থিম্ফু ভ্ৰমণৰ মাদকতা

ভাৰতৰ চুবুৰীয়া দেশ ভূটান প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ আপুনি যদি কম খৰচত বিদেশ ভ্ৰমণৰ আমেজ লব বিচাৰিছে তেতিয়া আপুনি ভূটানৰ ৰাজধানী থিম্ফু ভ্ৰমণ কৰিব পাৰে । সচৰাচৰ দেখা যায় যে বহুসংখ্যক অসমৰ লোকে কুমৰীকাটা, ৰঙিয়া, পাঠশালাৰ ভাৰত-ভূটান সীমান্তবৰ্তী এলেকাৰে ভুটানত প্ৰবেশ কৰি ভূটান ভ্ৰমণৰ আমেজ লোৱা দেখা যায় কিন্তু আপুনি এইবোৰ ঠাইৰে ভূটানত গলে নিৰ্দিষ্ট ৫-৬ কিলোমিটাৰৰ এলেকাৰ ওপৰঞ্চি যাব নোৱাৰিব কিয়নো ভূটানৰ আইনমতে এই নিৰ্দিষ্ট ঠাইৰ ওপৰঞ্চি প্ৰবেশ নিষিদ্ধ আৰু আপুনি প্ৰবেশ কৰিলে আইনমতে   দন্দনীয়  হব ।আপুনি যদি ভূটানৰ প্ৰকৃত সৌৰ্ন্দয্য উপভোগ কৰিব বিচাৰে তেতিয়া আপুনি থিম্ফু, পাৰো, ডচুলা পাচ, চেলিলা পাচ, পুনাখা ভ্ৰমণ কৰিব পাৰে থিম্ফু যাব লগীয়া হলে দুই ধৰণৰ সুবিধা আছে ১. ৰেলেৰে আপুনি প্ৰথমে নিউ আলীপুৰদুৱাৰত উপস্হিত হৈ তাত এনিশা কটাই(সময়ৰ অনুপাতে)পিছদিনা পুৱা পাছ বনাবৰ বাবে আলীপুৰদুৱাৰ  পৰা ৫৫ কিলোমিটাৰ নিলগৰ ভাৰত-ভূটান সীমান্তবৰ্তী জয়গাও/ফুটছিলৱঙ উপস্হিত হব লাগিব । উল্লেখ্যযোগ্যযে জয়গাও আৰু ফুটছিলৱঙ এখন গেটৰ ইফাল সিফাল । ভাৰতৰ ফালক জয়গাও আৰু ভূটানৰ ফালক ফুটছিলৱঙ কোৱা হয় । পাছ বনাবৰ কাৰণে দুই ধৰণৰ নথিৰ আবশ্যক () ১৮ বছৰ অনুবৰ্ব লোকৰ ভোটাৰ পৰিচয় পত্ৰ আৰু ১৮ বছৰৰ তলৰ লোকৰ জন্ম প্ৰমাণপত্ৰ বাধ্যতামূলক () আপুনি থিম্ফু বা পাৰোত গৈ প্ৰথম আৰু দ্বিতীয় নিশা কটাবলগীয়া হোটেলৰ নাম আৰু ঠিকনাৰ এটা কপি দিব লাগে । আপুনি যদি অনলাইনত হোটেল বুক কৰে তেতিয়া হোটেল কতৃপক্ষই হোৱাটচ এপ অথবা ই-মেইলত হোটেল বুকিংৰ কপি এটা প্ৰদান কৰে নাইবা আপুনি জয়গাও আৰু ফুটছিলৱঙৰ ট্ৰেভেল এজেন্সিৰ পৰাও তাত উপস্হিত হৈ হোটেলৰ কপি উলিয়াব পাৰে । জয়গাও আৰু ফুটছিলৱঙত থকা খোৱাৰ সুন্দৰ ব্যবস্হাৰ লগতে বহু বিশ্বাসযোগ্য ট্ৰেভেল এজেন্সি পোৱা যায় । ফুটছিলৱঙত ইমিগ্ৰেচন অফিচ অবস্হিত আৰু ই ৰাতিপুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫বজালৈকে খোলা থাকে, ৰবিবাৰে বা ভূটানৰ চৰকাৰী বন্ধ দিনত ই বন্ধ থাকে ।