ধানৰ বৌখা চবকা পৰা বেমাৰ (Sheath Blight) : Ankur Protim Borah

উষ্ণ জলবায়ুৰ (২৮-৩০⁰ চেলচিয়াছ) লগতে বেছি আৰ্দ্ৰতা (৮০-১০০%) থকা পৰিৱেশত আৰু অধিক পৰিমাণে নাইট্ৰ’জেন যুক্ত সাৰ প্ৰয়োগ কৰা খেতিত এইবিধ বেমাৰে আক্ৰমন বেছিকৈ কৰে।
পথাৰডৰাৰ পানীৰ ঠিক ওপৰ অংশত সেউজীয়া মটীয়া ৰঙৰ দাগ পৰে। দাগবোৰ ডিম্বাকৃতিৰ বা অৰ্ধচন্দ্ৰ আকৃতিৰ (১-৩ চে: মি: দীঘল)। এই দাগবোৰ ক্ৰমান্বয়ে ইটোৰ লগত সিটো লগ লাগিব ধৰে আৰু পাতৰ কাষ পৰ্য্যন্ত বিয়পি পৰে আৰু সাপৰ গাৰ দৰে অবয়ৱ এটাৰ সৃষ্টি কৰে। পাতৰ আৱৰণীত ভেকুঁৰ জাতীয় গুটিও দেখিবলৈ পোৱা যায় । গা-গছৰ দাগবোৰ লগ হৈ গোটেই পোখাৰ পানীৰ ওপৰৰ অংশৰপৰা পতাকা পাতটোলৈকে বিয়পি পৰে।
প্ৰতিকাৰ:-
প্ৰতিৰোধী জাতৰ ব্যৱহাৰ কৰিলে কিছু পৰিমাণে এইৰোগৰ পৰা হাত সাৰিব পাৰি। যেনে-ৰঞ্জিত, বাহাদুৰ, পিয়লি, কুশল, লখিমী, পংকজ মনোহৰশালিত এই ৰোগ কম হয়।
প্ৰথমবাৰ লক্ষণ দেখা পোৱাৰ লগে লগে টাটা আয়ন নামৰ দৰৱ প্ৰতি লিটাৰ পানীত ১ গ্রাম মিলায় এবাৰ স্প্ৰে কৰিলে সুন্দৰ ফলাফল পোৱা যায়। নাইবা, লক্ষণ দেখা পোৱাৰ লগে লগে টাটা কণ্টাফ নামৰ দৰৱ প্ৰতি লিটাৰ পানীত ১ মিলিটাৰ মিলায় ১০দিনৰ অন্তৰালত দুবাৰ স্প্ৰে কৰিব পাৰি।
মাটিত থকা উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি কৰিব পাৰিলেও এই বেমাৰ বিধে কমকৈ আক্ৰমন কৰা দেখা যায়। মাটিত বিঘা প্ৰতি শুকান গোবৰ সাৰ ১.৫ টন বা সেউজ সাৰ ৮০০কেজি অথবা টাটা জীয়গ্ৰীন ১৫০কেজি ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে উপকাৰী অণুজীৱৰ সংখ্যাও বৃদ্ধি হয়।

One thought on “ধানৰ বৌখা চবকা পৰা বেমাৰ (Sheath Blight) : Ankur Protim Borah

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  1  =  4