শেলাইৰ তৰপ -চানদ্বীপ গগৈ

অনিমাৰ ঘৰৰ পাছফালে থকা পুৰণি দমকলটোৰ মসৃণ পৃষ্ঠখন শেলাইৰে পৰিপূৰ্ণ হৈ আছে। তাতে তেওঁ আজি নিজৰ ল’ৰাটোৰ আৰু নাতিয়েকৰ পুৰণা কাপোৰকেইটা ধুবলৈ যাঁওতে পিচল খাই পৰিল। বয়সৰ চাপ পৰা দেহাটোৰ কিছু কিছু অংশত তেওঁ ভালকৈয়ে আঘাত পালে।
হঠাতে কেনেকৈ পৰি গ’ল সেইয়া তেওঁ নিজেও বুজিব নোৱাৰিলে। Copper ৰ বাল্টিটো হাতৰ পৰা পৰিলত বৃহৎ এটি শব্দৰ সৃষ্টি হৈছিল যদিও সেই শব্দ শুনি তেওঁৰ ওচৰলৈ লৱৰি আহিবলৈ ঘৰটোত এটাও প্ৰাণী নাই। অজ্ঞানপূৰ্ণ দৃষ্টিৰে তেওঁ বহু সময় নীলা আকাশখনলৈ চাই ৰ’ল। এবাৰত তেওঁৰ জ্ঞান ঘূৰাই আহিল, কেকো জেকোকৈ কোনোমতে তেওঁ বহি ললে সেই ঠাইত। সম্পূৰ্ণ শৰীৰটোত লাহে লাহে বিষ অনুভৱ হ’বলৈ ধৰিছে তেওঁৰ। মূৰৰ পাছফালৰ অংশত বেছিকৈয়ে আঘাত প্ৰাপ্ত হোৱা যেন পাইছে তেওঁ।
বহাৰ পৰা উঠিব লওঁতেই কঁকালৰ পুৰণি বিষটোৱে মেৰপাক মৰাৰ দৰে আৱৰি ধৰিলেগৈ মগজুৰ স্নায়ুকোষত,এইয়া অসহ্যকৰ আছিল অনিমাৰ বাবে। প্ৰায় চিঞৰি দিলে তেওঁ। কিন্তু অৰ্থহীন সেই চিঞৰ,কাৰণ প্ৰায় তিনিদিন মানৰ পৰাই উৰুঙা তেওঁৰ ঘৰ। অনিমাৰ মৰমৰ ল’ৰা নয়ন, তাৰ পত্নী বিদিশা আৰু তাৰ সন্তান অৰ্থাৎ তেওঁৰ বোৱাৰীয়েক আৰু নাতিয়েকৰ সৈতে নয়ন চহৰলৈ গৈছে। এইবাৰ নাতিয়েকক বোলে চহৰতহে পঢ়াবগৈ তাৰবাবে ভাড়া ঘৰ এটাও চাইছে। দুদিনমান তাতে থাকি উভটি আহিব বুলি কৈ গৈছে। কিন্তু অহা মাহৰ পৰা অনিমাৰ হৃদয়খন নিথৰুৱা কৰি বহুদিনৰ বাবেই গুচি যাব তেওঁলোক।
এই কথাটো মনত পৰিলেই হৃদয়খন গধূৰ হৈ আহে তেওঁৰ। গাঁও এৰি চহৰত কেনেকৈ থাকিবগৈ তাৰ সপোন ৰচি থাকোতেই সকলো সপোন এদিন চূৰ্ণ কৰিছিল তেওঁৰ বোৱাৰীয়েকে। ভাড়া ঘৰটোত বোলে চাৰিজনকৈ মানুহ থাকিবলৈ ঠাই নহ’ব সেইবাবে অকলশৰীয়া বুঢ়ী অনিমাই নিজৰ মৰমৰ ল’ৰা আৰু নাতিয়েকক এৰি গাঁৱতেই থাকিব লাগিব। এই কথাষাৰ মনত পৰিলত অনিমাই নিজৰ হৃদয়খন ডাঠ কৰি সাহসি কৰি ললে,নিজৰ মনতেই কিছুমান কথা ভাবিবলৈ ধৰিলে-
“অনিমা! এনেকৈ যদি তই শেলাই ধৰা ঠাইবোৰত পৰি মৰি থাক কেনেকৈ থাকিবি অকলশৰে। নিজৰ ল’ৰাটোক ভাল মানুহ বনাবলৈ হ’লে চহৰত পঢ়াবলৈ নিবয়ে লাগিব মই পৰা হ’লে নয়নকো নিলো হেতেন।”
কথাষাৰ ভাবি তেওঁ বিষত চিঞৰি চিঞৰি পিচল খাই পৰা ঠাইডোখৰৰ পৰা উঠি ললে। মূৰৰ পাছৰ অংশত খুউব জোৰেৰে বিষ অনুভৱ হৈছে তেওঁৰ,বাঁওহাতৰ কিলাকোটিৰ পৰাও তেজ বৈ আহিছে। দমকলৰ এচোকত বাঁও ভৰিৰ কেঁঞা আঙুলিটো লাগি ভালেডোখৰ ছাল এৰিলে।
