বন্দী-
চাৰি দেৱালৰ মাজত !
ৰজাৰ কঠোৰ হুকুম !
কিন্তু সঁজাত বন্দী পখীৰ
পৰিচৰ্যা যিমানেই …
দৃষ্টিতো তাৰ সৰ্বক্ষণ সেই নীল আকাশৰ পিনেই !
এটা সময় সৰু গলিয়েদি খোঁজ দি দি মোৰ দুই ভৰি
ৰাজপথৰ ৰম্য-ভূমি –
চহৰৰ তিনি আলিত..
আজি তাত নিস্তব্দ্ধতাৰ বাস !
যেন এখন অচিনাকি – ভৌতিক চহৰ !!
দুই এখন গাড়ীৰ ইতস্ততঃ অহা-যোৱা –
আপাদ-মস্তক ইউনিফৰ্মধাৰীৰ…
আঙুলিৰ মূৰত লেখিব পৰা মাত্ৰ কেইটামান মানুহৰ
পায়চাৰি – ফুট-পাথত,
হাতত গ্লোভচ্, মুখত ত্ৰিভুজাকৃতিৰ বগা-ক’লা মাস্ক,
এচিটেট ফ্ৰেমৰ মোটা চচমাৰ আঁৰত
কিছু যেন সুৰক্ষিত চকু দুটাও !!
আৰু ৰাজ-পথত ?
মাস্কহীন, গ্লোভচহীন-
এটা যেন মুক্ত বিহংগ মই থিয় হৈ থকা-
কোনো এলিয়েনৰ দেশত !
হঠাৎ তিনি আলিৰ আনটো মূৰে, মোৰ দূৰবীণ চকুত – হাতত চাহৰ কাপ লৈ – বল্টু তাৰ গুম্ টিত !
আহঃ ! সূৰ্যৰ হেঙুল আভাৰে নামি অহা এই আবেলি পৰত – একাপ চাহ !!
এখোঁজ, দুখোঁজ – শৰীৰটোক মোৰ টানি নিলে তাৰ গুম্ টিৰ কাষলৈ …
হঠাৎ কৰ্ণ-গহ্বৰত মোৰ কাৰোবাৰ চিৎকাৰ –
ভয় নাই ?
নিউটনৰ তৃতীয় সূত্ৰ মানি মোৰ দুই ঠোঁটোও গৰজি উঠিল –
ভয় ? কাক ? ক’ৰোনাক ?
তাতোকৈয়োতো আৰু হেজাৰ গুণ জয়াল বিষাণু এই পৃথিবীত !
ভয়তো কেৱল –
নিজক, তোমাক,
মা——-নু——-হ———ক !!
চাহৰ কাপ লবলৈ হাত আগ বঢ়াওঁতেই –
ই কি !
বল্টুচোন নাই – সমুখত মোৰ !
আৰু তাৰ গুম্ টি ?
এটা যেন লাশ – পৰি থকা কোনো নিৰ্জন মৰিশালিত !
আৰু, নিৰ্বাক নিস্তব্দ্ধ মই –
থিয় হৈ তাত !!
ডুবিব ধৰা সুমথিৰা ৰঙৰ সূৰ্যটোৰ সেই তেজহীন পোহৰত, ভৌতিক চহৰখন তেতিয়া আৰু বেছি
ভৌতিক –
ক্ৰমশঃ নামি অহা চৌদিশৰ নিস্তব্দ্ধতাক
বুকুত সাবটি !!
* ২০২০ চনত হোৱা ক’ৰোনা ত্ৰাসত সম্পূৰ্ণ তলা-বন্ধ কালত ব্যস্ত চহৰ এখনৰ ভৌতিক ৰূপৰ চিত্ৰাংকন।তাৰেই পুনৰাবৃতি যেন আকৌ ২০২১ চনত !!