কম সম্পদৰ ব্যৱহাৰ, অধিক উৎপাদনৰ বাবে ধানৰ “শ্ৰী” (SRI) পদ্ধতি

কৃষিক ভিত্তি কৰিয়েই অসমৰ অর্থনৈতিক বুনিয়াদ গঢ়ি উঠিছে ৷ অসমত শতকৰা প্ৰায় ৭০ জন লোকেই কৃষিৰ ওপৰত নির্ভৰ কৰি জীবিকা নির্বাহ কৰে ৷ বর্ধিত জনসংখ্যাৰ প্ৰয়োজনীয় খাদ্যৰ জোৰা মাৰিবলৈ আজিৰ কৃষকে কম মাটিতে অধিক উৎপাদন কৰিব লগা হৈছে ৷ অধিক উৎপাদনৰ বাবে কৃষকসকলে নিতৌ নতুনকৈ আৱিষ্কৃত প্ৰযুক্তি বিদ্যা আৰু  কৌশলসমূহ গ্ৰহন কৰিব লগা হৈছে ৷ কিন্তু পৰিতাপৰ কথা যে এই প্ৰযুক্তি বিদ্যা আৰু কৌশলসমূহৰ সঠিক ব্যবহাৰ আৰু প্ৰয়োগ বিধিৰ জ্ঞান আমাৰ বহুত কৃষকৰে নাই ৷ কম সম্পদ ব্যৱহাৰ কৰি ধান খেতিৰ উৎপাদন বঢ়োৱাৰ অন্য এক উল্লেখযোগ্য কৌশল হ’ল ‘শ্ৰী’ পদ্ধতি ৷
 

কি এই ‘শ্ৰী’ পদ্ধতি ?
‘শ্ৰী’ (SRI) পদ্ধতিৰ সম্পূর্ণ অর্থ হ’ল – System ofv Rice Intensification ৷ অসমীয়াত কোৱা হয় ধান খেতিৰ প্ৰবলীকৰণ পদ্ধতি ৷ ১৯৬০ চনৰ আৰম্ভনীতে ফৰাচী কৃষি বিজ্ঞানী হেন্ৰি দি ল’লানিয়ে (Henri De Laulanie) মাদাগাস্কাৰত শ্ৰী পদ্ধতিৰ সূচনা কৰিছিল ৷ কিন্তু ১৯৮৩ চনতহে এই পদ্ধতিৰ সুফলসমূহ স্বীকৃতি পাবলৈ সক্ষম হয় ৷ এই পদ্ধতিত মাটি, পানী, গছ আৰু মাটিত থকা মৌলসমূহৰ এক বিশেষ ব্যৱস্হাপনা কৰা হয় বাবে গছ নিৰোগী, স্বাস্হ্যবান হয় আৰু মাটিৰ গুনাগুণ বৃদ্ধি পায় ৷ মাদাগাস্কাৰত আবিষ্কাৰ হৈছিল বাবে শ্ৰী পদ্ধতিক মাদাগাস্কাৰ পধতি বুলিও কোৱা হয় ৷
 

শ্ৰী পদ্ধতিৰ প্ৰসাৰ :
নৰমান উফহফ (Norman Uphoph) নামৰ বিজ্ঞানীজনৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতে শ্ৰী পদ্ধতিয়ে মাদাগাস্কাৰৰ পৰা পৃথিবীৰ অন্য দেশলৈ ১৯৯৩ চনত প্ৰসাৰ লাভ কৰে ৷ সম্প্ৰতি এই পদ্ধতি চীন, ইন্ডোনেছিয়া, কম্বোডিয়া, থাইলেন্ড, বাংলাদেশ, শ্ৰীলংকা, ভাৰত আদি দেশলৈ বিস্তৃতি লাভ কৰিছে ৷ ভাৰতত প্ৰথমে ২০০৩ চনত অন্ধ্ৰপ্ৰদেশত এই পদ্ধতিৰে ধান খেতি কৰা হৈছিল ৷ অন্ধ্ৰপ্ৰদেশৰ ২২ খন জিলাৰ প্ৰায় ১০,০০০ কৃষকে শ্ৰী পধতিৰে ধান খেতি কৰি যথেষ্ট ফলবতী হৈছিল ৷ সম্প্ৰতি বিশ্বৰ প্ৰায় ১,০০০০০ত কৈয়ো অধিক কৃষকে এই পদ্ধতিৰে খেতি কৰাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি আছে ৷ পলমকৈ হ’লেও ৰাসায়নিক ভিত্তিত কৰা কৃষক আৰু উপান্ত কৃষকসকলেও এই পদ্ধতিৰ সহায়ত খেতি কৰি লাভান্বিত হোৱা দেখা গৈছে আৰু লাহে লাহে দেশৰ প্ৰায় সকলো ৰাজ্যতে শ্ৰী পদ্ধতিয়ে প্ৰসাৰ লাভ কৰিছে ৷
 

