ধলা–শদিয়া দলঙৰ বিষয়ে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা

(১) ভাৰতৰ মহাসেতু ধলা–শদিয়া দলঙত আছে মুঠ ১৮২টা খুঁটা। দৈৰ্ঘ্যৰ ফালৰ পৰাই নহয়। খুঁটাৰ দিশৰ পৰাও ই এক অভিলেখ।
(২) ভূমিকম্প প্ৰতিৰোধী হ’ব ধলা–শদিয়া দলং। সমগ্ৰ উত্তৰ–পূব ভূমিকম্পপ্ৰৱণ এলেকা হোৱা বাবে ১৮২টা খুঁটাতে অত্যাধুনিক ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থা সংযুক্ত কৰা হৈছে।
(৩) ধলা–শদিয়া দলঙৰ দৈৰ্ঘ্য ৯.১৫ কিলোমিটাৰ। দলংখনৰ দুয়োপাৰৰ সংযোগী পথৰ দৈৰ্ঘ্য ২৮.৫ কিলোমিটাৰ। যিকোনো দলঙৰ সংযোগী পথৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত ই এক অভিলেখ। দলংখন আৰু সংযোগী পথকে ধৰি ধলাৰ পৰা শদিয়ালৈ মুঠ দূৰত্ব হ’ব ৩৭.৬৫ কিঃমিঃ।
(৪) দেশৰ দীৰ্ঘতম এই দলংখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছে ২,০৫৬ কোটি টকা। সংযোগী পথৰ নিৰ্মাণ ব্যয় বাদ দি কেৱল দলংখনৰ নিৰ্মাণত ব্যয় ৯৫০ কোটি টকা। শুনি আচৰিত হ’ব অসমৰ বাবে নিৰ্ধাৰিত পুঁজিৰে নিৰ্মাণ হোৱা নাই ধলা–শদিয়া দলং। পথ পৰিবহণ মন্ত্ৰণালয়ৰ উত্তৰ–পূব ত্বৰান্বিত পথ উন্নয়ন আঁচনিৰ অধীনত অৰুণাচল পেকেজৰ পৰাহে নিৰ্মাণ হৈছে দলংখন।
(৫) ধলা–শদিয়া দলঙে অৰুণাচললৈ দূৰত্ব ১৬৫ কিলোমিটাৰলৈ হ্ৰাস কৰিব। এই দলং নিৰ্মাণ হোৱাৰ পূৰ্বে ৬ ঘণ্টা সময় লগা অৰুণাচল এঘণ্টাতে পোৱা যাব।
(৬) ভাৰত–চীন সীমান্তত নিয়োজিত সেনাৰ বাবে ৰচদ–পাতি, খাদ্য–সামগ্ৰী, পৰিবহণ এই দলঙে সুচল কৰিব।
(৭) অৰুণাচলত নিৰ্মাণ হৈ থকা জলবিদ্যুৎ প্ৰকল্পসমূহৰ বাবে যাত্ৰাপথৰ দূৰত্ব কমিব।
(৮) ধলা–শদিয়া দলং ৩ লেনযুক্ত। ব্ৰহ্মপুত্ৰৰ এটা অংশ লোহিতৰ ওপৰত নিৰ্মাণ হৈছে দলংখন।

(৯) অটল বিহাৰী বাজপেয়ী, ড০ মনমোহন সিং আৰু নৰেন্দ্ৰ মোদীক ধৰি মুঠ তিনিজন প্ৰধানমন্ত্ৰী দলংখন নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত জড়িত।
(১০) দলঙৰ শদিয়া অংশৰ পৰা চীন সীমান্তলৈ আকাশীপথৰ দূৰত্ব মাত্ৰ ১৬০ কিলোমিটাৰ।
(১১) সেতুখনে ৬০ হাজাৰ কিলোগ্ৰাম ওজনৰ যান–বাহনৰ ভৰ বহন কৰিব পাৰে। সেয়ে দলংখনেৰে যুদ্ধ টেংক অনায়াসে পাৰ হ’ব পাৰিব।
(১২) ১৮৮৬ চনৰ ১৬ জুলাইত ব্ৰিটিছে ডিব্ৰু–শদিয়া ৰে’লপথ স্থাপন কৰাৰ পিছত। ধলা–শদিয়া দলং নিৰ্মাণেৰে প্ৰথমবাৰৰ বাবে শদিয়াত প্ৰত্যক্ষ যোগাযোগৰ ব্যৱস্থা স্থাপন হ’ল।
(১৩) ১৯৫০ চনৰ ভূমিকম্পত ডিব্ৰু–শদিয়া ৰে’লপথ ধ্বংস হোৱাৰ পিছত দলংখনে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰক সংযোগ কৰিছে।
(১৪) এই দলং নিৰ্মাণৰ ফলত প্ৰতিদিনে ১০ লাখ টকাৰ পেট্ৰ’ল–ডিজেল ৰাহি হ’ব।
(১৫) এই দলঙেৰে অৰুণাচলৰ মেকা আৰু ৰয়িঙৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ মাত্ৰ এঘণ্টাত পোৱাটো সম্ভৱ হ’ব।
(১৬) ১৯৫০ চনৰ ভূমিকম্পৰ পিছত ধলা–শদিয়াৰ মাজত কেৱল দিনৰ ভাগতহে ফেৰীৰে অহা–যোৱা কৰিব পৰা হৈছিল, সেয়াও বাৰিষাৰ বানৰ সময়ত সম্ভৱ নাছিল। এতিয়া ২৪ ঘণ্টা ধলা–শদিয়াৰ মাজত যোগাযোগ সম্ভৱ হ’ল।

Source: NEWS18 অসম NORTH EAST

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  1  =  8