নেমু চাহ কিয় আপোনাৰ আহাৰৰ অংশ হ’ব লাগে

ৰাতিপুৱা একাপ  চাহ অবিহনে দিনটো অসম্পূৰ্ণ। কামৰ ব্যস্হতাৰ মাজত, দিনৰ শেষত, সভাৰ মাজত, বা বৰষুণৰ সময়ত – একাপ চাহে আপোনাৰ গা-মন সতেজ কৰি তুলিব পাৰে। চাহৰ আটাইতকৈ জনপ্ৰিয় প্ৰকাৰবোৰৰ ভিতৰত এটা হৈছে নেমু চাহ | নেমু চাহ তৈয়াৰ কৰিবলৈ, আপুনি কেৱল অলপ নেমুৰ ৰস ক’লা চাহত চেপি বনাব লাগিব। আপুনি সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি পানীয়ত কিছু চেনী আৰু মচলা যোগ দিব পাৰে। আমি আপোনাৰ বাবে চাাৰিটা আকৰ্ষণীয় স্বাস্থ্য লাভালাভ আনিছো যি আপোনাক আপোনাৰ দৈনন্দিন আহাৰত চাহ যোগ দিবলৈ অনুপ্ৰাণিত কৰিব।

1. ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক
নেমু হৈছে ভিটামিন চি, ভিটামিন বি৬, লগতে পটাছিয়াম, আৰু মেগনেছিয়ামৰ দৰে পুষ্টিৰ এক উৎকৃষ্ট উৎস। ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰা আৰু আপোনাক এলাৰ্জি আৰু সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত এই সকলোবোৰ উপাদানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চাহ পাতবোৰত ফ্লেভোনইড আৰু এণ্টিঅক্সিডেণ্ট থাকে যি আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে।

2. ওজন নিয়ন্ত্ৰণ কৰা
যদি আপুনি দেহৰ ওজন কেইকিলোগ্ৰাম হ্ৰাস কৰিব বিচাৰে তেন্তে নেমু চাহ এটা ভাল পানীয়। ই শৰীৰক বিষমুক্ত কৰাত সহায় কৰে আৰু হজমত সহায় কৰে। ইয়াৰ লগতে কেইবাটাও প্ৰদাহ-প্ৰতিৰোধী গুণ আছে যি শৰীৰটো সুস্থ ৰাখে।

3. চাপ হ্ৰাস কৰে
এই চাহত পৰ্যাপ্ত পৰিমাণৰ ফ্লেভোনইড, পটাছিয়াম, মেগনেছিয়াম, জিংক, তাম আৰু এণ্টিঅক্সিডেণ্ট থাকে যি মস্তিষ্কৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰে। এক কাপ নেমু চাহে আপোনাৰ মানসিক চাপ হ্ৰৰাস কৰাত সহায় কৰিব পাৰে।

4. এচিডিটিৰ বিৰুদ্ধে যুঁজ দিয়ে
আটাইতকৈ সচৰাচৰ হোৱা ৰোগবোৰৰ ভিতৰত এটা হ’ল এচিডিটি আৰু নেমু চাহ ইয়াৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰাত অতি কাৰ্যকৰী। দৰাচলতে, এচিডিটি প্ৰশমিত কৰিবলৈ যিকোনো চাহত নেমু যোগ দিব পাৰি – য’ত গাখীৰ নাথাকে। ইয়াত পৰ্যাপ্ত আহাৰৰ আঁহ থাকে যি অন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু বিপাক নিয়ন্ত্ৰণ কৰে

সেয়েহে, এতিয়া আপুনি আপোনাৰ দৈনন্দিন আহাৰত এই সুস্বাদু চাহ যোগ দিব পাৰে 

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  4  =  20