ফুটছিলৱঙৰ পৰা থিম্ফু উপস্হিত হবলৈ ৪ ঘন্টা সময় লাগে । জয়গাও আৰু ফুটছিলৱঙত থিম্ফু যাবলৈ নানাধৰণৰ ৰিজাৰ্ভ কৰিব পৰা গাড়ী পোৱা যায় । এই গাড়ীৰ(ৱেগনাৰ,টয়টা) ভাৰা সাধাৰণতে ২৫০০-৩৫০০ৰ ভিতৰত হয় । ২.এতিয়া গুৱাহাটীৰ পৰা সপ্তাহত এদিন ড্ৰোক এয়াৰবেজৰ বিমান উপলদ্ধ । থিম্ফুত বিমানবন্দৰ নাই যদিও ইয়াৰ নিকতবৰ্তী চহৰ পাৰো চহৰৰ মাজমজিয়াত নৈসৰ্গিক সৌন্দৰ্য্যৰ মাজত পাৰো বিমানবন্দৰ অবস্হিত । পাৰোৰ পৰা থিম্ফুৰ দূৰত্ব ৫০ কিলোমটাৰ । টেক্চি বা গাড়ীৰে পাৰো পৰা থিম্ফু অখবা থিম্ফুৰ পৰা পাৰো যাবলৈ ২ঘন্টা সময় লাগে, টেক্চি বা গাড়ীৰ ভাৰাও অত্যাধিক নহয় আপুনি ১৫০০-২০০০ৰ ভিতৰত ইয়াত গাড়ী পোৱা যায় । মই আপোনালোকৰ সুবিৰ্ধাথে বাজেট সমন্ধীয় এটা আভাস দিলো, আপোনালোক ধৰক এটি ৫ জনীয়া দল – আপুনি যদি জয়গাও বা ফুটছিলৱঙৰ পৰা গাড়ী এখন থিম্ফু লৈ ভাৰাত ললে আপোনাৰ সৰ্বাধিক ভাৰা ৩৫০০ ৰ ওপৰত নহয় । ৫ জন মানুহৰ ৩নিশাৰ হোটেলৰ ভাৰা আনুমানিক ১০,০০০ আৰু আপুনি হোটেল বুক কৰিলে আপোনালোকৰ হোটেলখন থিম্ফু চহৰৰ মাজমজিয়াত দিব কব । হোটেল বিলাকৰ তলতে নানাধৰণৰ গাড়ী পোৱা যায় । আপুনি থিম্ফু চহৰৰ চাইড চিন কৰিলে ২০০০ আৰু থিম্ফুৰ পৰা চেলেলা, পাৰো গলে দুদিনত সৰ্বাধিক ৫০০০ লব । গতিকে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা গাড়ী, হোটেল, খোৱা বোৱাত ৫জনীয়া দলৰ মাজত ৩২,০০০ মান আণুমানিক খৰচ হোৱা দেখা যায় ।       

        মই ২০১৭ চনত প্ৰখম গৈছিলো যদিও ইয়াৰ মনোৰম ষ্মৃতি পাহৰিব নোৱাৰাৰ বাবে দ্বিতীয়বাৰৰ বাবে যোৱাৰ সিদ্ধান্ত লৈছিলো আৰু সিদ্ধান্তমতে ২০১৯ চনৰ জুন মাহত আমি (মোৰ সহপাঠী বন্ধু ডৰিণ, হিতেন)ৰ সৈতে থিম্ফু অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলো । মোৰ ঘৰ যিহেতু বৰপেটাত সেয়েহে আমি বৰপেটা ৰোড ষ্টেচনৰ পৰা দুপৰীয়া ৩ বজাত নিউ আলিপুৰদুৱাৰ অভিমুখে যাত্ৰ কৰিছিলো (আমি যোৱা ট্ৰেইনখনৰ সময় ৩ বজা আছিল)আৰু সন্ধিয়া ৭ বজাত নিউ আলিপুৰদুৱাত উপস্হিত হও । তাত আমি নিশা অতিবাহিত কৰি পিছদিনা পুৱা ৭ বজাত নিউ আলিপুৰদুৱাৰ পৰা ফুটছিলৱঙ অভিমুখে যাত্ৰা আৰম্ভ কৰি ১০ বজাত ফুটছিলৱঙত উপস্হিত হও। নিউ আলিপুৰদুৱাৰ পৰা ফুটছিলৱঙৰ দূৰত্ব আনুমানিক ৫৫ কিলোমিটাৰ ।