শ্ৰী পধতিৰ মূল বৈশিষ্ট
১৷ মূল খেতি পথাৰত প্ৰতিটো গোছাত এডালকৈ কঠীয়া ৰোপন কৰা হয় ৷
২৷ কম বয়সৰ ৮-১২ দিনীয়া কঠীয়া মূল পথাৰত ৰুৱা হয় ৷
৩৷ কঠীয়া পাতলকৈ অর্থাৎ দুটা শাৰীৰ মাজত ২৫ চে.মি. আৰু দুটা গোছাৰ মাজত ২৫ চে.মি.ব্যবধান ৰাখি বর্গাকৃতিত ৰুব লাগে ৷
৪৷ ৰাসায়নিক সাৰৰ পৰিবর্তে জৈবিক সাৰৰ প্ৰয়োগৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় ৷ জৈবিক সাৰৰ প্ৰয়োগৰ ফলত মাটিৰ গুনাগুন ভাল ওৱাৰ উপৰিও গছবোৰ স্বাস্হ্যবান হয় বাবে পোক-পৰুৱা আৰু বেমাৰৰ আক্ৰমন কম হোৱা দেখা যায় ৷
৫৷ খেতিডৰা পানীৰে উপচাই দিয়াৰ পৰিবর্তে জীপাল কৰিহে ৰখা হয় বাবে পানী যোগানৰ খৰচ কমে ৷
৬৷ চক্ৰকোৰৰ সহায়ত বনবাতৰ নিৰণিকৰণ সুনিশ্চত কৰা ৷

বিশেষ কঠীয়াতলীত কঠীয়াৰ উৎপাদন :
কঠীয়াতলীখন ওখ হ’ব লাগে ৷ তলীখন ১ মি. বহল আৰু নিজৰ সুবিধাজনক দৈর্ঘৰ (১০ মি.) হ’লে ভাল ৷ মনত ৰাখিব কঠীয়াতলীখন সদায় মূল খেতিপথাৰৰ ওচৰত হোৱা উচিত ৷ কঠীয়াতলীখন ওখ কৰিবলৈ হ’লে চাৰিওফালৰ পৰা অকনমান মাটি উঠাই দি সমান কৰিব লাগে ৷ বৰষুণ বা অন্য কাৰণত তলীখনৰ পৰা যাতে মাটি খহি যাব নোৱাৰে তাৰবাবে তলীখনৰ চাৰিওফালে কলপটুৱা, বাহ-কাঠ বা অন্য বস্তুৰে বান্ধি দিব লাগে ৷ কঠীয়াতলীৰ প্ৰথমটো তৰপত ১ ইঞ্চি ডাঠকৈ তলৰ ফালৰ পৰা শুকান গোবৰ দিব লাগে ৷ তাৰ পিছৰ তৰপটোত ২ ইঞ্চি ডাঠকৈ মাটি, তৃতীয় তৰপটোত আকৌ ১ ইঞ্চিৰ ডাঠকৈ গোবৰ আৰু শেষত ৬ চে.মি. ডাঠকৈ মাটিৰ তৰপ দিব লাগে ৷ প্ৰতিটো তৰপ এনেদৰে মিহলাই দিব লাগে যাতে কঠীয়াৰ শিপাবোৰ মাটিৰ ভিতৰলৈ সহজতে সোমাই যায় ৷ কঠীয়াতলীত বীজ সিঁচাৰ পিছত বীজবোৰ চৰাই-চিৰকতিয়ে খাব নোৱাৰাকৈ বা ৰ’দ বৰষুণত নষ্ট নোহবলৈ ধান খেৰেৰে আবৰি দিব লাগে ৷ এক হেক্টৰ মাটিৰ বাবে মাত্ৰ ৫ কি.গ্ৰা. বীজৰহে প্ৰয়োজন হয় ৷ ৫ কি.গ্ৰা. বীজ সিঁচাৰ বাবে ১০০ বর্গ মি. মাটি বা প্ৰতি বর্গ মিটাৰ মাটিত ২০ গ্ৰাম বীজ সিঁচিব লাগে ৷ কঠীয়াৰ বয়স ৮-১২ দিন হোৱাৰ লগে লগে মূল খেতি পথাৰত ৰোপনৰ দিহা কৰিব লাগে ৷ কঠীয়া তোলাৰ পিছত ৩০ মিনিটৰ ভিতৰত কঠীয়াবোৰ ৰুব লাগে ৷ কঠীয়া তোলতে মন কৰিব লাগে যাতে কঠীয়াৰ শিপাত ধানটো লাগি থাকে ৷ কিয়নো কঠীয়াবোৰে ঠন ধৰি নুঠালৈকে এই ধানটোৰ পৰাই নিজৰ প্ৰয়োজনীয় খাদ্য গ্ৰহন কৰে ৷
 

