জীৱশ্ৰেষ্ঠ – ড০ প্ৰীতিশ চৌধুৰী

( ৫ জুন – বিশ্ব পৰিবেশ দিবস !!)

গৰ্ভস্থ  পোৱালিটোৱে  তাৰ মাকক ক’লে-
মা, ভূমিষ্ঠ হ’বই নোৱাৰিলোঁচোন –
চাবলৈ –
সুন্দৰ —-পৃথিৱীক,
আৰু——জীৱশ্ৰেষ্ঠকো !

দুগালেদি বৈ অহা অশ্ৰুজল মুছি মুছি
মাকে ক’লে-
সোণ,  দুখ নকৰিবা,  আজি ভাবিছোঁ মই,  কিমান যে ভাগ্যবান ——তুমি !

আহ্ ! কি নিদাৰুণ !

হায় ! জীৱশ্ৰেষ্ঠ মানৱ !!

সভ্যতাৰ জলমল পোহৰ,
পৃথিৱীৰ শত সহস্ৰ আইন,

আজিও অসহায়, নিৰ্বাক, নিস্তব্দ্ধ তোমাৰ আদিম বৰ্বৰতাত !! *
——————————-
(*২০২০ চনত ভাৰতৰ এখন ঠাইত  মানুহৰ নিশৃংস বৰ্বৰতাত  গৰ্ভস্থ পোৱালিৰ সৈতে প্ৰাণ হেৰুওৱা গৰ্ভৱতী হাতীজনীৰ সোৱঁৰণত। অৱধাৰিত এতিয়াও প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ:  এক গধূৰ চিন্তন-  বিশ্ব পৰিবেশ দিবসত!)

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  4  =  4