ফুটছিলৱঙৰ ইমিগ্ৰেচন অফিচত উপস্হিত হৈ পাছ সমন্ধীয় যাবতীয় কাম কাজ খিনি সমপ্ন কৰি দুপৰীয়াৰ আহাৰ খাই আবেলি ৪ বজাত থিম্ফু অভিমুখে ৰাওনা হও । ফুটছিলৱঙৰ পৰা থিম্ফুৰ যাত্ৰা কৰোতে আপুনি নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব । আমি ৪বজাত যাত্ৰা আৰম্ভ কৰি নিশা ৮ বজাত থিম্ফুত উপস্হিত হও । নিশাটো থিম্ফুৰ ক্লক টাৱাৰৰ ওচৰৰ হোটেল জেই জেংত কটাইছিলো । এটা কথা লক্ষ্য কৰিছিলো ভূটানৰ প্ৰায়বোৰ হোটেল চাফ-চিকুণ আৰু সকলোলোৱে ট্ৰেফিক আইন সুন্দৰকৈ মানি চলে । পথচাৰী সকলৰ বাবে ভূটান নিৰাপদ কিয়নো সকলোৱে জেব্ৰা ক্ৰচিঙৰ নিয়ম সুন্দৰকৈ মানি চলে । আমি থকা হোটেল খনত লিফটৰ ব্যবস্হা আছিল আৰু ৩জনৰ মাজত ৩খন বিছনাৰ এটা কোঠা ২০০০ টকাৰ বিনিময়ত থিক কৰিছিলো । দ্বিতীয় দিনা আমি থিম্ফু চহৰত অবস্হিত ৰজাৰ বাসগৃহ, খিম্ফু চহৰ, থিম্ফু ষ্টেডিয়াম খন যি দুখন পাহাৰৰ মাজত ধুনীয়াকৈ চালে চকুৰোৱা কৈ বনাইছে, আপুনি যদি থিম্ফুত গৈ থিম্ফুৰ বৌদ্ধ পইণ্টত নাযায় তেতিয়া আপুনাৰ ভ্ৰমণ ব্যৰ্থ্য বুলিয়ে কব পাৰি । আমি থকা হোটেলৰ ৰান্ধনি চাংগে নামৰ লৰা জনে গোটেই থিম্ফু চহৰখনৰ সৰ্ম্পকে আভাস দিছিল । এনেদৰে আমাৰ তাত ৰোমান, তাছি, চাংগেহতৰ সৈতে এক আত্মীয় সমন্ধ গঢ়ি উঠিছিল । যি আজিও অটুট আছে । আমি এনেদৰে গোটেই দিনটো থিম্ফু চহৰ খন চাই হোটেল অভিমুখে যাত্ৰা কৰিলো । নিশা হলে থিম্ফু চহৰখন ৰঙীণ হয় পৰে । দিনৰ ভাগত সকলোৱে নিজৰ দায়িত্ব পালন কৰি নিশা ১০ বজাৰ পিছত ওলাই আহে । ঠাণ্ডা বেছি হোৱা হেতুকে ইয়াত সুৰাৰ পয়োভৰ বেছি যদিও হাই হাল্লা একেবাৰে নাই সেয়েহে বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে ভূটান পৰ্যট্যকৰ বাবে নিৰাপদ শীৰ্ষ ৫খন দেশৰ তালিকাত স্হান পাই আহিছে । তৃতীয় দিনা আমি থিম্ফু চহৰক বিদায় দি পাৰো হৈ চেলেলা পাচ(১৩,০০০ফুট) অভিমুখে যাত্ৰা কৰিলো । চেলেলা পাচৰ পৰা ডোকলাম দৃশ্যভূট হয় । ডোকলাম হল এক বিবাদমান এলেকা । চীন, ভূটান উভয়ে ইয়াক নিজৰ বুলি মানি আহিছে । ডোকলামত ভাৰতীয় সেনাৰ অবস্হিতি ৰঙা চীনে মানি লোৱা নাই । অবশ্যে এতিয়া আলোচনাৰ মাধ্যমত বিষয়টো শাম কাটিছে । যিকি নহওক আমি চেলেলা পাছৰ নান্দনিক দৃশ্য উপভোগ কৰি নিশাটো পাৰো চহৰত কটালো । চতুৰ্থ দিনা আমাৰ নিশা ১০ বজাত ট্ৰেইন থকা হেতুকে মনটো সেমেকি উঠিচিল যদিও ভূটানৰ পৃথিবী বিখ্যাত