কম দিনত চপাব পৰা শালি ধানৰ জাত আৰু ইয়াৰ উন্নত কৃষি পদ্ধতি – পিংকুধৰ বর্মন

ধান খেতি অসমৰ মূখ্য শস্য ৷ আহু, বাঁও, বৰো ধানৰ খেতি অসমত কিছু পৰিমাণে কৰা হয় যদিও শালি ধানৰ খেতিয়েই অসমৰ কৃষকৰ  সবাতকৈ আদৰৰ খেতি ৷ শালি ধানৰ প্ৰতি আছে কৃষকৰ দুর্বাৰ আকর্ষণ আৰু ইয়াৰ ওপৰতেই সকলো কৃষকে নির্ভৰ কৰে ৷ এই চাৰিবিধ ধানৰ খেতিৰ ভিতৰত অকল শালিধানেই মুঠ ধানখেতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ দখল কৰি আছে ৷ গতিকে আমাৰ ৰাজ্যৰ মুঠ উৎপাদিত ধানৰ এক বৃহৎ অংশ শালি খেতিৰ পৰা উৎপাদিত হৈছে ৷ কৃষি ক্ষেত্ৰত প্ৰতিদিনে ন-ন কৌশল উদ্ভাবন তথা ব্যবহাৰ হোৱাৰ দৰে শালি খেতিটো নানা ধৰণৰ প্ৰযুক্তি উদ্ভাবিত হৈছে ৷ বিশে্ষকৈ নিতৌ নতুন আবিস্কৃত ধানৰ জাত সমূহে এক উল্লেখযোগ্য ভূমিকা গ্ৰহন কৰিছে ৷ বিশেষকৈ এনে কমদিনত চপাব পৰা জাত ওলাইছে যিবোৰৰ খেতি লগালে সেই একেডৰা মাটিতে অন্য এটা ৰবি শস্য লগাই আর্থিকভাবে অধিক লাভবান হব পৰা যায় ৷ এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই কথিকাত শালি ধানৰ বিষয়ে এনে কিছুমান সৰু সৰু অথচ অতিকৈ গুৰুত্তপূর্ণ কৌশল আলোচনা কৰা হৈছে যাৰ দ্বাৰা কৃষক ৰাইজ অলপ হ’লেও উপকৃত হ’ব ৷
জাত নির্বাচন
বীজ শোধন
কঠিয়াতলীৰ যতন
মূল খেতিপথাৰ প্ৰস্তুতি
কঠিয়া ৰোপণ
বনবাত নিৰণিকৰণ
পানীৰ ব্যবস্হাপনা
সাৰ প্ৰয়োগ
বেমাৰ নিয়ন্ত্ৰন ব্যবস্হা
পোক –পৰুৱাৰ নিয়ন্ত্ৰণ