অ’ত ত’ত ধৰি তেওঁ ঘৰটোৰ ভিতৰলৈ কোনোমতে সোমাই আহিল। নিজৰ বিচনাখনত কোনোমতে বহি ললে। ঘড়িটোলৈ মূৰ তুলি চালে ভাল দৰে কিমান বাজিল ধৰিব নোৱাৰে তেওঁ তথাপিও বেলিটোলৈ চাই তেওঁ গম পাইছে যে দিনৰ এক বা দুই বাজিবৰ হ’ল।
আজি ওচৰৰ ঘৰৰ অৰ্থাৎ অনিমাৰ দেওৱেকৰ ছোৱালী জনীও নহা হ’ল তেওঁৰ খবৰ এটা লবলৈ এনেইটো দিনটোত দুবাৰ তিনিবাৰকৈ আহি পাতি হাঁহৰ দৰে পেক পেকাই থাকেহি আজি তাইৰো হাই-উৰ্মি নাই। আনদিনা তাইৰ মোবাইলৰ পৰাই প্ৰতিটো খবৰ দিয়া লোৱা কৰে অনিমাই নিজৰ ল’ৰাৰ লগত। কিন্তু আজি কালি বৰ বেছি সময় কথা নাপাতে অনিমিৰ লগত কিবা বোলে Busy থাকে কামত।
পুণৰ অসহ্যকৰ বিষটো ধৰিল অনিমাৰ কঁকালত। শুই দিব লওঁতেই মূৰটোও বিষ হ’ল। হাতখন মূৰৰ পাছফালে স্পৰ্শ কৰোঁতে গম পোৱা গ’ল যে সেই অংশত তেজ গোট খাই কোমল হৈ ফুলি আহিছে। অনিমাই নিজৰ মনতে ভাবিবলৈ ধৰিলে-“নাই নহ’ব এনেদৰে অনিমা! কিবা বেয়া বেমাৰেহে লগ ল’ব এনেই খৰচ বাঢ়িব নয়নৰ মোৰ কাৰণে, ইমানকন হওঁতেই তাক খবৰটো দিওঁগৈ কাৰোবাৰ পৰা।”
কথাষাৰ ভাবি অনিমাই ভৰ দুপৰীয়াৰ ৰ’দত কেকাই-জেকাই ঘৰৰ পদূলিটোৰ ফালে উলাই গ’ল।
ঘৰৰ সন্মূখ পাই বাঁহৰ জপনাখন খুলিবলৈ লওঁতেই মালিনীয়ে আহি ধৰা দিলে অনিমাৰ আগত। অনিমাৰ সেই অৱস্থাটো দেখি তাই কিছু সময় জলকা মাৰি ওপৰৰ পৰা তললৈ চাই চিঞৰি চিঞৰি প্ৰশ্ন কৰিবলৈ ধৰিলে
    -“ইচ্ ৰাম বৰমা…!! কেনেকৈ ক’ত পৰি দুখ পালে ইমানকৈ ছাল এৰি আহিলে। হে প্ৰভু তেজও উলাইছে ইমানকৈ। কঁকালতো দুখ পালে নেকি? বিষও হৈ থাকে নহয় আগৰ পৰা। আৰু মূৰটো পালে নি…”
    -“ইমানকৈ কিয় চিঞৰি মৰিছ অ’?” অনিমাই কলে
    -“নিচিঞৰিম কিয়? ক’ত কেনেকৈ পৰিলে?”
    -“এহ্হ্…টিউবেলটো দেখা নাই জানো? যিটো শেলাই ধৰি আছে তাতে পৰিলো।”
    -“এই পৰজীৱি অদৰকাৰী বস্তু বোৰৰ পৰা শান্তি নাই।”
    -“হ’ব সেইবিলাক বাদ দে তই নয়নলে ফোন এটা লগাই দেছোন মোক।”
    -“ওম্‌ লগাই দিম বাৰু আগতে বলকছোন ভিতৰলে, উলাই লওকগৈ আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাঁও।”
    -“তই ফোনটো লগাছোন আগতে।”
    -“ওফ্!! মৰমৰ ল’ৰাটোৰ লগত কথা নাপাতিলে শান্তিয়ে নাপাই মানে,অৱস্থাই নাই নিজৰ সিফালে পৰি।”
কথাষাৰ কৈ মালিনীয়ে ফোনটো লগাই দিলে। অনিমাই অধিৰ আগ্ৰহেৰে কপা কপা হাতখনেৰে ফোনটো মুখৰ ওচৰলৈ নিলে। এবাৰত নুঠালে আকৌ এবাৰ লগাই চালে। এইবাৰত ফোনটো গ্ৰহন হ’ল সিফালৰ পৰা নয়নৰ অলপ খং সংমিশ্ৰিত কথা ভাহি আহিলে
    -“কি হ’ল মালিনী? এবাৰত ফোন নুঠালে বুজিব লাগে নহয় কিবা কামত Busy আছো বুলি।”
    অনিমাই তপৰাই উত্তৰ দিলে
    -“মই হে নয়ন…”
    -“অ’ মা কি ক’বলে আছে শুনকালে ক’!”