মূল খেতিপথাৰত কঠীয়াৰ ৰোপন :
পৰম্পৰাগতভাবে কৰা ধানখেতিৰ দৰেই শ্ৰী পদ্ধতিটো একেদৰে মাটি প্ৰস্তুত কৰা হয় ৷ মাটিডৰা এনেদৰে হাল বাই মৈয়াব লাগে যাতে পানী সমানে প্ৰয়োগ কৰিব পাৰি ৷ প্ৰতি ৩ মিটাৰ দূৰত্বত ৩০ চে.মি. বহল নলা খান্দি দিব লাগে যাতে অতিৰিক্ত পানীভাগ খেতিপথাৰৰ পৰা ওলাই গলেও নলাটোত থাকি যায় ৷ তেতিয়া প্ৰয়োজনীয় সময়ত এই নলাৰ পানী তলে তলে ধান গছৰ শিপাই আহৰণ কৰিব পাৰে ৷ লাইন টানিবলৈ মার্কাৰ ব্যবহাৰ কৰা হয় ৷ মার্কাৰ নিজেও বনাই ল’ব পাৰি ৷ এডাল কাঠৰ মাৰিত নিজৰ সুবিধা অনুসৰি ২৫ চে.মি. আতৰে আতৰে ফুটা কৰি তাত আন আন সৰু কাঠৰ মাৰি লগাই ল’ব লাগে ৷ এতিয়া বোকা কৰি লোৱা মাটিত দুয়োফালে মার্কাৰেৰে আঁচ টানিব লাগে ৷ তুলি অনা কঠীয়াবোৰ এডাল এডালকৈ ১.২ চে.মি. মাটিৰ গভীৰতাত ২৫ চে.মি. দূৰত্বত বর্গক্ষেত্ৰ আকাৰত ৰুব লাগে ৷
 

জলসিঞ্চন ব্যৱস্হাপনা :
ভাৰতৰ কৃষকে সাধাৰণতে তিনিটা পানীজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় যেনে ১) পানী কেনেকৈ বচাব লাগে, ২) পানীৰ উপযোগীতা কেনেকৈ বঢ়াব আৰু ৩) কেনেকৈ কম পানী ব্যৱহাৰ কৰি অধিক উৎপাদন পাব পাৰি ৷
আমাৰ এটা বদ্ধমূল ধাৰণা আছে যে ধান হ’ল জলজ উদ্ভিদ আৰু ই পানীতহে ভালকৈ বাঢ়ে ৷ কিন্তু ধান জলজ উদ্ভিদ নহয়, ই মাথোন পানীত অনাসায়ে জীয়াই থাকিব পাৰে ৷ যদি অনবৰতে পথাৰত পানী অধিক পাৰিমাণে থাকে তেন্তে ধানগছে ইয়াৰ শিপাত বায়ুমোনা উৎপন্ন কৰিবলৈ অধিক শক্তি ক্ষয় কৰে ৷ যাৰ বাবে গছৰ বৃদ্ধি বাধাগ্ৰস্ত হয় ৷ সেয়েহে পথাৰত পানীৰ গভীৰতা কমাব লাগে ৷