জাত নির্বাচন

  • আপোনাৰ অঞ্চলত বা কৃষি জলবায়ু পৰিবেশৰ বাবে অনুমোদিত আতাইতকৈ উপযুক্ত উন্নত জাতবোৰ বাচি লওক ৷ এনে ক্ষেএত আপুনি সময়মতে কৰিব পৰা অধিক উৎপাদনক্ষম কম দিনীয়া ১৩০-১৩৫ দিনত চপাব পৰা জাত যেনে শ্ৰাবনী, নবীন আদি জাত লব পাৰে ৷ এই জাত দুটা ললে ধান কটাৰ পিছত সেই মাটিডৰাতে অন্যান্য ৰবি শস্য যেনে সৰিয়হ, মচুৰ ডাল, কলাই মাহ, মটৰ আৰু অন্যান্য শিতকালীন শাক পাচলিৰ খেতি অনায়াসে কৰিব পাৰি ৷ আনহাতে প্ৰবল বানপানীৰ পিচত কৰিব পৰা ৯০-১০০ দিনত চপাব পৰা জাত যেনে লুইত, কপিলী, দিচাং আদিৰ খেতি কৰিব পাৰে ৷ এনে ক্ষেত্ৰত ২০-২৫ দিনীয়া কুমলীয়া কঠিয়া ভাদৰ শেষলৈকে ৰুব পাৰি অথবা গজালি ওলোৱা বীজ বোকামাটিত একে সময়লৈকে সিচিঁও কৰিব পাৰি ৷ শেহতীয়া ভাবে ট্ৰিপুৰাত অবস্হিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে অতি কম দিনতে অর্থাৎ ১২০ দিনতে চপাব পৰা শালি ধানৰ উচ্চ উৎপাদনক্ষম জাত ত্ৰিপুৰা চিকন উদ্ভাবন কৰি উলিয়াইছে ৷ অসমতো এই জাতটোৰ খেতি কৰি বিশেষকৈ বৰপেটা, কামৰূপ গ্ৰাম্য জিলাত সন্তোষজনক উৎপাদন পাবলৈ সক্ষম হৈছে ৷ অবশ্যে ইয়াৰ বীজ এতিয়াও পর্যাপ্ত নহয় ৷
  • আনহাতে আজিকালি কৃষকসকলে ধানৰ বর্ণ সংকৰ জাতৰ খেতি কৰা হৈছে ৷ বর্ণ সংকৰ জাতৰ খেতি কৰিলে কেবাটাও সুবিধা পাব পাৰি ৷ এই জাতৰ খেতি কম দিনতে অর্থাৎ ১৩০ৰ পৰা ১৩৫ দিনৰ ভিতৰত চপাব পৰা যায় বাবে সেই মাটিডৰাৰ অন্য এটা ৰবি শস্য লগাব পৰা যায় ৷ তদুপৰি উৎপাদনো যথেষ্ট পোৱা যায় ৷ বীজৰ পৰিমাণ কম ৷ এবিঘা মাটি ৰুবৰ বাবে মাত্ৰ ২কেজিবীজৰ প্ৰয়োজন ৷ অর্থাৎ বীজৰ খৰচ বহু পৰিমাণে কমে ৷ কৃষকসকলে বর্ণ সংকৰ জাত যেনে এৰাইজ ৬৪৪৪ গোল্ড, ইউ. এচ-৩১২, ইন্দম ২০০-০১৭, ইন্দম ২০০-০২২, পান ২৪২৩ আদি জাতবোৰৰ খেতি কৰিব পাৰে ৷ পথাৰত পোৱা অভিজ্ঞতাৰ পৰা আমি দেখিছো যে এই জাতসমূৰ খেতি কৰি কৃষক যথেষ্ট লাভান্বিত হৈছে ৷

বীজ শোধন : আপুনি যিমানে পার্যমাণে খেতিডৰাৰ পৰিচর্যা বা যত্ন নলওক কিয় বীজ বেয়া হ’লে আপোনাৰ শ্ৰম অথলে যাব ৷ ভাল বীজৰ পৰাহে  সবল আৰু মজবুত কঠিয়া পোৱা যায় ৷ আনহাতে ভাল কঠিয়া হ’লেহে ভাল শস্যৰ গছ পোৱা যায় ৷ বীজবোৰ পানীত ডুবাই চাফা কৰি লব ৷ বীজবোৰ সদায় শোধন কৰি ল’ব লাগে ৷ কেতিয়াও মৰাপাটৰ বস্তা বা মুখ বন্ধ মোনা খাল, বিল, পুখুৰী আদিত ডুবাই নথব ৷ এনে কৰিলে পতানবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰে ৷ ফলত বেয়া বা খুতি পোকে খোৱা বীজবোৰ পানীৰ পৰা ওলাই যাব নোৱাৰে ৷ এতেকে দুর্বল বীজৰ পৰা  দুর্বল কঠিয়াহে পোৱা যায় ৷ বীজ শোধনৰ ক্ষেত্ৰত  বেভিষ্টিন বা কেপটাফ বা থিৰাম বা ট্ৰাইচাইক্লাজল দৰবৰ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীৰ হিচাপত মিহলাই বীজবোৰ ২৪ ঘণ্টা তিয়াই ৰখাৰ পিছত ৪৮ ঘণ্টা গাপ দি ৰাখিব ৷ সাধাৰণতে দেখা যায় যে বহু কৃষকে বীজ শোধন নকৰে বাবে মূল খেতি পথাৰত নানা ধৰণৰ বেমাৰ আজাৰ আৰু পোক পৰুৱাৰ আক্ৰমন হোৱা দেখা যায় ৷

