ক’ৰ’ণাৰ কাহিনী ক’ভিড-১৯, Covid-19

৩১ ডিচেম্বৰ, ২০১৯ ত চীনে বিশ্ব স্বাস্থ্য সংস্থাক অৱগত কৰায় যে হুবেই প্ৰদেশৰ ৱুহান নগৰত অচিন কাৰণত একাধিক নিউম’নিয়াত আক্ৰান্ত ঘটনা পোৱা গৈছে। ৯ জানুৱাৰী, ২০২০ ত বিশ্ব স্বাস্থ্য সংস্থাই এক ঘোষণা জাৰি কৰে যে চীনৰ গৱেষণাই এই ভাইৰাছটো নব্য ক’ৰ’ণা ভাইৰাছ (novel corona virus) বুলি প্ৰাথমিকভাৱে চিনাক্তকৰণ কৰিছে। ইয়াৰ পিছৰ পৰ্যায়ত ২০ মাৰ্চ, ২০২০ পৰ্যন্ত ক’ভিড-১৯ ৰ প্ৰকোপত গোটেই বিশ্ব জুৰি ৬০০০ মানুহ মৃত্যু মুখত পৰিছে। এতিয়ালৈকে ভাৰতকে ধৰি বিশ্বৰ ১৮০ খন দেশ এই ৰোগত আক্ৰান্ত হৈছে। সমগ্ৰ ধৰিত্ৰীতে বৰ্তমান সৰ্বাত্মক বন্ধ(lock down), সান্ধ‍্য আইন (curfew) বিমানবন্দৰ পৰীক্ষণ (airport screening) সংগৰোধ (quarantine), সামাজিক ব‍্যৱধান (social distancing) ইত্যাদি ইতিমধ্যে এক নৈমিত্তিক পৰিঘটনাত পৰিণত হৈছে।

এনেকুৱা জটিল সন্ধিক্ষণত প্ৰকৃত সত‍্য উদঘাটন এক অতিশয় গুৰুত্বপূৰ্ণ কথা।ইয়াৰ পৰিপ্ৰেক্ষিতত ‘দি হিন্দু’ (১৪১ বছৰীয়া বাতৰি কাকত) ৱে পাঠকৰ হিতাৰ্থে ইংৰাজী ভাষাত এখনি ই-পুস্তিকা প্ৰকাশ কৰি উলিয়াইছে যাতে সকলোৱে এই ৰোগৰ স্বাস্থ্যৰ লগত জড়িত প্ৰকৃত তথ‍্যৰ সন্ধান পায় আৰু এই ঘাতক অদৃশ্য অসুৰৰ সৈতে যুঁজ দিব পাৰে।

#ক’ৰ’ণা ভাইৰাছ কি?

ক’ৰ’ণা ভাইৰাছ হ’ল ভাইৰাছৰ এক গোত্ৰ যিয়ে সাধাৰণ ভাইৰাছ সংক্ৰমণ জনিত ৰোগৰ পৰা জটিল শ্বাস-প্ৰশ্বাস জনিত লক্ষণ বা SARS (Severe Acute Respiratory Syndrome) আৰু মধ্য প্ৰাচ‍্য শ্বাস-প্ৰশ্বাস জনিত লক্ষণ বা MERS (Middle East Respiratory Syndrome) ৰোগৰ সৃষ্টি কৰে।

চাৰ্চ ক’ভ-২ (SARS-CoV – 2)টো হ’ল SARS ৰ লগত একদম নিকট সাদৃশ্য থকা ক’ৰ’ণা ভাইৰাছ। বেছিভাগ ক’ৰ’ণা ভাইৰাছেই জুন’টিক (zoonotic) অৰ্থাৎ জন্তুৰ পৰা মানৱদেহলৈ সংক্ৰমিত হ’ব পৰা ভাইৰাছ। চাৰ্চ ক’ৰ’ণা ভাইৰাছটো কোনো এক অজ্ঞাত জন্তুৰ বাহকৰ পৰা অহা ভাইৰাছ। যাক বাদুলিৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে আৰু তাৰ পৰা অন্য জন্তু চিভিট (civet cat) প্ৰজাতিৰ জৰিয়তে ২০০২ চনত মানুহৰ দেহলৈ দক্ষিণ চীনৰ গুৱাঙদং প্ৰদেশত প্ৰথম সংক্ৰমণৰ ঘটনা ঘটিছিল। আনহাতে MERS ক’ৰ’ণা ভাইৰাছ প্ৰথম ২০১২ চনত চৌদি আৰবত ড্ৰমেডেৰি (এটা কুঁজ থকা উট) প্ৰজাতিৰ উটৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈছিল।চাৰ্চ ক’ভ-২ টো বাদুলিৰ পৰাই মানুহৰ দেহলৈ সংক্ৰমিত হোৱাৰ তথ‍্য-প্ৰমাণ পোৱা গৈছে।

#এক সুক্ষ্ম দৃষ্টিত ক’ৰ’ণা ভাইৰাছ

আন সকলো ক’ৰ’ণা ভাইৰাছৰ দৰে SARS-CoV-2 ৰ কণিকা বিলাকো গোলকাকৃতিৰ। তাৰ গোলকীয় উপৰিভাগত কাঠফুলা আকৃতিৰ প্ৰটিনৰ জোংসমূহ দেখা যায়। এই প্ৰটিনৰ জোংসমূহ থকা বাবেই ভাইৰাছ বিধক মুকুট সদৃশ দেখা যায়। এই জোংসমূহৰ জৰিয়তে ভাইৰাছবিধে মানৱদেহৰ লগত যুক্ত হয় আৰু দেহৰ অভ‍্যন্তৰত প্ৰৱেশ কৰে। আমেৰিকাৰ অষ্টিনত থকা টেক্সাচ বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানে (National Institute of Health) সংক্ৰমিত মানৱ দেহৰ কোষৰ পৰা ইতিমধ্যে SARS-CoV-2 ৰ প্ৰটিনৰ এক ত্ৰিমাত্ৰিক (3D) আণবিক মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে।

