জোনাক ৰাতি খিৰিকী মেলি ;
নীলিম আকাশলৈ চাই
জোনটিক সুধিলো,
তোমাৰ নিলাজ বুকুত অযুত তৰাৰ ডলিচা;
তথাপি কিয় লুকাভাকু খেলিছা ,
হাঁহি মাৰি জোনটিয়ে কলে ;
“এইয়া মোৰ হিয়াৰ আকুলতা ডাৱৰৰ সতে তৰাৰ
প্ৰেমৰেই খেলা।।
হয়তু ভাবিছা…
নীলিম আকাশত কেনেকৈ ডাৱৰৰ ডলিচা ?
হয় অ’…. কেতিয়াবা হঠাৎ নহ’ব লগাবোৰ হৈ যায় “
জীৱনটোও এনেকুৱাই, নহয় জানো!
হাঁহি থাকোতেই অবাঞ্চিত দুখে আহি দোলা দিয়ে
কিন্তু সকলো গ্ৰহণ কৰি;
আগুৱাই যাবই লাগিব
নীলিম আকাশৰ দৰে
জীৱনৰ জয়গান গাই।।
পুনৰ পূব আকাশৰ খিৰিকী মেলি
ৰাতিপুৱাৰ ৰঙা বেলিটিক,
কৰিলোঁ প্ৰণাম।।
দিনটোৰ বাবে বিছাৰিলো
তোমাৰ আশীৰ্বাদ ;
সকলোৰে শুভ কামত তুমিয়ে সহায় হোৱা
নিশাৰ কালিমা গুচাই,
ধৰা খনি পোহৰাই তোলা।।
প্ৰতিজন মানুহৰ অন্তৰত জগাই তোলা
মানৱীয়তাৰ জয়গান ;
শেষত সুধাকণ্ঠৰ গীতৰ ভাষাৰে
” মানুহে মানুহৰ বাবে….”
প্ৰিয়া দত্ত ,১৯/০৬/২০২০