কঠিয়াতলীৰ যতন

  • কঠিয়াতলী সদায় মূল ক্ষেতি পথাৰৰ ওচৰত হ’ব লাগে ৷ ভালদৰে হাল বাই মাটিডৰা ভূৰ-ভূৰীয়া কৰি ল’ব ৷ বনবাত মুক্ত কৰিব ৷
  • আগতীয়াকৈ পচাই লোৱা বীজ কঠিয়াতলীত সিঁচি দিয়ক ৷ পাণী জমা নোহোৱাৰ বাবে কঠিয়াতলীখন ওখ কৰিব ৷ পানী ওলাই যোৱাৰ বাবে নলাৰ ব্যবস্হা কৰিব ৷ বীজতলীখন ১.২৫ মি. বহল, ১০ মি. দীঘল আৰু ১০-১৫ ছে.মি. ওখ হ’লে ভাল ৷ এনেকুৱা আকৃতিৰ কঠিয়াতলীৰ বাবে ২০-৩০ কিলো গোবৰ বা পচন সাৰ, ৮০ গ্ৰাম চুপাৰ ফচফেট আৰু ৪০ গ্ৰাম পটাচ সাৰ প্ৰয়োগ কৰিব ৷ ১ হেক্টৰ মাটিত ধান ৰোৱাৰ বাবে ১০০০ বর্গ মি. কঠিয়াতলীত ৪০-৪৫ কি.গ্ৰা. বীজ আৰু বর্ণ- সংকৰ জাতৰ বাবে ১৫ কি.গ্ৰা. বীজ সমানে ছটিয়াব ৷ কঠিয়াতলীত খৰাং পৰিস্হিতি হোৱা যেন দেখিলে কঠিয়াতলীৰ মাজত থকা নলাবোৰেৰে পানী সুমুৱাই দিয়া দর্কাৰ ৷ ঠিক তেনেকৈ পানী জমা হলেও নলাবোৰেৰে উলিয়াই দিব পাৰি ৷ মন কৰিব কঠিয়াতলীত পানী জমা হৈ থাকিলে কঠিয়াৰ শিপাবোৰ চুটি হয় ৷
  • পথাৰত মজাখোৱা, গলমিজ (পিয়াজী পোক), চৰহা আদি পোকৰ প্ৰতিষেধক হিচাপে কঠিয়াবোৰ তোলাৰ ৭ দিন মান আগতে ফুৰাদন ৩ জি দৰবৰ প্ৰতি বর্গ মিটাৰত ৩ গ্ৰামকৈ প্ৰয়োগ কৰিব ৷ তুলি অনা কঠিয়াৰ শিপাৰ অংশটো পৰিষ্কাৰ পানীৰে ধুই শতকৰা ১ ভাগ ইউৰীয়াৰ লগত শতকৰা ০.০২ ভাগ শক্তিযুক্ত ক্ল’ৰ’পাইৰিফচ দৰবৰ ১ মি.লি. ১ লিটাৰ পানী হিচাপৰ মিশ্ৰনত ২ ঘণ্টা ডুবাই ৰখাৰ পিছত ৰুব লাগে ৷

কম সম্পদৰ ব্যৱহাৰ, অধিক উৎপাদনৰ বাবে ধানৰ “শ্ৰী” (SRI) পদ্ধতি

ধানৰ বৌখা চবকা পৰা বেমাৰ (Sheath Blight)

