ক’ত আপোনাৰ মানৱীয়তা : জিতুমণি নাথ

হয়টো আপুনি আস্তিক নতুবা নাস্তিক
হয়টো আপুনি নিচা কৰি ভাল ভাল পায়-
মন্দিৰ-মছজিদৰ ধৰ্মীয় পাঠৰ নিচা কিম্বা
মদ, বিড়ি, চিগাৰেটৰ নিচা।
হয়টো আপুনি এটি ভূৱনভুলোৱা দিপ্তিময় সূৰুয
নতুবা অন্ধাকাশৰ এজন শ্বাসৰুদ্ধ মেঘৰাজ।
কিন্তু আকাৰ ইংগিতে আপুনি এজন সম্পূৰ্ণ মানুহ
স্বয়ং ঐশ্বৰিক
ঠিক ঈশ্বৰৰেই ত্যাগ।
তেন্তে আপুনি এবাৰ গমি চাইছেনে-
আপোনাৰ অস্তিত্ব,
স্থিতি কিম্বা পৰিস্থিতি
ক’ত শংকৰ আৰু ক’ত আজান
ক’ত আপোনাৰ সত্যৰ তৰোৱালপাত
আৰু ক’ত আপোনাৰ মানৱীয়তা?
অ’ মোৰ প্ৰাণৰ মানুহ
মাত্ৰ এবাৰ সুধি চাচোন নিজক
ক’ত আপোনাৰ মানৱীয়তা?
জিতুমণি নাথ (মিৰ্জা, কামৰূপ)

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  18  =  28