কাশ্মীৰ

কাশ্মীৰত এইবাৰ ৰাষ্ট্ৰীয় পতাকা উৰিল

বাসত্তৰ বছৰীয়া প্ৰতীক্ষাৰো যেন অন্ত পৰিল

হৰিসিংহ, আব্দুলা, নেহৰু, গান্ধী, পেটেলৰ

আশাবোৰেই যেন বাস্তবায়িত

       কাশ্মীৰ আকৌ এবাৰ ভাৰতৰ অংগৰাজ্য

ৠষি কাশ্যপৰ  তপস্যাও আজি ধন্য হৈ

শংকৰাচাৰ্য্যৰ মন্দিৰেও প্ৰাণ পাই

       কাশ্মীৰ আকৌ এবাৰ ভাৰতৰ অংগৰাজ্য

সকলোৰে বাবে কাশ্মীৰ এতিয়া মুক্ত বিচৰণৰ থল

সেয়া দেখি উত্তৰৰ গিৰি হিমালয়ো যেন গৰ্বিত

       কাশ্মীৰ আকৌ এবাৰ ভাৰতৰ অংগৰাজ্য

অমৰনাথ যাত্ৰাৰ পথ যেন পুনৰ সুগম

স্বাদ্বিষ্ট আপেলৰ সুৱাদো যেন আৰু দুগুণ

        কাশ্মীৰ আকৌ এবাৰ ভাৰতৰ অংগৰাজ্য

ধৰণীৰ ভূস্বৰ্গ খ্যাতিটো  যেন অক্ষত হৈ

ঝিলাম নদী আৰু ডাল হ্ৰুদৰ পানী যেন আৰু পৰিস্কাৰ

        কাশ্মীৰ আকৌ এবাৰ ভাৰতৰ অংগৰাজ্য

কাশ্মীৰ গুণগৰিমাৰৰূপ লাবণ্যৰ  নপৰে যেন অন্ত

সেয়ে ভাৰতবাসীয়ে দুনাই নিবিচাৰে সেই কাৰগিলৰ যুদ্ধ

        পুলৱামা কাণ্ডই ইয়াৰ অন্ত হৈ পৰক

        সচা অৰ্থত  ভাৰতৰ অংগৰাজ্য হৈ উঠক

Bikash Sarmah (Acharjya)
Vill & PO- Gamiripal
PS- Jamugurihat
Dist- Sonitpur (Assam)
Pin- 784180
Contact:- 7002458996

Leave a Reply

Your email address will not be published. Required fields are marked *

37  −  35  =