এটি গাঁৱলীয়া নিঁভাজ প্ৰেমৰ অণুগল্পঃ খেতি

খচ্ খচ্ শব্দত সি মুৰ তুলি চালে। খচ্ খচে লচ্ পচকৈ বুকুত কিতাপখিনি সাবটি কেঁচা আলিটোৰে পাৰৈ হৈ গ’ল। তাৰ ফালে কেৰাহিকৈ চাই বিৰক্তিকৰ ভাৱ এটা প্ৰকট কৰি খং অলপ জাৰি থৈ গ’ল। সি গৰুহাল যুৱলিৰ পৰা খুলি দি নাতিদূৰৰ গছ জোপালৈ লাহে লাহে খোজ ল’লে।খেতিৰ মাটি বুলি তাৰ এইখিনিয়ে বাকী ৰৈছেগৈ। নৈপৰীয়া মাটিখিনি বছৰি বানে খহাই কোনোমতে গছজোপাৰ কাষৰ খিনিত থমকিছে‌। নৈৰ পাৰে পাৰে গাঁৱৰ কেঁচা আলিটো চহৰলৈ যোৱা মূল পথটোলৈ আগুৱাই গৈছে। ছাঁ বুলিবলৈ সেই পথাৰৰ দাঁতিত তাৰ মাটিভাগৰ কাষতে থকা প্ৰকাণ্ড গছজোপাত বাহিৰে আৰু ক’তো এই গেলা গৰমত জিৰাবলৈ ঠাই নাই। নাঙলখন থৈ প্ৰখৰ ৰ’দত ঘামি জামি সি গছৰ তলতে মাটিত বহি পৰিল। গৰুহালেও তাৰ পিছে পিছে আহি ছাঁ খিনিতে গা-ঘঁহাই গলৰ টিলিঙাৰে টিলিং টালাঙকৈ থাকিল।সৰ্পিল গতিৰ ৰাস্তাটোৰ প্ৰতিটো ভাজত লচপচী দেহৰ ভাজবোৰো মেখেলাৰ খচ্ খচৰ শৱদৰ স’তে ক্ৰমাৎ অস্পষ্ট হৈ আহিল‌। 