মূল খেতিপথাৰ প্ৰস্তুতি

  • কঠিয়া ৰোৱাৰ প্ৰায় ১৫-২০ দিনত মান আগতে মূল খেতিপথাৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰি দিব লাগে ৷ আগতীয়াকৈ হাল বাই থলে বন-বাতবোৰ গেলি-পচি সাৰ হোৱাৰ উপৰিও পোক পৰুৱা আদি ধংস হোৱাত সহায়ক হয় ৷ পানী থাকিলে ভাল ৷ পানী থাকিলে জাবৰ-জোথৰবোৰ গেলি পচি জৈৱিক সাৰলৈ পৰিনত হয় ৷ সাধাৰণতে দেখা যায় যে কিছুমান কৃষকে য’ধে-ম’ধে ট্ৰেক্টৰ ভাৰালৈ আনি একেদিনাই দুবাৰ-তিনিবাৰ ৰ’টাভেটৰ চলাই বোকা কৰা দেখা যায় ৷ এনে কৰিলে মাটিৰ চহ ভাল নহয় ৷ সোনকালে মাটি চিৰাল ফাট মেলা দেখা যায় ৷ মূল খেতিতকৈ বনবাতহে আগতীয়াকৈ লহপহকৈ বাঢ়ি অহা দেখা যায় ৷
  • যিমান পাৰে সিমান শস্যৰ অৱশিষ্টবোৰ প্ৰয়োগ কৰি হাল বাই মাটিৰ লগত মিহলাই দিব ৷
  • আলিবোৰ ভালকৈ দি বোকা মাটিৰে সুন্দৰকৈ লিপি মাচি দিব ৷ এন্দুৰৰ গাতবোৰ ধংস কৰি দিব ৷ মাটি প্ৰস্তুতিৰ আৰম্ভনীতে বিঘাই প্ৰতি প্ৰায় ১৫ কুইণ্টল পচন সাৰ নতুবা গোবৰ সাৰ প্ৰয়োগ কৰিলে ই মাটিৰ স্বাস্হ্য উন্নত হোৱাত সহায়ক হয় ৷

কঠিয়া ৰোপণ

  • কুমলীয়া কঠিয়া সমানে মূল খেতিপথাৰত ৰুব ৷ তেতিয়া কঠিয়াই সোনকালে মাটিৰ পৰা সাৰ, পাণী আদি ভালকৈ ল’ব পাৰে ৷ বনবাত নিৰণি দিয়াটো সহজ হ’ব ৷ কঠিয়াবোৰ তোলতে সাবধান হ”ব যাতে কঠিয়াবোৰৰ কোনো অনিষ্ট নহয় ৷
  • প্ৰতিটো ধানৰ জাতৰ বাবে নির্দিষ্ট কৰি থোৱা দূৰত্বত ৰোপনৰ দিহা কৰিব ৷ কঠিয়াবোৰ শাৰী শাৰীকৈ ৰুব ভাল ৷ শাৰী শাৰীকৈ ৰুলে বনবাত নিৰণি দিয়াত সহজ হোৱাৰ লগতে উৎপাদনো অধিক পোৱা যায়
  • কঠিয়াবোৰ পোনকৈ ১.৫ ছে.মি.ৰ পৰা ৩.০ ছে.মি. মাটিৰ গভীৰতাত পুতিব ৷ প্ৰতিটো গোছাত ২ বা ৩ ডাল কঠিয়া দিয়াৰ চেষ্টা কৰিব ৷ সাধাৰণতে কঠিয়াৰ বয়স আৰু ৰোৱাৰ ব্যবধান ধানৰ জাতৰ কৃষিকালৰ ওপৰত নির্ভৰ কৰে ৷

কঠিয়াৰ বয়স আৰু ৰোপনৰ ব্যবধান :

জাত কঠিয়াৰ বয়স (দিন) দূৰত্ব (ছে.মি.)
অতি কমদিনীয়া জাত (১০০ দিনৰ ভিতৰত) ২১-২৫ ১৫ X ১০
কম দিনীয়া আৰু মধ্যকালীন জাত (১২০ দিনলৈকে) ২৫-২৮ ২০ X ১৫
মধ্যকালীন জাত (১২০ -১৩০ দিনলৈকে) ৩০-৩৫ ২০X ১৫