ভাইৰাছবিধত উপস্থিত গ্লাইক’প্ৰটিন নামৰ প্ৰটিনৰ জোংডালৰ গঠণৰ ত্ৰিমাত্ৰিক চিত্ৰায়ণৰ পাছতহে বুজা যাব যে দৰাচলতে কেনেদৰে ভাইৰাছটোৱে মানুহৰ দেহত যুক্ত হয়। প্ৰকৃত পক্ষে প্ৰটিনৰ এই গাঠনিক দিশটোৱে বিজ্ঞানীসকলৰ বাবে উন্মোচন কৰিব এই ৰোগ নিৰ্ণয়ৰ উন্নত পদ্ধতি তথা ইয়াক নিৰ্মূল কৰিব পৰা চিটা কেনেদৰে তৈয়াৰ কৰিব পৰা যায়। গৱেষক সকলৰ ভাষ‍্য অনুসৰি বাদুলিত উপলব্ধ ক’ৰ’ণা ভাইৰাছৰ লগত নব‍্য ক’ৰ’ণা ভাইৰাছৰ প্ৰটিন জোংডালৰ ৯৮% সাদৃশ্য আছে। বিজ্ঞানৰ পত্ৰিকাত ইয়াৰ ফলাফল ইতিমধ্যে প্ৰকাশিত হৈছে। গৱেষক সকলে আকৌ কৈছে যে SARS ক’ৰ’ণা ভাইৰাছৰ দৰে SARS-CoV-2 য়েও যিয়ে ক’ভিদ-১৯ ৰোগৰ সৃষ্টি কৰে মানৱ দেহত থকা ACE 2 (angiotensin converting enzyme 2 ) কোষীয় গ্ৰাহকৰ লগত যুক্ত হয়। মানৱ শৰীৰত থকা এই ACE 2 উৎসেচকটোৱে ভাইৰাছবিধৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে। পাৰ্থক্য মাত্ৰ এয়াই যে SARS ৰোগতকৈ ন-ক’ৰ’নাৰ প্ৰটিনৰ জোংডালৰ গ্ৰাহক কোষৰ লগত আসক্তি ১০-২০ গুণ বেছি।

#উচ্চ সংক্ৰমণৰ মাত্ৰা

আন SARS তকৈ গ্ৰাহক কোষৰ লগত ক’ভিড-১৯ ৰ প্ৰটিন জোঙৰ আসক্তি প্ৰাৱল‍্য বেছি হোৱা বাবে মানুহৰ পৰা মানুহলৈ সংক্ৰমণৰ মাত্ৰা অতি বেছি আৰু দ্ৰুতভাৱে বিয়পিব পাৰে। এই উচ্চ সম্প্ৰসাৰণৰ সম্ভাৱনাটো অনুসন্ধানৰ অৰ্থে অধ‍্যয়ণৰ দৰকাৰ আছে বুলিও গৱেষক সকলে ব‍্যক্ত কৰে। SARS ক’ৰ’ণা ভাইৰাছ আৰু আৰু ন-ক’ৰ’ণা ভাইৰাছৰ গাঠনিক সাদৃশ্য লগতে একে কোষীয় গ্ৰাহকৰ লগত যুক্ত হোৱাৰ লক্ষণৰ অনুধাৱন কৰি গৱেষকসকলে এলানি পৰীক্ষা সম্পন্ন কৰে। এই গৱেষণাত SARS ভাইৰাছ বিশিষ্ট তিনিটা মন’ক্ল’নেল (monoclonal অৰ্থাৎ একেটা ক্ল’নিঙেৰে কৰা জিনীয় অভিযন্ত্ৰন)প্ৰতিৰক্ষী (antibody) ৰ পৰীক্ষণ কৰে। কিন্তু তিনিওটা প্ৰতিৰক্ষীৰ কোনোটোৱেও মানৱ দেহৰ গ্ৰাহক কোষ ACE 2 ৰ লগত যুক্ত হোৱাৰ পৰা ক’ভিড-১৯ ক প্ৰতিহত কৰিব নোৱাৰিলে বা চিকিৎসাৰ ক্ষেত্ৰত কোনো সুফল পোৱা নগ’ল‌।

#জোঙাল গঠন

ক’ভিড-১৯ ৰ জোংঙাল প্ৰটিনৰ (Spike or S protein) ত্ৰিমাত্ৰিক চিত্ৰায়নে গৱেষকসকলক নতুন ‘ভাইৰাছ নিৰোধক’ (antivirals) প্ৰস্তুতত নিশ্চয়কৈ সহায় কৰিব। গৱেষণাই পুনৰ সংযোজন কৰিছে যে প্ৰটিন জোংডালৰ আনৱিক স্তৰৰ গঠন জানিব পৰা হ’লে প্ৰটিনৰ জিনীয় অভিযন্ত্ৰণৰ উৎকৰ্ষ সাধন হ’ব। যিয়ে হয়টো ক’ভিড-১৯ নিৰ্মূলৰ চিটা প্ৰস্তুতকৰণ, অসংক্ৰাম‍্যকৰণ তথা প্ৰটিন বিশ্লেষণত অৰিহণা যোগাব। চীনৰ গৱেষকসকলে সমূদায় ‘জিনীয় অনুক্ৰমটো’ৰ তথ‍্য গোটেই বিশ্বতে ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত গৱেষক সকলে ইতিমধ্যে জোং প্ৰটিনডাল চিনাক্ত কৰিবলৈ সক্ষম হৈছে।

