সত‍্যানুসন্ধান

জনক ৰজা হৈও ঋষিৰ দৰে জীৱন নিৰ্বাহ কৰিছিল বাবেই তেওঁ ৰাজৰ্ষি সম্বোধন পাইছিল। জ্ঞানগৰ্ভ ৰাজৰ্ষি জনকো এবাৰ দ্বৈতবাদৰ বলি হৈ প্ৰায় বলিয়া হোৱাৰ উপক্ৰম ঘটিছিল। আমি সাধাৰণ মানুহবোৰৰো বিভিন্ন সন্ধিক্ষণত দ্বৈতবাদৰ প্ৰভাৱত ঠিক একেই গতি হৈ আহিছে আৰু ভুলৰ উপৰি ভুল কৰি আনন্দবিমুখ হৈ তিক্তপ্ৰাণ জীৱন কটাবলগীয়া হৈছে। এনেকুৱা বিপৰ্যস্ত ক্ষণতে মানুহক গুৰুৰ প্ৰয়োজন হৈ পৰে। জনকেও অৱশেষত ঋষি অষ্টাবক্ৰৰ শৰণাপন্ন হ’ল। ঋষিয়ে ৰজাৰ আগমনৰ কাৰণ জানিব বিচৰাত তেওঁ ক’বলৈ আৰম্ভ কৰিলে, ‘গুৰুদেৱ, মই যুদ্ধত পৰাজিত হৈ ৰাজ‍্যচ‍্যুত হ’লো। আহত, ক্ষমতাহীন হৈ প্ৰজাসকলক বচাব নোৱাৰি দুখে বিষে জৰ্জৰিত হৈ মই এজন ভীক্ষুকত পৰিণত হ’লো।  আৰু এনেতে সাৰ পাই দেখিলো যে মই সমাজিকহে দেখিছিলো। সপোনৰ পৰা সাৰ পাই মই এতিয়াও বাস্তৱ সত‍্য কি অনুধাৱন কৰিবলৈ অক্ষম হৈ ৰৈছো। কোনটো সঁচা, মই যুদ্ধহাৰা সেই  ভিক্ষুক নে এতিয়াও ৰজা হৈ আছো! মোৰ এই প্ৰশ্নৰ কোনেও সঠিক উত্তৰ দিব পৰা নাই। মোৰ মন, বুদ্ধি জঠৰ হৈ গৈছে। মই পাগল হৈ যাম গুৰুদেৱ! মই একোতেই আস্বস্ত হ’ব পৰা নাই যে কোনটো প্ৰকৃত সত‍্য। এইটো নে সেইটো অৱস্থা? মোৰ এই দুৰৱস্থাৰ কাৰণ কি! মই প্ৰকৃত সত‍্য কেনেদৰে উপলব্ধি কৰিম? ঋষি অষ্টাবক্ৰই অতি শান্ত স্বৰেৰে ক’লে, ‘হে ৰাজন আপোনাৰ কোনো এটা অৱস্থাও সত‍্য নহয়। আপুনি সত‍্য বিমুখ হোৱাত জীৱন ভ্ৰমৰ মায়াপাশে আপোনাৰ এই দোদূল‍্যমান অৱস্থাৰ সৃষ্টি কৰিছে।’ জনকে আশ্চৰ্য প্ৰকাশ কৰি ক’লে,’গুৰুদেৱ, দুয়োটাৰ যদি এটাও সত‍্য নহয়,সেয়া কিদৰে? আপুনি সঠিক দৃষ্টি প্ৰদান কৰি মোক উদ্ধাৰ কৰক। ঋষি অষ্টাবক্ৰই ৰজাক এইবাৰ কেইটামান প্ৰশ্ন সুধিলে,’ হে ৰাজৰ্ষি কওকচোন বাৰু, যেতিয়া আপুনি স্বপ্নাৱস্থাত ৰাজ‍্যচ‍্যুত হৈছিল তেতিয়া আপোনাৰ সৈন‍্যবলৰ প্ৰভাৱ বা শক্তি অনুভুত হৈছিল নে? জনকে ক’লে হোৱা নাছিল। ঋষিৰ পুনৰ প্ৰশ্ন, ‘এতিয়া কওকচোন, এই মুহুৰ্তত আপোনাৰ শৰীৰত যুদ্ধৰ আঘাট বা বিষ বেদনা আছেনে? ৰজাই ক’লে নাই। আপোনাৰ সৈন‍্যবল এতিয়াও আপোনাৰে হৈ আছেনে? উত্তৰত ৰজাই জনালে, ‘আছে।’ অষ্টাবক্ৰৰ আকৌ প্ৰশ্ন, ‘তেনেহ’লে আপুনি এতিয়াও স্বপ্নাৱস্থাৰ দুৰ্বল ভিক্ষুকৰ দৰে আচৰণ কৰি আছে যে? আৰু সমাজিকত দেখা যুদ্ধত আপোনাৰ সৈন‍্যবল থকাৰ পাছতো আপুনি সৈন‍্যশক্তিৰ প্ৰভাৱ অনুভৱ নকৰিলে..?’ ৰজাই ক’লে, হয় গুৰুদেৱ। ঋষিয়ে সুধিলে,এতিয়া কোনটো অৱস্থা শুদ্ধ আপুনিয়েই কওক।’ গুৰুদেৱ, মোক আৰু দোমোজাত নেপেলাব। স্বপ্নাৱস্থাত ভিক্ষুকৰ অৱস্থাটোৱে সত‍্য যেনে লাগিছিল আৰু এতিয়া জাগ্ৰত অৱস্থাত মই যি দেখি আছো সেয়াই সত‍্য যেন বোধ হৈছে।’ অষ্টাবক্ৰৰ প্ৰত‍্যক্ষ বাণ ৰজালৈ, ‘আপুনি জাগ্ৰত কেতিয়া হ’ল মহাৰাজ? যেতিয়া আপুনি প্ৰকৃত পক্ষে জাগৃত হ’ব আৰু আপোনাৰ সৰ্বোচ্চ সত্বাৰ অনুভৱ হ’ব তেতিয়া এই দুয়োটা অৱস্থাই আপুনি অসত‍্য বুলি বুজি পাব‌। সৰ্বোচ্চ সত্বাৰ অনুভৱ নোহোৱালৈকে পাৰ্থিৱ জগতত এই দুই ধৰণৰ সত্বাহে আপোনাৰ মন-মগজুত অনুভূত হ’ব। ৰজাই পুনশ্চ আচৰ্য প্ৰকাশ কৰিলে, ‘মই ভালদৰে বুজা নাই ঋষিবৰ!’

