বিশ্বত আতংকৰ সৃষ্টি কৰা কৰোনা ভাইৰাচৰ বিষয়ে জানিবলগীয়া কথা, ডা০ ভূপেন শইকীয়া

বিশ্বত আতংকৰ সৃষ্টি কৰা কৰোনা ভাইৰাচৰ বিষয়ে জানিবলগীয়া কথা

আগকথা
আজিৰ জেট যুগত বিশ্ব যিকোনো ঠাইলৈ কম সময়তে যাত্ৰা কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ ঠাইৰ দূৰত্বসমূহ যেন সংকুচিত হৈ আহিছে৷ এনে সুবিধাৰ বিপৰীতে এঠাইত আৰম্ভ হোৱা মহামাৰী আন এঠাইলৈ অনায়াসে বিয়পিব পাৰে৷ চীন দেশত কেইসপ্তাহমান আগতে আৰম্ভ হৈছিল কৰোনা ভাইৰাচে কৰা ৰোগ৷ সেই ৰোগ আজি জাপান,দক্ষিণ কোৰিয়া, চিংগাপুৰ, ভিয়েটনাম, থাইলেণ্ড, নেপাল, ফ্ৰান্স,অষ্ট্ৰেলিয়া, টাইৱান,মালেয়শিয়া, আমেৰিকা,শ্ৰীলংকা আৰু ইংলেণ্ডক ধৰি বিশ্বৰ ১৭খন দেশলৈ বিয়পিছে৷ চৌডি আৰব,কাটাৰ আৰু সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশেও কৰোনা ভাইৰাচৰ পৰা বাচিবলৈ অত্যধিক সতৰ্কতা লোৱা পৰিলক্ষিত হৈছে৷ চীনদেশ যাত্ৰা কৰি অহা লোকসকলৰ তন্নতন্নকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ জানিবলৈ পোৱামতে বৰ্তমান ভাৰতবৰ্ষৰ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰ বিলাকতো সতৰ্কতামূলক নিৰীক্ষণ ব্যৱস্থা আৰম্ভ হৈছে৷ ৰুচ দেশে চীনৰ সীমান্তই দি সকলো প্ৰবেশ বন্ধ কৰি দিছে৷ আমাৰ দেশ ভাৰতবৰ্ষটো চীনৰ পৰা অহা কেইজনমান সন্দেহজনক লোকক ৰাজস্থান,কেৰেলা,বিহাৰ আৰু দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিতেলত সুক্ষ্ম নিৰীক্ষণত আৰু Isolation ward ৰখা হৈছে৷ চীনদেশৰ বিভিন্ন শিক্ষানুস্থানত ভাৰতৰ আৰু লগতে আমাৰ অসমৰো কেইবাশ বিদ্যাৰ্থীয়ে অধ্যয়ণ কৰি আছে৷ ৱুহানত ইঞ্জিনিয়াৰিং পঢ়ি থকা অসমৰ এজন ছাত্ৰ গৌৰৱ নাথে ২৮জানুৱাৰীত এক সংবাদ সংস্থা (NNI News Agency) নিজৰ খাদ্য সংকট আৰু আন আন সকলো দুৰৱস্থা কথা ফোনযোগে জনাই সোনকালে ভাৰতীয় ছাত্ৰসকলক উদ্ধাৰ কৰাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনাইছে৷ ৩০জানুৱাৰীৰ অসমৰ সংবাদ পত্ৰত প্ৰকাশিত বাতৰিমতে হংকঙৰ পৰা মণিপুৰত প্ৰবেশ কৰা এগৰাকী মহিলাৰ দেহত কৰোনা ভাইৰাচৰ উপস্থিতি ধৰা পৰিছে৷ আকৌ মালেয়শিয়াৰ হোটেলত কাম কৰা ত্ৰিপুৰাৰ এজন যুৱকৰ সেই দেশতে এই ৰোগত মৃত্যু হোৱাৰ খবৰ জনা গৈছে৷ গতিকেই অসমৰ ৰাইজ এতিয়া ক্ষিপ্ৰভাবে সংক্ৰমিত হোৱা এই ভয়ংকৰ মহামাৰীৰ বিৰুদ্ধে সতৰ্ক হোৱাৰ অতীব প্ৰয়োজন৷