#জিনীয় অনুক্ৰম

যেতিয়া সম্পূৰ্ণ জিনীয় অনুক্ৰমটো প্ৰকাশ হৈ উঠিব তেতিয়াহে গৱেষকসকলে DNA বা RNA ৰ মূল চাৰিটা ৰসায়নৰ অনুবন্ধ বা নিউক্লিঅ’টাইডক বুজিব পাৰিব। নিউক্লিঅ’টাইডৰ গঠনৰ ভিন্নতাৰ ওপৰত জীৱসমূহৰ পাৰ্থক্য নিৰ্ভৰ কৰে। এবাৰ ক’ভিড-১৯ ৰ জিনীয় অনুক্ৰমটোৰ কাম শেষ কৰিব পাৰিলেই এই ভাইৰাছটো ক’ৰ পৰা কেনেকৈ আহিল সবিশেষ জানিব পৰা যাব। এগৰাকী ভাৰতীয় ৰোগীৰ দেহত পোৱা ভাইৰাছবিধৰ পৃথকীকৰণৰ জৰিয়তে জিনীয় অনুক্ৰমটোৰ ভেদ জানিব পাৰিলেই এইটো স্পষ্ট হ’ব যে ভাৰতলৈ এই ভাইৰাছটো চীনৰ পৰাই আহিছেনে আন দেশৰ পৰাই। ইতিমধ্যে পুনেত থকা ৰাষ্ট্ৰীয় বিষাণুবিজ্ঞান প্ৰতিষ্ঠানে (National Institute of Virology) কেৰেলাৰ দুজন ৰোগীৰ দেহৰ পৰা সংগৃহীত SARS-CoV-19 ৰ জিন’মৰ অনুক্ৰমটো উলিয়াবলৈ সক্ষম হৈছে।

# ক’ভিড-১৯ – বোধগম‍্যতা

বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড-১৯ ক ইতিমধ্যে অতিমাৰী (pandemic অৰ্থাৎ এক বৃহত্তৰ ভৌগোলিক পৰিসৰত দ্ৰুত গতিত সম্প্ৰসাৰিত হোৱা ৰোগ) বুলি ঘোষণা কৰিছে। এই ৰোগৰ লক্ষণসমূহ ২ ৰ পৰা ১৪ দিনৰ ভিতৰত প্ৰকট হৈ উঠে। সাধাৰণতে দেখা দিয়া লক্ষণসমূহ হ’ল- জ্বৰ,কাহ, নাকেৰে শেঙুন ওলোৱা আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা।

#কিদৰে বিয়পে এই ৰোগ?

আক্ৰান্ত ব‍্যক্তিৰ নিশ্বাসত ওলোৱা ক্ষুদ্ৰ কণিকা (respiratory droplets) ৰ পৰা এই ৰোগ আনলৈ সংক্ৰমিত হয়।আনহাতে কোনো ব‍্যক্তিয়ে যদি এই ভাইৰাছৰ সংস্পৰ্শত অহা যিকোনো বস্তু স্পৰ্শ কৰি নিজৰ মুখ,নাক বা চকু আদি যদি চোৱে তেতিয়াও তেওঁ সংক্ৰমিত হ’ব পাৰে।

#কোন আক্ৰান্ত হ’ব পাৰে?

যিকোনো বয়সৰ ব‍্যক্তি এই ৰোগত আক্ৰান্ত হ’ব পাৰে। চীন আৰু দক্ষিণ কোৰিয়াৰ ‘ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ’ই কৰা এই ৰোগৰ সমগ্র পৰিঘটনা বিশ্লেষণৰ পৰা কোৱা অনুসৰি আশী উৰ্ধ ব‍্যক্তিৰ এই ৰোগত মৃত্যু মুখত পৰাৰ উচ্চ সম্ভাৱনা আছে। তদুপৰি হৃদজনিত ৰোগ তথা মধুমেহ ৰোগত পীড়িত ব‍্যক্তিৰো মৃত্যুহাৰৰ সংখ্যা অন্যান্য সকলতকৈ বেছি।পুনৰ সংযোজনত কোৱা হৈছে যে এই সংক্ৰান্তত অৱসৰী লোকৰ মৃত্যুৰ হাৰো তুলনামূলকভাৱে বেছি।

#ক’ভিড-১৯ ৰ লক্ষণসমূহ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ‘ক’ভিড-১৯: স্বাস্থ্য পৰিচৰ্যা নিৰ্দেশনামূলক নীতি’ অনুসৰি সেইসকল ব‍্যক্তি ৰোগী বুলি চিনাক্ত কৰা হয় যিসকল বিদেশ ভ্ৰমণৰ পৰা আহি জটিল শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ (SARI: Severe Respiratory Infection)ত ভোগাৰ উপৰিও ক’ভিড-১৯ ত আক্ৰান্ত ব‍্যক্তিৰ নিকট সান্নিধলৈ আহিছে। এই নিৰ্দেশনা অনুসৰি ক’ভিড-১৯ ত মৃদু, মধ‍্যমীয়া বা তীব্ৰ জ্বৰ উঠিব পাৰে। পাছৰ ফালে ৰোগী কঠিন নিউম’নিয়া, ARDS(Acute Respiratory Distress Syndrome), Sepsis (বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ ফলস্বৰূপে শৰীৰৰ অত‍্যাৱশ‍্যকীয় তন্ত্ৰসমূহ অকাৰ্যকৰ হোৱা অৱস্থা) আৰু Septic shock (sepsis ৰ ফলত ৰক্ত চাপৰ দ্ৰুত অৱনমন যিয়ে ৰোগীক তৎকালেই মৃত্যু ঘটাব পাৰে তথা নিম্ন ৰক্তপ্ৰৱাহৰ বাবে গুৰুত্বপূৰ্ণ অংগ যেনে হাওঁফাওঁ, বৃক্ক, হৃদপিণ্ড, মগজে কাৰ্যক্ষমতা হেৰুওৱা অৱস্থা)ত ভুগিব পাৰে।