বনবাত নিৰণিকৰণ

বনবাতে ধানগছৰ সৈতে সূর্যৰ পোহৰ, পোষক দ্ৰব্য আৰু পাণীৰ বাবে প্ৰতিযোগীতা কৰে ৷ ফলত ধানৰ উৎপাদন বহুলাংশে কমা দেখা যায় ৷বনবাত  নিয়ন্ৰন কৰিবলৈ হ’লে আমি প্ৰথমতে বনবাত বীজ মুক্ত ধানৰ বীজহে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব ৷ তাৰোপৰি কঠিয়াতলীখন  বনবাতৰ পৰা মুক্ত কৰি ৰাখিবটো লাগিবই ৷ কঠিয়া তোলতে ভালদৰে মন কৰিব যাতে কঠিয়াৰ লগত বনবাতৰ পুলি নাথাকে ৷ ৰোৱাৰ ১৫-৩০ দিনৰ পিচত ক’ন উইদাৰৰ সহায়ত নিৰিণি দিয়ক ৷ ইয়াৰ ফলত শিপাৰ গুৰিত বায়ু চলাচল বৃদ্ধি পাব ৷ শিপা মজবুত হ’ব ৷ বনবাতবোৰ জৈৱিক সাৰলৈ ৰূপান্তৰিত হ’ব ৷ লগতে ধাননিডৰা লৌহ বিষক্ৰিয়াৰ পৰা মুক্ত হ’ব ৷

বন নাশক দৰব ব্যৱহাৰ কৰিও বনবাত নিয়ন্ত্ৰন কৰিব পাৰি ৷ এই ক্ষেত্ৰত ৰোপণৰ ৪ বা ৫ দিন পিচত বননাশক দৰব যেনে বুটাক্লৰ ৫০ ই.চি. বা প্ৰেটিলাক্ল’ৰ ৫০ ই.চি দৰবৰ ১ লিটাৰ পানীত ৩ মি,লি. হিচাপত মিহলাই স্প্ৰে কৰি দিব লাগে ৷ স্প্ৰে সম্ভব নহ’লে উক্ত দুয়োবিধ দৰবৰ ২.৫ -৩ কি.গ্ৰা. প্ৰায় ৬০-৭০ কি.গ্ৰা. বালিৰ সৈতে মিহলাই কঠিয়া ৰোৱাৰ ৪-৫ দিন পিচত ছতিয়াই দিয়ক ৷ তাৰ পাছত খেতি পথাৰত ২ ছে.মি. মান পানী জমা ৰখাৰ ব্যবস্হা কৰিব ৷

পানীৰ ব্যবস্হাপনা

কঠিয়া ৰোৱাৰ ২-৩ দিন পিছৰে পৰা খেতি চপোৱাৰ ১০ দিন মান আগলৈকে ধাননি পথাৰত ২-৩ ইঞ্চি মান পানী ৰাখিব লাগে ৷ জলসিঞ্চন কৰিলে এবাৰ ২-৩ ইঞ্চিমান পানী সুমুৱাই বন্ধ পানী নোহোৱা হলে পুনৰ পানী দিব লাগে ৷ ধাননি পথাৰৰ মাটি কঠিয়া ৰোৱাৰ পিছত কেতিয়াও ফাটি যোৱাকৈ শুকাব দিব নালাগে ৷ ধানৰ পোখা মেলা, ফুল ফুলা বা গেৰ ওলোৱা সময়ত পথাৰত পানী ৰখাটো খুবেই দর্কাৰী ৷

সাৰ প্ৰয়োগ

কেতিয়া আৰু কেনেকৈ সাৰ প্ৰয়োগ কৰিব ?