কৰোনা ভাইৰাচনো কি ?
পোনপ্ৰথম ১৯৩৭চনত এই ভাইৰাচ চিনাক্ত হৈছিল এজনী ব্ৰংকাইটিচত আক্ৰান্ত পোহনীয়া চৰাইৰ দেহত,যাৰ দ্বাৰা মূৰ্গী ফাৰ্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত যে কৰোনা ভাইৰাচে আক্ৰান্ত কৰিব পৰা আন আন প্ৰাণীসমূহ এন্দুৰ,নিগনি,কুকুৰ,মেকুৰী,গৰু, গাহৰি,উট,ঘোঁৰা,গাধ,টাৰ্কী,বাদুলি,সৰীসৃপ আদি৷ কৰোনা নামৰ উৎপত্তি হয় লেটিন শব্দ Crown পৰা৷ ইলেকট্ৰন মাইক্ৰস্কোপত ভাইৰাচৰ আকৃতি মুকুটৰ দৰে দেখাৰ বাবেই এই নামাকৰণ৷ গতিকে কৰোনা ভাইৰাচ মূলতে এবিধ পশুৰ ৰোগ (Zoonotic disease) পশুৰ পৰা মানৱ দেহলৈ ৰোগ বিয়পে আৰু ৰোগাক্ৰান্ত লোকৰ পৰা আন মানুহলৈ জীৱাণু যায়৷
২০০২চনৰ নভেম্বৰ মাহত দক্ষিণ চীনৰ গুৱাংডং (Guangdong) প্ৰদেশত কৰোনা ভাইৰাচে মহামাৰী সৃষ্টি কৰে৷ তাৰ পৰা হংকং আৰু বিশ্বৰ ৩৭খন দেশলৈ এই জীৱন সংকটকাৰী নিউমোনিয়া (SARS-CoV) বিয়পি পৰে৷ এইবিধ কৰোনা ভাইৰাচে শ্বাসতন্ত্ৰৰ ওপৰিও পাক প্ৰণালী,লিভাৰ,কিডনি, হৃদযন্ত্ৰ আদি অংগৰ ক্ষতিসাধন কৰিছিল৷ জুলাই ২০০৩চনলৈকে বিশ্বজুৰি চলা এই মহামাৰীত ৮০৯৮জন ৰোগাক্ৰান্তৰ বিপৰীতে ৭৭৪জনৰ প্ৰাণহানি ঘটিছিল৷ আকৌ ২০১৫ চনত মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি অহা এজন যাত্ৰীয়ে কঢ়িয়াই অনা কৰোনা ভাইৰাচৰ সংক্ৰমণৰ ফলত দক্ষিণ কোৰিয়াত ১৮৬জন লোক ৰোগাক্ৰান্ত হয় আৰু তাৰে ৩৬জন মৃত্যুমুখত পৰে৷

মানুহক আক্ৰান্ত কৰা কৰোনা ভাইৰাচৰ প্ৰকাৰ
৬প্ৰকাৰৰ কৰোনা ভাইৰাচে মানুহক আক্ৰান্ত কৰিব পাৰে৷ সেই কেইবিধৰ নাম – 229E (alpha corona virus), NL63 (alpha corona virus), OC43 (beta corona virus), HKU1 (beta corona virus), MERS-CoV(Middle East Respiratory Syndrome), (SARS-CoV) Severe Acute Respiratory Syndrome . এই ভাইৰাচসমূহৰ বিশেষত্ব যে ইহঁতক লেবৰেটৰীত উৎপন্ন কৰিব নোৱাৰি,সঘনে ইহঁতে স্বভাৱ সলনি কৰিব পাৰে (Mutation), এন্টিবডিৰে ভেকচিন বনোৱা নাযায়

কেনেকৈ ৰোগ মানুহলৈ বিয়পেচীনদেশত বৰ্তমান আৰম্ভ হোৱা কৰোনা ভাইৰাচৰ মহামাৰী ৱুহান চহৰৰ (Wuhan Hubei প্ৰদেশৰ ৰাজধানী) মাংসৰ বজাৰখনৰ (Non-veg market পৰাই বিয়পিব ধৰে বুলি সেই দেশৰ বিজ্ঞানী সকলে মত পোষন কৰিছে৷ সেইখন বজাৰত সাপ,বেং,বাদুলি,সাগৰীয় মাছ, কুকুৰ,মেকুৰি,এন্দুৰ,নিগনি, পোক পতংগ সকলো বিক্ৰী হয়৷ ৱুহান বজাৰৰ ৰেষ্টৰেন্টত বাদুলীৰ চুপ,সাপৰ মাংস আদি সহজলব্ধ জনপ্ৰিয় খাদ্য৷ এনে দূষিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই মানৱ দেহলৈ কৰোনা ভাইৰাচৰ আগমন ঘটিল৷ বিগত বছৰৰ ৩১ডিচেম্বৰত ৱুহানত ধৰা পৰে এই অসুখত আক্ৰান্ত প্ৰথমজন ৰোগী৷ বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰে নৱেল কৰোনা ভাইৰাচ(“2019-nCoV.” ) বুলি৷
ইয়াৰ ওপৰিও আৰু মন কৰিবলগীয়া কথা কেইটিমান : –
ড্ৰপলেট ইনফেকচনঅৰ্থাৎ ভাইৰাচৰ কণিকা প্ৰদূষিত বায়ুমণ্ডলৰ মাধ্যমেৰে৷ ৰোগীয়ে কাহ মাৰিলে,হাঁচিয়ালে,হামিয়ালে, জোৰেৰে হাঁহিলে ওচৰৰ পৰিবেশ ভাইৰাচেৰে দূষিত হয়৷
হাতেৰে ৰোগীক স্পৰ্শ কৰিলে,কৰমৰ্দন,চুম্বন আদিৰ যোগেদি৷
ৰোগীৰ সংস্পৰ্শত অহা যি কোনো সামগ্ৰী (যেনে টাৱেল,ৰুমাল,অন্যান্য কাপোৰ,চচমা,কলম,বাচন আদি)ৰোগীৰ নাক মুখৰ জুলীয়া পদাৰ্থৰ দ্বাৰা দূষিতহৈ থাকিব পাৰে৷ তেনে সামগ্ৰীয়ে অসুখ বিয়পাব পাৰে৷ গতিকে তেনে সামগ্ৰী স্পৰ্শ কৰি কেতিয়াও নিজৰ চকু,মুখ,নাক নুচুব৷
ৰোগীৰ মলমূত্ৰয়ো ৰোগ বিয়পাব পাৰে৷