#চিনাক্তকৰণৰ উপায়

PCR (Polymerase Chain Reaction) পৰীক্ষা পদ্ধতিৰ সহায়ত এই ভাইৰাছবিধক চিনাক্ত কৰিব পাৰি। #PCR পদ্ধতিটো সংক্ষেপে বৰ্ণণা কৰিছোঁ। ইয়াক আণবিক পৰ্যায়ৰ ফটো প্ৰত‍্যায়ন (molecular photocopying) বুলিও কব পাৰি। এই ভাইৰাছ চিনাক্তকৰণত PCR এক দ্ৰুত আৰু কম খৰছী প্ৰক্ৰিয়া। এই পদ্ধতিত এক ক্ষুদ্ৰ DNA (Deoxyribonucleic Acid)ৰ টুকৰাৰ ডাঙৰকৈ ছবি লোৱা হয়। আণবিক আৰু জিনীয় বিশ্লেষণৰ বাবে DNA ৰ নমুনা অপৰিহাৰ্য। কিন্তু PCR পৰীক্ষণ অবিহনে এয়া অসম্ভৱ। এই পৰীক্ষণে কোনো ব‍্যক্তিৰ দেহত এই ভাইৰাছৰ উপস্থিতি অতি সহজে ধৰা পেলাব পাৰে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR: Indian Council for Medical Research)ৰ পৰিচালনাত ‘বিষাণু গৱেষণা আৰু নিৰ্ণয় পৰীক্ষাগাৰ’ (Viral Research and Diagnostic Laboratory)ৰ অধীনত সমগ্ৰ ভাৰতত এই ভাইৰাছ চিনাক্ত কৰিব পৰা ৫২ টা কেন্দ্ৰ আছে। তাৰোপৰি ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ পৰিষদ (National Council for Disease Control) আৰু ৰাষ্ট্ৰীয় বিষাণুবিজ্ঞান প্ৰতিষ্ঠান (National institute of Virology)ৰ অন্তৰ্গত ১০ টা পৰীক্ষাগাৰ আছে।

#কি চিকিৎসা পদ্ধতি উপলব্ধ?

অতি সম্প্ৰতি ক’ভিড-১৯ আক্ৰান্ত বা সন্দেহযুক্ত ৰোগীৰ বাবে কোনো বিশেষ চিকিৎসা পদ্ধতি নিশ্চিত কৰিব পৰা হোৱা নাই। চিকিৎসা শাস্ত্ৰৰ বিধান নোপোৱা হেতুকে এই পৰ্যন্ত ক’ভিড-১৯ ত ৰোগাক্ৰান্ত সকলৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবেও কোনো বিশেষ ‘বিষাণুৰোধক’ (antivirals)ক স্বীকৃতি দিয়া হোৱা নাই। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰোগীৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি anti-HIV ঔষধ Lopinavir আৰু Ritonavir -ৰ যুটিৰে বৰ্তমান চিকিৎসা অব‍্যাহত ৰাখিবলৈ দিছে। ৬০ ৰ উৰ্ধৰ যিসকল ব‍্যক্তি মধুমেহ (Diabetes mellitus), বৃক্ক অসমৰ্থাৱস্থা (renal or kidney failure), হাওঁফাওঁৰ পুৰণি ৰোগ লগতে দুৰ্বল অসংক্ৰাম‍্যকৰণ ব‍্যৱস্থাৰ স’তে সংকটজনক অৱস্থাত যুঁজি আছে তেওঁলোকৰ ক্ষেত্ৰতহে মন্ত্ৰালয়ে Lopinavir আৰু Ritonavir প্ৰয়োগ কৰিবলৈ দিছে। অৱশ্যে Lopinavir আৰু Ritonavir ক PEP regimen (Post exposure prophylaxis: একপ্ৰকাৰৰ HIV ৰ ঔষধ) হিচাপে কেতিয়াবা প্ৰতিকূল প্ৰভাৱ পেলাব পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক বন্ধ কৰিবলৈও নিৰ্দেশনা দিয়া আছে। তদুপৰি SARI ত আক্ৰান্ত ৰোগীসকলক সুক্ষ্ম পৰ্যবেক্ষণত ৰখাৰ ওপৰিও ৰোগৰ ক্ষেত্ৰত দেখা দিয়া যিকোনো কঠিন অৱস্থা (শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম অথবা sepsis) ৰ বাবে যথেষ্ট প্ৰযত্ন সহকাৰে ব‍্যৱস্থা ল’বলৈ নিৰ্দেশনাত উল্লেখ আছে। এই ক্ষেত্ৰত সময়োপযোগী, ফলদায়ক আৰু নিৰাপদ পদক্ষেপকে সম্প্ৰতি ক’ভিড-১৯ ৰোগৰ চিকিৎসাৰ মূলাধাৰ বুলি গণ্য কৰিবলৈ কোৱা হৈছে।

#প্ৰতিষেধক উদ্ভাৱনৰ সম্ভাৱনা কিমান?

