জনকৰ ৰাজসভাত তৰ্ক যুদ্ধ

ৰাজৰ্ষি জনকে তেৱোঁৰ দৰবাৰত পণ্ডিতসকলৰ মাজত সময়ে সময়ে তৰ্কসভাৰ আয়োজন কৰিছিল আৰু শ্ৰেষ্ঠজনক পুৰষ্কাৰেৰে সন্মানিত কৰিছিল। দেশৰ গুণী-জ্ঞানী ব‍্যক্তিসকল সেই তৰ্কসভাত উপস্থিত হৈ নিজৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ যত্নপৰ হৈছিল। তেনেকুৱা এখন সভাত এবাৰ ৰজা জনকে এহেজাৰ গাই গৰুৰ শিঙত তোলাই তোলাই সোণ বান্ধি ঘোষণা কৰিছিল যে যিয়ে এই তৰ্কযুদ্ধত বিজয়ী হ’ব তেৱোঁয়েই এই সমস্ত গো-সম্পদৰ গৰাকী হ’ব‌। অতীজত গো-ধনত ধনী সকলেই সম্পদশালী ব‍্যক্তি বুলি পৰিগণিত আছিল। ঘোষণা শুনাৰ পিছত দেশ-বিদেশৰ বিভিন্ন শাস্ত্ৰ বিশাৰদ, পণ্ডিত ব‍্যক্তিৰে ৰাজ দৰবাৰ ভৰি পৰিল। যথা সময়ত তৰ্ক সভাৰ আৰম্ভ হ’ল। কিন্তু সভাগৃহত কোনেও কাকো প্ৰত‍্যাহ্বান জনোৱা দেখা নগ’ল।   

সময় আগবাঢ়িল,এনেতে এগৰাকী ব‍্যক্তি ঠিয় হ’ল আৰু নিজৰ শিষ‍্যসকলক পুৰষ্কাৰ স্বৰূপে ৰখা গো-ধনসমূহ তেৱোঁৰ বাসগৃহলৈ লৈ যাবলৈ হুকুম দিলে। শিষ‍্যসকল গুৰুৰ আদেশ পালিবলৈ উদ‍্যত হোৱাত বিভিন্ন ঠাইৰ পৰা অহা পণ্ডিতসকলৰ মাজত আলোড়নৰ সৃষ্টি হ’ল। হতবম্ভ হৈ এই কাৰ্যত তেৱোঁলোকে বাধা প্ৰদান কৰিলে। এহেজাৰ গাই গৰু, তাকো শিঙত লোমালোমে সোণ! এনেকৈ বিনাবাক‍্যব‍্যয়ে কোনোবাই লৈ যাব,তেৱোঁলোকে হজম কৰিব নোৱাৰিলে। তেৱোঁলোকে শিষ্য সকলক বাট আগচি ধৰিলে।কি ভিত্তিত তেওঁ নিজকে সৰ্বশ্ৰেষ্ঠ বুলি বিবেচনা কৰিলে আৰু সমস্ত গো-সম্পদ লৈ যাবলৈ ওলাইছে বুলি আগন্তুকক জবাবদিহি কৰিলে। তেওঁ অতি বিনম্ৰতাৰে জনালে যে, ইয়াত যিজন সৰ্বশ্ৰেষ্ঠ ত্ৰিকালজ্ঞ পণ্ডিত তেৱোঁলৈ শত-সহস্ৰ প্ৰণাম আৰু নিজকে শ্ৰেষ্ঠ বুলি তেওঁ কেতিয়াও দাবী কৰা নাই। মাত্ৰ প্ৰয়োজন আছে বাবেহে গো-মাতাক তেওঁ লৈ যাবলৈ ওলাইছে বুলি জনালে‌। সভাগৃহ কাঁহ পৰি জিন যোৱা অৱস্থা। কি কয় এই ব‍্যক্তিয়ে! পাগল নে ধূৰ্ত? নে সঁচাকৈয়ে মহা পণ্ডিত! তেওঁ পুনৰ শান্তস্বৰেৰে জনালে যে যদি কোনোবাৰ কিবা প্ৰশ্ন আছে সুধিব পাৰে নতুবা তেৱোঁক যদি প্ৰত‍্যাহ্বান জনাব বিচাৰে তেওঁ আনন্দেৰে গ্ৰহণ কৰিব। ৰজা জনক প্ৰমূখ‍্যে আটায়ে আশ্চৰ্য প্ৰকাশ কৰিলে- কি উদ‍্যমী আৰু তেজস্বী পুৰুষ অথচ বিনয়ী! নমনীয় কিন্তু পৰাক্ৰমী তেৱোঁৰ বাক‍্য! সেই তেজস্বীতাৰ নামেই আছিল যাজ্ঞ‍্যবল্ক।