অষ্টাবক্ৰই ৰজাৰ নিৰ্বোধিতাৰ প্ৰত‍্যুত্বৰত ৰহস‍্যৰ মোখনি মাৰি ক’লে- সপোনত দেখা ভিক্ষাৰী আৰু সেই সমস্ত অনুভূতি হৈছে প্ৰাতিভাষিক সত্বা। কাৰণ সেই সমগ্ৰ অনুভূতি কেৱলমাত্ৰ এক প্ৰতীতি ৰূপহে। আপুনি স্বপ্নত দেখিলে যে আপুনি এজন সৰ্বহাৰা মগনীয়াত পৰিণত হৈছে। সপোনৰ পৰা সাৰ নোপোৱালৈকে সেই প্ৰতীতি ৰূপৰ প্ৰাতিভাষিক সত্বাকে আপুনি সত‍্য বুলি ধৰি লৈছিল। যেতিয়া আপুনি সাৰ পালে, তেতিয়া বুজি পালে যে আপুনি ৰজা জনকহে, স্বপ্নৰ ভিক্ষাৰীটো নহয়।এই জাগ্ৰত অৱস্থাৰ অনুভৱ য’ত আমি সকলোৱে কিবা কাৰ্য বা ব‍্যৱহাৰ কৰি আহিছো তাকে ব‍্যৱহাৰিক সত্বা বোলে। কিন্তু এই দুয়োটা সত্বাই সত‍্য নহয়। যেনেকৈ আপোনাৰ স্বপ্নাৱস্থাৰ প্ৰাতিভাষিক সত্বা সত‍্য নহয়, ঠিক তেনেকৈ জাগ্ৰত অৱস্থাৰ ব‍্যৱহাৰিক সত্বাও সত‍্য নহয়। সৰ্বোচ্চ সত্বাৰ যিদিনা অনুভৱ হ’ব সেইদনাহে আপোনাৰ পৰম সত‍্যৰ অনুভৱ হ’ব আৰু এই দোদূল‍্যমান দুৰ্দশাগ্ৰস্ত অৱস্থাৰ পৰা মুক্তি পাব। গুৰুদেৱ যদি এই ব‍্যৱহাৰিক সত্বাও অসত‍্য তেনেহ’লে সৰ্বোচ্চ সত্বাৰ অনুভৱ কিদৰে হ’ব? শুদ্ধ-অশুদ্ধৰ ব‍্যৱহাৰ কেনেদৰে সম্ভৱ হ’ব? হে ৰাজন, ঈশ্বৰে মনুষ‍্যক যি বিবেক প্ৰদান কৰিছে সেয়া ভুল-শুদ্ধ, ভাল-বেয়া, আন্ধাৰ-পোহৰৰ প্ৰভেদ বুজিবলৈকে দিছে।’ হয় গুৰুদেৱ,  নিদ্ৰাভংগ হোৱাৰ পাছত মোৰ প্ৰাতিভাষিক সত্বাৰ সমাপ্তি ঘটিল কিন্তু এই ব‍্যৱহাৰিক সত্বাৰ সমাপ্তি কেতিয়া ঘটিব।কেনেক উপলব্ধি কৰিম মই সৰ্বোচ্চ সত্বাৰ সত‍্যতা? মহাৰাজ, যিদিনাখন আপুনি পৰমাৰ্থিক সত্বাৰ জ্ঞান লাভ কৰিব সেইদিনাই আপোনাৰ সৰ্বোচ্চ সত্বাৰ অনুভৱ হ’ব আৰু আপোনাৰ ব‍্যৱহাৰিক সত্বাৰ অন্ত পৰিব। পৰিৱৰ্তনেই সৃষ্টিৰ একমাত্ৰ নিয়ম। জন্মৰ পৰা মৃত্যুলৈকে শৰীৰ, মন, বুদ্ধিৰ প্ৰতি নিয়ত পৰিৱৰ্তন হৈ থাকে।এই পৰিৱৰ্তনশীল অৱস্থাটোৱে হৈছে ব‍্যৱহাৰিক সত্বা।কাল বা সময়ৰ তিনিও অৱস্থাতেই যি অপৰিৱৰ্তনীয় সেয়াই হৈছে পৰমাৰ্থিক সত্বা। সৰ্বোচ্চ সত্বাৰ জ্ঞান উদয় হোৱাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে ব‍্যক্তিৰ ব‍্যৱহাৰিক সত্বাৰো সমাপ্তি ঘটে। সৰ্বোচ্চ সত্বাই চিৰ শ্বাশ্বত, যি কোনো কালেই সমাপ্ত নহয়। এই অৱস্থাত ব‍্যক্তিৰ তই-মই, তুচ্ছ-উচ্চৰ প্ৰভেদ নাশ হৈ যায়। এই সংসাৰৰ সকলো বস্তু কেৱল নাম-ৰূপ, শব্দতহে প্ৰভেদ।এই শাব্দিক ৰূপ বা নামৰ প্ৰভেদত ভ্ৰান্তিৰ বশৱৰ্তী হৈ থকাটোৱে অবিদ‍্যা। অবিদ‍্যাৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰাটোৱে জ্ঞান বা পৰমাৰ্থিক সত্বা আৰু পৰম সত‍্য।

– ৰৌদ্ৰমা তপস্বিনী

Leave a Reply

Your email address will not be published. Required fields are marked *

6  ×    =  6