ICMR ৰ শাখা ‘মহামাৰী আৰু সংক্ৰামক ৰোগ -১’ (ECD-1: Epidemiology and Communicable Disease -1) বিভাগৰ মূৰব্বী ৰমণ আৰ গঙ্গাখেড়কাৰৰ মতে প্ৰতিষেধক উদ্ভাৱনৰ দুটা পদ্ধতি আছে।প্ৰথমটো হ’ল জিনৰ অনুক্ৰম অধ্যয়ন কৰি তাৰ প্ৰতিকল্পে প্ৰতিৰক্ষী প্ৰস্তুতকৰণ আৰু বিকল্প পদ্ধতিটো হ’ল সেই বিশেষ প্ৰজাতিটোৰ পৰা প্ৰত‍্যক্ষভাৱে প্ৰতিষেধক প্ৰস্তুতৰ যত্ন কৰা, যিটো তুলনামূলকভাৱে বেছি সহজ। তেওঁ কোৱামতে, ভাৰতীয় বিজ্ঞানীসকলে ইতিমধ্যে ক’ভিড-১৯ ৰ ভাইৰাছটোক পৃথকীকৰণত সফল হৈছে আৰু এনেকুৱা ১১ টা ভাইৰাছ বৰ্তমান তেৱোঁলোকৰ হাতত মজুত। প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ সাফল্য বুলি বিবেচিত হৈছে। প্ৰতিষেধক তৈয়াৰৰ ক্ষেত্ৰত ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুকেইটা প্ৰতিষ্ঠান আৰু ঔষধ প্ৰস্তুতকৰ্তা গোষ্ঠীয়ে কেবাটাও ঢাপ আগুৱাবলৈ সক্ষম হৈছে; যিয়ে অনতিপলমেই প্ৰতিষেধক বিধৰ বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰীতাৰ পৰীক্ষণ সম্পন্ন কৰিব বুলি জনা গৈছে। দি গাৰ্ডিয়ান (The Guardian) কাকতৰ ১৯ মাৰ্চ, ২০২০ ৰ বাতৰিমতে এই ক্ষেত্ৰত সফলতা লভা পাঁচটা গোষ্ঠীৰ ভিতৰত এটা হ’ল “The Oxford (University) vaccine. উক্ত সপ্তাহতে The US biotech Moderna ই আমেৰিকাৰ চিয়াটল (Seattle) ত পোন প্ৰথমবাৰৰ বাবে ব‍্যক্তি এগৰাকীৰ দেহত প্ৰতিষেধকৰ বেজী দিয়ে। আন এক আমেৰিকান গোষ্ঠী Inovio ই অলপতে তেৱোঁলোকৰ নিজা প্ৰতিষেধকৰ পৰীক্ষাণ আৰম্ভ কৰিব। জাৰ্মানীটো CureVac এ প্ৰতিষেধকৰ ওপৰত কাম কৰি আছে।চীনত আন কিছুমান প্ৰতিষেধকে অগ্ৰগতি লাভ কৰিছে।

#ক’ভিড-১৯ ৰ পৰা নিজৰ সুৰক্ষা ব‍্যৱস্থা.

এই ৰোগৰ পৰা হাত সৰাৰ বাবে সঘনাই এলক’হল সমৃদ্ধ বীজণুনাশক নতুবা চাবোন আৰু পানীৰে হাত ধুবলৈ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দেশনা দিছে। এই ভাইৰাছটো যিহেতু বিভিন্ন উপৰিভাগত ঘণ্টাৰ পৰা এদিনতকৈও বেছি দিন জীয়াই থাকে গতিকে সম্ভাব্য স্পৰ্শৰ প্ৰতি লক্ষ্য ৰাখি সঘনাই হাত ধোৱাতো নিতান্তই জৰুৰী।

#চাবোনেৰ হাত ধোৱন

হাতৰ মলিয়ে অসংখ্য বেক্টেৰিয়া আৰু ভাইৰাছ বহন কৰে। কেৱল মাত্ৰ পানীৰে হাত ধুলে অনুজীৱৰ সংখ্যা হ্ৰাস পায় যদিও বেছিভাগ বেক্টেৰিয়া আৰু ভাইৰাছ সম্পূৰ্ণৰূপে মৰি নাযায়। সেয়ে চাবোন ব‍্যৱহাৰ এই ক্ষেত্ৰত এক মোক্ষম উপায়। ক’ৰ’ণা, পানীলগা সৃষ্টি কৰা ভাইৰাছ, ইব’লা, জিকা আদি ভাইৰাছে জিনীয় পদাৰ্থখিনি চৰ্বী বা স্নেহপদাৰ্থৰ খোলা বা তৰপেৰে আৱৰি ৰাখে।চাবোনৰ অণুটো পিনৰ দৰে আৰু ইয়াৰ দুটা অংশ থাকে। ইয়াৰ মূৰ অংশটো জলপ্ৰেমী (hydrophilic) আৰু নেজ অংশটো তেলপ্ৰেমী (oleophilic)। চাবোনৰ এই তেলপ্ৰমী নেজডাল ভাইৰাছটোৰ স্নেহৰ খোলাটোৰ প্ৰতি আসক্ত হোৱা হেতুকে ই ভাইৰাছটোত লাগি ধৰে। ভাইৰাছবিধৰ ৰাসায়নিক বন্ধনীটো শক্তিশালী নোহোৱা হেতুকে চাবোনৰ দীঘল তেলীয়া নেজডাল ভাইৰাছটোৰ ভিতৰত সহজে প্ৰৱেশ কৰে। ইয়াৰ পাছৰ পৰ্যায়ত চাবোনৰ তেলীয়া নেজডালে চিপৰাঙৰ দৰে কাৰ্য কৰি ভাইৰাছৰ চৰ্বীৰ খোলাটো ভাঙি পেলায়। লগতে নেজডালে ভাইৰাছটোৰ মূল RNA ৰ বান্ধটোৰ স’তে যুক্ত হৈ তাক ধ্বংস কৰে। এইবাৰ পানীৰে হাত ধুই দিলে মৃত ভাইৰাছৰ অৱশেষবোৰো পৰিস্কাৰ হৈ যায়।