এই তেজোদ্বীপ্ত দেখাত সহজ সৰল কিন্তু ভীষণ দৃঢ় ঋষিক প্ৰত‍্যাহ্বান জনোৱা মানেই অথন্তৰ হোৱাটো যে খাটাং তেৱোঁৰ আৰম্ভণিয়ে বুজাই দিছে। সহজে প্ৰশ্ন কৰিবলৈ কোনো ঠিয় নহ’ল। কিন্তু সকলোকে আচৰিত কৰি প্ৰত‍্যাহ্বান জনাবলৈ ঠিয় হ’ল এগৰাকী নাৰী।

অতীত কালত শাস্ত্ৰ চৰ্চা কৰা নাৰী নাই বুলিলেও ভুল কৰা নহয়‌। কিন্তু গাৰ্গী পৰম জ্ঞানী শাস্ত্ৰজ্ঞা বিদূষী বুলি পৰিচিতা আছিল। সভাত গুণগুণনি উঠিল। আগেয়ে নোহোৱা নোপোজা ঘটনা ঘটাত আটায়ে বিচুৰ্তি খালে। তেৱোঁয়েই পোণতে যাজ্ঞ‍্যবল্কক প্ৰত‍্যাহ্বান জনাবলৈ সাজু হোৱাত আন পণ্ডিতসকলে অলপ সকাহো পালে।  নাৰী প্ৰকৃতি স্বাভাৱিকতে তৰ্কশীলা,তাতে আকৌ শাস্ত্ৰজ্ঞা নাৰী! চালে চকুৰোৱা অতীব সুন্দৰী গাৰ্গী আৰু তেজস্বী যাজ্ঞ‍্যবল্কৰ তৰ্কযুদ্ধই কি ৰূপ ল’ব পাৰে তাকে চিন্তা কৰি বহুতৰে ভয়ো সোমাল।  নাৰীসকলে এনেকুৱা এটা কথাত কামোৰ মাৰি ধৰে যে সহজে পৰিত্ৰাণ পোৱা টান হৈ পৰে। যাজ্ঞ‍্যবল্কক প্ৰণাম জনাই গাৰ্গীৰ।প্ৰশ্নবাণ- ‘মহৰ্ষি, এইটো সকলোৰে জ্ঞাত যে ব্ৰহ্মজ্ঞানৰ অধিকাৰী বা আত্মজ্ঞানী হ’বলৈ ব্ৰহ্মচৰ্য ব্ৰত অনিবাৰ্য।আপোনাৰটো দুগৰাকীকৈ পত্নী আছে। আপুনিটো ব্ৰহ্মচাৰী নহয়, তেনেস্থলত আপুনি শ্ৰেষ্ঠত্বৰ দাবী কৰি এক অনুচিত কাৰ্যক প্ৰৰোচিত কৰা নাই নে? গাৰ্গীৰ পোণপটীয়া আক্ৰমণ। একেষাৰতেই যাজ্ঞ‍্যবল্ক ধৰাশায়ী হোৱা বুলি সভাগৃহত উত্তেজনা বিৰাজ কৰিলে। যাজ্ঞ‍্যবল্কই বুজিলে এই তীক্ষ্ণ সুন্দৰীয়ে এনেধৰণৰ পাৰ্থিৱ জ্ঞানকে আধাৰ কৰি তেৱোঁক মষিমূৰৰ চিন্তা কৰিছে। তেওঁ পূৰ্বতকৈও কোমল সুৰেৰে উত্তৰ দিয়াৰ সলনি এক প্ৰশ্নহে নিক্ষেপ কৰিলে- হে সুশীলা, ব্ৰহ্মচাৰীনো কাক কয়? গাৰ্গীয়ে অনায়াসে উত্তৰ দিলে, ‘যি অহৰহ পৰম সত‍্যৰ অন্বেষণত ডুবি থাকে। যাজ্ঞ‍্যবল্কৰ গাৰ্গীক প্ৰত‍্যাক্ৰমণ, ‘তেনেহ’লে তুমিয়েই কোৱাচোন গৃহস্থ এগৰাকীয়ে কিয় পৰম সত‍্যৰ সন্ধান কৰিব