প্ৰজাপতি আৰু তিনি ‘দ’ ৰ জ্ঞান

এবাৰ প্ৰজাপতি (সৃষ্টিকৰ্তা বা ব্ৰহ্মা) য়ে ঘোষণা জাৰি কৰি দিলে যে ত্ৰিভূৱনৰ তিনিও গণৰ জীৱন যাপন পদ্ধতিৰ জ্ঞানৰ নবীকৰণৰ সময় হৈছে। স্বৰ্গলোকৰ দেৱতাসকল বৌদ্ধিক দিশত সবাতোকৈ আগবঢ়া আছিল গতিকে খৱৰ পাই দেৱগণে তৰিৎ গতিত প্ৰজাপতিৰ কাষ চাপিল। যথা নিয়মে সেৱা আগবঢ়াই ক’লে, ‘প্ৰভূ, আমি আপোনাৰ পৰা নতুন জ্ঞান ল’বলৈ সাজু। কৃপা কৰি আমাক জীৱনৰ ন-গূঢ়তাৰ শিক্ষা দান কৰক। প্ৰজাপতিয়ে শিক্ষা দানৰ নামত মাত্ৰ এটা বৰ্ণ উচ্চাৰণ কৰিলে, ‘দ’। আৰু মিচিয়াকৈ হাঁহি সুধিলে বুজিলাতো! তেৱোঁলোকে ক’লে, ‘হয় গুৰুদেৱ, আমি বুজিলো।’দ’ মানে ‘দম‍্যতা’। দেৱলোকত যিহেতু কোনো অসুখ বা অভাৱ অনাটন নাই দেৱগণে সততে আমোদ-প্ৰমোদ,ভোগ-বিলাস, নৃত‍্য-বিহাৰ আদিতেই মত্ত থাকে। গতিকে দেৱগণে বুজিলে যে গুৰুৱে তেৱোঁবিলাকক এইবিলাক নিয়ন্ত্ৰণাধীন কৰিবলৈ কৈছে।অৰ্থাৎ ‘দম‍্যতা’ মানে হৈছে নিয়ন্ত্ৰণ। প্ৰজাপতিয়ে দেৱগণক ক’লে, ‘ঠিক আছে তোমালোক যাব পাৰা। তাৰ পিছত পাতালৰ পৰা আহিল অসুৰগণ। যথাৰীতি প্ৰজাপতিক সেৱা জনালে।অলপ সেমেনা সেমেনি কৰি ক’লে,’দেৰি হোৱাৰ বাবে দোষ নধৰিব প্ৰভু।আমাকো ন-জ্ঞানেৰে আলোকিত কৰক গুৰুদেৱ। গুৰুৰ এইবাৰো এটাই আখৰ ক’লে, ‘দ’।বুজিলাতো! অলপ পৰ তলকি অসুৰগণে ক’লে, ‘অশেষ ধন্যবাদ গুৰুদেৱ, আমি বুজিলো। অসুৰগণে প্ৰয়োজনত আনৰ বস্তু কাঢ়ি ল’বলৈও কুণ্ঠাবোধ নকৰে। যেতিয়াই তেতিয়াই উৎপাত কৰি দাদাগিৰি চেলাই ফুৰে।মুঠৰ ওপৰত সন্ত্ৰাস বিয়পাবলৈ অসুৰৰ তিলমানো সময় নালাগে। গতিকে সিঁহতে গুৰু প্ৰজাপতিৰ ‘দ’ৰ অৰ্থ বুজিলে ‘দয়ধ্বম’ অৰ্থাৎ সহানুভূতি। আনৰ প্ৰতি সহানুভূতিশীল হ’বলৈ সিঁহতবিলাকক ন-শিক্ষা দিয়া বুলি অসুৰগণে গুৰুক পুনৰ সেৱা জনাই প্ৰস্থান কৰিলে।নিজক লৈয়ে ব‍্যস্ত থকা মনুষ‍্যগণৰো অৱশেষত প্ৰজাপতিৰ ঘোষণা কাণত পৰিল।খৰধৰকৈ গমন কৰি প্ৰজাপতিৰ কাষ পালে।লাজ পোৱা যেন দেখুৱাই বিনম্ৰতা জাহিৰ কৰি গুৰুক প্ৰণিপাত কৰি ন-জ্ঞান পিপাসাৰ উদ্দেশ‍্য ব‍্যক্ত কৰিলে। গুৰুৱে হাঁহি মাৰি ক’লে,’দ’। পৰস্পৰে পৰস্পৰৰ মুখলৈ চোৱা-চুই কৰিলে। গুৰুৱে হাঁহি মনুষ‍্যগণৰ কাণ্ড-কাৰখানা চাই থাকিল। বেছ কিছুপৰৰ পিছত বয়োজ‍্যেষ্ঠ এগৰাকীয়ে ক’লে, বুজিলো গুৰুদেৱ।সেৱাহে বুলি কৈ আটাইকে প্ৰণিপাত জনাবলৈ কৈ প্ৰস্থানৰ দিহা কৰিলে। কিন্তু তাতেই কেনা লাগিল‌।মনুষ‍্যগণে প্ৰজাপতিৰ উপস্থিতি পাহৰি আৰম্ভ কৰিলে দুৰ্বাদল কাজিয়া।আমিটো একো বুজা নাই। আপুনি বুজিলেই হ’বনে?