#এলক’হল সমৃদ্ধ বীজাণুনাশক

চাবোনৰ দৰে বীজাণুনাশকৰ এলক’হলেও ভাইৰাছবিধৰ চৰ্বীৰ তৰপটো ভেদ কৰিবলৈ সক্ষম‌। ইয়াৰ উপৰিও এলক’হলে ভাইৰাছবিধৰ স্নেহৰ তৰপটোৰ ওপৰত থকা কাঠফুলা সদৃশ প্ৰটিন জোংবোৰো নষ্ট কৰিবলৈ সক্ষমতা ৰাখে; যিবোৰৰ জৰিয়তে এই ভাইৰাছবিধে মানৱ দেহৰ অভ‍্যন্তৰত প্ৰৱেশ কৰে। এনেধৰণৰ হাত ধোৱা বীজাণুনাশকত কমেও ৬০% এলক’হ’ল থকা দৰকাৰ। চাবোনৰ ফেনৰ দৰে এলক’হ’লে কিন্তু হাতৰ সমূহ অংশকে আগুৰিব নোৱাৰে।গতিকে সাৱধানতামৰ্মে পৰ্যাপ্ত পৰিমাণৰ এলক’হ’ল সমৃদ্ধ বীজাণুনাশক প্ৰয়োগৰ নিশ্চিতি উচিত। আন এক কথা হ’ল চাবোন পানীয়ে হাত পৰিস্কাৰ কৰাৰ দৰে এলক’হ’লে কিন্তু মৰা ভাইৰাছবিলাক হাতৰ পৰা গুচাব নোৱাৰে। এলক’হ’ল সমৃদ্ধ বীজাণুনাশকে ক্ষীপ্ৰতাৰে বীজাণু ধ্বংস কৰে সঁচা কিন্তু দেখাতেই লেতেৰা বা তেলজাতীয় মলি থকা হাতৰ পৰা সকলো বীজাণু নাশ কৰিব নোৱাৰে।

#মুখাৰ ব‍্যৱহাৰ

চিকিৎসাসন্মত মুখাই ক’ৰ’ণা সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে। বিধিসন্মতভাৱে পৰিধান কৰিলে এই মুখাই ৰোগ বিয়পি নোযোৱাকৈ ৰাখিব পাৰে। আমেৰিকাৰ চিকিৎসা সংস্থা (Journal of the Medical Association) ৰ পত্ৰিকাত প্ৰকাশ পোৱা এক প্ৰৱন্ধত লিখিছে- মুখা পিন্ধেলেই যে স্বাস্থ্যৱান মানুহ এজন এইৰোগৰ সংক্ৰমণৰ পৰা হাত সাৰিব তাৰ কোনো প্ৰামাণিক তথ্য পোৱা হোৱা নাই। অৱশ্যে ২০১০ চনৰ এক অধ্যয়নে এই কথা উল্লেখ কৰিছে যে ভয়ংকৰ পৰিস্থিতিত মুখা পিন্ধাটো সংক্ৰমণৰ পৰা ৰক্ষাৰ এক পৰোক্ষ উপায় হ’ব পাৰে। যিকি নহওক বিশ্ব স্বাস্থ্য সংস্থাইও ক’ৰ’ণাৰ প্ৰাদুৰ্ভাৱ পৰা অঞ্চলত সতৰ্কতামূলক ব‍্যৱস্থা হিচাবে চিকিৎসাসন্মত মুখা পিন্ধাটো প্ৰতিৰোধৰ উপায় বুলি ব‍্যক্ত কৰিছে। যিহেতু কাহ,আৰু হাঁচিৰ জৰিয়তে নিৰ্গত কণিকাৰ দ্বাৰা ভাইৰাছবিধ বিয়পে গতিকে শুদ্ধ ধৰণে মুখা পিন্ধি এই ভাইৰাছযুক্ত কণিকা শৰীৰত প্ৰৱেশৰ পৰা বাধা দিব পৰা যায়।

#সামাজিক ব‍্যৱধান (Social Distancing)

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি কাহ আৰু হাঁচিওৱা ব‍্যক্তিৰ পৰা কমেও এক মিটাৰৰ ব‍্যৱধানত থকা উচিত। কাহ আৰু হাঁচি মাৰিলে তাত থকা ভাইৰাছ সমৃদ্ধ ক্ষুদ্ৰ জল কণিকাবোৰ পৰিৱেশলৈ বিয়পি পৰে।যদি কোনো ব‍্যক্তি নিচেই ওচৰতে থাকে তেনেহ’লে এই কণিকাবোৰ তেওঁৰ উশাহৰ মাধ্যমৰে শৰীৰত প্ৰৱেশ কৰে।

#চকু, নাক আৰু মুখ স্পৰ্শৰ পৰা বিৰত থকা

যিকোনো বস্তু বা স্থানতে হাতৰ সঘন স্পৰ্শ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কব নোৱাৰাকৈ কেনেবাকৈ সেই স্পৰ্শত ভাইৰাছ আহিলে চকু, মুখ, নাক আদি চুলে সংক্ৰমণ হ’ব পাৰে।

#শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্যসন্মত অভ‍্যাস

কাহ আৰু হাঁচি মৰাৰ সময়ত কিলাকুটিৰ ভিতৰভাগেৰে ঢাকি ধৰক অথবা এবাৰ ব‍্যৱহৃত শোষক কাগজ (tissue paper) লওক। ব‍্যৱহৃত কাগজ অনতিবিলম্বে উপযুক্ত স্থানত পেলাওক‌।

#সচৰাচৰ উদয় হোৱা কিছু প্ৰশ্ন

(১) পানীলগা জ্বৰ (flu) আৰু ক’ভিড-১৯ ৰ মাজৰ পাৰ্থক্য কি?

