খিড়িকি – ম’নালিছা নাথ

মন গ’লেই সতকাই খিড়িকিখন খুলি দিব নোৱাৰি।
-আজি বছৰ জোৰা বিৰতি ;-বিস্মৃত বিক্ষোভৰ কঢ়াঁল ধৰা মামৰ ।
খিড়িকিৰ খিলি, বাটাম্ , কল-কব্জাত অনুযোগৰ শেলুৱৈ। শীৰ্ণ ফাট্ বোৰত দৃপ্ত আঁহত পুলি !
 
অথচ, খিড়িকি খন খুলিব পাৰিলেই-নিৰ্মল হ’ব আবদ্ধ আকাশ।
 
হয়তোবা লগ পাম -অদূৰৈত আমজোপালৈ ফৰ্মুটিয়াই থকা নতুবা চেমিজ পিন্ধি টিঘিলঘিলাই থকা মোৰ শৈশৱ।
 
নীলা খামৰ চিঠি লৈ তোমালৈ বুলি বাট চাই ৰ’ই থকা মোৰ কৈশোৰেও চাগৈ মোক দেখি মুৰ তুলি চাব!
 
-তুমি ও তো ৰ’ই থাকিব পাৰা !  -তপ্ত হৃদয়েৰে এথোপা ফুল আৰু আদৰৰ আৰক সাঁচি-।
-আকৌ সঁজাল হ’ব এমা- ডিমা দুটিৰে তোলা মোৰ জালী লতাৰ শিহৰি!!
 
কাষ চাপি আহিলেহে দেখো,
-খিড়িকিত অভিমান অন্বিত অনুযোগৰ শেলুৱৈ ক্ৰমান্বয়ে বাঢ়ে !
 
-ঔজ্বল্যৰ উদ্ধতালি সহিব  ও যে এবুকু সাহসৰ প্ৰয়োজন !! 
 
✍️ম’নালিছা নাথ ।
 
(শব্দাৰ্থ : *বিস্মৃত–স্মৃতিৰ পৰা নোহোৱা হৈছে ,  *বিক্ষোভ–অতিশয় ক্ষোভ ,   *দৃপ্ত–দৰ্প যুক্ত ,    *আৰক– নিৰ্যাস ,কোনো বস্তুৰ বিশুদ্ধ ৰস,    *সঁজাল–ঠন, জঁই পৰাৰ পিছত পুলিয়ে ধৰা শ্ৰী ,    *এমা- ডিমা –নিচেই সৰু, কেঁচুৱা ,       *জালী–কুমলীয়া,  *শিহৰি–চাৰুলীয়া শিপা,   *অন্বিত–সম্পৃক্ত,  *অনুযোগ–অভিযোগ,   *ঔজ্বল্য –উজ্বলতা, প্ৰখৰতা,    *উদ্ধতালি–ধৃষ্টতা)

Leave a Reply

Your email address will not be published. Required fields are marked *

45  −  38  =