খিড়িকী – Rasmi

সূত্ৰবোৰ সম্পূৰ্ণ শুদ্ধ আৰু সঠিক হোৱাহেঁতেন!

গৱেষণা বোৰ ভবাৰ দৰে সফল হোৱাহেঁতেন!

প্ৰতি হৃদয় একে লয়ত স্পন্দিত হোৱাহেঁতেন!

ভ্ৰান্ত তথা অসত্যৰ সংজ্ঞা এটাই হোৱাহেঁতেন!

মন সংযোগী ৰেখা ডাল সৰলৰেখা হোৱাহেঁতেন!

ওহঃ,যিমান বোৰ হেঁতেন ;

সিমান বোৰেই সপোন।

চিঞৰি উঠে সমগ্ৰ সত্তা,

এমুঠি পোহৰ খেপিয়াই।

খোলা খিড়িকী,কিন্তু ৰুদ্ধ প্ৰৱেশ;

জালি বান্ধি আঁতি ধৰে প্ৰতি জিলিঙনি ;

খিড়িকী খনে যন্ত্ৰণাত চিৎকাৰ কৰি উঠে,

ঝন ঝন কৈ খহি পৰে অস্তিত্ব।

হাত মেলি মুঠি মাৰি ধৰোঁতেই

ৰাঙলী হয় দুচকুৰ সপোন।

তথাপি বন্ধ চকুৰে দেখিছোঁ

আদি শক্তি সূৰ্য্যৰ সপ্তাশ্ব ৰথ যাত্ৰা।

ক্ৰমাৎ দুচকুৰ পটাৰ তলত

স্ব-ইচ্ছাই গঢ়ি উঠিছে গৱাক্ষ…

আৰু

কৃষ্ণ গহ্বৰৰ শেষত লাহে লাহে খোল খাইছে

খিড়িকী খন,

ৰিণি ৰিণি সোমাইছে

সকলো হেঁতেন বোৰৰ উত্তৰৰ বাট দেখুৱাই

পোহৰৰ সোঁত।

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  1  =  1