ৰাধা-কৃষ্ণৰ কাজিয়া আৰু ফল্গুৎসৱ : ৰৌদ্ৰমা তপস্বিনী

শিশু কৃষ্ণৰ দুষ্টামিয়ে সমগ্ৰ ব্ৰজবাসীকে অতিষ্ঠ কৰিছিল।লগ-সমনীয়া সকলোকে কন্দুওৱা কৃষ্ণৰ অতপালিয়ে ব্ৰজধামৰ অন‍্যান‍্যসকলকো বাৰুকৈয়ে জ্বলা-কলা খুৱাইছিল।এইহেন দুষ্ট কৃষ্ণ এদিন কান্দি কান্দি মাক যশোদাৰ কাষ পালে‌।যশোদা আচৰিত হোৱাৰ উপৰিও চিন্তিত হৈ পৰিল।যাক লৈ ব্ৰজবাসীৰ অভিযোগৰ অন্ত নাই আজি আকৌ সেই দুষ্টবুদ্ধি শিশু কৃষ্ণই নিজে অভিযোগ লৈ কান্দি কান্দি মাকৰ কাষ চাপিছে! কথা বিষম দেখি যশোদাই মৌসনা আদৰ ঢালি মৰমৰ দুষ্ট পুত্ৰৰ অভিযোগৰ কাৰণ জানিব বিছাৰিলে।মাকৰ আশ্বাস পাই শিশু কৃষ্ণই ফেঁকুৰি ফেঁকুৰি জনালে যে কৃষ্ণ হেনো ধুনীয়া নহয়। যশোদাই কাৰণ জানিব পাৰি মিচিকিয়াই হাঁহি পূৰ্বতকৈ অধিক কোমল মাতেৰে সগৰ্বে ঘোষণা কৰিলে যে কৃষ্ণসম সুন্দৰ বালক এই জগতত নাই। শিশু কৃষ্ণৰ কান্দোন কিন্তু বন্ধ নহ’ল। মাকে পুনৰ অমিয়া মাতেৰে কোনেনো কৈছে সোধাত কৃষ্ণই পুনৰ অভিযোগ উত্থাপন কৰিলে,’ প্ৰকৃতিয়েনো মোক কিয় এই বৰণ দিলে’। যশোদাই শিশু কৃষ্ণৰ মনৰ ভাব তেতিয়াহে বুজিলে যে কোনোবাই কৃষ্ণক কলা বুলি জোকাইছে। যশোদাই যথাবিহিত ব‍্যৱস্হা ল’ম বোলাত দুষ্ট কৃষ্ণই আচল কথালৈ আহিল। ৰাধাই হেনো কৃষ্ণৰ বৰণ লৈ ঠাট্টা কৰিছে। ব্ৰজধামৰ আটাইতকৈ সুন্দৰী সেন্দুৰবুলীয়া শিশু ৰাধাৰ বাক‍্যই কৃষ্ণক আহত কৰিছে।মাকে হাঁহি হাঁহি সমিধান দি ক’লে, ‘যোৱা তোমাৰ যি মন যায় সেই ৰঙকে নি ৰাধাৰ বগা-ৰঙচুৱা গাল দুখনত সানি দিয়া।’ মাকৰ পৰা প্ৰতিশোধৰ উপায় বিছাৰি পাই কৃষ্ণই আনন্দমনে গৈ ৰাধা সুন্দৰীৰ গালত কলচীয়া ৰং সানি দুয়ো একে বৰণৰ হৈ পৰিল।..
 ..শিশু ৰাধাৰ কলচীয়া মুখ দেখি ব্ৰজবাসীয়ে বৰ আমোদ পালে।ৰাধাৰ ৰংসনা খংমুৱা শিশু মুখখনি অপৰূপ সৌন্দৰ্যৰে অধিক আকৰ্ষণীয় হৈ উঠিল।কৃষ্ণ প্ৰমুখ‍্যে সকলোৱে ৰাধাৰ মুখখনি একেথিৰে চাই থাকিল।ৰাধাৰ খং দুগুণ চৰিল। খঙৰ ভমকত ৰাধাইও এসোপা ৰং আনি কৃষ্ণৰ গাত চটিয়ালে‌। ৰাধাৰ খং উঠা দেখি কৃষ্ণই বৰ ৰং পালে। এনেদৰে পৰস্পৰে পৰস্পৰৰ গাত ৰং সনা-চটিওৱা কাৰ্যত লিপ্ত হৈ পৰিল।ব্ৰজবাসীসকলোৱে ৰাধা-কৃষ্ণৰ এই ব‍্যক্তিগত কাজিয়াৰ ৰঙ চটিওৱা কাৰ্যত পাৰস্পৰিকভাৱে  বিলীন হৈ আটায়ে ৰঙীণ হোৱাত ৰাধা-কৃষ্ণৰ  শিশু মনৰ দুখ নাইকিয়া হ’ল আৰু দুয়ো পুনৰ আনন্দমনে মিলিত হ’ল। শিশু ৰাধা-কৃষ্ণৰ নিস্কলুষ প্ৰেমৰ ঠেঁহ আৰু তাৰ নিস্পত্তিয়ে আজিৰ ফাকুৱা বা ফল্গুৎসৱৰ আৰম্ভণিৰ এক সূত্ৰৰূপে শাস্ত্ৰত পোৱা যায়‌। 
বিঃদ্ৰঃ ফাঁকুৱাৰ বিষয়ে শাস্ত্ৰানুসাৰে বিভিন্ন সময়ত ভিন্ন উপকাহিনী কথিত আছে।

ৰৌদ্ৰমা তপস্বিনী

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  1  =  8