ক’ৰোনা (ব্যঙ্গ) – ড০ প্ৰীতিশ চৌধুৰী

হ’ব পাৰোঁ  অতি ক্ষুদ্ৰ,
অদৃশ্য দুই চকুত তোমাৰ,
নাক,মুখ,চকু,কান, হাত,ভৰি,
একো এটা তোমাৰ দৰেও নেথাকিলেই  যেনিবা,
জানিবা, তথাপিও মইও এটা জীৱ
ঠিক তোমাৰ দৰেই,

তোমাৰ শৰীৰত থকা লাখ লাখ চেলবোৰৰ  দৰে
চেল এটাৰো যে দৰকাৰ নহয়  মোৰ !

আৰু ওজন বুলিবলৈ একা?

পৃথিৱীত থকা আমাৰ  গোটেই মখাকে ধৰি-বান্ধি আনি জুখিলেও-
তোমালোকে খাই  ভালপোৱা সেই আপেলটোৰ ভৰটোকে যে চুব পাৰিম,  সেয়াও সন্দেহ !

পিছে, তোমাৰ দেহত থকা  RNA, DNA আৰু প্ৰোটিনৰ দৰে বস্তুবোৰ মোৰ দেহতো কিন্তু  তিঘিলঘিলায়,
সময়ত  যে সিহঁতেই  মোৰ  যুদ্ধৰ হাতিয়াৰ!

সুখেৰে, শান্তিৰে,  আনন্দেৰে  জী  থাকিবলৈও
তোমালোকৰ দৰে আমিও বিচাৰোঁ,

হওঁতে আছিলোঁৱেই  তেনেদৰে,  ইমানদিনে
সুখ- শান্তি আৰু  আনন্দেৰে-
শান্ত-শিষ্ট-বশিষ্ঠ হৈ
প্ৰকৃতিৰ নিৰিবিলি কোলাত
শান্তিৰ নিদ্ৰা  লৈ!

পিছে,  জীৱ-শ্ৰেষ্ঠ বুলি দম্ভ মাৰি ফুৰা তোমালোক নৰ-মনিচ গণেই  প্ৰকৃতিৰ বলাৎকাৰী হৈ  আমাৰ সুখ-নিদ্ৰা ভঙ্গৰ আজি প্ৰধান হোতা-
নহয় জানো?

তোমালোকক জোকালে খং উঠাৰ দৰে
আমাৰো উঠে খং,

সেয়ে, দেখিছাই আজি আমাৰ কেনে ৰুদ্ৰ মূৰ্তি !

আৰু, সদাশিৱৰ  দৰে তান্ডৱ নৃত্যেৰে আমাৰ
যুদ্ধৰ হুংকাৰ- তৃতীয়খন বিশ্ব-যুদ্ধৰ
তোমালোকলৈ !

এফালে আমি,
আনফালে তোমালোক-
বিশ্বৰ  সমগ্ৰ নৰ-মনিচ গণ !

শেষত কওঁ শুনা-

‘মৃত্যুৰ বিভীষিকাৰ ৰক্তাক্ত ইতিহাস অকল তোমালোক নৰ-মনিচ গণেই লিখি গৈ থাকিবা নেকি?
আমিও পাৰোঁ – চোৱা !’

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  1  =  4