মিউচুৱেল ফাণ্ড কি?

মিউচুৱেল ফাণ্ড হৈছে এক প্ৰকাৰৰ বিত্তীয় অহিলা যি বহু বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা ধনৰ দ্বাৰা গঠিত। সংগ্ৰিহীত ধনসমূহ ইকুইটি, বণ্ড বা অন্যান্য চিকিউৰিটিত বিনিয়োগ কৰে। মিউচুৱেল  ফাণ্ডবোৰ  পেছাদাৰী  মানি  মেনেজাৰৰ  দ্বাৰা  পৰিচালিত  হয়,  যি  পুঁজি  সমূহ  আৱণ্টন  কৰে  আৰু  পুঁজিৰ  বিনিয়োগকাৰীসকলৰ  বাবে  মূলধন  লাভ  বা  উপাৰ্জন প্ৰস্তুত কৰাৰ চেষ্টা কৰে।  এই সামূহিক বিনিয়োগৰ পৰা উৎপন্ন হোৱা উপাৰ্জন/লাভবোৰ কিছুমান ব্যয় কৰ্তন কৰাৰ পিছত বিনিয়োগকাৰীসকলৰ মাজত সমানুপাতিকভাৱে বিতৰণ কৰা হয়,  “নেট এছেট ভেল্যু” বা এন.এ.ভি. গণনা কৰি। 

সহজ ভাৱে ক’বলৈ গ’লে, মিউচুৱেল ফাণ্ড হৈছে সাধাৰণ মানুহৰ বাবে আটাইতকৈ কাৰ্যকৰী বিনিয়োগ বিকল্প কিয়নো ই তুলনামূলকভাৱে কম ব্যয়ত এক বৈচিত্ৰ্যপূৰ্ণ, পেছাদাৰীভাৱে পৰিচালিত বিত্তিয় অহিলাত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰে।
 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

9  +  1  =