ছায়া-পথ : ড০ প্ৰীতিশ চৌধুৰী

আঠ হেজাৰ মাইল ব্যাসৰ প্ৰকান্ড বলটো
আজি এটা অতি  ক্ষুদ্ৰকায়,  ৰঙীন  বৰ্ণময় –
মনৰ খেল পথাৰত …

নখ-দৰ্পনতেই ৰঙীন বলৰ ৰঙীন খেলৰ নিচাত
বন্দী বিশ্বৰ আবাল-বৃদ্ধ-বনিতা,

একেখন চালিৰ তলতেই, অথচ
জয়াল নীৰবতা –
ইজন সিজনৰ মাজত !

আবেগ-অনুৰাগ বন্ধনৰ মৰমী সূতাডালৰ
আজি যেন সঁচাকৈয়ে-
বৃদ্ধাৱস্থা  !!

Leave a Reply

Your email address will not be published. Required fields are marked *

90  ⁄  30  =