উঃ কাহ আৰু হাঁচি মানে হৈছে এলাৰ্জী জনিত কাৰণ। জ্বৰৰ লগত যেতিয়া কাহ আৰু হাঁচি আহে সেয়াই পানীলগা জ্বৰ। যেতিয়া জ্বৰৰ লগত কাহ থাকে আৰু উশা-নিশাহত সমস‍্যাই দেখা দিয়ে সেয়া ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ লক্ষণ। এই অৱস্থাত চিকিৎসকৰ লগত পৰামৰ্শ লোৱা উচিত।

(২) নব‍্য ক’ৰ’ণা ভাইৰাছ চিনাক্তকৰণত ‘thermal scanner’ কিমান দূৰ নিৰ্ভৰযোগ্য।

উঃ Thermal scanner বোৰে জ্বৰ উঠা ব‍্যক্তি (যিসকলৰ উষ্ণতা সাধাৰণ শৰীৰ উষ্ণতাতকৈ বেছি) চিনাক্ত কৰিব, যি হয়টো ক’ভিড-১৯ আক্ৰান্ত হ’ব পাৰে। আক্ৰান্ত কিন্তু জ্বৰৰ লক্ষণ নেদেখুওৱা ব‍্যক্তিৰ ক্ষেত্ৰত এই যন্ত্ৰৰ কৰিবলগীয়া একো নাই। কাৰণ ক’ভিড-১৯ আক্ৰান্ত ব‍্যক্তিৰ লক্ষণবোৰ ২ৰ পৰা ১৪ দিনৰ ভিতৰতহে ফুটি উঠে।

(৩) ক’ভিড-১৯ আক্ৰান্ত ব‍্যক্তিয়ে সাঁতোৰ পুখুৰী (swimming pool) ৰ জৰিয়তে সংক্ৰমণ বিয়পোৱাৰ সম্ভাৱনা আছে নেকি?

উঃ নাই। ক’ৰ’ণা ভাইৰাছ ক্ষুদ্ৰ কণিকাৰ সংক্ৰমণ। এইৰোগত আক্ৰান্ত হোৱাৰ একমাত্ৰ উপায় হ’ল নিশাহৰ জৰিয়তে ভিতৰলৈ যোৱা। যথোপযুক্ত ক্ল’ৰিণৰে পৰিস্ৰুত সাঁতোৰ পুখুৰী ক’ভিড-১৯ কে আদি কৰি যিকোনো ধৰণৰ ভাইৰাছ পৰা মুক্ত।

(৪) মাংস নোখোৱাটো সংক্ৰমণ ৰোধৰ উপায় হ’ব পাৰে নেকি?

উঃ এইটো শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছহে খাদ‍্যদ্ৰৱ‍্যজনিত নহয়। মাংস, আন খাদ‍্য বা পোহনীয়া জন্তুৰ লগত ইয়াৰ একো সম্পৰ্ক নাই। যিকোনো মাংস বা খাদ্য খোৱাত বাধা নাই।

(৫) ব‍্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ক’ভিড-১৯ সংক্ৰমণৰ কিবা সম্পৰ্ক আছে নেকি?

উঃ ক’ৰ’ণা ভাইৰাছ এক দুৰ্বল গোত্ৰৰ ভাইৰাছ‌। যিসকলৰ এতিলৈকে মৃত্যু হৈছে তেৱোঁলোকৰ হয়টো ৰোগ-প্ৰতিৰোধ ক্ষমতা তন্ত্ৰ তেনেই দুৰ্বল যেনে শিশু আৰু বৃদ্ধ।ভাইৰাছটোৱে যেতিয়া হাওঁফাওঁত প্ৰৱেশ ই নিউম’নিয়াৰ সৃষ্টি কৰে। দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধ ব‍্যক্তি এই ক্ষেত্ৰত মৃত্যুমুখত পৰে‌। যুৱক-যুৱতী বয়সৰ, যিসকলৰ অসংক্ৰাম‍্যকৰণ তন্ত্ৰটো শক্তিশালী তেৱোঁলোকৰ ক্ষেত্ৰত ভাইৰাছটোৱে বৰ বিশেষ প্ৰভাৱ পেলাব নোৱাৰে যদিহে সেই ব‍্যক্তি মধুমেহ বা হৃদৰোগৰ দ্বাৰা আক্ৰান্ত নহয় নতুবা কোনো অসংক্ৰাম‍্যকৰণ তন্ত্ৰত প্ৰভাৱ পেলাব পৰা ঔষধ সেৱন কৰি থকা নাই। তেতিয়া কিন্তু অৱস্থা তথৈবচ হ’ব‌।

(৬) ক’ভিড-১৯ ৰ চিকিৎসা কৰিব পৰা কিবা ঘৰুৱা উপায় আছে নেকি?

উঃ এল’পেথীত বাহিৰে আন ঘৰুৱা উপকৰণ বা চিকিৎসা প্ৰামাণিক বিজ্ঞানসন্মত নহয়।আটাইতকৈ শ্ৰেষ্ঠ উপায় হৈছে সাৱধানতাপূৰ্বক চলা। ৰোগীৰ পৰা আঁতৰাত থকা আৰু যদি আপুনি কাহি আছে মুখা পিন্ধি ক্ষুদ্ৰ জলকণিকা বিলাক বিয়পি নোযোৱাকৈ ৰখা।

(৭) নব‍্য ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ আৰু চিকিৎসাৰ ক্ষেত্ৰত প্ৰতিজৈৱিক (antibiotic) ঔষধ কামত আহেনে?

উঃ নাহে। প্ৰতিজৈৱিক ঔষধে কেৱল বেক্টেৰিয়াৰ বিৰুদ্ধেহে কাম কৰে, ভাইৰাছৰ বিৰুদ্ধে নহয়‌। ক’ভিড-২৯ ভাইৰাছৰ পৰা হোৱা ৰোগ, ইয়াৰ চিকিৎসাত প্ৰতিজৈৱক ঔষধ ব‍্যৱহাৰ কৰা অনুচিত। কিন্তু কোনো ক’ভিড-১৯ আক্ৰান্ত ৰোগী যদি চিকিৎসালয়ত ভৰ্ত্তি হৈছে আৰু তেনে ৰোগীৰ যদি আন বেক্টেৰিয়াজনিত সংক্ৰমণ আছে তেন্তে এই ক্ষেত্ৰত প্ৰতিজৈৱিক ঔষধ দিব পাৰে।

(৮) নিউম’নিয়াৰ প্ৰতিষেধক (vaccine) ক’ভিড-১৯ ৰ কামত আহিবনে?