  • সাধাৰণতে অসমৰ মাটিত  ধানৰ ক্ষেত্ৰত ১৮ কি.গ্ৰা. ইউৰিয়া, ১৭ কি.গ্ৰা. চুপাৰ আৰু ৯ কি.গ্ৰা. পটাছ সাৰ প্ৰয়োগ কৰিব লাগে ৷  বিঘাই প্ৰতি শে্ষবাৰ হালবোৱাৰ  সময়ত জিংক চালফেট ৩ কি.গ্ৰা. প্ৰয়োগ কৰিব ৷ জিংকৰ প্ৰয়োগে  ধানৰ  সিহৰ সংখ্যা  বঢ়ায়, পতানৰ পৰিমান হ্ৰাস কৰে, ধান নির্দিষ্ট সময়তকৈ এসপ্তাহমান  আগতে পকে ৷ ধানবোৰ একে সময়তে পকাৰ বাবে চপাবলৈ সুবিধা হয় ৷  যাৰ ফলত  ধানৰ লগতে  ধানখেৰৰ উৎপাদন বহুলাংশে  বৃদ্ধি হয় ৷
  • আগতীয়া জাত অর্থাৎ ১০০-১২০ দিনীয়া জাতৰ ক্ষেত্ৰত আধাভাগ ইউৰীয়া আৰু সমুদায় চুপাৰ ফচফেট আৰু পটাচ সাৰ প্ৰয়োগ কৰিব ৷ বাকী থকা আধা ইউৰীয়া পুষ্প উদ্গমনৰ সময়ত প্ৰয়োগ কৰিব ৷ আনহাতে মজলীয়া আৰু শেহতীয়া জাত অর্থাৎ ১২০-১৫০ দিনীয়া জাতৰ বেলিকা শেষবাৰ হাল বোৱাৰ সময়ত আধাভাগ ইউৰীয়া আৰু সমুদায় চুপাৰ ফচফেট আৰু ৬ কি.গ্ৰা পটাচ সাৰ প্ৰয়োগ কৰিব ৷ বাকীখিনি ইউৰীয়াৰ আধাভাগ পোখা মেলা সময়ত অর্থাৎ কঠীয়া ৰোৱাৰ ২৫-৩০ দিন পিছত আৰু বাকী থকা ইউৰীয়া ভাগ পুষ্প উদ্গমনৰ সময়ত প্ৰয়োগ কৰিব ৷ এইখিনি সময়তে বাকী থকা ৩ কি.গ্ৰাম পটাচ সাৰখিনিও প্ৰয়োগ কৰিব ৷ এনে কৰিলে সাৰৰ কার্যকাৰিতা বৃদ্ধি পায়, পোক-পৰুৱা, বেমাৰ-আজাৰৰ আক্ৰমনৰ পৰা শস্য ৰক্ষা পৰিব ৷ খৰাং সদৃশ পৰিস্হিতিত শস্য অনায়াসে জীয়াই থাকিব ৷ সাৰ প্ৰয়োগৰ আগতে পথাৰত জমা হৈ থকা পানীভাগ যিমান পৰা যায় উলিয়াই দিব লাগে ৷ বর্ণ সংকৰ জাত হলে বিঘাই প্ৰতি ইউৰিয়া ৩০ কি.গ্ৰা., ছুপাৰ ৫০ কি.গ্ৰা. আৰু পটাছ ১৩ কি.গ্ৰাম প্ৰয়োগ কৰিব লাগে ৷