নোৱাৰে! মহৰ্ষি, গাৰ্গীয়ে সহাস‍্যে উত্তৰ দিলে,’ যি স্বতন্ত্ৰ আৰু মুক্ত নহয় তেওঁ কেতিয়াও পৰমাৰ্থিক সত্বাৰ জ্ঞান লাভ কৰিব নোৱাৰে। বিবাহিত পুৰুষে পৰিয়ালৰ দায়িত্ব ল’বলগীয়া হ’য়। তাকে নকৰিলে তেওঁ অমানুহত পৰিণত হ’ব। ল’ৰা-তিৰোতা, পিতৃ-মাতৃৰ দায়িত্ব পালন কৰোঁতে তেৱোঁৰ নিজৰ বুলিবলৈ এখুদ সময়ো নৰয়। তেনেস্থলত, সাংসাৰিক ব‍্যক্তিহৈ পৰম সত‍্যৰ সন্ধান বিবাহিতৰ বাবে সম্ভৱ নহয়। গতিকে বিবাহ বন্ধনহে মহৰ্ষি।গাৰ্গীৰ যুক্তিয়ে অন‍্যান‍্য পণ্ডিতৰ মাজত হৰ্ষোল্লাসৰ সৃষ্টি কৰিলে। কিন্তু মহৰ্ষি অলপো বিচলিত ন’হল। ওলোটা প্ৰশ্নৰে তেওঁ গাৰ্গীক নিজৰ বিচাৰ ব‍্যক্ত কৰিবলৈ ক’লে- হে শাস্ত্ৰ বিদূষী সুন্দৰী, কোৱাচোন – তুমি ভালপোৱাজনৰ পূৰ্ণ দায়িত্ব লোৱা তথা তেৱোঁবিলাকৰ সুখ দুখৰ চিন্তন এক বন্ধন হ’ব নে প্ৰেম? গাৰ্গীয়ে যেন জয় হাতৰ মুঠিতে বিচাৰি পালে আৰু একেষাৰেই কৈ উঠিল, ‘প্ৰেমত নিমজ্জিত মানেইটো সকলো প্ৰকাৰৰ বন্ধনত আৱদ্ধ হোৱা মহৰ্ষি! যাজ্ঞ‍্যবল্কই অমোঘ শৰ এৰিলে এইবাৰ, ‘প্ৰকৃত প্ৰেমতেইটো মুক্তি আছে। কিন্তু যেতিয়া প্ৰেম স্বাৰ্থ জড়িত হয় সিয়েই বন্ধন হৈ পৰে। দৰাচলতে সমস্যা প্ৰেম নহয় গাৰ্গী, আচল সমস্যা হৈছে প্ৰেমৰ আঁৰত লুকাই থকা স্বাৰ্থপৰতা। অদমনীয় গাৰ্গীয়ে শ্লেষাত্মক যুক্তি যুৰিলে, ‘প্ৰেম আৰু স্বাৰ্থ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি মহৰ্ষি। যাজ্ঞ‍্যবল্কৰ হাঁহিমুখীয়া কণ্ঠ,’হে শাস্ত্ৰজ্ঞা কোমল সৌন্দৰ্যৰ প্ৰতিভূ, তুমি কেৱল ইন্দ্ৰিয়জ আৰু পাৰ্থিৱ জ্ঞানেৰে নিজৰ যুক্তিৰ পোহাৰ মেলিছা। তোমাৰ দৃষ্টিত সেয়াই শুদ্ধ‌। কিন্তু যি পৰব্ৰহ্মৰ সাধনা বা আত্মোপলব্ধিৰ জ্ঞান মাৰ্গ তাত অতীন্দ্ৰীয় জ্ঞান অবিহনে সকলো বস্তু শূণ‍্য। তুমি কোৱামতে প্ৰেম সঁচাকৈয়ে স্বাৰ্থপৰ। প্ৰেমত যেতিয়া আশা, ইচ্ছা, কামনা, বাসনা জড়িত হৈ পৰে সেয়া অৱশ‍্যেই স্বাৰ্থান্ধ প্ৰেম আৰু ই এক বন্ধনত বাহিৰে আন একো নহয়। কিন্তু যি প্ৰেমে কোনোকালে প্ৰতিদান নিবিচৰাকৈ কেৱল দিবলৈহে জানে, য’ত কেৱল ত‍্যাগহে আছে সেই প্ৰেমেই মুক্ত কৰে’। গাৰ্গীয়ে