অসম চৰকাৰৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম প্ৰকৃতাৰ্থত কিমান সফল – শিৱাশীষ শৰ্মা

উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া । অদম্য সম্ভাৱনা থকা উত্তৰ পূৰ্বাঞ্চলৰ এক স্বৰ্ণিল ৰাজ্য অসম , বিভিন্ন সময়ত অসমৰ পৰা ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰত উজ্জ্বল নক্ষত্ৰ হিচাপে সমগ্ৰ বিশ্বত বিদ্যমান হৈছে । উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা নথকাৰ স্বত্বেও এই খন অসমৰ পৰা বিভিন্ন সময়ত ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈ সকল আগুৱাই যাবলৈ সক্ষম হৈছে। কিন্তু সাম্প্ৰতিক সময়ত অসম চৰকাৰ খনে ক্ৰীড়াৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিব লাগিছিল সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰত উপযুক্ত আন্ত:গাঠনিৰ অভাৱ আৰু চৰকাৰৰ অৱহেলাৰ ফলশ্ৰুতিত ক্ৰীড়াৰ ক্ষেত্ৰত অসম পিছপৰি যোৱা পৰিলক্ষিত হৈছে। বক্সিঙ ৰিং নথকা স্বত্বেও লাভলীনা বৰগোহাঁই দৰে খেলুৱৈ অসমবাসীয়ে পাবলৈ সক্ষম হৈছে সেইটো আমাৰ বাবে গৌৰৱৰ কথা , নয়নমনি শইকীয়া, ৰিয়ান পৰাগ , উমা চেত্ৰী কে প্ৰমুখ্য কৰি এই খন অসমত ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিভাৰ অভাৱ নাই। ঠিক একেদৰে সাংস্কৃতিক দিশৰ ক্ষেত্রত অসম বহু আগবঢ়া। কিন্তু বৰ্তমান সময়ত অসম চৰকাৰে গ্ৰহণ কৰা খেল মহাৰণ ,সাংস্কৃতিক মহাসংগ্রাম আকৌ অমৃত কলহ, অমৃত বৃক্ষ এই কাৰ্য্যসূচী সমূহ প্ৰকৃতাৰ্থত জনমুখী হয়নে? এই কাৰ্য্যসূচী সমূহে প্ৰকৃতাৰ্থত অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ নতুন আলোড়ন সৃষ্টি কৰিব পাৰিব নে ? এই দিশ সমূহ বৰ্তমান সময়ত চৰ্চা কৰাটো অতি গুৰুত্বপূৰ্ণ কিয়নো এই কাৰ্য্যসূচী সমূহৰ নামত কোটি কোটি টকা খৰচ কৰিছে সেই টকা সমূহ আমাৰ অৰ্থাৎ জনসাধাৰণৰ । কিছুদিন ধৰি সামাজিক মাধ্যমৰ বহুল চৰ্চিত কিছুমান বিশেষ ভিদিঅ’ সমূহে বাৰুকৈ ভাৱিবলৈ বাধ্য কৰাইছে সাংস্কৃতিক মহাসংগ্রাম এটা নিৰ্বাচনী ইস্তাহাৰৰ বাহিৰে অন্য একো নহয়। কোটি কোটি টকা খৰছ কৰি অনুষ্ঠিত কৰা খেল মহাৰণ সম্পূৰ্ণৰূপত বিফল প্ৰতিচ্ছবি দাঙি ধৰিছে, উপযুক্ত প্ৰশিক্ষণ প্ৰদান নকৰাকৈ যেতিয়া ছাত্ৰ-ছাত্ৰী সকলৰ কেৱল মাত্ৰ সংখ্যা বঢ়াই চমক সৃষ্টি কৰিবলৈ উঠিপৰি লাগিছে । গ্ৰাম্য অঞ্চল সমূহত এখন উপযুক্ত খেল পথাৰ নথকাৰ স্বত্বেও সেই অঞ্চল সমূহৰ পৰা খেলুৱৈ বিছৰা আৰু অপ্ৰিয় হলেও সত্য পাহাৰত কাছ কণী বিছৰা একেই কথা। গ্ৰাম্য অঞ্চলটো বহুত দূৰৰ কথা নগৰ অঞ্চল সমূহতো উপযুক্ত এখন ষ্টেডিয়ামৰ অভাৱত প্ৰতিভাৱান খেলুৱৈ সকল থমকি ৰ’ৱ লগা হৈছে তেওঁলোকৰ সপোনবোৰ কলিতে মৰহি গৈছে। থিকে একেদৰে ”সাংস্কৃতিক মহাসংগ্রাম” নামটো থিকেই দিছে কিন্তু সাংস্কৃতিক মহাসংগ্রামৰ যোগেদি প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী সকলক নতুন দিশত আগুৱাই নিয়াৰ যি চেষ্টা কৰিছে সেইয়া প্ৰশংসাৰ বিষয় । কিন্তু গানৰ সা ৰে গা মা পা নিশিকোৱাকৈ ভূপেন্দ্ৰ সঙ্গীত, ৰাভা সঙ্গীত, জ্যোতি সঙ্গীত কি আদি দিশ সমূহ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পৰ্যালোচনা নকৰাকৈ গানৰ প্ৰতিযোগিতা পাতি সেই কালজয়ী গীত সমূহ সম্পূৰ্ণ ভূলভাৱে উপস্থাপন কৰি অসমৰ সাংস্কৃতিৰ প্ৰতি বিৰূপ প্ৰভাৱ পেলাইছে। সাংস্কৃতিক মহাসংগ্রাম প্ৰকৃতাৰ্থত সফল কৰিবলৈ অসমৰ সকলো অঞ্চলতে সংগীত, নৃত্য আদিৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব যাৰ যোগেদি ছাত্ৰ-ছাত্ৰী সকলে সংগীত, নৃত্যৰ সামান্যতম জ্ঞান লাভ কৰিব অন্যথা ৰাজকোষৰ ধন অপচয় কৰাৰ বাহিৰে অন্য একো নহয়। থিক একেদৰেই ক্ৰীড়াৰ ক্ষেত্ৰত অসমত নতুন বিপ্লৱ সূচনা কৰিবলৈ অসমত ক্ৰীড়াৰ আন্তঃগাঁঠনি উন্নত কৰিব লাগিব লগতে উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে প্ৰকৃতাৰ্থত অসমত থকা সুপ্ত প্ৰতিভাৰ সমূহ বিকাশ হব । বৰ্তমান সময়ত অসম চৰকাৰ খনে কেবলমাত্ৰ সাংস্কৃতিক মহাসংগ্রাম আৰু খেল মহাৰণৰ যোগেদি জনসাধাৰণৰ মাজত সোমাই নিৰ্বাচনৰ আগতীয়াকৈ প্ৰচাৰ চলাম বুলি চিন্তা চৰ্চা কৰাহে আমাৰ পৰিলক্ষিত হৈছে।
শিৱাশীষ শৰ্মা,স্নাতকোত্তৰ প্ৰথম সান্মাষিক,গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ, ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয় (তাৰ্কিক)

Leave a Reply

Your email address will not be published. Required fields are marked *

55  +    =  58