সেউজ সাৰ আৰু জীবাণু সাৰৰ ব্যবহাৰ

বিভিন্ন প্ৰকাৰৰ সেউজ সাৰ যেনে ধইনচা, চানহেম্প আদি শস্য মাটিৰ লগত মিহলাই মাটিত জৈবিক পদার্থৰ পৰিমাণ বঢ়াব পাৰি ৷ তাৰোপৰি ই মাটিডৰাত শস্যৰ প্ৰয়োজনীয় বিভিন্ন পোষক দ্ৰব্যৰো যোগান ধৰিব পাৰি ৷ শালি খেতি আৰম্ভ কৰাৰ আগে আগে মূল পথাৰডৰা চহ কৰি বহাগ যেঠ মাহত এই শস্যবোৰ সিচি ৬-৭ সপ্তাহমান পিছত ইয়াক হাল বাই মাটিৰ লগত মিহলি কৰি দিব লাগে ৷ ধানখেতিৰ উৎপাদন বৃদ্ধিত নীলা সেউজীয়া শেলাই, এজলা, এজস্পাইৰিলাম, বেচিলাচ আদি জাতীয় জীবাণু সাৰে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে ৷ পানী জমা হৈ থকা মাটিত ৰদঘাই মাটিত নিলা সেউজীয়া শেলাই প্ৰচুৰ পৰিমাণে উৎপাদন হয় আৰু কঠিয়া ৰোৱাৰ প্ৰায় ১ সপ্তাহ পিচত ইয়াক প্ৰয়োগ কৰিব পাৰি ৷ এজলা নামৰ এবিধ পিনিজাতীয় উদ্ভিদে নাইট্ৰজেন সঞ্চয় কৰি ৰাখিব পৰা এবিধ নিলা সেউজীয়া শেলাইৰ লগত সহবাস কৰি মাটিত যথেষ্ট পৰিমাণে নাইট্ৰজেনৰ যগান ধৰে ৷  পানী আবদ্ধ হৈ থকা মাটিত হেক্টৰে প্ৰতি প্ৰায় ৪০-৬০ কেজি নাইট্ৰজেন সঞ্চয় কৰিব পাৰে ৷এজলা  শালিধানৰ ৰোৱনী চাহৰ ২-৩ সপ্তাহ আগেয়ে মাটিডৰাত ৫-১০  চে.মি. পানী ৰাখি প্ৰতি হেক্টৰত ৫০০ কেজি হিচাপত প্ৰয়োগ কৰি ইয়াৰ বংশ বিস্তাৰ কৰিবলৈ দি ৰোৱনী চাহত মাটিৰ লগত মিহলাই দিব লাগে ৷ ইয়াক কঠিয়া সজাল ধৰাৰ সময়তো একে পৰিমাণত পানী আবদ্ধ হৈ থকা মাটিত প্ৰয়োগ কৰিব পাৰি ৷ একে ধৰণেৰে নাইট্ৰজেন মৌল সঞ্চয় কৰি ৰাখিব পৰা বজাৰত কিনিবলৈ পোৱা জীবাণু সাৰ যেনে-এজস্পাইৰিলাম, আৰু মাটিত আবদ্ধ হৈ থকা ফচফৰাচ মৌল দ্ৰবীভূত কৰিব পৰা বেচিলাচজাতীয় জীবাণু সাৰ আদিও শালি ধানত প্ৰয়োগ কৰিব পাৰি ৷ এনে ধৰণৰ সাৰ প্ৰয়োগ কৰিলে খেতিত ২৫ শতাংশ ৰাসায়নিক সাৰ কমকৈ দিব লাগিব ৷ জিবাণু সাৰৰ লগত কেতিয়াও ৰাসায়নিক সাৰ মিহলাই খেতিত প্ৰয়োগ নকৰিব ৷

বেমাৰ নিয়ন্ত্ৰন ব্যবস্হা

  • খেতিত দেখা দিয়া ব্লাষ্ট বেমাৰৰ বাবে বেভিষ্টিন( ২ গ্ৰাম ১ লিটাৰ পানী) বা ট্ৰাইচাইক্লাজল  ৬ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই) প্ৰয়োগ কৰিব ৷ এই ৰোগ দেখা পালে ইউৰিয়া টপ ড্ৰেচ নকৰিব ৷ তাৰ সলনি ৩ কি. গ্ৰা. পটাছ প্ৰতি বিঘাত প্ৰয়োগ কৰিব ৷
  • বেক্টেৰিয়েল ব্লাইট বেমাৰৰ কাৰণে মেংকজেব (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) মিহলাই প্ৰয়োগ কৰিব ৷ তৰোপৰি কেচাঁ গোবৰ এক কেজি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে সুফল পাব ৷

পোক –পৰুৱাৰ নিয়ন্ত্ৰণ

  • মজা খোৱা পোক : এই পোক নিয়ন্ত্ৰণৰ বাবে কার্টাপ হাইদ্ৰক্ল’ৰাইদ দৰবৰ পাউদাৰ বিঘাই প্ৰতি ৩ কি.গ্ৰাম বা ক্লৰ’পাইৰিফচ দৰবৰ ২.৫ মি.লি. প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷ ধানৰ পিয়াজী পোকৰ উপদ্ৰপৰ পৰা হাত সাৰিবলৈ ফচফামিদিন ১০০ ই.ছি. দৰবৰ  ১.৫ মি.লি. এক লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব ৷
  • টুপলীকটা পোকৰ বাবে মন’ক্ৰটফচ ৪০ ই.চি. দৰবৰ এক লিটাৰ পানীত ১ মি.লি. হিচাপত মিশ্ৰন বনাই প্ৰয়োগ কৰিলে সুফল পোৱা যায় ৷
  • পাত মেৰিওৱা বা লিফ ফল্দাৰ পোকৰ আক্ৰমনৰ পৰা হাত সাৰিবলৈ ট্ৰায়াজ’ফচ বা প্ৰফেন’ফচ দৰবৰ ২ মিলি. এক লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  49  =  53