কথাষাৰ শুনি অনিমাৰ বুকুখন পুণৰ গধূৰ হৈ আহিল। গধূৰ হৃদয়খনেৰেই তেওঁ ক’লে
    -“ব্যস্ত আছ যদি নালাগে দে এতিয়া নকওঁ।”
মালিনীয়ে প্ৰায় চিঞৰি উঠা দি কৈ উঠিল
    -“কিয় নক’ব অক বৰমা ইমান ডাঙৰ কথাটো। দাদা…শুন অক বৰমা টিউবেলৰ শেলাই খিনিত পিচলি পৰিল বৰ বেয়াকৈ দুখ পালে।”
    -“কিমান দুখ পালি মা!!” নয়নে সুধিলে
    -“বাঁও হাতত অলপ,কঁকালৰ বিষটো দেখোন আছেই মূৰৰ পাছফালেও পালো অলপ। তহঁত গুচি আহিব পাৰিবি নেকি আজি?” অনিমাই বৰ আগ্ৰহেৰে প্ৰশ্নটো সুধিলে।
    নয়নে তপৰাই উত্তৰ দিলে -“কেনেকৈনো যাবি মা ইমান কাম আছে। আৰু কিমাননো মোৰ ওপৰতে আশা কৰি থাকিবি পইচা পাতি দিয়ে থাকো দেখোন। এনেকৈ এবাৰ পৰিলি বুলিয়ে দৌৰি যাব পাৰিম নেকি মই স’ব এৰি। এতিয়া যাছোন মালিনীৰ লগতে মই কেতিয়ালৈ যাব পাৰিম ক’ব নোৱাৰো।”
    নয়নৰ এই কথাষাৰৰ প্ৰতিটো শব্দয়ে যেন বুকুত হুলে বিন্ধাদি বিন্ধিলে অনিমাৰ। তেওঁৰ আৰু বেলেগ একো শুনিবলৈ সাহস নহ’ল। মালিনীৰ মুখৰ পৰাও মাত হেৰাল। সিফালৰ পৰা নয়নে মালিনীক মাতি ক’বলৈ ধৰিলে
    -“মলিনী! মই টকা পথিয়াই দিওঁ তোৰ Account ত মাক লৈ যাছোন তইয়ে।”
    -“হ’ব দাদা!! তই মোক টকা নিদিলেও হ’ব বৰমাক ডাক্তৰ ওচৰলৈ নিজে লৈ গৈ দেখাব পৰাকৈ মোৰ শক্তিও আছে জ্ঞানও আছে।” কথাষাৰ কৈ মালিনীয়ে ফোনটো কাটি দিলে।
    মালিনীয়ে অনিমাক ভিতৰলৈ নি অলপ পৰিপাতিকৈ সজাই ললে। বাহিৰলৈ আহি ডাক্তৰ ওচৰলৈ নিবলৈ গাড়ি এখন ৰখালে। আন দিনা কথাৰ আউল নিছিগা মানুহ দুগৰাকী বৰ্তমান মৌন। অনিমাৰ গধুৰ বুকুখনত হাজাৰটা প্ৰশ্ন বহুটো দুখ। কিছু সময়ৰ আগতে শুনা নিজৰ মৰমৰ ল’ৰাটোৰ কথাখিনিয়ে বাৰে বাৰে খুন্দিয়াছেহি তেওঁৰ মনত
    “কিমাননো মোৰ ওপৰতে আশা কৰি থাকিবি” এই কেইশাৰী বাক্যয়ে যেন মৃত্যু সম দুখ দিব পাৰিব অনিমাৰ বুকুত সেই কথা হয়তো তেওঁ কেতিয়াও ভবাই নাছিল। পৰজীৱি অদৰকাৰী সেই শেলাই উদ্ভিদৰ তৰপটোলৈ অনিমাৰ বাৰুকৈ মনত পৰিছে। তেওঁ ছাগে সেই শেলাইৰ তৰপটোৰ দৰেই হৈ পৰিছে নিজ পুত্ৰৰ বাবে অদৰকাৰী আৰু কেৱল নিজ সন্তানৰ আশাত থকা এগৰাকী পৰজীৱি মাতৃ।
চানদ্বীপ গগৈ
Dibrugarh 
Phn no. 7896360733

Leave a Reply

Your email address will not be published. Required fields are marked *

65  −    =  62