উঃ নাহে। নিউম’নিয়াৰ প্ৰতিষেধক – pneumococcal vaccine আৰু Heamophilus influenza type B (Hib) vaccine এ নব‍্য ক’ৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত কোনো কামত নাহে। ভাইৰাছটো তেনেই নতুন আৰু ইয়াত বাবে নিজা প্ৰতিষেধকৰ দৰকাৰ। যদিও এই প্ৰতিষেধক বিলাক ক’ভিড-১৯ ৰ চিকিৎসাত কামত নাহে, শ্বাস-প্ৰশ্বাসজনিত ৰোগীৰ বাবে প্ৰতিষেধক লোৱাটো এক গুৰুত্বপূৰ্ণ কথা।

# ক’ভিড-১৯ ৰ বিষয়ে থকা ভ্ৰান্ত ধাৰণাসমূহ

(ক) এই ৰোগ সংক্ৰান্তত বহুতো ভ্ৰান্ত ধাৰণা যেনে বেছিকৈ হালধী, শাকৰ ব‍্যঞ্জন, গোমূত্ৰ সেৱনৰ জৰিয়তে এই ৰোগৰ প্ৰতিৰোধ বা চিকিৎসা সম্ভৱ বুলি প্ৰচলিত হোৱা দেখা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাই এই দাবীবিলাক এক মিথ‍্যাচাৰ বুলি কৈছে‌। সংস্থাই পুনৰ কয় যে হালধী এক স্বাস্থ্যকৰ খাদ্য আৰু ইয়াৰ অনুজীৱ ধ্বংস কৰিব পৰা গুণো হয়টো আছে কিন্তু ক’ভিড-১৯ ক প্ৰতিহত কৰিব পৰা কোনো প্ৰমান নাই।

(খ) উষ্ণ আৰু আৰ্দ্ৰ (Hot and Humid) অঞ্চলটো ভাইৰাছটো বিয়পিব পাৰে। সাক্ষ‍্য প্ৰমাণ অনুযায়ী এই কথা সঁচা যে ভাইৰাছবিধ যিকোনো অঞ্চলতে সংক্ৰমিত হ’ব পাৰে।জলবায়ু নিৰ্বিশেষে সতৰ্কতামূলক ব‍্যৱস্থা গ্ৰহণ কৰাটোৱেই মংগল যদিহে আপুনি ৰোগাক্ৰান্ত অঞ্চলত বাস কৰে বা পৰিভ্ৰমণ কৰিবলগীয়া হৈছে।

(গ) ক’ভিড-১৯ মহৰ দ্বাৰা বিয়পে।

অতি সম্প্ৰতি মহৰ দ্বাৰা এই ৰোগ বিয়পাৰ কোনো তথ‍্য প্ৰমাণ নাই। এই ভাইৰাছবিধ কাহ, হাঁচি পৰা নিৰ্গত ক্ষুদ্ৰ কণিকা, লালটি আৰু নাকৰ পৰা ওলোৱা পানী বা শেঙুন আদিৰ দ্বাৰাহে বিয়পে। গতিকে হাত দুখন বাৰাম্বাৰ চাবোন-পানী অথবা এলক’হ’ল সমৃদ্ধ বীজাণুনাশকেৰে ধুই থকাটোৱে হ’ব প্ৰধান সুৰক্ষা ব‍্যৱস্থা।লগতে কাহ-হাঁচি মৰা ব‍্যক্তিৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান।

#উক্ত প্ৰশ্নোত্তৰ সমূহ বিশ্ব স্বাস্থ্য সংস্থাই যোগান ধৰা তথ‍্যৰ ওপৰত আধাৰিত আৰু এই প্ৰশ্নোত্তৰসমূহ প্ৰদান কৰা ব‍্যক্তি কেইগৰাকী হ’ল –

(১) ডাঃ কে.কে. আগৰৱালা (এচিয়া আৰু ওচেনিয়া চিকিৎসা সংস্থাৰ মহাসংঘৰ সভাপতি তথা ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰাক্তন সভাপতি)

(২) ডাঃ ৰবি সন্তোষম (হাওঁফাওঁ আৰু শ্বাসৰোগ বিশেষজ্ঞ)

(৩) ডাঃ ভি. ৰামসুব্ৰমনিয়ম (সংক্ৰমিত ৰোগৰ জ‍্যেষ্ঠ চিকিৎসক, এপ’ল’ চিকিৎসালয়)

(৪) ডাঃ জে. ইউফ্ৰেচিয়া লাথা ( অনুজীৱ বিজ্ঞান বিভাগৰ মূৰব্বী, মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়)

(৫) ডাঃ পি. কুগনানথম ( ভাৰতীয় জনস্বাস্থ‍্য বিভাগৰ প্ৰতিস্থাপক অধ্যক্ষ আৰু চেন্নাই মহানগৰীৰ প্ৰাক্তন স্বাস্থ্য বিষয়া।)

#দি হিন্দু -ৱে প্ৰকাশ কৰা  ‘The Pandemic Notebook’ নামৰ এই ইংৰাজী ই-পুস্তিকাখনিৰ লেখকসকল

১) আৰ প্ৰসাদ (২) বিন্দু সাজন পেৰাপ্পাদন (৩) জ‍্যোতি শেলাৰ আৰু (৪) জেকৱ কোশী

সম্পাদনাঃ পি. জে জৰ্জ

অসমীয়া লিপ‍্যন্তৰঃ ৰৌদ্ৰমা তপস্বিনী

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  5  =  1