  • ৰোপনৰ পিছত এনেকৈ পানীৰ যোগান ধৰিব লাগে যাতে মাটি জীপাল হৈ থাকে ৷
  • মূল পথাৰখন ফুল নোলোৱালৈকে মাজে মাজে পানী দি মাজে মাজে শুকান কৰি ৰাখিব লাগে যাতে শিপাৰ চাৰিওফালে বায়বীয় পৰিবেশ সৃষ্টি হয় ৷ এনে কৰিলে শিপাবোৰ সক্ৰিয় হৈ থাকিব আৰু গছবোৰ লৌহ বিষক্ৰিয়াৰ পৰা ৰক্ষা পৰিব ৷
  • পৰম্পৰাগত ধানখেতিত যিমান পৰিমাণৰ পানীৰ দর্কাৰ তাতকৈ আধা পৰিমাণৰ পানী শ্ৰী পদ্ধতিত প্ৰয়োজন হয় ৷

সুষম সাৰৰ প্ৰয়োগ :
শ্ৰী পদ্ধতিত পৰিপুষ্টি যোগান ধৰা হয় জৈবিক সাৰ প্ৰয়োগৰ দ্বাৰা ৷ প্ৰতি হেক্টৰ মাটিৰ বাবে ৭-১০ টনকৈ গৰুৰ গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে ৷
•    প্ৰয়োজন সাপাক্ষে প্ৰতিবিঘা মাটিত ৪ কি.গ্ৰামকৈ জীবাণুসাৰ কঠীয়া ৰুৱাৰ ২৫-৩০ দিন পিছত টপদ্ৰেচিং কৰিলে উৎপাদন বাঢ়ে ৷
•     সেউজসাৰ দিব পাৰিলে আৰু ভাল ৷ কিয়নো এনে সাৰৰ প্ৰয়োগে মাটিত থকা অনুজীবৰ ভিন্নতা আৰু সংখ্যা বঢ়ায় ৷ ফলত অনুজীবৰ কার্যদক্ষতা বৃদ্ধি পায় বাবে উৎপাদন বাঢ়ে ৷
•     ৰাসায়নিক সাৰ দিব লগা হ’লে পৰম্পৰাগত ধান খেতিত প্ৰয়োগ কৰা ইউৰিয়া, চুপাৰ আৰু পটাচ সাৰৰ ৪ ভাগৰ এভাগ প্ৰয়োগ কৰিয়েই আশানুৰুপ সুফল পোৱা যায় ৷
•    জিংক চালফেট বিঘাই প্ৰতি ৩ কি.গ্ৰা. দিব লাগে ৷
 

বনবাত নিয়ন্ত্ৰণ :
আমি জানো যে পানীৰে ভৰপূৰ মাটিত বনবাতৰ প্ৰাদুর্ভাব কম ৷ শ্ৰী পদ্ধতিত বনবাতৰ উপদ্ৰপ বেছি যিহেতু মূল খেতিডৰা বুৰাই ৰখা নহয় ৷ ধান ৰুৱাৰ ১৫ দিন পিছত এবাৰ আৰু তাৰ পিছত ১৫ দিনৰ মূৰে মূৰে অতি কমেও ২ বাৰ চক্ৰকোৰৰ দ্বাৰা দীঘে-পথালীয়ে বনবাত নিৰণি দিব লাগে ৷ চক্ৰকোৰেৰে বনবাত নিৰণি দিলে ধানগছৰ শিপাই অধিক বায়ু পোৱাৰ উপৰিও জাবৰ-জোঁথৰবোৰ পচি মাটিত মিহলি হয় বাবে মাটিত জৈবিক সাৰ অতিৰিক্ত ভাবে জমা হয় ৷
 