টাইগাৰ নেষ্ট মনেশট্ৰীৰী চাব যাম যিহেতুকে মনটো ভিতৰি ভিতৰি উতফুল্লিত হৈ উঠিছিল । টাইগাৰ নেষ্ট মনেশট্ৰীৰী পাহাৰৰ শিখৰত অবস্হিত । এই মনেশট্ৰীৰী চাবলৈ দেশ বিদেশৰ বহু লোকৰ সমাগম হয় । ইয়াৰ ওপৰলৈ যাবলৈ হলে ৪-৫ ঘন্টা ট্ৰেকিং কৰি যাব লাগে । সময়ৰ অভাবত আমাৰ ট্ৰেকিং কৰা নহল যদিও দূৰৰ পৰা ইয়াৰ সৌন্দৰ্য্য উপভোগ কৰিলো । মনতে সংকল্প ললো যে পিছত আকৌ আহিলে ট্ৰেকিং কৰি ইয়াৰ শিখৰত উপস্হিত হম । উভতনি যাত্ৰাত পাৰো বিমানবন্দৰৰ সৌন্দৰ্য্য দেখিলো । সৌ সিদিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাৰো বিমানবন্দৰত উপস্হিত হৈছিল । পাৰো বিমানবন্দৰটো চালে চকুৰোৱা ।পাৰো  পৰিকল্পিত আৰু মনোৰম চহৰ । পাৰোৰ ৰাষ্ট্ৰীয় সংগ্ৰাহালয় চালে আপুনি দেশখনৰ ইতিহাস সৰ্ম্পকে জ্ঞাত হব । ভূটানৰ ৰাষ্টা ঘাটবোৰ মৃসণ আৰু ইয়াৰ পৰিবেশ, প্ৰাকৃতিক সৌন্দৰ্য্য ভাষাৰে বৰ্ণণা কৰিব নোৱাৰি । আপুনি ইয়াত উপস্হিত হলেহে ইয়াৰ অনুভব কৰিব পাৰিব । ইয়াত পুনাখা, ডচুলা পাচ, আদি আন আন চাব পৰা ঠাইও আছে । পুনাখাত পুনাখা ভেলী, পুনাখা জং, পুনাখা ওলোমা দলঙ আদি চাব পৰা ঠাই আছে । ডচুলা পাছত ২০০৩ চনৰ আলফা, এন.ডি.এফ.বি আৰু আন আন সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উতখাত কৰোতে ভূটান ৰয়েল আৰ্মিৰ ১০৮ জন জোৱান শ্বহীদ হৈছিল, এই শ্বহীদ জোৱান সকলৰ সন্মানাৰ্থে ১০৮টা ষ্তুপ ইয়াত নিৰ্মাণ কৰা হৈছে । যিকি নহওক মূল কথালৈ ঘূৰি আহো পাৰো চহৰ খন চাই আমি সন্ধিয়া ৩বজাত পাৰোৰ পৰা জয়গাওলৈ উভতনি যাত্ৰা আৰম্ভ কৰি ৭ বজাত জয়গাওত উপস্হিত হলো । যিহেতু আমাৰ ট্ৰেইন ৰাতি ১০ বজাত আছিল সেয়েহে খৰখেদাকৈ ১৫০০ টকাৰে গাড়ী এখন ৰিজাৰ্ভ কৰি জয়গাওৰ পৰা নিউ আলিপুৰদুৱাৰলৈ যাত্ৰা কৰিলো । ১০.৩০ বজাত ট্ৰেইন আহি পোৱাত বিঘ্ন্ণ মনেৰে ঘৰ অভিমুখে যাত্ৰা কৰিলো । ভূটান ভ্ৰমণৰ পৰা বহু নজনা কথা জানিব পাৰিলো । ইয়াৰ নাগৰিক সকল ট্ৰেফিক আইনৰ পৰা পৰিবেশলৈ অত্যন্ত সজাগত ।আপুনিও এবাৰ পৰিয়াল, বন্ধুবৰ্গৰ সৈতে থিম্ফু ভ্ৰমণৰ আমেজ লব পাৰে ।

লেখকৰ নাম, ঠিকনা
অংশুমান চৌধুৰী, বৰপেটা
দূৰভাষ ৮১৩৪৮-৪০৭৪১

Leave a Reply

Your email address will not be published. Required fields are marked *

17  −    =  13