শস্য ৰক্ষাত অপতৃণ আকন গছৰ ভূমিকা

আকন গছ আমি সকলোৱে দেখিছো ৰাষ্টাৰ কাষ, ৰেলৰ আলি মানুহৰ বাৰীৰ পিছফালে আকন গছ প্ৰচুৰ পৰিমাণে দেখা পোৱা যায় ইয়াৰ ডাল, পাত আনকি ফলৰ পৰা  গাখীৰৰ দৰে বগা আঠাজাতীয় পদার্থ (তৰুক্ষীৰ) নি:সৰিত হয় এই তৰুক্ষীৰ মানুহৰ চকুত কেনেবাকৌ লাগিলে চকু কনা হয় বুলি আমাক সৰুতে ককা, দেউতাতে কৈছিল আকন গছৰ বৈজ্ঞানিক নাম Calotropis spp. আৰু Asclepiadaceae পৰিয়ালৰ অন্তর্ভুক্ত প্ৰজাতি দুটা C. gigantea আৰু C. procera শৰীৰ সম্বন্ধীয় বিজ্ঞান মতে আকন গছ এবিধ বহুবর্ষীয় জোপোহা গছ ইয়াক মানুহে পূজাপার্বনত ব্যবহাৰ কৰে ইয়াৰোপৰি জৈব কীটনাশক দৰব, বননাশক দৰব প্ৰস্তুতকৰণত, বেমাৰআজাৰ নিৰাময়ত ব্যবহাৰ কৰা হয় আকনৰ ফুল গনেশ পূজা আৰু হনুমান পুজাতো ব্যবহৃত হয় শস্য ৰক্ষাত আকন গছ কিদৰে ব্যবহাৰ হয় সেই সম্বন্ধে চমুকৈ আলোচনা কৰা

কীটনাশক দৰব হিচাপে আকন গছ

এমহীয়া বয়সৰ আকন গছৰ পৰা ওলোৱা আঠাজাতীয় পদার্থবিধ কুঁহিয়াৰ খাতিত প্ৰয়োগ কৰিলে মিলিবাগ আৰু পাত শুহি খোৱা পোকৰ উপদ্ৰপ দিনৰ ভিতৰতে নিয়ন্ত্ৰণ কৰিব পৰা যায় উইৰ দ্বাৰা আক্ৰান্ত কোনো খেতিত যদি আকনৰ পাত চতিয়াই দিলে পোকপৰুৱাৰ পলুবোৰ পাতবোৰৰ প্ৰতি আকর্ষিত হয় আৰু একেলগে থুপ বান্ধি থাকে এই থুপ বান্ধি থকা পলুবোৰ গোটাই লৈ মাৰি পেলাব লাগে আলু যেতিয়া গুদামত দম কৰি থৈ দিয়া হয়, তেতিয়া আলুবোৰ এন্দুৰ, নিগনিৰ আক্ৰমণৰ পৰা বচাবলৈ গুদামৰ চাৰিওফালে আকনৰ পাত চতিয়াই দিব লাগে

অন্য গছৰ আৰকৰ সৈতে মিহলি কৰি কীটনাশক দৰব হিচাপে আকনৰ ব্যবহাৰ

. কি.গ্ৰা. পচতীয়া পাতৰ গুড়ি, সোনাৰু পাতৰ গুড়ি, শিৰিষ পাতৰ গুড়ি আৰু কি.গ্ৰা. আকনৰ পাতৰ গুড়ি ২০ লিটাৰ পানীত মিহলাই আধা ঘণ্টাৰ বাবে উতলাই লওক উতলাই লোৱা মিশ্ৰণটো চেকি লৈ ১০০ লিটাৰ পানীত মিহলি কাৰি ধান আৰু নাৰিকল খেতিত প্ৰয়োগ কৰিলে বিভিন্ন পোকপৰুৱাৰ আক্ৰমণৰ পৰা বচাব পাৰি
. আকনৰ পাত কি.গ্ৰা. ১০ লিটাৰ গৰুৰ মূত আৰু লিটাৰ পানীত বনোৱা মিশ্ৰণটো মাটিৰ পাত্ৰ এটাত পৰা দিনলৈ থৈ দিয়ক তাৰ পিছত মিশ্ৰনটো পৰিশ্ৰুতকৰণ কৰি লৈ ৮০ লিটাৰ পানীত মিহলাই পাতল কৰি লাগে এই মিশ্ৰনটো প্ৰয়োগ কৰি যিকোনো বিছাজাতীয় পোকৰ আক্ৰমণ ৰোধ কৰিব পাৰি

. দুমহীয়া বয়সৰ আকন গছৰ আৰক (extract) আৰু ৫০ গ্ৰাম ইউৰিয়া লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰনটো ঘেঁহু, বার্লি, আৰু বুটমাহৰ বীজ শোধন কৰিলে উই পোকৰ আক্ৰমন হ্ৰাস পায় আনকি এনেদৰে প্ৰস্তুত কৰা দৰবে মাটিত থকা কেচুৰ ওপৰত কোনো বিৰূপ প্ৰভাব নেপেলায়