• • ৩০জানুৱাৰীত প্ৰকাশিত তথ্যমতে এই পৰ্য্যন্ত দেশখনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৭১১জন আৰু তাৰে ১৭০জন মৃত্যুমুখত পৰিছে৷

ৱুহানৰ ওপৰিও আন কেইখনমান ৰোগাক্ৰান্ত চহৰ হুৱাংগাং,ঝিজিয়াংগ,কিয়ানজিয়াংগ আৰু ইঝোও৷ এই ৫খন চহৰৰ সৈতে দেশখন সকলোধৰণৰ যোগাযোগ (পথ পৰিবহন, জলপথ, ৰেলপথ,আকাশীপথ) বিচ্ছিন্ন কৰি দিয়া হৈছে৷ সকলো নাগৰিক হৈ পৰিছে গৃহবন্দী৷ বৰ্তমান এই চহৰ সমূহৰ ব্যৱসায়বাণিজ্য, চিনেমাথিয়েটাৰ,মলপাৰ্ক,স্কুলকলেজঅফিচ সকলো বন্ধ,জনশূণ্য৷ এই মহামাৰীৰ ফলত চীনদেশৰ অৰ্থনীতিৰ যি ভীষণ ক্ষতি হব তাৰ আংকলন সময়েহে কৰিব৷ এই মহামাৰীয়ে উৎপন্ন কৰা ভয়ংকৰ পৰিস্থিতিৰ বাবেই এই সময়ত পালন কৰা চীনা নৱবৰ্ষ উৎসৱ বাতিল কৰা ল৷ ইতিমধ্যে ব্ৰিটিছ এয়াৰৱেজে চীনদেশলৈ চলাচল কৰা সকলো বিমান বাতিল কৰিছে৷ আন আন দেশৰ বিমান যাত্ৰাও অতিকৈ হ্ৰাস পাইছে৷

ৰোগৰ লক্ষণসমূহ কি কি ? – শৰীৰত ৰোগৰ জীৱাণু প্ৰবেশৰ পৰা অসুখৰ লক্ষণ ফুটি উঠালৈকে এই সময় চোৱাক Incubation period বুলে৷ কৰোনা ভাইৰাচৰ Incubation period ৫ৰ পৰা ১৫দিনলৈকে হব পাৰে৷ সন্দেহজনক ৰোগীক ২৮দিনলৈ পৃথকে ৰখাৰ(quarantine) পৰামৰ্শ দিয়া হয়৷ সাধাৰণ পানীলগা,জ্বৰচৰ্দিৰ দৰে নাইবা কাহ,গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা অৰ্থাৎ নিউমোনিয়া সদৃশ ৰোগৰ লক্ষণ সমূহ কেতিয়াবা ডায়েৰিয়াও হব পাৰে৷ আন অসুখত ভোগী থকা লোকসকল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা সকলৰ ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷

ৰোগৰ চিনাক্তকৰণ উপযুক্ত লেবৰটৰীত ভাইৰাচ চিনাক্তকৰণ, পিচিআৰ চেইন ৰিয়েকচন, এন্টিবডি চিনাক্তকৰণৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়৷ ভাইৰাচ চিনাক্ত কৰা ভাইৰোলজী লেবৰেটৰী আছে ভাৰতৰ পুণে চহৰত৷ ৪সপ্তাহলৈকে তেজত এন্টিবডি দেখা নাপালে ব্যক্তিজন ৰোগমুক্ত বুলি গণ্য কৰা হয়৷ ৰোগ চিনাক্ত কৰিবলৈ লওতে ৰোগীৰভ্ৰমণৰ হিষ্ট্ৰীলোৱাটো চিকিৎসকৰ বাবে এক অনিবাৰ্য্য বিষয়৷

