খিড়িকী মৌচুমী ডেকা

আৱদ্ধ কোঠাটোত

বন্ধ খিড়িকীয়েদি বাহিৰলৈ

চাই পঠিয়াইছোঁ |

প্ৰকৃতিয়ে সেউজীয়া সাজ পিন্ধি

আগ্ৰহেৰে বাট চাইছে

এজাক বৰষুণৰ –

বৰষুণৰ টোপালত

পুনৰ সজীৱ হৈ উঠিব

প্ৰকৃতিৰ বুকু |

আৰু মই…

কাৰাগাৰত বন্দী হৈ থকাৰ দৰে

বন্দীত্ব স্বীকাৰ কৰিছোঁ |

খিড়িকীখনেই মোৰ সাঁৰথি

মাজে মাজে আকাশখনলৈ

ৰ’ লাগি চাই ৰৈছোঁ

ইমান বিশাল নিলীম আকাশ …

কমোৱা তুলাৰ দৰে উৰি ফুৰা

শুকুলা মেঘবোৰ-

পৰাহ’লে কেতিয়াবা এনেদৰে …

কিন্তু !

ক’তা আজিচোন মই

সংগ্ৰাম কৰিছোঁ জীয়াই থাকিবলৈ অকলশৰে…

সংগীবিহীন মোৰ জীৱন!

মোক দেখিলে মানুহবোৰে

দূৰতে পলায়

নিৰ্দিষ্ট পৰিমাণৰ দূৰত্বৰে

কথা পাতে

উফ্…

অসহ্য!

দয়াময় মোক আগৰ অৱস্থালৈ

ঘূৰাই নিয়া

মই আকৌ চিতপখিলাজনী হৈ

উৰি ফুৰিব খোজোঁ

দূৰ-দিগন্ত

এতিয়া…

খিড়িকীৰ ফাঁকেৰে মই মাথো

জোনাক বিচাৰি ফুৰিছোঁ |

মৌচুমী ডেকা /20.06.2020

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  24  =  26