বেমাৰ আৰু পোক-পতংগ :
ব্লাষ্ট বেমাৰ : বেভিষ্টিন দৰবৰ ১ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই কঠীয়া পৰাৰ ৩০ দিন পিছত (পোখা মেলা সময়ত) স্প্ৰে কৰিব লাগে ৷
চিথ ব্লাইট : ইন্দোফিল দৰবৰ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ২৫ দিনৰ মূৰে মূৰে প্ৰয়োগ কৰিব লাগে ৷
ধানৰ মজাখোৱা, চৰহা পোক, পাত মেৰিওৱা, টুপলিকটা পোক, বিছা পোক, গান্ধী পোক আদি নিয়ন্ত্ৰণৰ বাবে ক্লৰ’পাইৰিফচ দৰব (ট্ৰাইচেল) ২ মি.লি. এক লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ৷ মালাথিয়ন ৫ শতাংশ গুড়ি বিঘাই প্ৰতি ৩ কি.গ্ৰা. হিচাপত ছতিয়াই দিব লাগে ৷
উৎপাদন : ভালদৰে নীতি নিয়মসমূহ পালন কৰি খেতি কৰিলে এক হেক্টৰ মাটিৰ পৰা গঢ় হিচাপত ৮ টন পর্যন্ত উৎপাদন আশা কৰিব পাৰি ৷

শ্ৰী পদ্ধতিৰ লাভজনক দিশসমূহ :
১৷ বীজৰ পৰিমাণ কম ৷ এক হেক্টৰ মাটিৰ বাবে ৫-১০ কি.গ্ৰা. বীজৰ প্ৰয়োজন ৷
২৷ পানীৰ পৰিমাণ ২৫-৫০ শতাংশ কমকৈ লাগে ৷
৩৷ কম ৰাসায়নিক সাৰ আৰু দৰবৰ প্ৰয়োজন ৷
৪৷ অধিক উৎপাদন ৷ এজোপা গছৰ পৰা ৮০টা পর্যন্ত পোখা ওলায় ৷
৫৷ গছ নিৰোগী আৰু স্বাস্হ্যবান হয় বাবে পোক-পৰুৱা আৰু বেমাৰৰ আক্ৰমণ কম হয় ৷
৬৷ শস্যকাল ১০ দিনমান কমকৈ লাগে ৷

শ্ৰী পদ্ধতি আৰু পৰম্পৰাগত কৃষি পদ্ধতিৰ মূল পার্থক্যসমূহ :

 শ্ৰী পদ্ধতি    পৰম্পৰাগত কৃষি পদ্ধতি
এবিঘা মাটিৰ বাবে ৬০০-৭০০ গ্ৰাম বীজৰ প্ৰয়োজন    এবিঘা মাটিৰ বাবে ৬-৭ কি.গ্ৰা. বীজৰ প্ৰয়োজন
কঠীয়াৰ বয়স ৮-১২ দিন    কঠীয়াৰ বয়স অতিকমেও ৩৫-৩০দিন
এটা গোছাত ১ডাল কঠীয়া ৰুৱা হয় এটা গোছাত ৩-৪ ডাল কঠীয়া ৰুৱা হয়
কঠীয়া উঠোৱাৰ ৩০ মিনিটৰ সময়ৰ ভিতৰত ৰুৱা হয়    খেতিয়াবা কঠীয়া ৩-৪ দিনলৈকে ৰুৱা হয়
কঠীয়া যত্ন সহকাৰে খান্দি উঠোৱা হয় বাবে কমকৈ আঘাতপ্ৰাপ্ত হয় কঠীয়া জোৰকৈ উভালি উঠোৱা হয় বাবে কঠীয়া অনিষ্ট হোৱাৰ সম্ভাবনা বেছি
পথাৰ সেমেকা কৰি ৰখা হয় পথাৰত সদায় ৫ চে.মি. বন্ধ পানী ৰখা হয়

Author:
Pinkudhar Barman
Subject Matter Specialist(Agronomy)
KVK Barpeta

One thought on “কম সম্পদৰ ব্যৱহাৰ, অধিক উৎপাদনৰ বাবে ধানৰ “শ্ৰী” (SRI) পদ্ধতি

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  58  =  62