সতৰ্কতামূলক ব্যৱস্থা চাবুনৰে ভালদৰে ঘঁহি পিহি হাত ধুব৷ কাহ জ্বৰ আদিত ভোগালোকক পৰিচৰ্য্যা কৰোতে বিশেষ সতৰ্কতা লব৷ সঠিক মাস্ক ব্যৱহাৰ কৰিব৷ কেঁচা বা আধা সিজা মাংস,সাগৰীয় খাদ্য সমূলি পৰিহাৰ কৰিব৷ পৰাপক্ষত নিৰামিষ খাদ্য গ্ৰহণ কৰিব৷ পানী বেচিকৈ খাব৷ ডিঙি শুকাই থাকিলে ভাইৰাচ সহজে বিয়পিব পাৰে বুলি অনুমান কৰা হৈছে আইচক্ৰিম আৰু শীতল পানীয় গ্ৰহণ নকৰিব৷ এনে শীতল বাতাবৰণত ভাইৰাচে সহজে আক্ৰমণ কৰিব পাৰে৷ উপযুক্ত বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷ উটৰ মাংস আৰু উটৰ গাখীৰত কৰোনা ভাইৰাচ থাকিব পাৰে৷ গতিকে তাৰ প্ৰতি সতৰ্ক হব৷ টেঙা ফল আৰু ভিটামিনচিয়ে ভাইৰাচৰ পৰা কিছু সুৰক্ষা দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ চৰ্দি জাতীয় অসুখত আক্ৰান্ত হলেও নিয়মীয়া অসুখৰ দৰব (যেনে ডায়েবেটিজ,উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ ) বন্ধ নকৰিব৷ ৰোগাক্ৰান্ত অঞ্চললৈ ভ্ৰমণৰ আঁচনি নলব৷ ৰোগাক্ৰান্ত দেশ ভ্ৰমণ কৰি অহা লোকৰ লগত ততালিকে মিলমিচা নকৰিব৷ আনৰ সৈতে হাতমিলাই কৰমৰ্দন কৰাৰ সলনি হাতযোৰ কৰি সম্ভাষণ জনোৱাটো সৰ্বথা নিৰাপদজনক৷ ভীৰ হোৱা ঠাই যেনে চিনেমাহল,বজাৰ পৰাপক্ষত এৰাই চলিব৷

চিকিৎসা কিদৰে প্ৰদান কৰা হয় ?
কৰোনা ভাইৰচৰ কোনো ভেকচিন নাই আৰু কোনো নিৰ্দিষ্ট দৰব নাই৷ লক্ষণ হিচাবে যতনলৈ চিকিৎসা কৰিলে ৰোগ সময়ত আৰোগ্য হয়৷ তথাপিও প্ৰায় ১০শতাংশ মৃত্যুৰ হাৰ আতংকজনক৷ গুৰুতৰভাবে আক্ৰান্তজনক আইচিইউত জৰুৰীকালীন চিকিৎসা দিবলগীয়া হব পাৰে৷

মোখনিত দুটামান দৰকাৰী কথা : –

৭০০জনৰো অধিক ভাৰতীয় ছাত্ৰই ৱুহানত ডাক্তৰী শিক্ষা গ্ৰহণ কৰি আছে৷ ভাৰত চৰকাৰে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে৷

বিবিচি,চিএনএন,অলজৰীয়া আদি চেনেলসমূহে এই জ্বলন্ত বিষয়টোৰ ওপৰত দৈনিক আলোকপাত কৰি আছে৷

আমেৰিকাই নিজৰ নাগৰিকসকলক চীন দেশৰ পৰা সুকলমে উভটাই আনিবলৈ ব্যৱস্থা লৈছে৷

চীনা চৰকাৰে সকলো নাগৰিকৰ বিদেশ ভ্ৰমণ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বাতিল কৰিছে৷
শেহতীয়া বাতৰি অনুসৰি ২৬জানুৱাৰীত চীনা প্ৰশাসনে কৰা ঘোষণা অনুসৰি সকলো ধৰণৰ বনৰীয়া জীৱ জন্তুৰ বিক্ৰী বা অইন ঠাইলৈ অনানিয়া এই মহামাৰী সম্পূৰ্ণ নিৰাময় নোহোৱালৈকে বন্ধ থাকিব৷
চীনা চৰকাৰে দুজন ব্যক্তিৰ মাজত হোৱা কৰমৰ্দন সাম্প্ৰতিক পৰিস্থিতিৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে৷

ডা০ ভূপেন শইকীয়া
৩০ জানুৱাৰী ২০২০
যোগাযোগৰ বাবে ইমেইল – drbksaikia@gmail.com

 

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  1  =  4