কি এই ‘দ'(!) – প্ৰচণ্ড খঙত বুঢ়াৰ ওপৰত আটায়ে জকি উঠিল। গুৰুই হাঁহি মুখে চাই থাকিল মনুষ‍্যৰ মূঢ়তা! বুঢ়াই আনসকলৰ ব‍্যৱহাৰত লজ্জিত বোধ কৰিলে তথাপিও ধীৰে সুস্থিৰে ব‍্যাখ‍্যা আগবঢ়ালে।বোপাসকল,আমি অতি স্বাৰ্থলোভী জাতি‌।আমাক কেৱল লাগে আৰু লাগে। আমাৰ প্ৰয়োজন পূৰণ হোৱাৰ পাছতো আমি বিত্ত সম্পদ গোটাই থাকো।আনৰ ভাগৰ খিনিও কৌশল চল-চাতুৰিৰে নিজৰ কৰি লোৱাত আমি সিদ্ধহস্ত। কিন্তু দিয়াৰ বেলিকা আমাৰ হাত কোনো পধ‍্যেই খোলা নাখায়।কাৰোবাক কিবা দিব লগা হ’লে আমি মৰা যেন পাওঁ।নিজৰ খোৱা-পিন্ধাৰ যোগাৰ হোৱাৰ পাছত আমি পুত্ৰ-পুত্ৰীৰ বাবে ধন আহৰণত লিপ্ত হওঁ। তাৰ পিছত নাতি-পুতি, পাৰিলে সাত পুৰুষলৈ।জীৱনত কাৰো তিলমানো উপকাৰ সাধন নকৰাকৈ এদিন এই ধন-বিত সাবতিয়েই সিপুৰী পাওঁ। আমাৰ সতি-সন্ততিয়ে পৰিশ্ৰম বিমুখ হৈ লাহ-বিলাহত মত্ত থাকি দুৰ্মদ- দুৰ্জন হৈ আনৰ লগতে নিজৰ শৰীৰো ৰোগগ্ৰস্ত কৰি সকলোৰে সুখ-শান্তি নাশ কৰে।গতিকে বোপাসকল এই ‘দ’ৰ অৰ্থ হ’ল ‘দাঁতা’। আমাৰ জীৱনৰ ন-জ্ঞান হ’ব নিজ উপাৰ্জনৰ পৰা পাৰিলে কিঞ্চিত দান কৰা আৰু প্ৰকৃতি ৰক্ষাৰ দায়িত্ব লোৱা। যাতে কোনোৱে পুষ্টিহীন-বস্ত্ৰহীন আৰু গৃহহাৰা হ’ব নালাগে। তেতিয়াহে সমগ্ৰ জীৱকূলৰ উপকাৰ সাধন হ’ব। অন‍্যথা মানৱ জাতিৰ বলিশাল নিজে হাতে তৈয়াৰ হৈ সকলো লয় পাব।
[- ৰৌদ্ৰমা তপস্বিনী]

Leave a Reply

Your email address will not be published. Required fields are marked *

6  ×  1  =