ভাৰসাম্য : ড০ প্ৰীতিশ চৌধুৰী

নদীয়ে তাৰ গতিপথ সলায়,
এফালে ভাঙে, যদিও অন্য ফালে  গঢ়ে,

বনৰ মাংসংভোজী হিংস্ৰ(?) পশুবোৰেও জানে-
কিমান হাৰত বধ কৰিব অন্য প্ৰাণীক সিহঁতে
সিহঁতৰ খাদ্যৰ বাবে,

প্ৰকৃতিয়ে এয়াও জানে  কিমান হাৰত গলাব তাই
মেৰু দেশৰ বৰফ
জলমগ্ন নহবলৈ ধৰিত্ৰী আইক…

আচলতে, ভাৰসাম্য উশাহ লয় –
প্ৰকৃতিৰ হাতত,

আৰু,  ঠিক তাৰ  ওলোটাতো-
আমি জীৱ-শ্ৰেষ্ঠৰ হাতত !!!

Leave a Reply

Your email address will not be published. Required fields are marked *

76  ⁄    =  19