খিড়িকী – Chao Nihal Gogoi, Assamese Poem

নিতাল সেই জয়াল ৰাতি

চিল মিল টুপনিত

সপোনে তৰাফুল বাচিল

শুনিলো, সুৱদি জিলিৰ মাতত

কুটিল কৰ্কশতা

সময়ৰ ঘনিষ্ঠ নিষ্ঠুৰতাত

উন্মাদ নৃত্যৰে দেৱাৰিৰ মৰণ কিৰিলি

আচম্বিতে খিড়িকীখন খুলি দিলো মই

দেখিলো উজ্জ্বল মৌন জোনাকক

ক্ৰমঃ গিলিলৈ কলীয়া ডাৱৰ গাভিনী

এজাক হিম চেচাঁ বতাহ সোমাই

দিলেহি অপ্ৰত্যাশিত বতৰা

ৰক্তৰ বৰষুণ এই পৰো পৰো

জপাই দে তোৰ খিড়িকী

বাহিৰত মৃত্যু এতিয়া শব্দৰ বাণ

নিহাল গগৈ, শিৱসাগৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

3  ×  1  =