পানীৰ তলৰ কাঁইট ক’লেষ্টেৰ’ল

শৰীৰৰ এক অপৰিহাৰ্য পদাৰ্থ এই ক’লেষ্টেৰ’লৰ নাম শুনিলেই বহুতে আতংকত ভূগে।ক’লেষ্টেৰ’ল বঢ়া মানে কি বা ই কেনেদৰে কাম কৰে? ‘ক’লেষ্টেৰ’ল ভূত’ৰ আতংকত আপুনিও ভুগি আছে নেকি??ক’লেষ্টেৰ’ল হৈছে শৰীৰৰ কোষ আৰু ৰক্তত থকা এক স্নেহপ্ৰটিন পদাৰ্থ।আমাৰ শৰীৰৰ প্ৰয়োজনীয় ৭৫ %  ক’লেষ্টেৰ’লেই যকৃতই উৎপন্ন কৰি লয় আৰু বাকী ২৫% আমি খাদ‍্যৰ জৰিয়তে পাওঁ। লাইপ’প্ৰটিনৰ গুচ্ছহৈ তেজত ক’লেষ্টেৰ’ল প্ৰবাহিত হৈ থাকে।মানৱ দেহৰ বিভিন্ন কাৰ্য সুচাৰুৰূপে চলাবলৈ ক’লেষ্টেৰ’লৰ উল্লেখনীয় ভূমিকা আছে।ইয়াৰ এক মুখ্য কাম হৈছে হৰ্মন প্ৰস্তুতকৰণ।খাদ‍্যপ্ৰাণ ঘ (vitamin D) তৈয়াৰীকৰণৰ কামো ক’লেষ্টৰ’লে কৰাৰ উপৰিও বিভিন্ন পাচক ৰস সৃষ্টি ইয়াৰ আন এক কাম। ক’লেষ্টেৰ’ল দুই ধৰণৰ। 

এবিধৰ নাম হ’ল – LDL ( Low-density lipoprotien /নিম্ন-ঘনত্বৰ স্নেহপ্ৰটিন) আৰু আনবিধৰ হৈছে – HDL (High-density lipoprotien /উচ্চ-ঘনত্বৰ স্নেহপ্ৰটিন). এই LDL টোৱে হৈছে অপকাৰী ক’লেষ্টেৰ’ল।ৰক্তবাহী ধমনীত এই অপকাৰী LDL -ৰ গেদ জমাহৈ ধমনীত ৰক্তসঞ্চৰণত বাধাৰ সৃষ্টি কৰে। এনেদৰে হৃদযন্ত্ৰলৈ অহা ক’ৰ’নাৰী ধমনী (coronary artery) ডালত উচ্চমাত্ৰাৰ LDL জমা হৈ অম্লজানযুক্ত তেজৰ প্ৰৱাহত বাধাৰ সৃষ্টি হয় তেতিয়া বুকুত বিষ উঠে।ইয়াকে চিকিৎসা বিজ্ঞানৰ ভাষাত ‘angina’ বুলি কয়।এনজাইনা মানে heart attack নহয়।যদি LDL ৰ গেদৰ অংশবিশেষ চিঙি আহি ধমনীডাল পূৰামাত্ৰাই বন্ধ কৰিবলৈ সক্ষম হয় আৰু হৃদযন্ত্ৰলৈ তেজ চলাচল বন্ধ হয় তেতিয়াই মানুহজনৰ হৃদক্ৰিয়া বন্ধ (heart attack) হয়। আনহাতে এই বন্ধ অৱস্থা যদি মগজুলৈ ৰক্ত পৰিবহন কৰা ধমনীত ঘটে তেন্তে মানুহজনৰ stroke হোৱা বুলি কোৱা হয়। আনহাতে HDL -ক কোৱা হয় উপকাৰী ক’লেষ্টৰ’ল। HDL এ ধমনীৰ পৰা অতিৰিক্ত ক’লেষ্টৰ’লভাগ পুনৰ যকৃতলৈ উভতাই লৈ যায় আৰু ৰক্ত সঞ্চৰণ প্ৰক্ৰিয়াক তৰান্বিত কৰি শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে।ক’লেষ্টেৰ’ল এষ্ট্ৰ’জেন নামৰ স্ত্ৰী হৰ্মন আৰু টেষ্ট’ষ্টেৰণ নামৰ পুৰুষ হৰ্মন বিধ তৈয়াৰত ব‍্যৱহাৰ হয়।গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে ঋতুস্ৰাৱৰ সময়ত মহিলাৰ দেহত বৃদ্ধি পোৱা এষ্ট্ৰ’জেনৰ মাত্ৰাই HDL ৰ পৰিমাণ বঢ়াই আৰু LDL ৰ মাত্ৰা হ্ৰাস কৰে।সেয়ে ঋতুচক্ৰ বন্ধ হোৱাৰ পিছত এষ্ট্ৰ’জেন ক্ষৰণৰ মাত্ৰা কমি HDL নামি যোৱা বাবে মহিলাৰ হৃদৰোগ বৃদ্ধিৰ আশংকা বাঢ়ে।ক’লেষ্টৰ’ল যিহেতু শৰীৰৰে এক গুৰুত্বপূৰ্ণ উপাদান তাক উচিত মাত্ৰাত ৰখাটোৱে হ’ব সু-স্বাস্থ‍্যৰ বাবে উত্তম সমাধান।কোনো এগৰাকী ব‍্যক্তিৰ জীৱন শৈলীৰ (lifestyle) ওপৰত শৰীৰত থকা ক’লেষ্টেৰ’লৰ ভাল-বেয়াটো নিৰ্ভৰ কৰে।ধূমপান,মাদকদ্ৰব‍্য,নিম্ন গুণসম্পন্ন তৈলাক্ত বা অত‍্যধিক চৰ্বীসম্বলিত তথা fast food জাতীয় খাদ‍্যই LDL ৰ মাত্ৰ বঢ়ায়। শাৰীৰিক পৰিশ্ৰমহীনতাও LDL বৃদ্ধিৰ এক অন‍্যতম কাৰক।গৱেষণাই দেখুৱাইছে যে দৈনিক ৩০ মিনিটৰ ব‍্যায়ামে ক’লেষ্টেৰ’ল নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।তদুপৰি উপযুক্ত খাদ্য আৰু যোগাসনৰ দ্বাৰা ক্ষতিকাৰক LDL -ক নাশ কৰি শৰীৰৰ বাবে দৰকাৰী HDL -ৰ প্ৰতিপালন কৰি শৰীৰক হৃদৰোগ আৰু মগজুৰ পক্ষাঘাতৰ পৰা বচাব পাৰি।
– ৰৌদ্ৰমা তপস্বিনী

Leave a Reply

Your email address will not be published. Required fields are marked *

82  −    =  76