মোৰ খিৰিকিৰে বৈ আহিছিল – Krish Vatsh

মোৰ খিৰিকিৰে বৈ আহিছিল
এলানি আহ্লাদিত স্বপ্নৰ নৈ… 
সেইদিনা পূৰ্ণিমাৰ জোনবাইৰ ঠগটি
একেবাৰে শুভ্ৰতাৰ চৰম স্থিতিত অৱস্থান কৰিছিল। 
সেই আজোককাৰ দিনৰ খিৰিকি
যি খিৰিকিৰে প্ৰেমৰ বিনিময় হৈছিল
অধুনা স্বৰ্গগামী দুই পৱিত্ৰ হৃদয়ৰ… 
লক্ষ্মীয়ে প্ৰেম নিবেদন কৰিছিল হেনো ইন্দিৰাক…! 
সেই আশীতিপৰ খিৰিকিৰেই জুমি চাই অাছোঁ
জোনাকবোৰক আজি… 
প্ৰাণভৰি জীপাল কৰিছোঁ
হৃদয়ৰ মিঠা মিঠা অনুভৱবোৰক… 
এচেৰেঙা ৰ’দৰ পোহৰত সাৰ পাই উঠোঁ
আকৌ সাজু কৰি তোঁলো নিজক… 
আজোককাৰ দিনৰ প্ৰেমক প্ৰতিৰূপ দিবলৈ… 
সেই খিৰিকিয়েদি জীয়াঢলযেন উফন্দি অহা ঢৌবোৰৰ লগত… 
অভিমানৰ বোকোচাত উঠি ঠেঁহ পাতোঁ… 
হাঁহো, কাঁন্দো আৰু পাগল হওঁ… 
আকৌ প্ৰেমত পৰোঁ… বিফল হওঁ। 
খিৰিকিখন আজিও একেই বন্ধু.. 
ইপাৰৰ পৰা বিস্তিৰ্ণ সিপাৰ দেখা পায়… 
যদিও নেদেখা তুমি কেতিয়াও… 
খিৰিকিখনৰ কোঁহে-কোঁহে লুকাই থকা মিঠা-মিঠা অথচ
কিছুমান অব্যক্ত বেদনাৰ লেলিহান শিখাবোৰ… । 

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  6  =  3