সেইজনী মহাজনৰ একমাত্ৰ দুহিতা। তাই চহৰৰ কলেজত পঢ়ে। তাৰ মাটিডঁৰাৰ কাষেৰে যোৱা গাঁৱৰ আলিটোৰে মূল ৰাস্তাটোত উঠিবগৈ পাৰি। তাত বাছত উঠি তাই ক’লেজ পায়গৈ।তাৰ মাক অচিন ৰোগত ঢুকায়। মাকৰ চিকিৎসা কৰোতেই হাতৰ মাটি বেচিব লগা হ’য়। মা-মাটি দুয়োটা গ’ল। বাকী থকাখিনিৰ আধা বানে নিলে। লগত নিলে তাৰ স্কুলীয়া জীৱন। অনিশ্চা স্বত্তেও ‘পুৰুষৰ ভাগ‍্য হাতৰ মুঠিত’ বাক‍্যক সৰোগত কৰি পিতাকে তাক খেতিত নমালে। ‘কৰতল কমল..’ তেই তাৰ পঢ়াশালি শেষ। কম সময়তে সি কৃষি কৰ্মত পাৰ্গত হৈ উঠিল। পিতাক মহাজনৰ আধিয়াৰ হ’ল। বিধিৰ বিধান- পিতাকেও মাকক বিচাৰি গ’লগৈ। সি ঘাট মাউৰা হয়। এই আলিটোৰে তাই নিতৌ ক’লেজলৈ অহা যোৱা কৰে। কেতিয়াবা সমনীয়াৰ লগত কেতিয়াবা অকলে। কেতিয়াবা চকুৱে চকুৱে পৰে,যেনেকৈ আজিও পৰিল। তাক দেখিলেই তাই মুখ ঘূৰাই।তাইৰ সেই ‘বৰল খঙ’ৰ আচৰণৰ অৰ্থ সি একো নুবুজে।বোধহয় বাপেকৰ গোলামৰ গূলামী মস্তকৰ চকু তাই চাব নিবিচাৰে! নিতৌ তাইৰ মেখেলাৰ খচ্ খচ্ পৰিচিত শৱদত সি মূৰ নোতোলা হ’ল। তেতিয়া তাই গৰমক গালি পাৰি সেইচোৱা বাট পাৰ হ’য়। তাৰ হৈ গৰুহালেই চকু তুলি চায়। তাইৰ খং দুগুণ চৰে! জাৰ-জহ অতিক্ৰমি তাই ধুনীয়া হৈ উঠে। তাৰ হাতৰ খেতি তাইতকৈও ধুনীয়া -গাঁৱৰ মানুহে কুৱা-কুই কৰে।তাইৰ অহঙত লাগে আৰু খঙৰ প্ৰকপো বাঢ়ে। সি চফল আৰু সফল খেতিয়ক হৈ উঠে। তাইৰ কলেজীয়া শিক্ষা পৰ্বৰো লেঠা চিঙাৰ সময় হয়। গাঁৱত চৰ্চা হয় তাইৰ বিয়াৰ যো-জা চলিছ। এতিয়াও কেতিয়াবা দুয়োৰে চকুৰ মিলন ঘটে। তাইৰ উষ্মা বাঢ়ি যায়। এদিনাখন তাই সময়তকৈ আগতে ক’লেজৰ পৰা উভতে। বাৰিষা বতৰ, বহুদিন ধৰি বৰষুণৰ উম-ঘাম নাই। প্ৰচণ্ড গৰমৰ পৰিছে। ৰঙা মেখেলা চাদৰ পিন্ধা তাইৰ অৱয়ৱটো দূৰৰ পৰাই তাৰ চকুত পৰিল। সি গৰুহাল এৰি গছৰ ছাঁ ডোখৰত বহিল। খৰ খোজেৰে তাই ঘামত জুৰুলি জুপুৰি দি আহি আহি সি জিৰোৱা গছ ডালৰ কাষ পালে। অৱশ্যে ৰাস্তাত কোনোপধ‍্যে ছাঁ নপৰে, বেলি মুৰত উঠিছে‌। সি মূৰ ডাঙিলে। গৰমত তাইৰ অৱস্থা নাই। তাই ৰৈ দিলে। সি বৰ আচৰিত হ’ল।আলিটোত আন কোনো মানুহ-দুনুহ নাই। তাইৰ খং ভাৱটো সি আজি স্পষ্ট ৰূপত দেখা পালে। সি বহাৰ পৰা থিয় হ’ল‌। তাক অতিকে আচৰিত কৰি আলিটো আৰু পথাৰৰ গছডালৰ মাজৰ দূৰত্বৰ মাজত থকা বোকা পানীখিনি গচকি তাই নামি আহিল তাৰ ফালে। সি প্ৰমাদ গণিলে। তাইৰ কপালত ঘাম,চকুৱে মুখ আগ্নেয়গিৰী ৰূপ। দুই-তিনিহাত ব‍্যৱধানত জ্বালামুখী থামিল। সি দুখোজ পিছুৱাই আলিৰ পৰা মানুহে নেদেখাকৈ গছৰ আঁৰ লৈ ঠিয় হ’ল। খঙত তাইৰ বুকুখন উঠা নমা কৰিব ধৰিলে। তাই মুখ মেলিলে, ‘তই মোৰ ফালে সদায় সদায়  কি চাই থাক?’ যেন আকাশৰ পৰা বিজুলীহে পৰিল। সি নিৰ্বাক নিস্পণ্ড হৈ ৰ’ল। আকৌ বজ্ৰপাত পৰিল, ‘উত্তৰ নিদিয় কিয়, মোক ইমানকৈ কি চাই থাক‌’। উত্তৰ দিবলৈ তাৰ কিবা থাকিলেহে। সিটো কোনোদিন তাইলৈ চাই থকা নাই। সচৰাচৰ চকুত পৰাৰ দৰে সাধাৰণ সেই দৃষ্টি। ইমান ডাঙৰ অপৰাধ হ’লনে। এতিয়া যদি তাই চিঞৰ-বাখৰ কৰে!তাৰ কলিজা ঢিপ-ঢিপাই গ’ল। তাইৰ মাতটো এইবাৰ খং আৱেগত কঁপি উঠিল, ‘নকৱ কিয়, কি আছে তোৰ মনৰ ভিতৰত!ইমান দিনে তোক চিনিবলৈ মোৰ আৰু বাকী নাই। এতিয়া মোৰ বিয়া হ’ব তথাপিও তই..।বাক‍্যটো শেষ নহ’ল। চুম্বকে লো আকৰ্ষণ কৰে।আজি কিন্তু বিপৰীত ঘটনা ঘটিল। স্থিৰ গধুৰ ওজনৰ বাস্তৱৰ কমাৰশালত গঢ়া-পিটা লোৰ আটিল মূৰ্তিটোলৈ পাতল চুম্বক টুকুৰা কমোৱা তুলাৰ দৰে উৰি আহি লিপিটখাই পৰিল। দুয়োৰে মাজৰ দুই-তিনিহাত ব‍্যৱধান তৰিৎ গতিত নোহোৱা হৈ থাকিল। নিমিষতে আগ্নেয়গিৰীৰ গলিত লাভাই তাক মেৰিয়াই ধৰিলে। লাভা গালে মুখে বৈ গ’ল। হেজাৰ সূৰ্যৰ উষ্ণতা অনুভৱ কৰিলে সি। তৰ্কিবই নোৱাৰিলে ক’ৰ পৰা কি হ’ল। মাত্ৰ বিদ‍্যুৎস্পৃষ্ট লোকৰ দৰে সি লাগি ধৰি থাকিল তাইৰ চুম্বকীয় বলৰেখাৰ আৱেশত!তাই তাইৰ অসূৰ্যস্পৰ্শা সমস্ত উৰ্বৰা কৃষিভূমি তাক সপি দি তাৰ বক্ষলগ্নাহৈ আৱেগত ভাঙি পৰিল।তাৰ বুকু ভিজে। হঠাৎ বৰষুণ আৰম্ভ হৈ যায়।গৰুহালৰ ডিঙিৰ টিলিঙা বাজে, যেন মন্দিৰৰ পৱিত্ৰ ঘণ্টা। দুয়োৰে দেহা শাত পৰি যায়। গৰুহাল আৰু নাঙলখন সাক্ষী হৈ ৰয়। সি বুজি উঠে তাৰ খেতি এডঁৰা বাঢ়িল!
– ৰৌদ্ৰমা তপস্বিনী

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  1  =  4