সময় নে দু:সময়,
ভাবিবলৈ আহৰি নাই ….
‘সিংহাসনৰ ডাক’ !
মন-মগজুত
যুদ্ধৰ কুচ-কাৱাজ –
জনতা-তন্ত্ৰৰ অস্ত্ৰৰ
নিৰ্ভুল লক্ষেৰে …..
আকাশ-লঙ্ঘা প্ৰতিশ্ৰুতিৰ বন্যাত
ভাহিছে দেশৰ জনতা
সপোন সাগৰত…..
এজনৰ মুখত- ‘স্কাই-স্ক্ৰেপাৰ’ !
আন এজনত শুনিবা তুমি – ‘বুৰ্জ-খলিফা’ !!
কোন আৰু কম, কাতকৈ-
তৃতীয় জনৰ কন্ঠত চিঞৰ – ‘প্লেনেট মাৰ্চ’ !!!
সময় যে এয়া, আকৌ এবাৰ
লৈ থকাৰ সোৱাদ –
‘পুৰণি বটলত নতুন মদ’ৰ !!!