. আকন, নিম আৰু কেকটাচৰ ডাল, পাত আদি একেলগে ধাননি পথাৰত প্ৰয়োগ কৰিলে ধানৰ পাতৰ ৰস শুহি খোৱা পোক যেনে চৰহা পোক, টুপলিকটা পোক আদিৰ পলুৰ সংখ্যা ৰোধ কৰিব পাৰি

বননাশক দৰব হিচাপে আকন গছ

আকন গছক যদিও অপতৃণ হিচাপে বিপজ্জনক বুলি ভবা হয় তৎসত্বে ইয়াক অন্যান্য অপতৃণ নিয়ন্ত্ৰণত ব্যবহাৰ কৰা হয় আকন গছৰ ডাল সৰু সৰুকৈ কাটি বৰষুণৰ পানী যোৱা নলাত প্ৰয়োগ কৰিলে জোৱাৰ খেতিৰ অতি বিপজ্জনক বনষ্ট্ৰিগা শ্ৰীবৃদ্ধি আৰু বিকাশত বাধা জন্মায় বৰষুণ দি থাকিলে এই ব্যবস্হাতো কেবাবাৰো প্ৰয়োগ কৰিব লাগে অপতৃণ চাঙেৰী টেঙা (Marsilea quadrifolia) নিয়ন্ত্ৰণ কৰিবলৈ আকনৰ ( C. gigantea ) প্ৰজাতিটো সেউজ সাৰ হিচাপে ব্যবহাৰ কৰিব লাগে এনে কৰিলে গাগছৰ পৰা নি:সৰণ হোৱা টেনিন জাতীয় পদার্থই অপতৃণ নাশ কৰাত সহায় কৰে

আকন গছৰ দুয়োটা  গোত্ৰ অন্তর্ভুক্ত (Asclepiadaceae ) পৰিয়ালৰ মূল চৰিত্ৰ ইয়াৰ পৰা গাখীৰৰ দৰে ওলোৱা তৰুক্ষীৰ (latex) এই তৰুক্ষীৰত ফাইটকেমিকেল উপাদান যেনে গ্লুকচাইদচ (glucosides), এচক্লেপিয়াদিন (asclepiadin), পেৰিপ্লচিন (periplocin) আৰু এলকালয়দ টাইলফৰিন (tylophorine) থাকে এই পৰিয়ালৰ বেছিভাগ গোত্ৰই ঔষধি গুণৰ দিশৰ পৰা গুৰুত্বপর্ণ বিশেষকৈ কেলট্ৰপিছ প্ৰজাতি এই গছৰ পাত আৰু গাগছৰ পৰা ওলোৱা তৰুক্ষীৰত বহুতো যৌগ যেনে এলকালয়দ সমৃদ্ধ হৈ থাকে তদুপৰি কীটনাশক হিচাপে ব্যবহাৰ হোৱাৰ উপৰিও বহুতো বেমাৰআজাৰ নিৰাময়ত সহায় কৰে গাগছৰ ৰস অকলে বা আন উপাদানৰ সৈতে মিহলি কৰি কীটনাশক দৰব হিচাপে ব্যবহাৰ কৰিলে  অতি ভাল ফল পোৱা যায় আকনৰ উভয় প্ৰজাতিৰে ঔষধি গুণ একে যদিও প্ৰজাতি (C. procera ) পৰা ওলোৱা তৰুক্ষীৰ অতি বিষাক্ত হিচাপে পোৱা গৈছে এইবিধ প্ৰজাতি বেক্টেৰিয়া আৰু ভেঁকুৰৰ বিপৰীতে ক্ৰিয়া কৰিব পাৰে বাবে ঘাঁ বা আন ক্ষতবিক্ষত স্হানৰ উপশমৰ বাবে বহুলভাবে ব্যবহাৰ কৰিব পাৰি

আকন গছ যিকোনো ক্ষয়িষ্ণু (degraded land) বা ৰাষ্টাৰ দাতি আদিত অতি সুন্দৰকৈ হোৱা দেখা যায় আৰু শস্যক আক্ৰমণ কৰা বহুতো কীতপতংগ, ৰোগ আদিৰ পৰা উদ্ভব পৰা সমস্যাৰ পৰা মুক্ত কৰে এইখিনিতে এটা প্ৰশ্ন মনলৈ আহে যে বহুগুণ সম্পন্ন আকন গছ শুকান অঞ্চল (arid region) বাবে এবিধ উপকাৰী শস্য পাৰেনে ? সেয়েহে বিজ্ঞানীসকলে মানুহৰ জীবনত আকন গছৰ সম্ভাব্য ব্যবহাৰৰ ওপৰত ইতিমধ্যে অনুসন্ধান চলাই আছে সামৰণিত পাৰি যে শুকান অঞ্চলসমূহ বহন ক্ষমতা আটাইতকৈ বেছি সংকটৰ সন্মুখীন হৈছে, সেই ঠাইসমূহত  অকন গছৰ নিছিনা নতুন শস্যৰ চিনাক্ত কৰি অন্তর্ভুক্ত কৰিব লাগিব

 

Author:

Pinkudhar Barman
Subject Matter Specialist(Agronomy)
KVK Barpeta

Leave a Reply

Your email address will not be published. Required fields are marked *

23  −    =  18