চিগাৰেট সেৱন কৰে তেন্তে দুদিন মানলৈ ত্যাগ কৰক

লগত কি কি নিব?

১) ৰেইন কোট এযোৰ, ছাতি লোৱাতকৈ বেছি সুবিধাজনক ৷

২) ভাল জোতা, Decatholon ১২০০ টকা মানত পাব৷

৩) মোজা দুযোৰ

৪) খুকুৰী জাতীয় এখন ৷৷ প্ৰয়োজনত জংঘল কাটিবলৈ ৷

৫) ৰেডবুল এটা, Ors দুটা মান, বিস্কুট, Dry fruits, চকলেট অলপ মান৷ Snickers কেইটা মান ল’লে বেছি ভাল৷

৬) এযোৰ গৰম কাপোৰ

৭) Power bank

৮)টৰ্চ লাইট এটা

৯)চেণ্ডেল এযোৰ

১০) আপোনাৰ লগত নিয়া বেগতো বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ পলিথিন জাতীয় কভাৰ লৈ ল’ব৷

১১)অলাগতিয়াল বস্তু নিনিয়াই ভাল৷ যিমান পাৰে পিঠিৰ বেগটোত কম বস্তু লৈ যাবলৈ চেষ্টা কৰক৷

কেনেকৈ যাব –

১) নিজৰ ব্যক্তিগত বাহন লৈ আনিলে কহিমালৈকে যাব পাৰিব৷ কহিমাৰ পৰা টাটা চুমু ল’ব লাগিব৷

২) ব্যক্তিগত বাহন নানিলে, ডিমাপুৰলৈ বাছ বা ট্ৰেইনত আহিব লাগিব৷ ডিমাপুৰ পৰা কহিমা গাড়ী পাই যাব ৷ অথবা ভাৰা কৰিও যাব পাৰিব৷

৩) মটৰ চাইকেল নিয়া সকলেও কহিমালৈকে যাব পাৰিব৷ তাৰোপৰি জুকু ভেলী যোৱা পথত জাখামাতো মটৰচাইকেল থৈ যাব পাৰে৷ কিন্তু নিৰাপদ ঠাই কহিমাহে৷ ৰিক্স ল’ব বিচাৰিলে থৈ যাব পাৰে৷

৪) জুকু ভেলি যাবলৈ একেবাৰে পুৱাতে ওলাব৷ যিমানে দেৰি কৰিব সিমানেই আপোনালোকৰ লোকচান৷

৫) জুকু ভেলি যাবলৈ দুটা পথ আছে৷ প্ৰথমটো হৈছে জাখামা হৈ, এই পথটো যথেষ্ট ৰোমাঞ্চকৰ, থিয় থিয় শিলৰ পাহাৰ বগাব লাগিব৷ সময় অলপ বেছি লাগিব৷ ৫/ ৬ ঘন্টা লাগিব৷

দ্বিতীয় পথতো ভিচেমা হৈ, বেছি কষ্টকৰ নহয়, সময়ো কম লাগিব৷ ৪/৫ ঘন্টা ৷

চুমু গাড়ীয়ে আপোনাক ভিচেমা লৈকে থৈ আহিব৷

প্ৰথমে জাখামা, তাৰ পাছত ভিচেমা পাবা৷

চুমুত ৭ জন উঠিব পাৰিব৷ চুমুত অহা যোৱা ভাড়া ৪০০০( চাৰি হাজাৰ) টকা ৷

৬) খোজকাঢ়ি গৈ প্ৰথমে জুকু ভেলি বেচ্ কেম্প পাব৷ তাতে থকা খোৱাৰ ব্যৱস্হা আছে৷

তাৰ পৰা জুকু ভেলীলৈ এক/ ডেৰ ঘন্টা লাগিব৷

আপোনালোকে বেচ কেম্পত থাকি পিচদিনা ৰাতিপুৱাই জুকুভেলী চাবগৈ পাৰে৷

টেন্টও ভাৰাত পোৱা যায়৷

৭) জুকু ভেলীৰ পৰা অহা দিনা ৰাস্তাত নেটৱৰ্ক পাওঁতেই চুমু ড্ৰাইভাৰক ফোন কৰি আনুমানিক সময়তো কৈ থ’ব৷ তেতিয়া চুমু খন আগতীয়াকৈ ৰৈ থাকিব৷ সময়ো বাছিব৷

৮) জুকু ভেলীত নেটৱৰ্ক নাপাই৷ বাটতহে পাব৷ ঠায়ে ঠায়ে৷ মূল ঠাইত নাপাই৷

৯) প্ৰয়োজন হ’লে গাইডো নিব পাৰে৷ কিন্তু ইমান প্ৰয়োজন নহয়৷ অহৰহ দেশী বিদেশী পৰ্যটক অহা যোৱা কৰি থাকে৷

ক’ত ক’ত কিমান খৰচ হ’ব:

১) ILP এজনৰ ১৪০ টকা৷ পাচপৰ্ট ফটো দুখন আৰু ভোটাৰ কাৰ্ড অথবা ড্ৰাইভিং লাইচেঞ্চ ৰ Xerox.(পাৰিলে আগতীয়াকৈ লগত লৈ যাব, তাত ফটো তোলা আৰু Xerox অধিক টকা আৰু সময় নষ্ট হয়৷

২)ILP ৰ বাবে বৰ্তমান Online সেৱা উপলব্ধ ৷

২)ডিমাপুৰৰ পৰা কহিমালৈ ২২০ ৰ পৰা ২৫০টকা ভিতৰত৷

২) কহিমাত হোটেলত এজনৰ ভাড়া ৫০০ পৰা ৮০০ৰ ভিতৰত৷

৩) ভাত ১৫০ -২০০ ভিতৰত ( আমিষ)

৪) জুকুলৈ চুমু সেৱা অহা যোৱা ৪০০০ টকা৷

৫) জুকু ভেলি বেচ কেম্পত

Entry fees :১০০ টকা,

মেগ্গী: ৬০ টকা,

লাল চাহ ৩০ টকা,

নিৰামিষ ভাত: ২০০ টকা,

গাৰু: ৫০ টকা,

কম্বল :৫০ টকা,

মেটৰেচ-৫০ টকা

তাৰোপৰি নিজে বনাই খাবলৈ বাচন -বৰ্তন, Sleeping bag ,টেন্ট আদি ভাড়াত পোৱা যায়৷

জুকু ভেলী যাবলৈ ট্ৰেভেল এজেন্সীৰ লগতো যোগাযোগ কৰিব পাৰে

The Bohemians
Contact No: 7002296009

Author: ঋতুৰাজ বসন্ত

Leave a Reply

Your email address will not be published. Required fields are marked *

2  +  4  =