হাৰমনাৰ কোনো লক্ষণ নেদেখুৱালে, ওলোটাই নিজৰ মততে অবিচল থাকি পুনৰুক্তি কৰিলে, ‘আপোনাৰ যুক্তি, কথা-বাৰ্তাই মোক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে মহৰ্ষি। দিয়কচোন এনেকুৱা প্ৰকৃত প্ৰেমৰ উদাহৰণ যিয়ে আত্মসত‍্যৰ স্বৰূপ উন্মোচন কৰি প্ৰেমক ভাবাতীত পৰ্যায়লৈ উন্নীত কৰাব পাৰে।আপোনাৰ সত‍্যক আপুনি যুক্তিৰে প্ৰতিপাদন কৰিব পাৰিলে মই হাৰ মানি ল’ম অন‍্যথা আপুনি পৰাজয় বৰণ কৰক। দুয়োৰে তৰ্কযুদ্ধত সভাগৃহ নিতাল মাৰি গৈছিল। চয়-নিশ্চয়ৰ ক্ষণ উপস্থিত জানি সকলোৰে সিৰা-উপসিৰাত তেজৰ কোব বাঢ়ি গ’ল। কি ক’ব বাৰু যাজ্ঞ‍্যবল্কই নে পৰাজয়ৰ কালিমা লাগিব আজি এই অনিৰুদ্ধ শালপ্ৰংশু ঋষিৰ গাত! কিন্তু মহৰ্ষি নিৰুদ্বেগ তথা পূৰ্ববত শান্ত হৈয়ে থাকি মুখ খুলিলে- ‘চকু মেলি চোৱা গাৰ্গী, এই সমস্ত জগত স্বাৰ্থৰহিত প্ৰেমৰ উদাহৰণ। এই প্ৰকৃতিয়েই দেখোন নিস্বাৰ্থ প্ৰেমৰ এক অনন‍্য মহান উদাহৰণ। কেৱল মাত্ৰ মনুষ‍্যৰ ব‍্যৱহাৰিক সত্বাৰ আলমত জ্ঞান সম্পূৰ্ণ নহয় গাৰ্গী। যিয়ে প্ৰকৃতিক নুবুজে বা নিশিকে তেৱোঁৱেই অন্ধ আৰু বন্ধ। যেতিয়া সূৰ্যৰ কিৰণ, উষ্ণতা আৰু পোহৰ এই পৃথিৱীত পৰে তেতিয়াই জীৱনৰ উদয় হয়। কিন্তু এই ধৰিত্ৰীয়ে সূৰ্যৰ পৰা কোনোদিনেই একো বিচৰা নাই। ধৰিত্ৰীয়েটো কেৱল সূৰ্যৰ প্ৰেমতেই উন্মুখ হৈ সদাজাগৃত আৰু প্ৰস্ফুটিত হৈ থাকে। সূৰ্যদেৱেও কস্মিন কালেও ধৰিত্ৰীক কৰা উপকাৰৰ প্ৰতিদানত নিজৰ অধিকাৰ সাব‍্যস্ত কৰিবলৈ চেষ্টা কৰা নাই।কোনোদিনে পৃথিৱীৰ পৰা একো বিচৰাও নাই।কেৱল মাত্ৰ অহৰ্নিশে নিজক জ্বলাই কৰ্তৱ‍্য পালন কৰি সমগ্ৰ জগতক জীৱন দান কৰি আহিছে। এয়াই নিস্বাৰ্থ প্ৰেমৰ উদাহৰণ গাৰ্গী।কেৱল শাব্দিক জ্ঞানেৰে তুমি এই প্ৰেমৰ অধিকাৰীনি হ’ব নোৱাৰিবা। মোৰ আন একো ক’বলগীয়া নাই। নিশ্চুপ সভাগৃহই গাৰ্গীৰ মুখলৈ চাই থাকিল। দেখিলে এক অৱৰ্ণনীয় দৃশ‍্য। গাৰ্গীৰ নয়ন ভৰি পৰিছে। নিমাতে আগবাঢ়ি আহি যাজ্ঞ‍্যবল্কক প্ৰণিপাত জনালে ভক্তি আৰু প্ৰেমভাৱত।
–  ৰৌদ্ৰমা তপস্বিনী

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  2  =  14